নিৰঞ্জন গগৈ
ঢোলৰ মাতত, জেতুকাৰ ৰঙত ৰঙা হৈ ধৰাৰ বুকুলৈ নামি আহে ব’হাগ। ব’হাগ আহিলেই বয়সেও হাৰ মানে। দুই তিনি বছৰীয়া ল’-ছালিৰপৰা শতায়ু গৰকা অসমীয়াৰ বুকুখন থৌকি-বাথৌ কৰিব পৰা, গা-মন ৰাইজাই কৰি তুলিব পৰা ব’হাগ বিহুৱে বিভিন্ন সময়ৰ হেঙুলীয়া, কাঁইটীয়া পথ অতিক্ৰমি আজিৰ অৱস্থা পাইছেহি।
চহাজীৱনৰ প্ৰতিভূ বিহু আদিতে কেনে ৰূপত আছিল সেয়া জনাৰ সৌভাগ্য হোৱা নাই যদিও আমাৰ জীৱনকালত বিহুৰ বিৱৰ্তনৰ কিছু অংশ দেখিবলৈ নোপোৱাকৈও থকা নাই। তাৰে কিছু কথা বেকত কৰিবলৈকে এই নাতিদীৰ্ঘ লেখাটো লিখিবলৈ মৰসাহ কৰিছোঁ।
আমাৰ দেখা মনত পৰে ডেকা-গাভৰুসকলে গছৰ তলত বা জোপোহা গছৰ আঁৰত বেলেগ বেলেগকৈ বিহু কৰিছিল। তেতিয়া কিন্তু ঢোলৰ ছেৱত গাভৰুৱে নচা নাছিল। তেওঁলোকে টকাৰ ছেৱতহে নাচিছিল। আমাৰ মনত আছে বাইদেউহঁতক থ’বলৈ গৈ আঁতৰৰ পৰা গুচি আহিবলগীয়া হৈছিল। হয়তোবা কোনো কোনো ঠাইত তাতোকৈ আগেয়েই ডেকা আৰু গাভৰুৱে ওচৰা-ওচৰিকৈ বিহু মাৰিবলৈ লৈছিল আৰু সিয়েই কালক্ৰমত “মুকলি বিহু” নামেৰে জনাজাত হৈছিল।
আমি জনাত আমাৰ ঘিলামৰা অঞ্চলত অতীতৰ মুকলি বিহুত বৰ বেছি যোৰানাম নাগাইছিল। ঢোলৰ দীঘলীয়া ছেৱত কোন নাচনীয়ে কিমান নাচিব পাৰে, তাৰহে প্ৰতিযোগিতা চলিছিল। তেনে যোৰানামৰ দুই এষাৰ হৈছে —
ডেকা — যোৱাবেলি বিহুতে বিহুৱান খুজিছিলোঁ
এইবেলি বাটিছোঁ পাঁজি।
এনুৱা বিহুৱান আমাকো নালাগে
আনি ল’ম তোমাতকৈ কাজী।
গাভৰু — ৰাতি দুপৰলৈ কাটি সূতলাহি
চেনাইলৈ বিহুৱান বলোঁ।
ৰঙাকৈ আঁচুৰে বাচি পানকটা
টিপতে লুকুৱাই থলোঁ।
বিহুতলীৰ বাদেও ম’হৰ গোৱালে, দাৱনীয়ে পথাৰত কিছু যোৰানাম বুলিব পৰা নাম গাইছিল –
দাৱনী —দলনি পথাৰত ধানে দাই আছিলো
বাউলি বতাহে পালে,
কাচি দলি মাৰি তৰানিত সোমালো
ওঁঠতে বৰলে খালে।
গোৱাল — হায় ঐ…………..ঐ
ধানে দাই গ’লা পিছলৈ নাচালা
থাকি গ’ল চেনেহৰ থোক,
চেনেহৰ থোককে যেনেকৈ এৰিলা
তেনেকৈ এৰিলা মোক।
ৰাজ-মৰ্য্যাদা পোৱা সেই চহা কৃষকৰ বিহুক ইংৰাজ শাসনকালত বিৰূপ মন্তব্য দিছিল কেইজনমান তথাকথিত চহৰীয়াই। আনহে নেলাগে অশ্লীল বুলি বৃটিছ চৰকাৰৰ ওচৰত বিহুক নিষিদ্ধ কৰিবলৈ আৰ্জি পেচ কৰিছিল।
হলিৰাম ঢেকীয়াল ফুকন, আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, বুদ্ধিন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্য আদি সম্ভ্ৰান্ত অসমীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিহুক নিষিদ্ধ কৰাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ বৃটিছ চৰকাৰে চেষ্টা কৰিছিল। ভাগ্য ভাল আছিল – নগাঁৱৰ কিছুমান বিহুৱাক লৈ আনন্দ দাস, মইমৎ টাটিঙা, চেনিমাই গাভৰুৱে বিহু মাৰি চাহাবক দেখুৱাই দিলে যে বিহু কৃষকৰহে উৎসৱ। গুণীয়েহে গুণৰ মোল বুজে। চাহাবে নিষিদ্ধকৰণ উঠাই ল’লে। তাৰ পাছৰ প্ৰজন্মই সেয়ে গায়—
চেনিমাই চেনিমাই চেনিমাই ঐ
নাজিৰৰ ঘৰলৈ কেনি যায় ঐ,
গৈ থাকা গৈ থাকা পাবাগৈ বাট
নাজিৰৰ জীয়েকে লগাব মাত।
বিহুত বিহো অমৃত হয়। এশ এটা শাকত বিহজাতীয় গছৰ আগো খাব পাৰি। জনবিশ্বাস অনুসৰি চাটৰ থেকেৰা, বেঙেনা খালে বিহ অমৃত হৈ পৰে। চাট গোহালিত থ’লে গৰু বেমাৰ বা অন্য অপশক্তিয়ে কাম কৰিব নোৱাৰে। ধুমুহা, বৰষুণ, বজ্ৰপাতৰ পৰা হাত সাৰিবলৈ এষাৰ মন্ত্ৰ নাহৰ পাতত লিখি চালত বা দুৱাৰৰ ওপৰত গুঁজি থোৱা হয়-
দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে নমঃ।
ব’হাগ বিহুৰ গৰু বিহুৰ দিনা কাহিলিপুৱাই উঠি গোহালিৰ গৰুকেইটা চোৱা হয়—সিহঁত উঠি আছেনে, শুই আছে। গোহালিত মূত্ৰ আছেনে নাই। সেইদিনা গো-মাতাক দেৱতা জ্ঞান কৰি মূত্ৰৰ পৰিমাণৰ পৰা বছৰটোত পানী কিমান হ’ব নহ’ব ধাৰণা কৰা লোক বিশ্বাস এটি সৰুতে পালন কৰা মনত পৰে। সেইদিনা মাহ হালধিয়ে নোৱাই চাট লৈ নৈ-বিলত গা ধুৱাই, গধূলি ধূপ-ধূনা জ্বলাই নতুন পঘাৰে বান্ধে। বৰাধানৰ পিঠা খাবলৈ দিয়ে। গৰুক পিঠা খাবলৈ নিদিয়ালৈকে গৃহস্থই পিঠা নোপোৰে।
ব’হাগৰ ১ তাৰিখে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয়। নামঘৰলৈ গৈ নাম-কীৰ্তন কৰি হুঁচৰি গোৱাৰ সিদ্ধান্ত লয়। হুঁচৰিত প্ৰথমতে ভগৱানৰ নাম লৈ হুঁচৰি ঘোষাৰে আৰম্ভ কৰে। আজি দেখা হুঁচৰিতকৈ আগৰ হুঁচৰিৰ কিছু পাৰ্থক্য দেখা যায়। প্ৰথম ঘোষাত লেহেমীয়াকৈ, দ্বিতীয় ঘোষাত কিছু খৰ, তৃতীয় ঘোষাত বেছি খৰকৈ সামৰি অনুমতিসূচক নামেৰে আৰম্ভ কৰিছিল। ঘোষাত পাৰ্ৱতী, মণিকোঁৱৰ বৰ্ণনাৰে ঘোষা আৰম্ভ কৰিছিল।
ঘোষা —দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী
কেতেকী মলে মলাই ঐ গোবিন্দই ৰাম।
পদ — তেতেলী তলতে কৰো তাঁতে বাটি
পাহৰি আহিলো কুঁচি ঐ গোবিন্দই ৰাম।
স্বৰ্গদেউ ঈশ্বৰৰ পুতেক মণিকোঁৱৰ
খেলাত খতি-খন নাই ঐ গোবিন্দই ৰাম।
খেলাখেলি কোঁৱৰে ৰঙকে নাপালে
নৈতে গা ধুবলৈ যায় ঐ.............
ইয়াৰ পাচতে যোজনা –
প্ৰথমে প্ৰণামো আই সৰস্বতী
দ্বিতীয় প্ৰণামো হৰি,
তৃতীয় প্ৰণামো গাঁৱৰ বুঢ়া মেথা
ধৰি যাওঁ নামৰে গুৰি।
চাগে চেলাবৰে দবুৱা কটাৰী
ম’হে চেলাবৰে মিট,
বেয়া নাম ওলালে ক্ষেমিবা (দদাইদেউ) গৃহস্থ
গাই যাওঁ বতৰৰ গীত।
গীতে চেলেং বাখৰ ঐ
মলে মলখু মদাৰৰ পাতে
চেলেং বাখৰ ঐ
মলে মলখু মদাৰৰ পাত।
ঢোলৰ চাপৰ, পেঁপাৰ লহৰৰ মাজে-মাজে জোঙলা লগায়—
যেনে — ঐ ভলুকা বাঁহৰে আখি,
বতাহ বৰষুণে ওন্দোলাই আনিছে
আমাকে নথ’বা ৰাখি।
জাত নামো গায় — বিহু বিহু বিহুটি
বিহু আমাৰ তিনিটি
কাতি বিহু কঙালী
মাঘৰ বিহু ভোগালী
ব’হাগতে ধেমালি কৰোঁ
হেৰা লগৰী ঐ ব’হাগতে
ধেমালি কৰোঁ।
চ’তে গৈয়ে গৈয়ে — বিহু বিহু বিহুটি
ব’হাগে পালেহি — বিহু বিহু বিহুটি
ফুলিলে ভেবেলী লতা — বিহু বিহু বিহুটি
বিহু আমাৰ তিনিটি কাতি বিহু কঙালী
কৈনো কৈ থাকিলে বিহু বিহু বিহুটি
ওৰকে নপৰে বিহু বিহু বিহুটি
ব’হাগৰ বিহুৰে কথা বিহু বিহু বিহুটি
শৰাই খোজা নামো গায় –
লাফ মাৰি আনোগৈ পুলি তামোল থোকি
মৈ পাৰি আনোগৈ পাণ,
বিহুৱান, চেলেংৰে শৰাইখনি আনাগৈ
ৰাইজক ধৰাহি মান।
কেতিয়াবা বিহু চাই চাই তামোল কাটি থকা গৃহস্থকলৈও গায় —
কিচিক কিচিককৈ তামোল কাটিছা
মিচিক মাচাককৈ হাঁহি আছা,
আমি অহা নাই তামোল খাবলৈ
আহিছো আমি বিহু গাবলৈ।
শৰাইতনো কি দিছে চাবলৈও অনুমতি লৈ যিকোনো এজনে শৰাইখন চায়। আজিকালি মঞ্চ হুঁচৰিত দেখিছোঁ গোটেই মখা বিহুৱাই চায়। বৰ্তমান মঞ্চ হুঁচৰিত দেখা যায়, দহযোৰা হুঁচৰি থাকিলেও আটাই কেইযোৰাই প্ৰায় একেখিনি নামকে গায়; একেই নাচোনৰ ভংগিমা, একেই অংগ সঞ্চালন। ইয়াৰ কাৰণ নিশ্চয় কৰ্মশালাবোৰ। চোতালৰ হুঁচৰিত ২/৩ টা ঢোলহে দেখা যায়। সম্প্ৰতি মঞ্চবিহুত ৬-১০ টা পৰ্যন্ত ঢুলীয়া বিহুৱাই ঢোল বজায়। একেধৰণে বজালেও নামতকৈ বাদ্যকহে বেছি গুৰুত্ব দিয়া যেন লাগে।
অতীতত প্ৰায়বোৰ গাঁৱতে চেৰা বিহুৰ দিনা পথাৰত বিহু উৰুৱাবলৈ যায়। তেতিয়া অৱশ্যে ভোজ-ভাত খায়। বন দেৱতাক অপায় অমংগল বিলাক উৰুৱাই নিবলৈ অনুৰোধ কৰাৰ লগতে সকলোৱে বিহু মাৰে। সেয়াই বৰ্তমানৰ মঞ্চ বিহুলৈ বিৱৰ্তন নেকি তাক ভাবিবৰ থল আছে। কোনো কোনো ঠাইত ঢুলীয়াই ঢোলৰ মাৰিৰে ঢোলো ফুটাই থৈ অহা দৃষ্টান্ত আছিল।
( লেখক প্ৰবীণ বৰ-বিহুৱা আৰু ঘিঃ উঃ মাঃ বিদ্যালয়ত সহঃ শিক্ষকৰূপে কৰ্মৰত )
সুন্দৰ লিখা হৈছে, পুৰণি কালত ঘিলামৰাত কেনেধৰণৰ বিহুনাম প্ৰচলিত হৈ আছিল তাৰ এটি আভাষ পোৱা গ’ল। চাৰলৈ বহুত বহুত ধন্যবাদ আগলৈ আৰু লিখা আশা কৰিছো ।