পংকজ কুমাৰ দত্ত

“বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত,
বিহু থাকে মানে বিহুকে বিনাবা
বিহু গ’লে বিনাবা কাক।”
বিৰিণাৰ পৰা দুবৰি বনলৈ সকলো আছে বিহুনামত। এই কথা নক’লেও হয় যে, অসমৰ প্ৰধান উৎসৱ বিহু হৈছে প্ৰকৃতিকেন্দ্ৰিক। বিহুত লাও, বেঙেনাৰ পৰা জেটুলি পকালৈ, জেতুকাৰ পৰা তগৰ, কপৌফুললৈ, তৰা গছৰ পৰা ঠুটনি বনলৈ, মাখিয়তী-দীঘলতিৰ পৰা টিকনি বৰুৱা, বনমৰালৈ এশ এবিধ বনৌষধিৰ ব্যৱহাৰ অসমৰ মানুহৰ সাতামপুৰুষীয়া পৰম্পৰাৰ অংগ।
১) “ল’ ল’ ঐ লহৰীয়া
বিহুখনি ধেমেলীয়া
ফুটুকলা মিতং বাজিছে ঢৌতং
চা-হি অ’ বাই লগৰীয়া।”
(‘ফুটুকলা’ মানে ফুটুকা গছৰ গুটি)
২) “কলীয়া কচুৰে শিয়া
জীয়াই থাকো মানে তোমাৰে তিৰোতা
বিহুলৈ পঠিয়াই দিয়া।”
বিহুগীতত অসমৰ প্ৰকৃতিৰ কি কি চিত্ৰ ৰূপায়িত হৈছে? আকাশৰ জোনৰ পৰা নতুনকৈ বৰণ সলোৱা বৰগছৰ পাতখনলৈ সকলো সামৰি লৈছে বিহুগীতে।
“ন জোন ওলালে বৰণটি সলালে
সলায় বৰে গছে পাত।
আমাৰ সাদৰীয়ে বৰণটি সলালে
মুগা-ৰিহা মেৰালে গাত।”
হেমাংগ বিশ্বাসৰ ভাষাৰে বিহু সম্পৰ্কে এইদৰে ক’ব পাৰি, “যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত, সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু। অসমৰ পাহাৰ পৰ্বত, চৰাই চিৰিকতি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে পেনোৰামা ভাৰতৰ লোক সংগীতত বিৰল।” হেমাংগ বিশ্বাসে কৈ যোৱাৰ দৰে বিহুনামত পাহাৰ পৰ্বত, চৰাই চিৰিকতি, নৈ-বিলৰ কথা আছে।
চেনাইৰ খোপাত গুজি দিবলৈ বিহুৱা ডেকাটিয়ে পাহাৰ বগাই বগাই কপৌফুল বিচাৰি আনে। বিহুৱতী চৰাই, তেলীয়া সাৰেঙৰ পৰা কুলি কেতেকীলৈ, বগলীৰ পৰা ছাগলীলৈ, পহুৰ পৰা শিহুলৈ অসমৰ পাহাৰে কন্দৰে, নৈয়ে বননিয়ে বিচৰণ কৰা নানা পশু-পক্ষীৰ নাম পোৱা যায় বিহুগীতসমূহত ।
বিহুৱতী চৰাই ঃ
“বিহুৱতী চৰায়ে কৰে বিহু বিহু
আমাৰ বিহু কাপোৰ নাই…।”
হাঁহ, শেন, শিয়ালঃ
“হাঁহৰে পোৱালি শিয়ালে লৈ গ’ল
মাউতক লৈ গ’ল শেনে।
তোমাৰ সমনীয়াক যেনেহেন কৰিবা
আমাকো কৰিবা তেনে।”
বালিমাহী চৰাই ঃ
“শিলে বালিচৰাই গিলে ঐ লাহৰি
শিলে বালিচৰাই গিলে।”
ঢাপলোকা চৰাই ঃ
“ঢাপে ঢাপে চৰিলে ঢাপলোকা চৰাইটি
বাঘলৈ নকৰে ভয়।”
কৰ্চন চৰাই, কনুৱা চৰাই ঃ
“ওপৰে উৰিলে কৰচন, কনুৱা
পৃথিৱীত পৰিলে ছাঁয়া।”
শালিকী চৰাই ঃ
“আহে কি নাহে মোৰ মন কলীয়া
চিৰিপাতি মঙলখন চাওঁ।
যুৰীয়া শালিকী পৰিছে মোৰ তাঁততে
তাকে দেখি গম লওঁ।।”
বিহু হৈছে উমৈহতীয়া উৎসৱ। অসমৰ সকলো জনগোষ্ঠীৰ বাবে বিহু আপোন উৎসৱ। নানা জনগোষ্ঠীৰ অৱদানেৰে গঠিত বৃহত্তৰ অসমীয়া সমাজখনৰ উমৈহতীয়া ছন্দৰ যেন প্ৰতিফলন দেখা যায় বাপোতিসাহোন বিহুত। জনগোষ্ঠীভেদে যদিও নিজা নাম আৰু নিয়মেৰে পালন কৰা হয়, বিহুৰ মূল কথা একে। গতিকে, বড়ো, ৰাভা, মিচিং, হাজং, মৰাণ, তিৱা অথবা আন যি সমাজ নহওঁক কিয়, সকলো জনগোষ্ঠীৰ বিহু উৎসৱৰ প্ৰকৃতিৰ লগত পোনপটীয়া সম্পৰ্ক আছে। প্ৰকৃতিৰ লগত, গছ-বন-লতিকা, চৰাইৰ লগত বিহুৰ সম্পৰ্ক পোনপটীয়া। ব’হাগ বিহুত মৰাণসকলে পালন কৰা ‘বিহু উৰুৱা’ পৰম্পৰাত পদ লগাই ঘূৰি ঘূৰি গোৱা হয়, “বিহু যায় ঐ বগলী ঐ, বিহু কেনেকৰি ৰাখিম না ঐ, লাই ল’ কলিয়াবৰ, বিহু গৈ পালেগৈ ভাটী নগৰ।”
বিহু হৈছে অতি প্ৰাচীন। স্বাভাৱিকতে বিহুগীতত উল্লেখ থকা চৰাই-চিৰিকতিসমূহৰ সৈতে অসমীয়া মানুহৰ সম্পৰ্কও পুৰণি। অৱশ্যে পাছৰ কালতো নানা পৰিৱেশ, পৰিস্থিতিত বিহুগীত ৰচিত হৈছে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই এই বিষয়ে লিখিছিল, “আধুনিক তেজপুৰ চহৰৰ উপকণ্ঠত দ পৰ্বতীয়া নামেৰে ঠাইত মন্দিৰৰ ভগ্নাৱশেষৰ দেৱালত বিহু নৃত্যৰ সুস্পষ্ট চিত্ৰ খোদিত হৈ থকা দেখিবলৈ পোৱা যায়। বিশেষজ্ঞসকলৰ মতে এই মন্দিৰ খৃঃ পূঃ ষষ্ঠ শতাব্দীত নিৰ্মিত। বিহু উৎসৱৰ বয়স বিচাৰ কৰাটো বুৰঞ্জীবিদসকলৰহে হিচাপ-নিকাচৰ বিষয়। কিন্তু অসমৰ মানুহে বিশ্বাস কৰে, যুগ যুগ ধৰি বিহুৰ প্ৰতিটো সুৰ, প্ৰতিটো কথা প্ৰতিধ্বনিত হৈ আছে ভালপোৱা আৰু মিলনৰ জয়গানত।” বিহুনামত ব্যক্তিগত জীৱনৰ কথা প্ৰকাশ কৰোতেও চৰাইৰ কথা উল্লেখ কৰি মনৰ ভাব প্ৰকাশ কৰিছে তাহানিৰ কোনোবা গাভৰুৱে।
“চৰায়ে চৰায়ে আলচখন পাতিলে
গছৰ গুটি খাবৰ মন,
আইনো ঐ বোপায়ে আলচখন পাতিলে
আমাক বেচি খাবৰ মন।”
বিহু মাৰোতে নিশা এপৰ হয়, তেতিয়া গছৰ ডালত দেখা পোৱা যায় ফেঁচা।
“এপৰ দুপৰ কৰি ৰাতি পাৰে হ’ব
আমাৰ বিহুত আমনি নাই,
ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াই
আমাৰ বিহু ভাঙোতা নাই।”
সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীয়ে সঠিকভাৱে লিখিছিল, “বিহুনাম আৰু বনগীতত অসমৰ সামাজিক আৰু মানসিক জীৱনৰ তথ্যপাতি পোৱা যায়।” তাহানিৰে পৰা অসমীয়া সমাজখন প্ৰকৃতিৰ ওচৰ চপা। পৰ্বতৰ নামনিত কোনো¸ অসমীয়া ডেকাই মুগা পোহাৰ কথা পোৱা যায় বিহুনামত।
“পৰ্বতৰ নামনিত মুগা পুহিছিলোঁ
ধেনুযোৰ বাটোঁতা নাই,
কটনা কাটিয়েই ককাইৰ ঘৰ পাতিলোঁ
মোৰ ঘৰ পাতোতা নাই।”
তাহানিৰ পাহুৱাল অসমীয়া ডেকাটি আছিল পাহাৰ-পৰ্বত বগোৱাত পাৰ্গত। আছিল হাতীকো বলাব পৰাকৈ বল-বুদ্ধি।
“পৰ্বতে পৰ্বতে বগাব পাৰো মই
লতাত বগাবলৈ টান।
যুৰীয়া হাতীকো বলাব পাৰো মই
চেনাইক বলাবলৈ টান।”
চেনাইক বলাবলৈ পাহাৰে ভৈয়ামে কপৌফুল বিচাৰি ফুৰিছিল অসমীয়া ডেকাটিয়ে।
কপৌ ফুল ঃ
“পাহাৰে ভৈয়ামে ঘূৰিনো ফুৰিছোঁ
কপৌফুল এপাহিৰ বাবে
কপৌফুল নাপালে
বিহুকে নানাচে
প্ৰতিজ্ঞা কৰিছে ধনে।”
বিহুৰ এবিধ গুৰুত্বপূৰ্ণ ফুল হৈছে কপৌফুল (Foxtail orchid, Rhynchostylis retusa)। কপৌফুল হৈছে অসমৰ ৰাজ্যিক ফুল। বিহুত নাচনিৰ খোপাৰ সৌন্দৰ্য বৃদ্ধি কৰে কপৌফুলে। সেয়ে বিহুৱা ডেকাটিয়ে গায়,
“পাহাৰ বগাই বগাই
চেনীমাই, কপৌফুল আনিছোঁ,
অ’ চেনীমাই, খোপাতে গুজি দিম বুলি।”
কপৌফুলৰ দৰে তগৰ ফুলো নাচনীৰ বাবে আদৰৰ। খোপাত তগৰ ফুল পিন্ধি নাচনীয়ে নাচে। কপৌফুল বা তগৰৰ অভাৱত আনকি জবা ফুলেও কেতিয়াবা গাভৰুৰ খোপা শুৱনি কৰে।
তগৰ ফুল, জবা ফুল ঃ
“ওৰ ফুল ফুলিলে
পিন্ধোতা নহ’লে
তগৰ ফুল পিন্ধিব কোনে?” (ওৰ ফুল মানে জবাফুল)
‘অসমীয়া সাহিত্যৰ দৃষ্টিপাত’ত হেমন্ত কুমাৰ শৰ্মাই লিখিছে, “কৃষিজীৱী অসমীয়াইদিনৰ সৰহভাগ সময় খেতিপথাৰ, নৈ-বিল, চাপৰি-বননি, পৰ্বত পাহাৰ আদিত কটাবলগীয়া হোৱাত প্ৰকৃতিৰ বিচিত্ৰ প্ৰভাৱ সহজেই তেওঁলোকৰ ওপৰত পৰিছে। সেইহে প্ৰকৃতিখন অসমীয়াৰ অতি আপোনজ্ব ফলত ইয়াৰ বহু চিত্ৰ বিহুগীতত অংকিত হৈছে।…বিহুগীতত প্ৰকৃতিৰ চাৰিটা চিত্ৰ প্ৰধানকৈ ৰূপায়িত হৈছে। সেয়া হ’ল- ১) অসমৰ নদ-নদীজ্ব ২) নৈৰ চাপৰি আৰু পথাৰজ্ব ৩) পৰ্বত-পাহাৰ, গছ-ফুল আৰু ৪)পশু-পক্ষীসমূহ।” বিশেষভাৱে মন কৰিবলগীয়া যে, বসন্তৰ বতৰত অসমীয়া মানুহে চৰাইৰ মাততো ‘বিহু’ ‘বিহু’ ধবনি শুনা পায়। বিহুগীতত আছে ‘বিহুৱতী চৰাই’ৰ কথা।
“বিহুৱতী চৰায়ে কৰে বিহু বিহু
ঐ আমাৰ বিহু কাপোৰ নাই।
লগৰ সমনীয়াই সোধে বেঢ়ি বেঢ়ি
ঐ সৰুতে মৰি গ’ল আই।”
বিহুৱতী চৰাই হৈছে হালধীয়া বৰণৰ এবিধ চৰাই। এনে হালধীয়া চৰাইৰ বিষয়ে অসমীয়া লোকজীৱনত বিভিন্ন গীত মাত পোৱা যায়। অসমীয়া মানুহে প্ৰণয়ন কৰা প্ৰথম অভিধান হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ত ‘বিহুৱতী চৰাই’ শব্দটো নাই যদিও ‘বিহুৱা চৰাই’ৰ অৰ্থ দিয়া হৈছে এইদৰে, “চতৰ সময়ত “বিহু বিহু” বুলি মতা এবিধ চৰাই। A kind of small bird.” পাছৰকালৰ ‘চন্দ্ৰকান্ত অভিধান’ আৰু ‘আধুনিক অসমীয়া অভিধান’ত ‘বিহুৱতী চৰাই’ আৰু ‘বিহুৱা চৰাই’ৰ অৰ্থ একেলগে দি লিখা হৈছে, “ৰঙালী বিহুৰ সময়ত “বিহু বিহু” বুলি মতা এবিধ চৰাই।” বিশিষ্ট প্ৰকৃতিবিদ ডিম্বেশ্বৰ চলিহাই পাটমাদৈ চৰাই (Black headed oriole)কে কোনোৱে বিহুৱতী চৰাই বুলি কয় বুলি লিখিছে। “পাটমাদৈ চৰাইক কোনোৱে সখিয়তী, আৰু কোনোৱে বিহুৱতী চৰাই বুলিও কয়। চৰাইটো আকাৰত শালিকা এটাৰ সমান।… কুলিৰ দৰে ইহঁতো লাজকুৰীয়া চৰাই। পাতৰ মাজত এনেকৈ লুকাই থাকে যে দেখাই টান হৈ পৰে। কিন্তু এজোপা গছৰ পৰা আন এজোপা গছলৈ জঁপিয়াওতে গাৰ হালধীয়া ৰঙটো চিক্‌মিকাই উঠে।” (ডিম্বেশ্বৰ চলিহা, ‘চৰাই চিনো আহক’)। প্ৰসংগক্ৰমে উল্লেখ কৰোঁ যে, সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট লেখক প্ৰণৱজ্যোতি ডেকাৰ ‘বিহুৱতী চৰাই’ বুলি এটা গল্প আছে। বনকোঁৱৰ আনন্দিৰাম দাসৰ গীততো আছে ‘বিহুৱতী চৰাই’ৰ কথা—
“বিহুৱতী চৰায়ে বিহু বুলি ডালতে
মাতে কি অমাতৰ মাত,
মই যে বিচাৰোঁ মাতিব তোমাক
তোমাৰে শীতলী হাত,
বিহু গ’লে বিনাবা কাক?”
বিহগী কবি ৰঘুনাথ চৌধাৰীয়েও লিখি গৈছে,
“বিহুৱতী সুৱাগীয়ে বিহুনাম গাই
পিন্ধি বনকৰা সাড়ী
লগালেহি মাতষাৰি”
বিহুগীতসমূহত কেৱল কুলি কেতেকী বা বিহুৱতী চৰাইৰ কথাই নাই। বালিমাহী, ঘিলাহাঁহ, তেলীয়া সাৰেঙৰ পৰা কৰচন চৰাই, কনুৱা চৰাইলৈ নানা চৰাইৰ কথা বিদ্যমান।
কুলি চৰাই ঃ
“কুউ কুউকৈ কি চৰাই কান্দিলে
কি পহু কান্দিলে বনত?
খোৱা কাঁহি বাতি এৰি থৈ আহিছোঁ
বিহুলৈ পৰিলে মনত।”
সকলোৱে জানে, বিহুৰ বতৰত ‘কুউ কুউ’কৈ মাত দিয়া চৰাইটোনো কি? বিহুগীততে তাৰ উত্তৰ আছে।
১) “কিনো বিনন্দীয়া সৰজিলে ঈশ্বৰে ঐ
প্ৰকৃতি ধুনীয়া কৰি,
গছে পাত সলালে কুলিয়ে বিনালে
বিহুটি পালেহি বুলি।”
২)“বাৰীৰ আমে গছ তিনি ফেৰেঙ্গীয়া
তাতে বহি মাতিলে কুলি,
গধূলি বেলিকা আহিবা লাহৰী
চালনি আনোগৈ বুলি।”
বিহু বুলিলে কুলি চৰাইৰ পাছতে আহে, কেতেকী চৰাইৰ নাম।
কেতেকী চৰাই ঃ
১)“কুলি কেতেকীয়ে কান্দে ইনাই বিনাই,
কেতেকীৰ বিননিত থাকিব নোৱাৰোঁ
বিহুৰ বা লাগিছে মন উৰোঁ¸ উৰোঁ।”
২) “আজি বিহু বিহু ! কালি বিহু বিহু ! কেতিয়া ফুলিব নাহৰ,
কেতেকী চৰায়ে! কাটে সৰু সূতা ! মৰুৱা কাঠৰে যঁতৰ।”
কেতেকী ফুল ঃ
নাহৰ ফুলৰ গোন্ধ পাই বিহুৱা-বিহুৱতীৰ গাত বিহু লাগে, কেতেকী ফুলৰ মলমলাই থকা গোন্ধেও বিহুৰ বাতৰি দিয়ে। সেয়ে হুঁচৰিত গোৱা হয়, ‘দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী, কেতেকী মলেমলায়।’ হুঁচৰিত আছে দুবৰি বনৰ কথাও।
দুবৰি বন ঃ
“হুঁচৰি ঐ চ’ত
আমি যে ওমলো য’ত
দুবৰি নগজে ত’ত।
ঔ ফুল, থেকেৰা ঃ
“ঔ ফুল ফুলিলে জগতে জানিলে
থেকেৰা ফুলিলে ৰাতি,
আমাৰে নাচনী ওলাই আহিছে
যেন হালধিৰে গাঁথি।”
ভেবেলি লতা ঃ
“চ’তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা,
কৈনোকৈ থাকিলে ওৰকে নপৰে
বহাগৰ বিহুৰে কথা।”
বাবৰি ঃ
“চ’তে গ’ই গ’ই বহাগে পালেহি
ফুলিলে বাবৰি ফুল,
তোমাৰে লগতে মৰো যদি মৰিম
এৰি যাম নিজৰে কুল।”
জলকীয়া ঃ
“নৈ কাষৰীয়া পকা জলকীয়া
তললৈ মেলিলে শিয়া।”
কেঁয়াবন ঃ
“আহোঁ কেঁয়াবনে যাওঁ কেঁয়াবনে
কেঁয়াবনে কাটিলে গা,
থুৰিয়া তামোলত আহুদি কৰিলা
পানীত পৰি নুজুৰায় গা।
বিহুগীতসমূহত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বহু উল্লেখ পোৱা যায়। নদী, নৈ-উপনৈৰ লগত অসমীয়া মানুহৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। নপানী বাঢ়িলে, নাহৰ (Indian Rose Chestnut, Mesua ferrera)ফুল ফুলিলেহে যেন অসমীয়া মানুহে বিহুৰ আনন্দ অনুভৱ কৰে।
নাহৰ ফুল ঃ
১)“নপানী বঢ়া নাই নাহৰ ফুল ফুলা নাই
বিহু বিহু লগা নাই গাত।
গাঁৱৰ ডেকা ল’ৰাই জুমেৰে ঐ ফুৰা নাই
গোন্ধতেলৰ লোৱা নাই ছাট্‌।”
২)“ হুৰাই ল নাহৰৰ কলি
চ’তৰ বিহু আহিছে তিৰবিৰ কৰি,
হুৰাই ল সৰগৰ তৰা
চাই থাক চাই থাক নিলগৰ পৰা।”
৩) “ফাগুণৰ ৰ’দেটি তমকে ভমকে
নাহৰ ফুল ফুলিবৰ বতৰ,
তোমাৰে বাৰ্তা পাই মোৰ গাত গোসাই নাই
থেকেচি ভাঙ্গি যাওঁ যঁতৰ।”
কপৌ, নাহৰ, তগৰ ফুল হৈছে বিহুৰ এৰাব নোৱাৰা প্ৰতীক। বিহুগীতত এইবোৰ ফুলৰ কথা আছেই। লগতে আছে ইন্দ্ৰজিৎ, মালতী, জবাফুল, ঔফুল, থেকেৰা, আনকি কলমৌৰ কথাও।
ইন্দ্ৰজিৎ,মালতী ঃ
“তোমাৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী
আমাৰ বাৰীত পৰিলে ছাঁ।
ফুলৰে গোন্ধ পাই ৰ’বকে নোৱাৰো
দেই পুৰি মাৰিছে গা।”
কলমৌ, ৰামকল ঃ
“পানী পাই বাঢ়িলে পানীৰে কলমৌ
তেল পাই বাঢ়িলে চুলি।
যৌৱন পাই বাঢ়িলে আমাৰ প্ৰাণেশ্বৰী
যেনে ৰামেকলৰ পুলি।”
বিহুনামত আছে ইকৰাৰ কথাও-
“ইকৰাৰ পাতেৰে নাও সাজি দিম
সদিয়া ৰণলৈ যাবা,
কলাপাত কাটি চিৰা বান্ধি দিম
দিখৌ নৈ সিপাৰে খাবা।”
ব্ৰহ্মপুত্ৰৰ বুকুত কাছ তাহানিৰে পৰা আছে। কণী পৰাৰ সময়ত লুইতৰ বালিলৈ কাছ উঠি আহে। লুইতত আছে শিহু আৰু ঘঁৰিয়ালো। ‘ৰিভাৰ ডলফিন’ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ শিহুৰ সংৰক্ষণতআজি গুৰুত্ব দিয়া হৈছে। বিহুগীত, ‘বৰফুকনৰ গীত’ আদিত পুৰণা দিনৰে পৰা ‘লুইতৰ শিহু’ৰ উল্লেখ পোৱা যায়।
১) “হাচতি ঐ লুইতৰ শিহু
আজি যে যাবগৈ বহাগৰ বিহু”
২) “উজাই বুৰে দিলে শিহু কি ঘঁৰিয়াল!
ভটীয়াই বুৰে দিলে কাছে,অসমৰ দেশত, দেউতা, মন্ত্ৰী নাইকিয়া!
অকল বুঢ়াগোঁহাই আছে।” (‘বৰফুকনৰ গীত’)
কেৱল ব্ৰহ্মপুত্ৰই নহয়, অসমৰ নানা ঠাইৰ নৈ-উপনৈসমূহোমাছ-কাছকে ধৰি নানাবিধ জীৱৰ বসতিস্থল।
ধনশিৰি নৈত ঘিলা হাঁহ ঃ
“ধনশিৰি এসুঁতি তাতে মাৰো খেৱালি
উজাই ঘিলা হাঁহ চৰে,
বাটে পথে দেখিলে মাতিব নোৱাৰোঁ
শোকে খুন্দা মাৰি ধৰে।”
দিখৌত নাৰ মাছ ঃ
“লুইতত উজালে!
শিহুকৈ ঘৰিয়াল!
দিখৌ নৈত উজালে নাৰ।”
ব্ৰহ্মপুত্ৰত কাছ ঃ
“লুইতৰ বালি বগী ঢকে ঢকি!
কাছই কণী পাৰে লেখি”
মন কৰিবলগীয়া যে, কাছৰ বিষয়ে একে অৰ্থৰ গীত হাজংসকলৰ ‘লেৱা টানা’ বিহুতো গোৱা হয়।
“চিৰ, চিৰা পানীতে!
কাউচা ডিমা পাৰিছে!
চ’ বৈনী বিচিৰিবাক যাং”
(ভাবাৰ্থঃ জিৰজিৰকৈ বোৱা পানীত কাছই কণী পাৰিছে, ব’ল ভণ্টী বিচাৰিবলৈ যাওঁ)
অসমৰ নৈ-জলাশয়সমূহ নানাবিধ বগলী, তেলিয়া সাৰেং আদি চৰাইৰ উৎকৃষ্ট বিচৰণভূমি। য’ত পোৱা যায় নানাবিধ মাছ। বিহুনামত আছে-
তেলীয়া সাৰেং, মালি মাছ ঃ
“চৰাই চিকুণ! তেলীয়া সাৰেং! মাছৰে চিকুণ মালি,
স্বৰ্গদেউ চিকুণ! কেকোঁৰা দোলাখন! শুৱাই গজপুৰ আলি।”
বগলীঃ
“বিহু যায় ঐ বগলী ঐ
বিহু কেনেকৰি ৰাখিম না ঐ”
কাড়শলা সাপ ঃ
“ঘৰৰ ফুল চটি মাৰলি মাৰলি
বগায় কাড়শলা সাপ,
মোৰ জানো কঁপালত যি হ’বৰ হৈছে
চেনাই তই কুশলে থাক।”
আমি জানো, হাবিতলীয়া ঠাইত বাঘ-ঘোঙে অসমীয়া মানুহ্‌ক সদায় আমনি কৰি আহিছে। বিহুনামত পোৱা যায় হাতী, ঘোঁৰা, ম’হ, গুঁইৰ কথাও-
বাঘ-ঘোঙ ঃ
১) “হেৰামনিৰ হেদাঙত কি শাক তুলিছ
হাতৰে মুঠিতে লৈ।
বাঘে-ঘোঙে ধৰিব দেও গাত লম্ভিব
আহিছে গধূলি হৈ।”
২) “হাতী পানী খালে হোৱাঙে দৈয়াঙে
ঘোঁৰাই পানী খালে ৰৈ,
ধনে পানী খালে পীৰিতি নিজৰাত
থিয় গৰাত খোপনি লৈ।”
৩) “চঁুচৰি চৰিলে ঠেং ভগা চৰাইটি
চঁুচৰি চৰিলে গুঁই,
মাটিবৰ দাৰোগাক ম’হে খুচি মাৰিলে
বন্দুকে নিদিলে জুই।”
৪) ম’হ মেলি গুৱালটি চাপৰি পালেগৈ
বাটত ছিঙি খালে কলা
ড০ লীলা গগৈয়ে লিখি গৈছে, “প্ৰকৃতিৰ বুকুতেই এদিন মানুহে সঙ্গীতৰ সন্ধান পাইছিল। বতাহত কঁপি উঠা গছপাতখিলাই নাচোনৰ ভঙ্গী, বাঁহে বাঁহে ঘঁহনা খাই ওলোৱা মাতটোত বাদ্যৰ সন্ধান পাইছিল। কিন্তু এদিন মানুহে ইয়াৰে চানেকি লৈ থলুৱা পৰিৱেশৰ সমলেৰে নতুন নতুন বাদ্য সৃষ্টি কৰিলে। বিশেষকৈ বাঁহৰ অৱদান লক্ষ্য কৰিবলগীয়া। টকা, পেঁপা, গগনা বিহুৰ একান্তই আৱশ্যকীয় বাদ্য।”(‘অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা’) বিহুৰ এবিধ উল্লেখনীয় বাদ্য গগনা আৰু বাঁহগছৰ বিষয়েও নানান গীতমাত আছে। যেনেঃ
১) “আগলি বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাতত বাওঁ,
আহে কি নাহে ঐ মোৰে ধন চেনাইটি
চিৰ পাতি মঙলখন চাওঁ।”
২) “নৈলৈ হালিলে নদালি ভলুকা
পথাৰলৈ হালিলে কাক;
বুকুৰ হাড় ওলালে ডালি ডালি কৰি
কালৈ চিন্তা কৰি থাক। ”
৩) “বাঁহনি বাৰীৰে ঢাপে সমনীয়া
বাঁহনি বাৰীৰে ঢাপ;
আশা দি নিৰাশা কৰিলে লাহৰি
মহাপাপ লাগিব গাত।”
পশুধনক আদৰ কৰাটো অসমীয়া সমাজৰ কৃষ্টি। গৰুবিহুৰ মাজত ফুটি উঠে সেই অনুপম কৃষ্টি। বছৰটোৰ বিভিন্ন সময়ত অসমীয়া মানুহৰ পৰম্পৰাত বগৰীৰ পৰা ধানলৈ বিভিন্ন শস্য, ফল আদিয়ে কিদৰে ঠাই পাইছে, সেয়াও আছে বিহুনামত।
“চ’ততে চকৰী ব’হাগত বগৰী
জেঠতে আমনা ধান।
গৰু বিহু দিনাখন ল’বি আশীৰ্বাদ
তেহে পাতি বৈকুণ্ঠত থান।”
গৰুক গা ধুৱাওতে গোৱা গীতত উল্লেখ আছে অসমীয়া সমাজখনত উপলব্ধ কিছুমান পাচলিৰ নাম।
“দীঘলতি দীঘল পাত
মাখি মাৰো জাত জাত
লাও খা বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু
তই হবি বৰ গৰু ।”
কেৰেলা, বেঙেনাৰ কথাও বিহুনামতো আছে-
“কেৰেলা ঐ বেঙেনা ঐ
বিহু ভাটি মাৰি যায়না ঐ,
হুৰাই লৈ ধান খেৰৰ ছাই
অতিকে চেনেহৰ বহাগৰ বিহুটি হাততে মলঙি যায়।”
বিহুনামত আছে আঠীয়া কলৰো কথা-
“আঠীয়া কলৰে পাতে নাকাটিবা
ছিটিকি পৰিব এঠা।
লোককে দেখুৱাই কেটেৰা মাৰিবা
ভিতৰি নেৰিবা বেথা।”
পচলাৰ কথাও বিহুনামত পোৱা যায়-
“পাত ঐ পচলা
মাধৈ ফুলৰ মালা
সোণামুখী অ’
সোনকালৈ সোনকালৈ বিহুলৈ
পঠিয়াই দিয়া।”
এনেদৰে বিহুনামে আমাৰ সমাজখনৰ কেইবাশ বছৰৰ নানা ছবি ধৰি ৰাখিছে। স্বাভাৱিকতে জেতুকা, বৰ্হমথুৰিৰ পৰা বৰগছলৈ নানা গছ-বিৰিখ, পৰুৱাৰ পৰা বাঘ-ঘোঙলৈ জীৱজন্তু, কুলিৰ পৰা কুৰুৱালৈ নানা চৰাইৰ কথাও বিহুনামত এনেদৰেই ঠাই পাইছে। হেমাংগ বিশ্বাসে কৈ যোৱাৰ দৰে যি নাই বিহুগীতত, সি নাই অসমত।
( লেখক আগশাৰীৰ গল্পকাৰ আৰু সাংবাদিক হিচাপে সুপৰিচিত ) ………………………