নিৰ্মালি নয়নতৰা
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ মতে কাৰ্বি জনগোষ্ঠীৰ লোকসকল হৈছে অসমৰ কলম্বাচ স্বৰূপ। অসমৰ সেউজীয়া পাহাৰৰ বুকুত বাস কৰা অন্যতম ভূমিপুত্ৰ কাৰ্বিসকল আদিতে মিকিৰ বুলি জনাজাত আছিল আৰু পৰ্বতীয়া জিলাখন মিকিৰ পাহাৰ নামেৰে খ্যাত আছিল। বৰ্তমান তেওঁলোকক কাৰ্বি বুলিহে জনা যায় আৰু জিলাখনৰ নামো কাৰ্বি আংলং জিলা নামেৰে নামকৰণ কৰা হৈছে। কাৰ্বিসকল বিভিন্ন জিলাত সিঁচৰিত হৈ আছে যদিও কাৰ্বি আংলং মিকিৰ পাহাৰতে সংখ্যা গৰিষ্ঠ কাৰ্বি লোক থুপ খাই থকাৰ ঐতিহাসিক প্ৰমাণ থকাত, এই জিলা কাৰ্বিসকলৰ স্বায়ত্ত্ব শাসিত জিলা হিচাবে পৰিগণিত হয়। অৱশ্যে ইয়াৰ বাবে কাৰ্বি সকলে সংগঠিত ৰূপত যুঁজ দিব লগা হৈছিল। ১৯৫২ চনৰ আগলৈকে সংযুক্ত মিকিৰ পাহাৰ জিলা নামেৰে নগাঁও জিলাৰ লগত সংযুক্ত আছিল। ইয়াৰ এটা অংশ শিৱসাগৰ জিলা আৰু খাচিয়া জয়ন্তীয়া জিলাৰ সৈতেও সংলগ্ন আছিল। বৰ্তমান কাবি আংলং জিলাখনেই কাৰ্বিসকলৰ মূল কৰ্মস্থলী। কাৰ্বিসকলৰ কৃষ্টি সংস্কৃতি আৰু জীৱন দৰ্শনত খাচি ছিনটেং দৰ্শনৰ উপৰিও ভাৰতীয় হিন্দু দৰ্শনৰ প্ৰভাৱ দেখা যায়।
কাৰ্বিসকলৰ জাতীয় উৎসৱ নাই বুলিবও পাৰি, যদিও কৃষিভিত্তিক বা লখিমী উৎসৱ তেওঁলোকৰ মাজত প্ৰচলিত । কিন্তু তাক জাতীয় উৎসৱ বুলি ক’ব নোৱাৰি। অৱশ্যে, ভৈয়ামৰ কাৰ্বিসকলে নিজস্ব ধ্যান-ধাৰণাৰে বসন্ত উৎসৱ ‘দমাহী’ পালন কৰে। পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত চ’জন পূজা বা স্বৰগ পূজাও অন্যতম। এই পূজাৰ অন্যতম দেৱতা হ’ল বাৰিথে। পৰিয়ালত সঘনাই অমংগল দেখা দিলে চ’জন বা স্বৰ্গপূজা কৰা হয়।
কাৰ্বিসকলে পালন কৰা উৎসৱসমূহৰ ভিতৰত চ’জুন, ৰংকেৰ, চক্-কেৰয়, হাচ্চাকেকান, চ’মাংকান ইত্যাদিৰ নাম ল’ব পাৰি। উল্লিখিত প্ৰথম চাৰিটা উৎসৱ সামাজিক কিম্বা ধৰ্মীয় প্ৰকৃতিৰ আৰু শেষৰটো হৈছে সামাজিক।
চ’জুন পূজাৰ ঠাইখিনি সাধাৰণতে এই পূজা পাতিবলৈ মনস্থ কৰা পৰিয়ালটোৰ বাসস্থানৰ কাষতে নিৰ্বাচন কৰা হয়। এই পূজাৰ উপাস্য বাৰিথে, ছাৰ, আৰ্নি, হিঈ আৰু অন্যান্য দেৱতাগণ। কাৰবিসকলৰ সৰ্বোচ্চ দেৱতা হেম্ফুৰো আৰাধনা কৰা হয়। পৰিয়ালৰ মংগলৰ বাবে এই পূজা-অৰ্চনা আগ বঢ়ায়।
গাঁৱৰ মংগল কামনা কৰি বিভিন্ন দেৱ-দেৱীৰ বন্দনাৰে নতুন বছৰৰ আৰম্ভণিতে ৰংকেৰ পূজা পতা হয়। গাঁৱৰ বয়সস্থ পুৰুষসকলে এই পূজা-পাতল কৰে যাতে দেৱ-দেৱীৰ আশীৰ্বাদত গঞা ৰাইজ বেমাৰ-আজাৰ, প্ৰাকৃতিক দুৰ্যোগৰ পৰা মুক্ত থাকে আৰু খেতি-বাতি ভাল হয়। পূজাথলীত নাৰীৰ প্ৰৱেশ নিষেধ।
কৃষিৰ সৈতে জড়িত উৎসৱ অনুষ্ঠান সকলো জনগোষ্ঠীৰ মাজতে বিৰাজমান।
কাৰ্বিসকলেও খেতি পথাৰ ভৰপক হৈ থকাৰ পৰত চক্-কেৰয় উৎসৱ পালন কৰে। এই উৎসৱত পকা ধান কাটি পথাৰতে এঠাইত গোটোৱা হয়। গুটিধান উলিওৱাৰ পাছত যুৱকসকলে ঘৰলৈ কঢ়িয়ায়। শস্য চপোৱাৰ আনন্দত যুৱকসকলে নাচে গায় আৰু মনৰ উলাহ প্ৰদৰ্শন কৰে। চক্-কেৰয়ৰ অৰ্থ হৈছে পথাৰৰ পৰা ধান কঢ়িওৱা। এই উৎসৱত এজন লোকক নেতা হিচাপে নিৰ্বাচন কৰা হয়, যি নৃত্য-গীতত নেতৃত্ব দিয়ে। তেওঁক ‘লুন্ছে’ বোলা হয়। নৃত্য-গীতৰো তেৱেঁই নিৰ্দেশ কৰে।আমাৰ হুঁচৰিৰ নামতি বা ঘাই ঢুলীয়াজনৰ সৈতে লুনছে’ৰ ভালেখিনি সাদৃশ্য আছে।
হাচ্চাকেকান লোক-গীত নিৰ্ভৰ নহয়, খেতি চপোৱাৰ পাছৰ আনন্দৰ সৈতে জড়িত।
কাৰ্বিসকলে মৃতদেহ সৎকাৰৰ সময়ত কাজ-কৰ্ম কৰিলেও মৃতকৰ আত্মাৰ সদ্গতিৰে পৰৱৰ্তী সময়ত শ্ৰাদ্ধ অনুষ্ঠান ‘চ’মাংকান’ অনুষ্ঠিত কৰে। তেওঁলোকৰ সামাজিক আৰু ধৰ্মীয় জীৱনত এইটো অতি বহল আৰু ব্যয়বহুল আয়োজন। চাৰি দিন চাৰি নিশা জুৰি একেৰাহে চলে। এই অনুষ্ঠানলৈ কোনো আনুষ্ঠানিক নিমন্ত্ৰণ নাই। সকলোকে উষ্ণ আদৰণিৰে স্বাগতম জনোৱা হয়। দুখৰ মাজতো পৰিয়ালৰ বাবে এয়া গৰ্বৰ সময়। গাঁওসমূহৰ পৰা দলবদ্ধভাৱে আহি ইয়াত যোগদান কৰে।
এই আটাইবোৰ উৎসৱ অনুষ্ঠানৰ মাজত “ ৰিছ’ নিমছ’ আৰং আজে”ক কাৰ্বি সকলৰ বসন্ত উৎসৱ বুলিব পাৰি।কাৰণ এই উৎসৱ বসন্তকালৰ আৰম্ভণিৰ লগে লগে পালন কৰা হয়।
কাৰ্বি জনগোষ্ঠীয়ে প্ৰাগৈতিহাসিক কালৰে পৰাই এই উৎসৱসমূহ স্বকীয় ৰীতি নীতি আৰু পৰম্পৰাৰে পালন কৰি আহিছে। বিশ্বৰ প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ অধিকাংশ উৎসৱ- পাৰ্বণ কৃষিভিত্তিক। অসমৰ জনগোষ্ঠীসমূহো ইয়াৰ ব্যতিক্ৰম নহয়। কাৰ্বিসকলে পালন কৰি অহা উৎসৱসমূহো মুলত: কৃষিভিত্তিক। পাহাৰ বা সমতলৰ খেতিপথাৰত কৃষিৰ আৰম্ভণিতে, শস্য চপাই ঘৰলৈ আনি লখিমীক ভঁৰালত থওঁতে আৰু এই দুয়ো কাৰ্যৰ ঠিক মাজৰ সময়খিনিত কাৰ্বিসকলে উৎসৱ-পাৰ্বণসমূহ উদযাপন কৰে।
মাঘত হাচ্চাকেকান পালন কৰাৰ পাছত কাৰ্বি ডেকা- গাভৰুসকলৰ অতি হেঁপাহৰ বসন্ত উৎসৱ ৰিছ’ নিমছ’ আৰং আজে’ৰ আয়োজন কৰা হয়।এই উৎসৱ বহাগ বিহুৰ প্ৰায় সমতুল্য। কাৰণ এই উৎসৱো যৌৱনৰ গীত মাত আৰু শস্য চপোৱাৰ পাছৰ আনন্দেৰে ভৰপূৰ।
কাৰ্বি ৰিছ’ নিমছ’ আৰং আজে অৰ্থাৎ কাৰ্বি যুৱ মহোৎসৱ বুলিব পাৰি। পূৰ্বতে হয়তো বিগত আশী দশকৰ আগলৈকে জনগোষ্ঠীটোৱে সময়, সুবিধা আৰু সামাজিকভাৱে প্ৰয়োজন সাপেক্ষেহে ডেকা-গাভৰুসকলে মিলি যিকোনো ঠাই বা গাঁৱৰ মুকলি ঠাইত পৰম্পৰাগতভাৱে চলি অহা নৃত্য-গীতসমূহ পৰিৱেশন কৰিছিল। এই উৎসৱৰ জন্ম হৈছিল ডেকা-গাভৰুসকলে পথাৰৰ শস্য আনি আটাইৰে ভঁৰালত ভৰোৱাৰ পাছত গাওঁবুঢ়াৰ ঘৰৰ চোতালত গঞা ৰাইজ আটায়ে মিলি আনন্দেৰে এসাঁজ খোৱাৰ জৰিয়তে। সিদিনা ডেকা-গাভৰুসকলে ওৰেতো নিশা নাচি- বাগি গায় লখিমী আদৰাৰ আনন্দত হাচ্চাকেকান উৎসৱ উদযাপন কৰে। কালক্ৰমত সময়ৰ চাহিদা অনুসৰি সেই আটাইবোৰ নৃত্য-গীত গাঁৱৰ কোনো মুকলি ঠাই বা গাঁওবুঢ়াৰ ঘৰৰ চোতালৰ পৰা লাহে লাহে মঞ্চত প্ৰৱেশ কৰিবলৈ ধৰিলে। এই পৰম্পৰাগত নৃত্য-গীতসমূহ নৱপ্ৰজন্মৰ মাজত সংৰক্ষণৰ বাবে এচাম সংস্কৃতিৱান কাৰ্বি যুৱকসকল আগবাঢ়ি আহিল। সেই অতুৎসাহী যুৱকসকলৰ প্ৰচেষ্টাতে ‘কাৰ্বি ৰিছ’ নিমছ’ আৰং আজে’ নাম দি ১৯৭৪ চনত প্ৰথমবাৰৰ বাবে ডিফুস্থিত কাৰ্বি ক্লাব প্ৰাংগণত মহা আড়ম্বৰেৰে আৰ্ং আজে’ অৰ্থাৎ মহোৎসৱটি উদ্যাপন কৰা হয়। প্ৰথম প্ৰচেষ্টাতে যুৱকসকলৰ লগত বয়োজ্যেষ্ঠসকলেও অভূতপূৰ্ব সহায় সহযোগ আগবঢ়ালে। এই উৎসৱত পৰম্পৰাগত সকলো লোকনৃত্য, লোকগীতসমূহৰ উপৰি হামবি কাপাথু, কেং দংদাং কেদাম, বাথালি কে-আপ আদি পৰম্পৰাগত খেল-ধেমালিকো অন্তৰ্ভুক্তি কৰা হ’ল। তাৰ পৰৱৰ্ত্তী বছৰৰ পৰা কাৰ্বি আংলং জিলাৰ ভিন ভিন ঠাইত সময়, সুবিধা চাই বছৰি একোবাৰকৈ মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে। এই বৃহৎ অনুষ্ঠানটিৰ সফল ৰূপায়ণ আৰু সুপৰিচালনাৰ বাবে ১৯৭৭ চনৰ জানুৱাৰী মাহৰ ৩০ তাৰিখে কাৰ্বি কালচাৰেল ছ’চাইটী চমুকৈ কেচিএছ নামে সাংস্কৃতিক সংগঠনৰ জন্ম দিয়া হয়। ১৯৯৪ চনত কেচিএছৰে উদ্যোগত কাৰ্বি সমাজৰ বিশেষ নেতৃস্থানীয় ব্যক্তিসকলৰ সৈতে হোৱা আলোচনা-বিলোচনা আৰু সিদ্ধান্ত সাপেক্ষে প্ৰতি বছৰে কাৰ্বি নৱবৰ্ষ ফেব্ৰুৱাৰী মাহৰ ১৬ তাৰিখৰ পৰা ১৯ তাৰিখলৈ স্থায়ী ক্ষেত্ৰ তাৰালাংছত ধুমধামেৰে মহোৎসৱ পালন কৰিবলৈ লোৱা হয়। এই ঐতিহাসিক সিদ্ধান্তনুসাৰে প্ৰত্যেক ফেব্ৰুৱাৰী মাহৰ সেই বিশেষ চাৰিটা দিন কাৰ্বি ডেকা-গাভৰু তথা বুঢ়া-মেথাসকলে মিলি কাৰ্বি ৰিছ’ নিমছ’ আৰ্ং আজে’ আজিও উদযাপন কৰি আহিছে।ইংৰাজী ফেব্ৰুৱাৰী মাহ আৰু অসমীয়া ফাগুনৰ আৰম্ভণিতে আহি কাৰ্বি ডেকা-গাভৰুসকলৰ মন আনন্দত নাচি উঠে।
অসমীয়াই বিহুৰ আখৰাত ব্যস্ত হোৱাৰ দৰেই কাৰ্বি ডেকা গাভৰু সকলেও নিজ নিজ অঞ্চলৰ পৰা সাংস্কৃতিক দলৰ প্ৰতিনিধি তথা প্ৰতিযোগী হৈ ভিন্ন নৃত্য-গীতত অংশগ্ৰহণ কৰিবৰ বাবে মাঘ মাহৰ প্ৰায় শেষ সপ্তাহৰ পৰাই নৃত্য-গীতৰ লগতে চেং (ঢোল), পংচী (বাঁহী), মুৰি (পেঁপা), ক্ৰংচুই (গগণা) আদি বজোৱাৰ আখৰাত ব্যস্ত হৈ এক আনন্দমুখৰ পৰিৱেশ ৰচনা কৰে। প্ৰায় ৩৩১.২৩ একৰ জোৰা বিশাল সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংছ’ত এই মহোৎসৱৰ আয়োজন কৰা হয়। তাৰ বাবে চাফাই, মেৰামতি বা নিৰ্মাণকাৰ্য ডিচেম্বৰ মাহৰ পৰাই আৰম্ভ হয়। চাফাইকৰ্মী আৰু সাংস্কৃতিক কৰ্মীসকলৰ যুদ্ধকালীন তৎপৰতাত ডিফুৰ সমীপৰ তাৰালাংছ’ উৎসৱমুখৰ হৈ পৰে। এই উৎসৱলৈ জিলাখনৰ সকলো ঠাইৰ মুনিহ তিৰোতা,ডেকা গাভৰু, শিশু, চেমনীয়া আহি সমবেত হয়। বিভিন্ন মঞ্চত ভিন ভিন গীত মাত, বাদ্য আৰু নৃত্যৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। এই উৎসৱৰ সময়ত খলা বমা পাহাৰত ফুলি উঠা তেজাল শিমলু, পলাশ আৰু মদাৰৰ ৰঙাফুলে যৌৱনৰ জয়গান গায় আৰু অসমৰ সুপ্ৰাচীন জনগোষ্ঠীটোৰ পৰম্পৰাগত গীত মাতবোৰক জগতৰ আগত চিনাকি কৰাই দিয়াৰ এক অৱসৰ বিচাৰি পায়।
( লেখিকা ৰজাপথাৰ তিনি আলি হাইস্কুলৰ শিক্ষয়িত্ৰী
ঠিকনা ঃ ৱাৰ্ডনং-১, বকলিয়াঘাট থানাৰ সমীপত, বকলিয়াঘাট-৭৮২৪৮২, কাৰ্বি আংলং )