দেৱাশিস বুঢ়াগোহাঁই

অসমৰ সমাজ জীৱনত সামাজিক মাধ্যম (Social Media)-ৰ প্ৰভাৱ যোৱা পাঁচ বছৰত ব্যাপকভাৱে বাঢ়ি আহিল। যি ফে’চবুকক ২০০৮-১৩ চনৰ সময়ছোৱাত অসমৰ গৰিষ্ঠ সংখ্যক লোকে হেয় দৃষ্টিৰে চাইছিল, তাৰ প্ৰায় সকলোৱে এতিয়া ফে’চবুক ব্যৱহাৰ কৰিবলৈ ধৰিলে। তাৰ অন্তৰালৰ কাৰণ বিভিন্ন হ’লেও, এটা ৰাজনৈতিক দলৰদ্বাৰা ২০১৪-ৰ লোকসভা নিৰ্বাচনত এই মাধ্যমৰ চমকপ্ৰদ ব্যৱহাৰ, ২০১৬-ত জিঅ’ (Jio)-ৰ মুকলি, ২০২০-ৰ কৰ’না মহামাৰী সৃষ্ট অনলাইন নিৰ্ভৰশীলতা— এই তিনিটাই মুখ্য হিচাপে চকুত পৰে। এতিয়া অসমৰ প্ৰেক্ষাপটত ফে’চবুক বাতৰিকাকত, আলোচনী আনকি নিউজ চেনেলকো অতিক্ৰমী আটাইতকৈ শক্তিশালী প্ৰভাৱগোষ্ঠী আৰু মত প্ৰকাশৰ মঞ্চ হৈ পৰিছে। কোনো সম্পাদক নথকা ডিজিটেল প্লেটফৰ্মসমূহৰ অৰ্থাৎ WYSIWYG (what you see is what you get) ব্যৱস্থাৰ আটাইবোৰ সুবিধাই ফে’চবুকত আছে বাবে তাৰ প্ৰসাৰতাৰ কাৰণ অনুমেয়।
ফে’চবুকৰ দৰে মাধ্যমে সৃষ্টি কৰা অসুবিধাজনক প্ৰসংগসমূহৰ কথা বুজাবলৈ অৰ’বৰ’ছ্‌ (oroboros)- নামৰ ইজিপ্ত আৰু গ্ৰীক লোককথাৰ এটা প্ৰকাণ্ড সাপৰ উপমা ব্যৱহাৰ কৰা হয়। কিংবদন্তি অনুসৰি, এই সাপটোৰ কেৱল নিজে খুটিলেহে মৃত্যু হ’ব পাৰে। এটা সময়ত প্ৰকাণ্ড ৰূপ ধাৰণ কৰি নিজৰ নেজত সি নিজেই খোটাত তাৰ মৃত্যু হয়। আমাৰ আটাইৰে উক্ত সাপটোৰে পৰিচয় ঘটিছে ন’কিয়া কোম্পানীৰ কী-পেইড্‌ চিৰিজৰ ফোনবোৰৰ snake xenzia-নামৰ গে’মটোৰ জৰিয়তে। অসমৰ ফে’চবুকৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈ পৰিছে ইয়াৰ ব্যৱহাৰকাৰীসকল। ইয়াৰ ব্যৱহাৰকাৰীসকলৰ আচৰণ হৈ পৰিছে অৰ’বৰ’ছ্‌ সাপ সদৃশ। জিঅ’ই সকলোকে ইণ্টাৰনেট বিশ্বত প্ৰৱেশ কৰিবলৈ সুবিধা দিয়াৰ পাছত অসমৰ অধিকাংশ লোক ফে’চবুক ব্যৱহাৰকাৰী হৈ পৰিল। কিন্তু গৰিষ্ঠৰে ন্যূনতম সহনশীলতা, সংবেদনশীলতা, গ্ৰহণ কৰাৰ মানসিকতা নথকাৰ ফলত এই প্লেটফৰ্মৰ পৰিৱেশ ব্যৱহাৰযোগ্য হৈ থকা নাই। তাৰ পৰিৱৰ্তে ই হৈ পৰিছে বিষাক্ত (toxic) আৰু অসুৰক্ষিত।
অসমৰ ফে’চবুক বুলি সুকীয়াকৈ কোনো ঠাই (space) নাই। সামাজিক মাধ্যমৰ কৃত্ৰিম বুদ্ধিমত্তাই স্ক্ৰীণ সময়, লাইক, কমেণ্টৰ আধাৰত একে ভাষা, মত আৰু দৰ্শনৰ ব্যক্তিসমূহৰ বাবে এটা স্বতঃস্ফূৰ্ত bubble-ৰ সৃষ্টি কৰে। অসমীয়া ভাষা ব্যৱহাৰকাৰীক কেন্দ্ৰ কৰি অনলাইন নিউজ পৰ্টেল, নিউজ চেনেলকে ধৰি এটা তেনেধৰণৰ bubble-ৰ সৃষ্টি হৈছে। অসমৰ ফে’চবুকৰ এই bubble-টোত লিংগ সহনশীলতাৰ অভাৱ, তৰল ৰুচিবোধ, যৌনগন্ধী বাতৰি, ভুক্তভোগীক কৰা ঠাট্টা-মস্কৰা (bullying) আদি দৈনন্দিন প্ৰসংগ হৈ পৰিছে।
এই সমগ্ৰ পৰিৱেশটোৰ মাজত অসমৰ সংস্কৃতি আৰু সাংস্কৃতিক একতাও বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’বলৈ লৈছে যেন অনুভৱ হয়। যোৱা কেই বছৰমানৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰৰ ভিন-ভিন পৰম্পৰা সামাজিক মাধ্যম প্ৰধানতঃ ফে’চবুকৰ জৰিয়তে সমগ্ৰ অসমত জনপ্ৰিয় (viral) হৈ পৰা দেখা গৈছে। তাৰে বহু সংখ্যক অসমৰ বেছিভাগ লোকৰ বাবে অপৰিচিত। মূলসুঁতিৰ অসমীয়া সংস্কৃতি বুলি যাক ধৰা হয়, তাৰ পৰা এইবোৰ পৃথক বাবেই বিশুদ্ধতাবাদীসকলে এনে পৰম্পৰা প্ৰদৰ্শনকাৰী সকলক অনলাইন ঠাট্টা-মস্কৰা (trolling and bullying)-ৰ লক্ষ্য কৰি লৈছে। এনে কেইবাটাও উদাহৰণ যোৱা বৰ্ষটোতে পৰিলক্ষিত হোৱাৰ পিছত এনে ধৰণৰ ঘটনাই যে অসমীয়া সংস্কৃতিৰ একতা আৰু সমন্বয়ৰ চেতনাক বিনষ্ট কৰিছে সেয়া স্পষ্ট।
এইবোৰৰ অন্তৰালত ব্যৱহাৰকাৰী সকলৰ ভৌগোলিক, ঐতিহাসিক আৰু সাংস্কৃতিক জ্ঞানৰ অভাৱ পৰিলক্ষিত হয়। কিন্তু অল্পশিক্ষিত সকলেহে যে এনে কৰ্মত লিপ্ত তেনে নহয়। বৰঞ্চ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ জ্ঞানেৰে দীক্ষিত গৰিষ্ঠ সংখ্যকৰ মানসিকতা এনে হোৱাটো চিন্তনীয় বিষয়। তাৰ কাৰণ হিচাপে বিদ্যালয়ত বাধ্যতামূলকভাৱে চলি অহা ভূগোল আৰু ইতিহাস বিষয় দুটা আঁতৰাই দিয়াতো বহুতে দোহাৰে। তাৰ উপৰিও ইতিহাস আৰু ভূগোলৰ গুৰুত্বপূৰ্ণ প্ৰসংগ সাঙুৰি জাতীয় ইতিহাসৰ সঠিক আৰু সংবেদনশীলতাৰ জ্ঞান ছাত্ৰ-ছাত্ৰীক দিব পৰা শিক্ষকৰ সংখ্যালঘিষ্ঠতাও তাৰ অন্যতম কাৰক। বিংশ-একবিংশ শতিকাৰ সন্ধিক্ষণৰ দশক দুটাত অসমৰ বিদ্যালয়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হোৱা অনিয়ম আৰু অযোগ্য শিক্ষকেৰে ভৰা বিদ্যালয়ৰ কোনো বাছনি নকৰাকৈ কৰা চৰকাৰীকৰণে দীক্ষিত শিক্ষকৰ অভাৱৰ মূল হেতু হিচাপে দৃষ্টিপটলৈ আহে।
তাৰ উপৰিও বিহু বা অসমৰ অন্য সংস্কৃতিৰ চৰ্চা হওঁতে বিদ্যায়তনিক ইতিহাস (academic history)-ৰ বিপৰীতে জনপ্ৰিয় ইতিহাস (popular history)-য়ে অধিক গুৰুত্ব লাভ কৰা দেখা যায়। বিদ্যায়তনিকভাৱে লক্ষ্য কৰিলে যি ‘অসমীয়া’ পদটোক লৈ অত আন্দোলন আৰু আৱেগৰ বৰ্হিপ্ৰকাশ দেখা যায়, তাৰ প্ৰথম ব্যৱহাৰৰ ২০০ বছৰেই হোৱা নাই। যি সতী (স্বামীভক্তা) জয়মতী আৰু বীৰ লাচিতক বিংশ শতিকাৰ প্ৰথমৰ দশকৰপৰা ইতিহাসৰ পাতৰপৰা তুলি আনি পুৰুষত্ববাদী দৃষ্টিভংগীৰে অসমীয়া যুৱতী আৰু যুৱকৰ আদৰ্শ কৰি তোলাৰ প্ৰয়াস নাটক, চিনেমা আদিৰে কৰা হ’ল কেৱল সেয়াই অসমৰ মানুহৰ মানসপটত দকৈ বহি ৰ’ল। স্বামীক নমনা বীৰাংগনা মূলাগাভৰু আপেক্ষিকভাৱে উপেক্ষিত হৈ ৰ’ল। এনে জনপ্ৰিয় ইতিহাসৰ পাত পঢ়া সকলে যি বিহুৰ যি ৰূপক একমাত্ৰ চূড়ান্ত ৰূপ (absolute form)- বুলি গণ্য কৰিছে, সিয়ো যে বিংশ শতিকাৰ তৃতীয়-চতুৰ্থ দশক পৰ্যন্ত মধ্যবিত্ত অসমীয়াৰ বাবে প্ৰায় নিষিদ্ধ আছিল তাক উপলব্ধি কৰিবগৈ নোৱাৰে। অসমৰ কালানুক্ৰিম ইতিহাসৰ অধিকাংশই ঊনবিংশ শতিকা সৃষ্ট। তাৰ আঁৰত নিহিত নানা প্ৰেৰণাৰ পট উপলব্ধি কৰাৰো প্ৰয়োজন আছে। হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২), গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৮), কমলাকান্ত ভট্টাচাৰ্য (১৮৫৩-১৯৩৬), ৰত্নেশ্বৰ মহন্ত (১৮৬৪-১৮৯৩), তাৰানাথ চক্ৰৱৰ্তী আদি অনেক অসমীয়া বিদ্বানৰ নাম ল’ব পাৰি, যি বিহুৰ বিৰোধিতা কৰিছিল। ১৯১০ চনৰপৰা তাৰানাথ চক্ৰৱৰ্তীৰ সম্পাদনাত প্ৰকাশিত আসাম বান্ধৱে অসমীয়া জাতীয় উৎসৱ বিহুৰ সলনি দুৰ্গাপূজাহে হ’ব লাগে বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। আলোচনী, বাঁহী আদি আলোচনীৰ হস্তক্ষেপত হিন্দুৰ পূজাৰ সলনি অসমীয়া মুছলমানো জড়িত আপেক্ষিকভাৱে ধৰ্ম নিৰেপক্ষ বিহু অসমৰ জাতীয় উৎসৱ ৰূপে স্বীকৃত হ’ল। ধৰ্মৰ বেপাৰেৰে ৰাজনীতি কৰা, ফে’চবুকত প্ৰচাৰ চলোৱা এচামে বিহুক হিন্দুৰ উৎসৱ বুলি প্ৰচাৰ কৰিলে তাত এই ইতিহাস নজনা সকল ভোল যোৱাটোৱেই স্বাভাৱিক।
কেৱল জনপ্ৰিয় ইতিহাস (মূলতঃ সৃষ্টিশীল সাহিত্য, নাটক, চলচ্চিত্ৰ আদিত প্ৰচাৰিত ইতিহাস) জ্ঞাত সকলৰ মানসিকতাত অসমীয়া সংস্কৃতিক লৈ এটা গোড়া মনোবৃত্তিয়ে ক্ৰিয়া কৰি থাকে। সেইবাবে অসমৰ বিভিন্ন প্ৰান্তৰ অসমীয়া ভাষাৰ বিবিধ ৰূপবোৰক লৈয়ো ফে’চবুকত ঠাট্টা-মস্কৰা হোৱা দেখা পোৱা যায়। সঠিক ঐতিহাসিক জ্ঞানে কি কি কাৰণত অসমীয়া ভাষাৰ পৃথক ৰূপ সমূহৰ সৃষ্টি হ’ল তাক জনাত সহায় কৰে। শিৱসাগৰীয়া ভাষাই মান্যতা লাভ কৰাৰ ঐতিহাসিক প্ৰেক্ষাপটৰ বিষয়ে অৱগত সকল অসমীয়া ভাষা-সংস্কৃতিকেন্দ্ৰিক গোড়ামীৰপৰা স্বাভাৱিকতেই আঁতৰি থাকিবলৈ বাধ্য।
২০০৫-০৬ বৰ্ষ মানৰপৰা ফে’চবুকক কেন্দ্ৰ কৰিয়েই অসমত ডিজিটেল ক্ষেত্ৰখনত কেইবাটাও যুগান্তকাৰী কামৰ পাতনি মেলা হৈছিল। প্ৰিয়াংকু শৰ্মাৰ ‘যাযাবৰ’ নামৰ প্ৰথম অসমীয়া ব্লগ, হিমজ্যোতি তালুকদাৰৰ নেতৃত্বত ‘এনাজৰী ডট কম্‌’ নামৰ পুৰণি গীতৰ অভিলেখাগাৰ, ‘অসমীয়াত কথা বতৰা’ শীৰ্ষক ফে’চবুক গোটটোৰদ্বাৰা অনুপ্ৰাণিত হৈয়ে ডিজিটেল মাধ্যমত অসমীয়াত লেখাৰ সঁজুলি (কী-পেইড, ফণ্ট আদি)বোৰ ক্ৰমান্বয়ে উপলব্ধ হ’বলৈ লৈছিল। ৱিকিপিডিয়াত অসমীয়া ভাষাত সমল বৃদ্ধিৰ কামতো ফে’চবুকে এখন মঞ্চ প্ৰদান কৰিছিল। সমসাময়িক জনপ্ৰিয় সামাজিক মাধ্যম— ইনষ্টাগ্ৰাম, টুইটাৰ আদিৰ তুলনাত ফে’চবুকৰ জৰিয়তে জাতীয় প্ৰসংগসমূহৰ চৰ্চাৰ ক্ষেত্ৰত এখন বৃহত্তৰ মঞ্চ প্ৰস্তুত হৈছিল। ২০১৪-১৫ বৰ্ষৰপৰা ফে’চবুকত অসমীয়া ব্যৱহাৰকাৰী বাঢ়িল। সুলভ ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ সুলভতাই অধিকাংশ মানুহক ফে’চবুকত প্ৰৱেশৰ সুবিধা কৰি দিলে। কিন্তু ইয়াৰ লগে-লগেই ক্ৰমান্বয়ে ফে’চবুক হৈ পৰিল বিষাক্ত আৰু অসুৰক্ষিত। জাতীয় প্ৰসংগ জড়িত গঠনাত্মক কাৰ্যবোৰতকৈ জাতীয় সংস্কৃতিৰ সমন্বয় প্ৰক্ৰিয়াক ধবংস কৰা এচাম ধবংসাত্মক চেতনাযুক্ত আৰু সংবেদনশীলতা শূন্য মানুহেৰে অসমৰ ফে’চবুক ভৰি পৰিল।
তেন্তে ইয়াৰপৰা পৰিত্ৰাণৰ উপায় কি? ৰুচিশীল, অধ্যয়নশীল নৱপ্ৰজন্ম গঢ়া এটা উপায় হ’ব পাৰে। তাৰবাবে জনপ্ৰিয় ইতিহাসতকৈ বিদ্যায়তনিক ইতিহাসৰ চৰ্চা অধিক হোৱা বা বিদ্যায়তনিক ইতিহাসৰ বিভিন্ন প্ৰসংগসমূহ জনপ্ৰিয় ইতিহাসৰ অংগ কৰি তুলি সেই অনুসৰি নৱপ্ৰজন্মক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা যুগুত। এনে প্ৰচেষ্টাৰে অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমূহীয়া অসমীয়া চেতনাক ক্ৰমান্বয়ে যোৱা চাৰি দশক মান পূৰ্বৰপৰা ভংগুৰ আৰু বিভাজনকামী কৰি তোলাৰ পৰিৱেশ সৃষ্টি হোৱাৰ সময়তে ফে’চবুকৰ দৰে সামাজিক মাধ্যমে সৃষ্টি কৰা প্লেটফৰ্মখনৰ সদ্ব্যৱহাৰ কৰি অসমৰ সংস্কৃতিক পৰিৱৰ্তনকামী, ধৰ্ম সহনশীল আৰু একে সময়তে বৈচিত্ৰ্যতামুখী কৰি ৰাখিব পৰা যাব।


( লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ )

সহায়ক গ্ৰন্থপঞ্জীঃ
অসমীয়া-
গগৈ, লীলা – বিহু ঃ এটি সমীক্ষা, বনলতা, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, মুদ্ৰিত।
গন্ধীয়া, জয়কান্ত- বিহু ঃ বিধি আৰু ব্যাধি, আঁক-বাক, পাণবজাৰ, গুৱাহাটী, তৃতীয় প্ৰকাশ, নৱেম্বৰ, ২০২০, মুদ্ৰিত।
চাংমাই, নিতুল- বিহুৰ ইতিহাস আৰু পৰম্পৰা, ষ্টুডেণ্টছ ষ্ট’ৰছ্‌, পাণবজাৰ, গুৱাহাটী, প্ৰথম প্ৰকাশ, নৱেম্বৰ, ২০১৬, মুদ্ৰিত।
বুজৰবৰুৱা, পল্লৱী ডেকা আৰু সুমন দত্ত (সম্পা.)- বিহু ঃ সমাজ সংস্কৃতি ইতিহাস, সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা, চৌকিডিঙ্গী, ডিব্ৰুগড়, প্ৰথম প্ৰকাশ, এপ্ৰিল, ২০১৮, মুদ্ৰিত।

ইংৰাজী-
Dodd, Maya, and Nidhi Kalra. :Exploring Digital Humanities in India Pedagogies, Practices, and Institutional Possibilities. 1st ed., New Delhi, India, 2021, Printed.
Gardiner, Eileen, and Ronald G. Musto. :The Digital Humanities A Primer for Students and Scholars. Cambridge UP, 2015, Printed.

Categorized in: