শ্ৰীডিম্বেশ্বৰ চেতিয়া

জয় জয়তে সকলো বিহু প্ৰেমী ৰাইজলৈ বৃহত্তৰ কঢ়াপৰীয়া মঞ্চৰ পৰা বিহুৰ ওলগ জনাই আমাৰ একাষাৰ ব্যক্ত কৰিব বিচাৰিছোঁ।
যিসকল ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ জৰিয়তে বৃহত্তৰ কঢ়াপৰীয়া অনুষ্ঠানটিয়ে আজিৰ অৱস্থাত উপনীত হ’বলৈ সক্ষম হ’ল সেইসকলৰ প্ৰতি আমাৰ একাষাৰৰ পাতনিতে শ্ৰদ্ধা, কৃতজ্ঞতা তথা প্ৰণাম যাচিছোঁ।
বিহুৰ সম্পৰ্কে আমাৰ প্ৰতিজন ব্যক্তিয়েই জ্ঞাত। তথাপি গো-ধন, কৃষি আৰু প্ৰকৃতিৰ লগত সম্পৰ্কিত অসমীয়া গ্ৰাম্য চহা জীৱনৰ আত্মিক আনন্দ, উশাহ আৰু মনোবেদনাৰ বহিঃ প্ৰকাশেই পাছলৈ বিহুৰ আখ্যা লাভ কৰিবলৈ সক্ষম হয়। গতিকে বিহু অসমীয়া জাতিৰ গণ জীৱনৰ আত্মিক সত্তা প্ৰতিফলনৰ এক মুক্ত প্ৰকাশ; অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ, ভাষা, কৃষ্টি-সংস্কৃতিৰ দাপোণ। গতিকে বিহুক প্ৰকৃত ৰূপত ধৰি ৰাখিলেহে অসমীয়া জাতিৰ সত্তাক ধৰি ৰখাটো সম্ভৱ হ’ব। বিশ্ব দৰবাৰত স্বীকৃত বিহুক কৌশলেৰে কিছু স্বাৰ্থান্বেষী লোকে চহা গণ জীৱনৰ পৰা আঁতৰাই এচাম বিত্তবান আৰু কৰ্পৰেট গোষ্ঠীৰ অনুপ্ৰৱেশ ঘটোৱাৰ চেষ্টাও অব্যাহত ৰাখিছে। অসমৰ প্ৰতিজন জাতি ভাষা কৃষ্টি আৰু সংস্কৃতিপ্ৰেমী সদাশয় ব্যক্তিয়ে এই সৰ্ম্পকত সৰ্তক হোৱা উচিত।
বৃহত্তৰ কঢ়াপৰীয়া বিহু সন্মিলন হ’ল কঢ়া কুমতীয়া আৰু চামপৰাৰ মধ্যস্থলৰ গ্ৰাম্য জীৱনৰ ঐতিহ্য। ঘিলামৰাৰ ঐতিহ্য আৰু ইতিহাস। ঘিলা সেনাপতি ৰণত পৰা আৰু কোনো কোনোৰ মতে ঘিলাখেলৰ ঠাই বাবে ঘিলামৰা নামৰ উৎপত্তি। ইয়াৰ প্ৰকৃত স্থান ক’ত আছিল? ইয়াৰ ঐতিহাসিক গুৰুত্বই বা কি? বৃহত্তৰ কঢ়াপৰীয়া বিহুৰ ইতিহাস বা ইয়াৰ ঐতিহাসিক গুৰুত্ব আমি অধ্যয়ন কৰা দৰকাৰ। দোলাসজাৰ (ৰণচালি পুখুৰীৰ সমীপৰ এখন ঠাই) পৰা আৰম্ভ কৰি প্ৰতিখন ঠাই, পুখুৰী, বিলে কঢ়িয়াই ফুৰা ইতিহাস আৰু ইয়াৰ ঐতিহাসিক গুৰুত্ব আমি অধ্যয়ন কৰা দৰকাৰ হৈ পৰিছে। মনত ৰখা উচিত এনেবোৰ ঐতিহ্যমণ্ডিত ঠাইত, মনোৰম প্ৰাকৃতিক পৰিৱেশত, গ্ৰাম্য চহাৰ মুক্ত প্ৰকাশৰ জৰিয়তে ওঠৰশ শতিকাৰ মাজভাগৰ পৰা বিহু পালিত হৈ আহিছে। ইয়াৰ কিছুমান তথ্যসমৃদ্ধ মৌখিক কাহিনী। শেহতীয়াকৈ দুই এজন ব্যক্তিৰ চেষ্টাত আহঁতগুৰিৰ ৰাতি বিহুৰ তথ্য প্ৰকাশিত হৈছে। চ’ত মাহৰ পৰা আৰম্ভ হোৱা ৰাতি বিহু ব’হাগ মাহৰ সাত দিনলৈ চলে। বান্তৌ, দীঘলা, কাঠবাৰী, হিলৈদাৰী, জামুগুৰি, চৌগুৰি, ঘটাপৰা, বৰটেঙানি, গৰৈমাৰী, ঘুগুহা, গোহাঁই গাঁও ইত্যাদিৰ পৰা জুমে জুমে ডেকা এই বিহুত যোগ দিবলৈ আৰু উপভোগ কৰিবলৈ অহা বহুত কাহিনী এই অঞ্চলত বিৰাজমান। গছৰ ওপৰত উঠি বিহু চাই থাকোতে পেটৰ অসুখত শৌচ কৰি দিয়াত তলৰ ডেকা গাভৰুসকলে হুদুৱে শৌচ কৰা বুলি ধৰা, আচল সত্য ওলাই পৰাত এইজন ডেকাৰ উপনাম হুদু বুলি প্ৰচলিত হোৱা, চাৰিওফালে কলৰ মধুনাৰে ভোটা জ্বলাই দিয়া আদি অনেক কাহিনী এই অঞ্চলৰ আইতা-ককাহঁতৰ মুখে মুখে প্ৰচলিত আছিল। ওঠৰশ শতিকাতে আৰম্ভ হোৱা আঁহতগুৰি বিহুৰ স্থান বৰভূঁইকঁপে থানবান কৰি দিলে। ইয়াৰ চৌপাশৰ গাঁওবিলাকৰ পৰা দেউডুবি, বাঘেধপলীয়া, ২ নং পাৰঘাট, ফুকন গাঁৱৰ ঠাইত উজনি, মাজু, ভাটি ফুকন গাঁও, পিতামনি, মেৰকাঠনি, শিয়ালবাৰী, দক্ষিণ, বালিয়নি, বৰাজান, চৌখাম, মইনাপৰা, বৰ্হমথুৰিয়নি, লেলুৱনী, দীঘলী, মেলেকী, মহমৰা একাংশ আদি সৰু বৰ গাঁও হ’ল। গাঁও হ’ল নহয় গাঁৱৰ সম্প্ৰসাৰণ হ’ল। আঁহতগুৰিৰ বিহু ৰাতিৰ পৰিৱৰ্তে দিনৰ ভাগত অনুষ্ঠিত হোৱা ব’হাগী মেলালৈ পৰিৱৰ্তন হ’ল। কছাৰীটিং গ্ৰেজিং, দ-পথাৰ, দোপসজা, ঘগৰা আদিত অনুস্থিত হোৱাৰ উপৰি ষাঠি দশকৰ মাজভাগত এই ব’হাগী মেলাই প্ৰথম চেতিয়া গাঁও প্ৰাথমিক বিদ্যালয়ত মঞ্চত উঠিল। ঘাঁহী গাঁৱৰ গিৰিশ ভঁৰালী, বাৰিষা হাজৰিকা, গোলোক হাজৰিকা আদিৰে মঞ্চত উঠি গীত প্ৰদৰ্শন কৰিলে। ইয়াৰ পাছত ন-পুখুৰী মজলীয়া বিদ্যালয়কে ধৰি কেইবাটাও মঞ্চত এই বিহুমেলা প্ৰদৰ্শন হ’ল। আঁহতগুৰিৰ চৌপাশৰ গাঁও আৰু গঞা বিভাজিত হোৱাৰ ফলত এই ব’হাগী মেলা ক্ৰমে বিভাজিত হ’ল। পূৰ্বৰ ঐতিহ্য থাকিলেও ইয়াৰ শক্তি কিছু দুৰ্বল হ’ল। সময়ৰ উপলব্ধিৰে ইয়াৰ বিশ্লেষণ কৰি পুৰণি কঢ়াপৰীয়া সমবেত হৈ ২০০৪ চনত এই বিহুৰ নাম বৃহত্তৰ কঢ়াপৰীয়া নামকৰণ কৰি উক্ত সভাতে ৺তোষেশ্বৰ চেতিয়াক সভাপতি আৰু নৃপেন গোহাঁইক সম্পাদকৰ দায়িত্ব দি বৃহত্তৰ কঢ়াপৰীয়া নামেৰে প্ৰথম বিহু সন্মিলন উদ্‌যাপন কৰা হ’ল। তেতিয়াৰ পৰাই বৃহত্তৰ কঢ়াপৰীয়াৰ নামত ১৯ সংখ্যক বিহু সফল ভাৱে পালন কৰি ২০ সংখ্যক বিহু সন্মিলনৰ দুৱাৰ দলিত থিয় হৈছেহি।
পুৰণি ইতিহাসে গৰকা বৃহত্তৰ কঢ়া পাৰৰ বিহুৰ বয়স কুৰি বুলি বুলি গণ্য কৰিলে আমাৰ পুৰণি ঐতিহ্যক অস্বীকাৰ কৰা নহ’বনে— বৃহত্তৰ কঢ়াপৰীয়াৰ প্ৰতিজন সদস্য-সদস্যাৰ ওচৰত আমাৰ অনুৰোধ, এই কথাষাৰ যেন তেখেতসকলে ভাবি চায়। তদুপৰি বৃহত্তৰ কঢ়াপৰীয়া বিহুৱে ন ন সংযোজনেৰে থলুৱা ঐতিহ্য অটুট ৰাখি এক মেলামুখী অনুষ্ঠানলৈ উৎকৰ্ষ সাধনৰ চেষ্টা অব্যাহত ৰাখিছে। মেলামুখী বিহুৰ মূল ভিত্তি হ’ল ব্যাপক জনসাধাৰণৰ অংশগ্ৰহণ। কিন্তু আজিকালি অৰ্থই প্ৰাধান্য পোৱাত গ্ৰাম্য চহা সমাজৰ ব্যাপক অংশ বিহু মেলা বা সন্মিলনবোৰত গুৰুত্বহীন হৈ ৰয়। পুৰস্কাৰকেন্দ্ৰিক বিহুত গাঁৱলীয়া সকলো ডেকা বা গাভৰুৱে অংশগ্ৰহণৰ ইচ্ছা থাকিলেও হীনমন্যতাত ভুগি অংশগ্ৰহণৰ পৰা আঁতৰি থকা দেখা যায়। গতিকে বৃহত্তৰ কঢ়াপৰীয়াৰ প্ৰতিজন কৰ্মকৰ্তাই এই দিশসমূহ পুংখানুপুংখ আলোচনা কৰি কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।
শেষত বৃহত্তৰ কঢ়াপৰীয়া ২০ সংখ্যক সন্মিলন অনুস্থিত কৰিবলৈ যিসকল কঢ়াপৰীয়া প্ৰেমী শ্ৰদ্ধেয় ব্যক্তিয়ে আৰ্থিক, কায়িক আৰু নৈতিক সহায়-সহযোগ আগবঢ়ালে প্ৰতিজনলৈ উদ্‌যাপন আৰু স্থায়ী কমিটিৰ তৰফৰ পৰা শ্ৰদ্ধাসহ কৃতজ্ঞতা জনাই আমাৰ একাষাৰ সামৰণি মাৰিলোঁ।

জয়তু বৃহত্তৰ কঢ়াপৰীয়া ৰঙালী বিহু সন্মিলন
শ্ৰীডিম্বেশ্বৰ চেতিয়া
সভাপতি
উদ্‌যাপন ও স্থায়ী সমিতি
কছাৰীটিং বিহু বাকৰি
ঘিলামৰা