ড° অনুৰাধা শৰ্মা
‘অতিকৈ চেনেহৰ মুগাৰে মহৰা
তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো।।’
অসমীয়া জনজীৱনৰ প্ৰাণৰো প্ৰাণৰ ৰঙালী বিহুটিৰ কথা আহিলেই মনত পৰে তাঁত শাললৈ।। বিহুটি আহিলেই মৰমৰ চেনাইক দিবলৈ গামোচা বোৱাৰ উখল-মাখল মাকোৰ শব্দত এক বুজাব নোৱাৰা আৱেগ। এই সকলোবোৰে তুলি ধৰে বয়ন শিল্পৰ এক সমৃদ্ধ ইতিহাসৰ কথা। গণজীৱনৰ আৱেগ-অনুভূতিৰ সৈতে সংপৃক্ত হৈ থকা এক শিল্প। ক’বলৈ গ’লে অসমীয়া সমাজখনৰ প্ৰেম-প্ৰীতিৰ দিশটোৰ ভালেখিনি কথা এই তাঁতশালখনকে কেন্দ্ৰ কৰি চলিছিল। যেতিয়া বিহুৱতীয়ে গায় “বহোঁ তাঁতৰ পাটত, চকু আলিবাটত, মাকো সৰি সৰি পৰে” —তেতিয়া বসন্তৰ আগমণত চঞ্চলা হৈ উঠা অসমীয়া গাভৰু এগৰাকীৰ প্ৰতিচ্ছৰি আমাৰ মনত ভাহি উঠে। বিহুৱা ডেকাও সমানে বলিয়া। সেয়ে বিহুৱা ডেকাই গায়—
গৰকাত ভৰি দি তাতে বৈ আছিল।
দোৰপতিয়ে দিয়ে মাত।
তোমাৰ নো ঘৰলৈ যামে কেনে কৰি
শতৰুৱে নিদিয়ে বাট।
এনেদৰেই আৰম্ভ হয় প্ৰেম-প্ৰণয়ৰ অলেখ কাহিনী। আজিৰ দৰে তেতিয়া সমাজখন অজস্ৰ সম্পদেৰে ঠাহ খাই থকা নাছিল। সেয়েহে প্ৰেয়সীয়ে বৈ দিয়া গামোচাখনলৈ ডেকাসকলৰ আছিল দুৰ্বাৰ হেঁপাহ। প্ৰেমিকাসকলেও পাট-মুগাৰ ৰিহা এখন পাবলৈ বা মেখেলা এখন পাবলৈ হাবিয়াস কৰিছিল। হাতে বোৱা কাপোৰখনৰ সৈতে এক গভীৰ হৃদ্যতাৰ সম্পৰ্ক আছিল। সেই বাবেই হয়তো শ্ৰীকৃষ্ণই নিজেও ৰাধাৰ বাবে কাপোৰ বোৱাবলৈ তাঁতীৰ ওচৰ চাপিছিলগৈ। অসমীয়া লোকসমাজত প্ৰচলিত çুনা শ্ৰীকৃষ্ণই ৰাধাৰ বাবে কাপোৰ বোৱাবলৈ যোৱা এই বৰ্ণনা সচাঁকৈয়ে বৰ অনুপম—
“মোহন মুৰুলী বংশী বজায়।
লৰিলা কানাই তাঁতীৰ ঠাই।।
দূৰতে দেখিয়া তাঁতীয়ে হাঁসে।
নন্দৰ কানাই মোৰ কি লাগি আসে।।
সুৱৰ্ণ আসন দিয়ে যোগায়।
সুগন্ধি জলেৰে চৰণ ধুৱায়।।
কৰ্পূৰ-তাম্বুল দি কৰিলে ভতি।
কি লাগি আসে মোৰ জগত পতি।।
আহিছো তাঁতী মোৰ লাগিছে লাজ।
ৰাধাক পিফাবলৈ লাগৈ মোক সাজ।।
কেনুৱা কাপোৰ কেনুৱা থান।
ক’লেহে জানো মই তাৰ প্ৰমাণ।।
দীঘলে সাৰংগ পুতলে বৰ।
আঞ্চলত লিখিবা ওণা বিস্তৰ।।
মাথাত লিখিবা বসুদেৱ পিতা।
ওৰণিত লিখিবা বলোদেৱ দাদা।
হাতত লিখিবা মোহন গদা।।
হিয়াত লিখিবা নন্দৰ কানাই।
মোহন মুৰুলী বংশী বজায়।।
আঁঠুত লিখিবা নেজালী ম’ৰা।।
তাৰ আশে-পাশে বুলাইবা চম্পা।।
কাষৰিত লিখিবা কাষৰি লতা।
আঞ্চলত লিখিবা আকাশীতৰা।।”
তাঁতশালখন যেন অকল আৱেগ-অনুভূতি, প্ৰেম-প্ৰীতিৰ মাজতে সীমাবদ্ধ হৈ আছে তেনে নহয়, সমাজ ইতিহাসৰ বহুবোৰ কথাও ইয়াৰ লগত জড়িত হৈ আছে। আমাৰ পিন্ধিবৰ বাবে প্ৰয়োজনীয় কাপোৰখন বা চোলাটো তাঁতশালখনেই দিছিল। সেইবাবেই মানুহে দূৰ-দূৰণিৰ পৰা তাঁতশালখনৰ যোগাৰবোৰ অনাইছিল।
‘ধনে গৈ আছে মিছিমিৰ দেশলৈ
আনিব কপাহৰ জোলা।
তুমি বৈ ল’বা ৰিহাকৈ মেখেলা
আমাক বৈ দিবা চোলা।।’
আনকি অসমীয়া সেনাক সাহস আৰু প্ৰেৰণা দিবলৈ পত্নীসকলে ৰাতিটোৰ ভিতৰতে কাপোৰ বৈ দিছিল। ইয়াৰ মাজত আছিল নিষ্ঠা, একাগ্ৰতা আৰু প্ৰতিজ্ঞা— যিবোৰে শত্ৰুৰ বিপক্ষে দুৰ্মদ সাহসেৰে যুঁজিবলৈ প্ৰেৰণা দিছিল।
‘চিৰা খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী
সান্দহ খুন্দি দিয়া খাও,
ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া
শতৰু মাৰিবলৈ যাওঁ।”
কেৱল বিহুগীততে নহয়, আমাৰ সাধুকথা, প্ৰবাদ-প্ৰবচন-মালিতা আদিৰ মাজতো তাঁতশালখন আৰু বয়ন শিল্পৰ কথা গভীৰ তথা ব্যাপকভাৱে বৰ্ণিত হৈছে। এইটোৱে প্ৰমাণ কৰে তাঁতশালখন অসমৰ জাতীয় জীৱনটোৰ লগত কেনেদৰে সাঙোৰ খাই আছে। হস্ততাঁত আৰু বস্ত্ৰশিল্প অসমৰ জীৱন যাত্ৰাৰ ইমানেই অভিন্ন অংগ, যাক বাদ দি অসমৰ সংস্কৃতি আৰু পৰম্পৰাৰ কথা ভাবিবই নোৱাৰি। অসমৰ শিপিনীসকলৰ উন্নত মানসম্পন্ন, সুন্দৰ কাপোৰৰ বাবেই আজি ইয়াৰ বস্তুশিল্লই অকল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে সমাদৰ পাবলৈ ধৰিছে। গুৰুজনাৰ দিনতে বোৱা বৃন্দাবনী বস্তুই আজিও পৃথিৱীৰ বহুতো উন্নত সংগ্ৰহালয়ৰ শৌভা বৰ্ধন কৰিছে। ইয়াৰ মূল কাৰণটোৱে হ’ল অসমৰ পাট-মুগাৰ কাপোৰ আৰু ইয়াৰ ৰুচিসন্মত ৰঙৰ ব্যৱহাৰ। ভাবিলে আচৰিত লাগে যে অসমৰ জনগোষ্ঠীসমূহে গছ লতাৰ পৰা ইমানবোৰ ৰঙৰ ব্যৱহাৰ কিদৰে আয়ত্ত কৰিছিল।
ৰঙৰ প্ৰতি মানুহৰ এক অবুজ আকৰ্ষণ আছে। সেইবাবেই হয়তো প্ৰয় ৫০০০ বছৰৰ আগতেই মানুহে ৰঙৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন জনগোষ্ঠীয়ে নিৰ্দিষ্ট শৈলীৰে ৰঙৰ ব্যৱহাৰ কৰি কাপোৰত নানাৰঙী চিত্ৰ অংকন কৰে। অসমীয়া শিপিনীসকলে যিবোৰ ৰঙ ব্যৱহাৰ কৰে আৰু যিধৰণৰ শৈলীৰে চিত্ৰ অংকন কৰে, সি আজি দেশ-বিদেশৰ বহু লোককে আকৰ্ষিত কৰিছে। অসমৰ শিপিনীসকলে খয়াৰ, কেলিকদম, শেৱালি, পলাশ, কেঁহৰাজ, কুঁজিথেকেৰা, আম, মাধুৰি, শিলিখা, জামু, জেতুকা আদি সাতল্লিশবিধমান গছ-লতাৰ ৰঙৰ ব্যৱহাৰ জানে। কিন্তু দুখৰ বিষয় যে আজি এই থলুৱা ৰংবোৰৰ ব্যৱহাৰ বা এইবোৰৰ সম্যক জ্ঞান লাহে লাহে কমি আহিছে। ৰাসায়নিক ৰঙৰ ব্যৱহাৰে আমাৰ এই থলুৱা ৰঙৰ ব্যৱহাৰক বাৰুকৈয়ে প্ৰত্যাহ্বানৰ মুখামুখি কৰিছে। অন্ততঃ থলুৱা আৰু পুৰাতন জ্ঞান হিচাপেও এইবোৰৰ যথাৰ্থ অধ্যয়ন হোৱা উচিত।
অসমৰ তাঁতশালে যে কেৱল আমাৰ সমৃদ্ধ সংস্কৃতি আৰু উন্নত ৰুচিকে প্ৰতিনিধিত্ব কৰিছে তেনে নহয়, এই শিল্পই অসমৰ আৰ্থ-সামাজিক বিকাশতো অৰিহণা যোগাইছে। ভাৰতবৰ্ষৰ সৰ্বমুঠ ২৮ লাখ তাঁতশালৰ ১৩ লাখেই আছে অকল অসমত কিন্তু দুখৰ বিষয় যে ইমান সমৃদ্ধ ঐতিহ্য থকা সত্ত্বেও অসমৰ তাঁতশালবোৰ ব্যৱসায়িকভাৱে সবল হৈ উঠা নাই। ১৩ লাখ তাঁতৰ মাত্ৰ ২৮০ লাখ শালহে ব্যৱসায়িকভাৱে সবল; বাকী ৫.৭ লাখ তাঁত অৰ্ধব্যৱসায়িক আৰু বাকীবোৰ একমাত্ৰ ঘৰুৱা প্ৰয়োজন পূৰ্তিৰ বাবেহে ব্যৱহৃত। এনে অৱস্থাত অসমৰ এই সম্ভাব্যপূৰ্ণ শিল্পক সবলভাৱে গঢ়ি তুলিবৰ বাবে চৰকাৰে এক দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰা উচিত।
এতিয়া বজাৰকেন্দ্ৰিক অৰ্থনীতিয়ে অকল অসম বুলিয়েই নহয়, প্ৰায়বোৰ ৰাজ্যৰ শিপিনীসকলক এক অনিশ্চিত ভৱিষ্যতৰ মুখলৈ ঠেলি দিছে। দুবছৰমান আগতে অসমৰ শুৱালকুছিত বাহিৰৰ যন্ত্ৰচালিত প্ৰকল্পত নিৰ্মিত কাপোৰৰ দৌৰাত্মক বাধা দিবলৈ প্ৰবল আন্দোলন হৈছিল। তেতিয়া অসমৰ প্ৰায় তিনি হাজাৰ বোৱা-কটা সমবায় সমিতিৰ যৌথ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰীৰ ওচৰত স্মাৰক-পত্ৰ প্ৰদান কৰি অসমৰ এই থলুৱা শিল্পৰ সুৰক্ষাৰ বাবে ভালেখিনি দাবী উত্থাপন কৰা হৈছিল। এই সংগঠনে উত্থাপন কৰা দাবীসমূহৰ মাজতো দেখা গৈছে কেন্দ্ৰ-ৰাজ্যৰ অনুদানৰ অনুপাত সম্পৰ্কে দাবী উত্থাপিত হৈছে, চৰকাৰী ৰেহাই পোনপটীয়াকৈ শিপিনীসকলক দিয়াৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে, অত্যাধুনিক বজাৰ ব্যৱস্থাৰ কথা কোৱা হৈছে, তদুপৰি চৰকাৰে এনে উদ্যোগৰ বাবে গুৱাহাটীত যি Urban Haat প্ৰতিষ্ঠা কৰাৰ কথা কৈছে তাৰ সংখ্যা বৃদ্ধি কৰি কোকৰাঝাৰ, তেজপুৰ, ডিব্ৰুগড় আৰু শিলচৰতো এনে ‘হাট’ প্ৰতিষ্ঠা কৰাৰ দাবী জনোৱা হৈছে।
সমবায় সমিতিসমূহৰ এনে দাবীয়ে তেওঁলোকৰ বাঢ়ি অহা সংকটৰ কথা স্পষ্ট ৰূপত তুলি ধৰিছে। কিন্তু তাৰ ফলপ্ৰসূ সমাধান আমি দেখা নাপালোঁ। বজাৰকেন্দ্ৰিক অৰ্থনীতিৰ ফলত ধুমুহাৰ দৰে বাহিৰৰ পৰা আহি পৰা কিছুমান উপাদানে থলুৱা শিল্পৰ বিপদ মাতি আনিছে। অথচ বিশেষজ্ঞসকলে কয় যে আমাৰ থলুৱা ৰং, ডিজাইন আদিক ব্যৱসায়িক ভাৱে সফল কৰিব পৰা যায়। কিন্তু চৰকাৰে এই থলুৱা শিল্পসমূহৰ প্ৰতি দীৰ্ঘদিন ধৰি অৱহেলা কৰি আহিছে। বৃহৎ বণিক আৰু মধ্যভোগীৰ স্বাৰ্থত এনেবোৰ উদ্যোগক অৱহেলা কৰাটো কেৱল দেশৰ সংস্কৃতিৰ বাবেই বিপজ্জনক নহয়, ই আমাৰ অৰ্থনীতিৰ বাবেও এক আত্মঘাতী পদক্ষেপ। আমি আশাকৰোঁ আমাৰ সচেতন ৰাইজে এনেবোৰ বিষয়ত মাত মাতিব আৰু এনেবোৰ শিল্পক স্বাস্থ্যৱান কৰি তোলাৰ লগতে জাতীয় জীৱনটোক চহকী কৰি তুলিব।