দাদুল দেৱকৃষ্ণ বৰুৱা

এখিলা দুখিলাকৈ খহি পৰে পাতৰ পোছাকঃ লঠঙা হয় তৰুকুল।
নৈখন খীণায়।
তেনে পৰতেই বৰদৈচিলা আহেঃ মাকৰ ঘৰলৈ। লগত লৈ অহা বৰষুণে পৃথিৱী নোৱায়। আকুলতাৰে ৰৈ থকা লঠঙা তৰুকুলত জিলিকেহি কুঁহিপাতৰ নিচান। খীণোৱা নৈখনত ন-পানী ফুটে। গাভিনী পুঠিৰ গাত সেন্দূৰ বৰণৰে।
হাবিফুলে পোহাৰ মেলেঃ সুবাসেৰে বিলায় বসন্তৰ বৈভৱ। কেতেকীৰ বিননিত চৌপাশ ৰজনজনাই। কুলিৰ মাতত উতনুৱা মন। ব’হাগ এনেকৈয়ে আহে। বাৰীৰ আমজোপাত মাতি থকা কুলিৰ মাত শুনি কোনোবা ডেকাই গীত জুৰেঃ


বাৰীৰ আমে গছ তিনি ফেৰেঙীয়া
তাতে বহি মাতিলে কুলি,
গধূলি বেলিকা আহিবা লাহৰী
চালনি আনোগৈ বুলি।


এতিয়া আৰু তেনে দিন নাই। কোনো ডেকাই এনেদৰে লাহৰীক চালনি নিয়াৰ চলেৰে ঘৰৰ মানুহৰ চকুত ধূলি দি তেওঁক লগ পাবলৈ, মনৰ কথা পাতিবলৈ মাতিব নালাগে। হাতত ম’বাইল ফোন আছে; যিকোনো সময়তে কথা হ’ব পাৰে। এয়া যুগৰ পৰিৱৰ্তন। তথাপি ঢোলৰ বোল, পেঁপা আৰু বাঁহীৰ মাত, কপৌ-কেতেকী-তগৰৰ সুবাস অবিহনে ব’হাগৰ কথা কল্পনা কৰিব নোৱাৰি।
ব’হাগৰ কথা ভাবিব নোৱাৰি কুলি চৰাই অবিহনেও। কুলিৰ মৌ-বৰষা মাতেই যে দিয়েহি বসন্ত আগমনৰ আগলিবতৰা। সকলোকে জনায়হিঃ বিহু আহি পালেহিহ্ল ব’হাগ আহি পালেহিহ্ল বসন্তৰ বাৰ্তাবাহক এইবিধ পখীৰ বিষয়ে সবিশেষ আলোচনাৰ বাবেই এই লেখাঃ ‘বৈহাগৰ মাহতে কুলি পাৰে ৰাৱ…’।


পৰিচয় ঃ
বসন্তৰ আগলিবতৰা বিয়পাই দিওঁতা কুলি চৰাইবিধক কোৱা হয় Asian Koel (Eudynamys scolopaceus) বুলি। চৰাইবিধ কোকিল ক্ৰমৰ Cuculiformesৰ সদস্য। এইবিধ চৰাই ভাৰতীয় উপমহাদেশ, চীন আৰু দক্ষিণ-পূব এছিয়াত পোৱা যায়। ই ঘনিষ্ঠ সম্পৰ্কীয় ক’লা ঠেংযুক্ত কুলি (black-billed koels) আৰু প্ৰশান্ত মহাসাগৰীয় কুলি (Pacific koels)ৰ সৈতে এটা অতিপ্ৰজাতি (superspecies) গঠন কৰে যিবোৰক কেতিয়াবা উপপ্ৰজাতি (subspecies) হিচাপে গণ্য কৰা হয়। এছিয়ান কুলি ইয়াৰ বহু সম্পৰ্কীয় কোকিলৰ দৰেই পোৱালিৰ পৰজীৱী (brood parasite)ঃ যিয়ে কাউৰী আৰু অন্যান্য চৰাইৰ বাহত কণী পাৰে, যিবোৰে ইহঁতৰ পোৱালি ডাঙৰ কৰে। কুলি সৰ্বভোজী। ইহঁতে বিভিন্ন ধৰণৰ পোক-পৰুৱা, পলু, কণী আৰু সৰু মেৰুদণ্ডী প্ৰাণী খায়। প্ৰাপ্তবয়স্কই প্ৰধানকৈ আঁহত, বৰ, জৰি আদি গছৰ ফল খায়। কেতিয়াবা ইহঁতে খাদ্য বিচাৰি ফুৰা ফলমূলৰ গছবোৰত নিজৰ কৰ্তৃত্ব ৰক্ষা কৰিবৰ বাবে আন ফলভোজী প্ৰাণীবোৰক খেদি পঠিয়ায়। ভাৰতত চন্দন গছ (Santalum album) বিয়পি পৰাৰ ক্ষেত্ৰত ইহঁতৰ বিশেষ গুৰুত্ব লক্ষ্য কৰা হৈছে। ইহঁতে মাজে মাজে সৰু চৰাইৰ কণী খোৱাৰ কথাও জনা যায়। ইহঁতে Cascabela thevetiaৰ ফল খায় যিবোৰ স্তন্যপায়ী প্ৰাণীৰ বাবে বিষাক্ত বুলি জনা যায়।


শ্ৰেণী বিভাজন ঃ
১৭৪৭ চনত ইংৰাজ প্ৰকৃতিবিদ George Edward-এ তেওঁৰ A Natural History of Uncommon Birdsৰ দ্বিতীয় খণ্ডত Asian Koelৰ এখন ছবি আৰু বৰ্ণনা অন্তৰ্ভুক্ত কৰে। তেওঁ এই চৰাইবিধ বুজাবৰ বাবে The Brown and Spotted Indian Cuckow ইংৰাজী নামটো ব্যৱহাৰ কৰিছিল। এডৱাৰ্ডে ৰঙীন ছবিখন বঙ্গৰপৰা পোৱা এটা নমুনাৰ ওপৰত ভিত্তি কৰি অংকন কৰিছিল; যিটো নমুনা লণ্ডনৰ ৰেচম-পেটাৰ্ন ডিজাইনাৰ আৰু প্ৰকৃতিবিদ Joseph Dandridgeৰ আছিল। ১৭৫৮ চনত যেতিয়া ছুইডেনৰ প্ৰকৃতিবিদ Carl Linnaeus-এ তেওঁৰ Systema Naturaeৰ দশম সংস্কৰণৰ বাবে পৰিবৰ্ধন কৰিছিল, তেতিয়া তেওঁ Asian Koel বা অসমীয়াৰ চিনাকি কুলিক আন কোকিলবোৰৰ সৈতে কুকুলাছ (Cuculus) প্ৰজাতিত স্থান দিছিল। লিনিয়াছে এই গ্ৰন্থত এটা চমু বৰ্ণনাও অন্তৰ্ভুক্ত কৰিছিল, য’ত Cuculus scolopaceus উদ্ভাৱন কৰিছিল আৰু এডৱাৰ্ডছৰ ৰচনাৰ উদ্ধৃতি দিছিল। Asian Koel-এ ১৮২৭ চনত ইংৰাজ প্ৰকৃতিবিদ Nicholas Vigors আৰু Thomas Horsfield-এ প্ৰৱৰ্তন কৰা Eudynamys প্ৰজাতিত স্থান লাভ কৰিছে। Eudynamys প্ৰজাতিৰ নামটোৱে প্ৰাচীন গ্ৰীক eu, অৰ্থাৎঃ fine আৰু dunamis; অৰ্থাৎ Power বা Asian Strengthৰ সংমিশ্ৰণ ঘটায়।
কেইবাটাও দ্বীপত সংখ্যাৰ সৈতে এই পখী প্ৰজাতিটোৰ বিস্ত´ত পৰিসৰৰ ভিতৰত তাৰতম্য আছে আৰু কেইবাটাও শ্ৰেণীবিভাজনৰ তাৰতম্যৰ কথা কোৱা হৈছে। Sulawesi অঞ্চলৰ ক’লা ঠেংযুক্ত কুলি (E. melanorhynchus) আৰু অষ্ট্ৰেলিয়াৰ প্ৰশান্ত মহাসাগৰীয় কুলিক কেতিয়াবা Asian Koelৰ সৈতে সমবিশেষ বুলি গণ্য কৰা হয়। যি ক্ষেত্ৰত ‘সংযুক্ত’ (Combined) প্ৰজাতিটোক সাধাৰণ কুলি (Common Koel) বুলি জনা যায়। পাখি, ঠোঁটৰ ৰং আৰু মাতৰ পাৰ্থক্যৰ বাবে এই তিনিওটাক ক্ৰমান্বয়ে পৃথক প্ৰজাতি হিচাপে গণ্য কৰা হয়।
Asian Koelৰ কেইবাটাও ভৌগোলিক ৰূপ আছে যিবোৰৰ পাৰ্থক্য ভালদৰে চিহ্নিত কৰা হৈছে বা ভৌগোলিকভাৱে পৃথক কৰা হৈছে। তলত Payne-এ দিয়াধৰণে ইহঁতৰ উপপ্ৰজাতিৰ তালিকা দিয়া হ’লঃ


E. s. scolopaceus (Linnaeus, 1758)
E. s. chinensis Cabanis আৰু Heine 1863
E. s. harterti Ingram, C 1912
E. s. malayana Cabanis আৰু Heine, 1863
E. s. mindanensis (Linnaeus, 1766)
E. s. paraguena (Hachisuka, 1934)
E. s. corvina (Stresemann, 1931)


বিৱৰণ ঃ
কুলি বা Asian Koel ৩৯-৪৬ ছেণ্টিমিটাৰ (১৫-১৮ ইঞ্চি) জোখৰ আৰু ১৯০-৩২৭ গ্ৰাম ওজনৰ চৰাই। সাধাৰণতে প্ৰজননকালত মতা কুলিৰ পাখিৰ বৰণ নীলচীয়া-ক’লা, সেউজ-হালধীয়া ঠোঁট, তেজৰঙা চকু আৰু ধূসৰ ঠেংযুক্ত হয়। মাইকী কুলিৰ গাটো মুগা বৰণৰ, ফুটফুটীয়া আৰু বগা বগা আঁছ থকা। কুলিৰ আন উপপ্ৰজাতিবোৰৰ ৰং আৰু আকাৰৰ পাৰ্থক্য আছে। প্ৰজননৰ সময়ত (ভাৰতীয় উপমহাদেশত মাৰ্চৰপৰা আগষ্টলৈকে) ইহঁত অতি তীক্ষ্ণ কণ্ঠস্বৰযুক্ত। মতা কুলিৰ মাতটো সকলোৰেই চিনাকিঃ ‘কুউ.. কুউ…’। আনহাতে মাইকী কুলিয়ে কিক-কিক-কিক কৈ মাতে। উল্লেখ্য যে কুলি চৰাই ভাৰতৰ কেন্দ্ৰীয়শাসিত ৰাজ্য পুডুচেৰীৰ ৰাজ্যিক পখীৰ মৰ্যাদাৰে মহীয়ান।


বিতৰণ আৰু বাসস্থান ঃ
কুলি বা Asian Koel পাতলীয়া বনাঞ্চল আৰু কৃষিভূমি এলেকাৰ চৰাই। ইৰাণ, পাকিস্তান, ভাৰত, বাংলাদেশ আৰু শ্ৰীলংকাৰপৰা দক্ষিণ চীন আৰু গ্ৰেট সুন্দালৈকে (Great Sundas) গ্ৰীষ্মমণ্ডলীয় দক্ষিণ এছিয়া ইয়াৰ প্ৰধান বাসস্থান। নতুন অঞ্চলত উপনিবেশ পতাৰ ক্ষেত্ৰত ইহঁতৰ যথেষ্ট সম্ভাৱনা আছে। আগ্নেয়গিৰিৰ দ্বীপ ক্ৰাকাটাউ (Krakatau)ত উপনিবেশ স্থাপন কৰা অগ্ৰণী চৰাইবোৰৰ ভিতৰত ইহঁত অন্যতম। ১৯৮০ চনত প্ৰথমবাৰলৈ ছিংগাপুৰলৈ অহাৰ পিছত দেশখনত এতিয়া কুলি সাধাৰণ চৰাইৰ প্ৰজাতি হৈ পৰিল।
কুলিক সততে অকলশৰীয়াকৈ থকা দেখা যায়। কিন্তু আমেৰিকাৰ এনিছ নামৰ কুলিবিধ সমাজ পাতি বাস কৰে। এই প্ৰজাতিটোৰ বহু বৈশিষ্ট্য আছে। অসমীয়াৰ চিনাকি কুলি চৰাইক পোহ মনাবলৈ জটিল যদিও এনিছ প্ৰজাতিৰ কুলিয়ে সহজেই মানুহৰ পোহ মানে ।


আচৰণ ঃ
Asian Koel বা কুলি এবিধ পোৱালিৰ পৰজীৱী। ইহঁতে ঢোঁৰা-কাউৰী আৰু পাতি-কাউৰীকে ধৰি বিভিন্ন চৰাইৰ বাহত কণী পাৰে। ১৮৮০ চনৰ আগতে শ্ৰীলংকাত ই কেৱল ঢোঁৰা-কাউৰীৰ পৰজীৱী আছিল বুলি জনা গৈছিল, পিছলৈ ই পাতি-কাউৰীৰ পৰজীৱী হিচাপেও বিস্তাৰিত হ’ল। আজিকালি শালিকী, ফেঁচু, ইউৰোপীয় মেগপাই আৰু সখিয়তীকে ধৰি আন আন চৰাইৰ বাহতো কুলি চৰাইক কণী পৰা দেখা যায়। কম উচ্চতা আৰু ফলমূলৰ গছৰ ওচৰত সজা বাহ কুলিয়ে পছন্দ কৰাৰ প্ৰৱণতা আছে। মতা কুলিয়ে বাহৰ গৰাকী চৰাইক অন্যমনস্ক কৰি তোলে, যাতে মাইকী চৰায়ে বাহত কণী পৰাৰ সুযোগ পায়। মাইকী চৰাই অকলেই কণী পাৰিব বিচৰা বাহলৈ যায়। কুলিয়ে সাধাৰণতে এটা বাহত মাত্ৰ এটা বা দুটা কণীহে দিয়ে। মাইকী চৰায়ে পোৱালি দিয়াৰ আগতেই বাহৰ গৰাকী চৰাইৰ কণী আঁতৰাই পেলাব পাৰে। ১২ৰপৰা ১৪ দিনত কণী ফুটে।
Zoological Survey of Indiaৰ বি এছ লাম্বাই ১৯৫০ চনত কাউৰীৰ বাহ নিৰ্মাণৰ অভ্যাস আৰু পিতৃ-মাতৃৰ আচৰণৰ বিষয়ত চাৰি বছৰ ধৰি অধ্যয়ন কৰিছিল। তেওঁ দেখিছিল যে গ্ৰীষ্মকালত ১৪ সপ্তাহ ধৰি মতা আৰু মাইকী কাউৰীয়ে একেলগে বাহ সাজে। প্ৰথম সপ্তাহত এই যুটিয়ে অধ্যৱসায়ীভাৱে শুকান ঠেঙুলি আৰু ডাল-পাতেৰে বাহ সাজি ঘাঁহ, ঘোঁৰাৰ চুলি, পাখি আদিৰে কোমল কৰি তোলে। বাহটো সাজু হ’লে মাইকী চৰায়ে একেৰাহে প্ৰতিদিনে এটাকৈ ৩-৬টা কণী পাৰে। এই সকলোবোৰ প্ৰচেষ্টাৰ পিছত অনুপ্ৰৱেশকাৰী কুলিয়ে কেইছেকেণ্ডমানৰ ভিতৰতে উৰি আহি নিজৰ কণী পাৰে আৰু উৰি যায়। বহুতে কুলিৰ এনে কৌশল ‘এলেহুৱা’ৰ পৰিচায়ক বুলি বিবেচনা কৰিব পাৰে, কিন্তু কুলিয়ে এনেদৰে নিজৰ ‘মিছন’ সম্পূৰ্ণ কৰাৰ আগতে বহু ক্লান্তিকৰ গোপনীয়তা ৰক্ষা কৰে আৰু ই সদায় সফল নহয়। মাইকী কুলিয়ে কৌশলগতভাৱে ঘন পাতৰ আঁৰত বহি নিজৰ ওচৰৰ সম্ভাৱ্য গৃহস্থৰ বাহবোৰ নিবিড়ভাৱে চোৱাচিতা কৰে। ইহঁতে নিজৰ উদ্দেশ্যপ্ৰণোদিত গৃহস্থৰ বাহটো সাৱধানে বাছি ল’ব লাগে।


কাউৰীৰ কণী ১৬-২০ দিন উমনিৰ পিছত ফুটে, কুলিৰ কণী ১৩-১৭ দিনৰ পিছত ফুটে। ব্ৰিটিছ ঔপনিৱেশিক বিষয়া Douglas Dewar-এ লাহোৰত কুলিৰ পৰজীৱী অভ্যাসৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁ প্ৰতিবেদন প্ৰস্তুত কৰিছিল যে, কুলিৰ কণী সদায় কাউৰীৰ পোৱালিৰ আগতেই ওলায়। আন চৰাইবোৰে সাধাৰণতে কণী পাৰিবলৈ প্ৰায় ৩০ মিনিট সময় লয় যদিও কুলিয়ে ছেকেণ্ডতে কণী পাৰে। কুলিয়ে এইটো কেনেকৈ সম্ভৱ কৰে? কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ আচৰণ পৰিৱেশ-বিজ্ঞান (behavioral ecology)ৰ অধ্যাপক Nicholas Davies-এ ২০১৫ চনত প্ৰকাশ পোৱা তেওঁৰ Cuckoo জ্ঞ Cheating by Nature শীৰ্ষক গ্ৰন্থত এই অস্বাভাৱিক কণী পৰা ব্যৱস্থাটোৰ বিষয়ে বৰ্ণনা কৰিছে। মাইকী কুলিয়ে বাহটো বাছি উলিয়াই থকাৰ সময়তো কণী একোটা ডিম্বাশয়ৰ নলীৰপৰা নামিবলৈ দিয়ে। তাতে কণীটো ধৰি ৰাখিব পাৰে আৰু কণীটো পৰা সময়ৰ ওপৰত অপৰিসীম নিয়ন্ত্ৰণ ৰাখে। তাৰ পিছত এটা সুযোগ্য মুহূৰ্তৰ বাবে অপেক্ষা কৰে। যেতিয়া উপযুক্ত বাহৰ গৰাকী আঁতৰত থাকে, তেতিয়াই খৰধৰকৈ কুলিজনী কণী পাৰিবলৈ সোমাই যায় আৰু তৎমুহূৰ্ততে কাম সমাধা কৰি উৰি যায়, এই সকলোবোৰ ছেকেণ্ডৰ ভিতৰতে ঘটেহ্ল কেতিয়াবা আনৰ বাহ দখল কৰি কণী পৰাৰ সময়ত বাহৰ গৰাকীয়ে দেখিলে আক্ৰমণ ওফৰাবলৈ সাহস কৰে, যাৰ ফলত যথেষ্ট আঘাত পায়। আনকি মৃত্যুৰ আশংকাও থাকে।
কুলিৰ পোৱালিয়ে নিজৰ খাদ্য বিচাৰি উলিয়াব পাৰিলেই গৃহস্থৰ বাহ এৰি যায়। গ্ৰীষ্মকালত প্ৰাপ্তবয়স্ক হৈ আন গৃহস্থৰ বাহত পৰজীৱীৰ ৰূপ লয়। বহুতে কেৱল কুলিৰ সুৰীয়া কণ্ঠ আৰু আনৰ বাহত কণী পৰাৰ অভ্যাসৰ কথাহে জানে। কুলিৰ জীৱনৰ এই অসম্পূৰ্ণ ছবিখনে প্ৰায়ে মানুহৰ মনত এটা ভুল ধাৰণা সৃষ্টি কৰে যে ই এক নিৰ্বিকাৰ, এলেহুৱা জীৱন কটায়। কিন্তু আচলতে কুলিয়ে কঠিন জীৱন যাপন কৰে— জন্মৰপৰাই ই বাহত খাদ্যৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হয়, পৰ্যাপ্ত খাদ্য পাবলৈ অবিৰতভাৱে ভিক্ষা কৰিব লাগে আৰু সম্ভাৱ্য চিকাৰীক আঁতৰাই ৰাখিব লাগে। প্ৰাপ্তবয়স্ক হ’লে সম্ভাৱ্য গৃহস্থৰ বাহ বিচাৰি দিন কটায় আৰু কণী পৰাৰ বাবে নিজৰ জীৱন বিপন্ন কৰে। কুলিৰ বাবেও জীৱনটো কঠিন!


কুলিয়ে কিয় বাহ নাসাজে ঃ
পক্ষী জগতলৈ চালে দেখা যায় যে বাহ সজা, কণী পাৰি উমনি দিয়া আৰু কণীৰপৰা পোৱালি জগিলে পোৱালিক টোপ খুওৱা আদি কামবোৰ সাধাৰণতে মাইকী চৰাইজনীয়ে কৰে। কিন্তু মাইকী কুলিৰ এইবাৰে কামত আগ্ৰহ নাই। প্ৰকৃততে এনেধৰণৰ কাম-কাজৰ প্ৰতি যি প্ৰৱণতা জাগে, সেয়া শৰীৰৰ ভিতৰত সৃষ্টি হোৱা কেতবোৰ হৰমনৰ প্ৰভাৱত ঘটে। ইয়াৰ প্ৰভাৱতেই মাইকী চৰায়ে কণী উমনি দিয়ে, পোৱালি জগায়, পোৱালি লালন-পালন কৰে। চৰাইৰ এইবাৰে কামৰ মূলতে আছে ‘প্ৰোলেকটিন’ নামৰ একধৰণৰ হৰমন। পৰীক্ষাৰপৰা দেখা গৈছে যে মাইকী কুলিৰ বেলিকা সিহঁতৰ শৰীৰত এই ‘প্ৰোলেকটিন’ হৰমন ক্ষৰিত নহয়। ফলত সিহঁতৰ মাতৃত্ববোধ নাজাগে। মাতৃত্ববোধ নাজাগিলেও কিন্তু কুলিয়ে কণী পাৰে।
কেৱল কুলিয়েই নহয়, এশৰো অধিক প্ৰজাতিৰ চৰায়ে আন কিছুমান চৰাইৰ বাহত কণী পাৰে। এনে চৰাইক brood parasite বুলি কোৱা হয়। Pied Cuckoo, Large Hawk Cuckoo, Indian Cuckoo হৈছে সমগ্ৰ ভাৰতত বিস্ত´ত প্ৰধান পোৱালি পৰজীৱী চৰাই। Norwegian University of Science and Technologyৰ অধ্যাপক Arne Moksnes তেওঁৰ সহযোগীসকলে বাংলাদেশৰ Jahangirnagar Universityৰ চৌহদত কুলি (Asian Koel) আৰু ইয়াৰ গৃহস্থ প্ৰজাতিৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁলোকে দেখিছিল যে কাউৰীৰ পৰজীৱীৰ হাৰ ১১ শতাংশ আৰু সাধাৰণ শালিকীৰ পৰজীৱীৰ হাৰ ৩১ শতাংশ।


কুলি পৰিভ্ৰমীনে ঃ
শীত হ’লে অন্ত আহিব বসন্ত
পছোৱা বলিব জোৰ,
তেতিয়া আহিম আকৌ নাচিম
ধৰিম গানৰ সুৰ।


উল্লিখিত পদ্যফাঁকি পঢ়িলে এনে লাগেঃ কুলি চৰাই পৰিভ্ৰমী পক্ষী। শীতৰ অন্তত, বসন্তকালত আমাৰ অসম মুলুকলৈ আহেহ্ল কিন্তু এয়া সত্য নহয়। বহুজনে ভবাৰ দৰে কুলি পৰিভ্ৰমী পক্ষী নহয়। বসন্তৰ দৰে বাকীকেইটা ঋতুতো কুলি গছে-বনে থাকে। কেৱল এই সময়ছোৱাত ইহঁতে নামাতে, নিৰৱে থাকে। সেয়ে ভবা হয় যে কুলি চৰাই বসন্ত কালত দূৰ দেশৰপৰা অহা আলহী পখী।
অসমীয়াৰ চিনাকি কুলিবিধ পৰিভ্ৰমী নহয় যদিও কিছুমান কুলি আছে, যিবোৰ ঋতুকালীন পৰিভ্ৰমী। কিছুমান স্থানীয় পৰিভ্ৰমী আৰু কিছুমান দীৰ্ঘ দূৰত্বৰ পৰিভ্ৰমী। নিউজিলেণ্ডৰ কুলিয়ে প’লিনেছিয়া, মাইক্ৰ’নেছিয়া, মেলানেছিয়া আদি দেশ ভ্ৰমণ কৰে। উত্তৰ আমেৰিকাৰ হালধীয়া ঠোঁটৰ কুলি আৰু ক’লাঠোঁটৰ কুলিয়ে কেৰিবিয়ান সাগৰৰ ওপৰেদি সুদীৰ্ঘ ৪০০০ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গন্তব্যস্থানত উপনীত হয়। তদুপৰিOriental cuckoo জাক পাতি ভাৰতলৈ প্ৰব্ৰজন কৰে। The Great spotted cuckoo বিদেশৰপৰা ভাৰতলৈ অহা প্ৰব্ৰজনকাৰী চৰাই। The Glided cuckoo সৰু আকৃতিৰ প্ৰব্ৰজনকাৰী কুলি চৰাই, তদুপৰি বন কুলিও পৰিভ্ৰমী।
অসমত কেইবাবিধো কুলি চৰাই পোৱা যায়। মাতটোৰ বাবে চিনাকি কুলিবিধৰ উপৰি অসমত পোৱা কুলি পৰিয়ালৰ (Cuculidae Family) আন কেইবাবিধো চৰাই পোৱা যায়। সেইবোৰ হৈছে ক্ৰমেঃ কেতেকী চৰাই (Common Hawk Cuckoo or Brain Fever Bird), ডাবহী কুকুহা (Greater Coucal or Crow Pheasant), সৰু কুকুহা (Lesser Coucal), ৰঙচুৱা কুলি (Asian Emerld Cuckoo), পাপিহা বা চাতক (Pied Crested Cuckoo), মালকহা (Green Billed Malkoha), ফেঁচু কুলি (Drongo Cuckoo) আদি।


কুলিৰ কোমল মাত ঃ
কুলিৰ কোমল মাত
দীঘলীয়া বাট,
ক’লৈ যোৱা ভণ্টি তুমি
লগাই যোৱা মাত।


বিহুগীতত গোৱাৰ দৰেই কুলিৰ মাত কোমল। ইহঁতে প্ৰথম অৱস্থাত নিম্নস্বৰত কুউ কুউকৈ মাতিবলৈ আৰম্ভ কৰে আৰু প্ৰতিটো ‘কুউ’ৰ লগে লগে মাতৰ প্ৰাবল্য বাঢ়ি যায়। সাত বা আঠবাৰৰ এনে সুৰধবনিৰ পাছত এটা উন্মুক্ত চৰাসুৰত উপনীত হয় আৰু হঠাতে মাত বন্ধ হয়। কিন্তু কিছুপৰৰ পিছতে আকৌ আগৰ দৰেই আৰম্ভ কৰে ‘কুকিল-সংগীত’। ৰাতি ইহঁতৰ মাতৰ কোব চৰে। কুলিয়ে মাতি থাকোঁতে মূৰটো সঘনাই ইফালে সিফালে ঘূৰায়। পক্ষীবিদসকলৰ মতে সংগিনীৰ অনুসন্ধানত কুলিয়ে তেনে কৰে।


কুলিৰ মাতটো ইমান মিঠা কিয়?ঃ

কেতিয়াবা ভাবি চাবলৈ মন নাযায়নে! এই মিঠা মাতটোৰ অন্তৰালতো কাহিনী আছে। কাহিনীটো অৱশ্যে অসম মুলুকৰ নহয়। এইটো চত্তিশগড়ী লোককথা। উক্ত লোককথা মতে কুলি আৰু পাৰ্গী নামৰ দুগৰাকী বায়েক-ভনীয়েক আছিল। দুইগৰাকী আছিল অনিন্দ্য সুন্দৰী। উপযুক্ত বয়সত পাৰ্গী সদাগৰ এজনলৈ বিয়া হ’ল আৰু কুলি ঘৰতে থাকিল অসুখীয়া মাতৃৰ শুশ্ৰূষাত। সদাগৰৰ ধন পাই পাৰ্গীয়ে লাহ-বিলাহত মত্ত হ’ল। আনহাতে দিনে-ৰাতিয়ে মাতৃক সেৱা-শুশ্ৰূষা কৰি কৰি কুলি খীণাই আহিল। হাড়ে-ছালে লাগিল। বহুদিনৰ অন্তত পাৰ্গী এদিন মাকক চাবলৈ আহিল। মাকৰ অস্থিচৰ্মসাৰ দেহ দেখি পাৰ্গীয়ে ঘৃণাত নাক কোঁচালে। জীয়েকৰ এনে ব্যৱহাৰত মাতৃয়ে চৰম আঘাত পালে। সেয়ে মৃত্যুশয্যাৰপৰাই জীয়েক কুলিক আশীৰ্বাদ দিলেঃ “তোৰ মিঠা মাত শুনিলে মানুহৰ দুখ-কষ্ট আঁতৰি যাব, মেঘে বৰষুণ দিব, খেতিয়কে ফচল পাব আৰু তোৰ মাতত মানুহে ঘৰে ঘৰে উৎসৱ পাতিব।” ইফালে¸ পাৰ্গীক ক’লেঃ “তই দেখাত অতি সুন্দৰী হ’বি; কিন্ত তোৰ মাতত আকাল আহিব।” সেয়ে কুলি দেখিবলৈ আপচু হ’লেও মাতটো শুৱলা, মৌ-বৰষা। মানুহৰ মন-প্ৰাণ পুলকিত কৰিবপৰা। অসমত যিদৰে কুলিৰ মাতত বসন্ত আহে বুলি কোৱা হয়, ঠিক সেইদৰে কৰ্নাটক আৰু গুজৰাটৰ নৱবৰ্ষৰ উৎসৱ ‘উগাডি’ৰ সতেও কুলিৰ মাতৰ সম্পৰ্ক আছে বুলি কোৱা হয়।


সাহিত্য-সংস্কৃতিত ঃ
‘কুলি’ শব্দটো সংস্কৃত ভাষাৰপৰা অহা বুলি কোৱা হয়। সংস্কৃত শব্দ ‘কুকিলা’ৰপৰা ‘কুলি’ শব্দটো উৎপত্তি হোৱা বুলি জনা যায়। তীক্ষ্ন মাত থকা চিনাকি চৰাই হোৱা বাবে লোককথা, মিথ আৰু কবিতাত কুলিৰ উল্লেখ সাধাৰণ কথা। ‘মনুস্মৃতি’ত পৰম্পৰাগতভাৱে কুলিক ইহঁতৰ গীতৰ প্ৰতি অতিশয় সন্মান আৰু শ্ৰদ্ধা কৰাৰ কথা আছে। ইয়াৰ দ্বাৰা কুলিক ক্ষতিৰপৰা ৰক্ষা কৰা আদেশ দিয়া হৈছে। খ্ৰীষ্টপূৰ্ব প্ৰায় ২০০০ চনৰ বেদ আৰু সংস্কৃত সাহিত্যত ইয়াক ‘অন্য-বাপা’ (Anya-Vapa) বুলি উল্লেখ কৰা হৈছে, যাক অনুবাদ কৰিলে এনে অৰ্থ প্ৰকাশ কৰেঃ ‘যাক আনে ডাঙৰ-দীঘল কৰিছিল’ বা ‘আনে চপাবৰ বাবে সিঁচা’। ইয়াকbrood parasitismৰ আটাইতকৈ প্ৰাচীন জ্ঞান বুলি ব্যাখ্যা কৰা হৈছে। এসময়ত ভাৰতত কুলি চৰাই পিঞ্জৰাবদ্ধ চৰাই হিচাপে অতি জনপ্ৰিয় আছিল। আনকি সিজোৱা ধান খাই এই চৰাইবোৰ ১৪ বছৰপৰ্যন্ত বন্দী অৱস্থাত বাস কৰিছিল বুলি তথ্য পোৱা যায়।
কুলিয়ে যুগ যুগ ধৰি জনপ্ৰিয় কল্পনাক আকৰ্ষণ কৰি আহিছে আৰু বিশ্বৰ কেইবাটাও সংস্কৃতিয়ে গল্প আৰু গীত আৰু মিথত কুলিৰ বৈশিষ্ট্যপূৰ্ণ আহ3ান আৰু আচৰণক চিত্ৰিত কৰিছে। বহু ভাষাত চৰাইটোৰ নামটো ইয়াৰ মাতৰ দৰে শুনা যায়। উদাহৰণস্বৰূপে, ইয়াক ফৰাচী ভাষাত coucou আৰু জাৰ্মান ভাষাত kuckuck বুলি কোৱা হয়। কুলিৰ আগমনে বসন্তৰ আগমনৰ কথা ঘোষণা কৰে। ভাৰতত কুলিৰ আগমনৰ লগত আমগছ ফুলাৰ আনন্দৰো সম্পৰ্ক আছে।
কোৱা হয় যে দক্ষৰ জীয়ৰী আৰু শিৱৰ পত্নী সতীয়ে পিতৃ দক্ষই শিৱক কটু ব্যৱহাৰ কৰাটো সহ্য কৰিব নোৱাৰি যজ্ঞস্থলীতে প্ৰাণ আহুতি দিছিল। ইয়াৰ পিছতে সতীয়ে দহ হেজাৰ বছৰ কুলি চৰাইৰূপে জন্ম লৈ অৰণ্যত বিচৰণ কৰিছিল। অৱশেষত পিতৃ হিমালয়ৰ কন্যা পাৰ্বতী হৈ জনম লৈছিল। সেয়ে দেশৰ কিছু অঞ্চলত মহিলাসকলে মে’ মাহৰপৰা জুলাই মাহলৈকে সতী পাৰ্বতীক স্মৰণ কৰি ‘কুকিলা ব্ৰত’ নামৰ এক ব্ৰত ৰখাৰ কথা যায়। ‘মনুস্মৃতি’ত কুলিক বসন্তৰ দূত তথা বতৰ পৰিৱৰ্তনৰ বাৰ্তাবাহক বুলি উল্লেখ আছে। উত্তৰপ্ৰদেশৰ এক লোক-বিশ্বাসমতে ভগৱান কৃষ্ণই কদমৰ ডালত বহি বাঁহীবোৱাৰ পৰত কুলি চৰায়েও বোলে সুমধুৰ গীত জুৰিছিল।
সংস্কৃত ভাষাত কুলিক কুকিল, কলকণ্ঠ আদি নামেৰে জনা যায়। ভোজৰজাৰ ৰাজসভাত নৱৰত্নৰ শ্ৰেষ্ঠ কালিদাসক ৰজাই শ্ৰদ্ধা আৰু চেনেহত ‘কলকণ্ঠ’ বুলি মাতিছিল। এবাৰ কালিদাসৰ কিবা কাৰণত ৰজা বিক্ৰমাদিত্যৰ সৈতে মনোমালিন্য ঘটিছিল। ফলত তেওঁ ৰাজসভালৈ আহিবলৈ এৰি দিছিল। তেতিয়া ৰজা বিক্ৰমাদিত্যই কালিদাসলৈ পত্ৰ লিখিছিলঃ “হে সুকণ্ঠী কুলি চৰাই, তোমাৰ মাতে আমগছতহে শোভা পায়, খৈৰা বা পলাশ গছত নহয়।”
কালিদাসৰ বিখ্যাত নাটক ‘অভিজ্ঞান শকুন্তলম’ত শকুন্তলাৰ সৈতে হোৱা প্ৰণয় পাহৰি স্মৃতিভ্ৰংশ হোৱা ৰজা দুষ্যন্তই তেওঁৰ ঔৰষত শকুন্তলাৰ গৰ্ভত স্থিতি লোৱা সন্তানক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ কথা উল্লেখ আছে। দুষ্যন্তই শকুন্তলাক কাউৰীৰ বাহত কণী পাৰি পোৱালি ডাঙৰ-দীঘল কৰা কুলি চৰাইৰ সৈতে তুলনা কৰিছিলঃ


অজ্ঞান স্বভাৱ যত পশু-পক্ষীগণ।
হৈছে সিহঁতৰ স্ত্ৰীৰ শঠতা দৰ্শন।।
এতএব বুদ্ধিমতী নৰ নাৰী যত।
নাজানো সিহঁতৰ আৰু চতুৰতা কত।।
কোকিলাৰ চতুৰতা বুঝহ সবায়।
বায়সক নিজৰ সন্তান পোষায়।।


একেদৰে ‘ৰঘুবংশ’ত কুলিৰ ধূৰ্ততাৰ বিষয়ে উল্লেখ আছে। ইয়াত শূৰ্পনখাই কুলিৰ দৰে মধুৰ কণ্ঠৰে কথা কৈছে; কিন্তু ধূৰ্ততাৰে নিজৰ যাদুকৰী কৌশলেৰে ৰাম আৰু লক্ষ্মণক বন্দী কৰাৰ পৰিকল্পনা কৰিছে।
আনহাতে এগৰাকী অজ্ঞাত প্ৰাচীন তামিল কবিৰ ‘নীতি ভেনবা’ (Neethi Venba) শীৰ্ষক কাব্যপুথিৰ এটা পদ্যত কবিয়ে কৈছেঃ “এজন ব্যক্তিৰ স্বভাৱ তেওঁৰ চেহেৰাৰ দ্বাৰা জানিবপৰা নাযায়। কেৱল তেওঁৰ বাক্যৰ দ্বাৰাহে জনা যায়। যিদৰে কাউৰীক কুলিৰপৰা পৃথক বুলি চিনা যায় মাতৰ পাৰ্থক্যৰ বাবেহে।”


মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘কীৰ্ত্তন-ঘোষা’ৰ গজেন্দ্ৰ উপাখ্যানত লিখিছেঃ


বহয় বসন্ত মলয়া বাৱ।
কোকিলে তেজে সুললিত ৰাৱ।।
সংস্কৃতত এটা জনপ্ৰিয় শ্লোক আছেঃ
ককহ কৃষ্ণ পিকাহ কৃষ্ণ কো ৱেদাহ পিকাকাকায়হো
বসন্ত কালে সম্প্ৰপ্ত ককহ ককহ পিকাহ পিকাহ।


অৰ্থাৎঃ কাউৰীও ক’লা, কুলিও ক’লা; কিন্তু বসন্ত আগমনৰ লগে লগে কাউৰীক কাউৰী আৰু কুলিক কুলি বুলি চিনাক্ত কৰা হয় কঠুৱা আৰু মিঠা মাতৰপৰা।
কবি-সাহিত্যিকে বহু সময়ত নাৰীক কুলিৰ সতে তুলনা কৰা দেখা যায়। এই ৰিজনি কিছু ক্ষেত্ৰত প্ৰশংসাসূচক আৰু কিছু ক্ষেত্ৰত নিন্দাসূচক। যেতিয়া নাৰীক প্ৰশংসা কৰিব বিচাৰে তেতিয়া নাৰীৰ কণ্ঠ কুলিৰ কণ্ঠৰ লগত তুলনা কৰে। আনহাতে যেতিয়া নাৰীৰ ধূৰ্থতাক বুজাব বিচাৰে, তেতিয়া কয়ঃ নাৰী কুলিৰ দৰে ধূৰ্তহ্ল অৰ্থাৎ সজগুণ আৰু বদগুণ এই দুয়োটাকে কবি-সাহিত্যিকে কুলিৰ প্ৰতীকেৰে প্ৰকাশ কৰে।
অসমীয়া লোক-সাহিত্য আৰু আধুনিক অসমীয়া সাহিত্যত কুলিৰ বিষয়ে উল্লেখ বিভিন্ন প্ৰসংগত হোৱা দেখা যায়। কবিয়ে কৈ গৈছেঃ


বৈহাগৰ মাহতে কুলি পাৰে ৰাৱ।
কুলিৰ ক্ৰন্দন শুনি নুজুৰায় গাৱ।।
বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে কুলিক লৈ লিখিছিলঃ
বসন্ত আহিল, আমে মলিয়ালে
কঁঠালে পেলালে মুচি;
মদালাপী কুলি তোকে চাই লই
আহিছে মূৰটো চুঁচি ।
নাই লসবেশ সুৱাগী কুলিৰ
কালিমা বৰণ দেহ;
গীত গাই কিন্তু ললিত পঞ্চমে
বেহায় প্ৰেমৰ বেহা ।
তোৰ গীত শুনি বহাগী আইতাই
গাভৰু সজালে গা;
তোৰ লগতেই আহিল লগৰী
শীতলী মলয়া বা।


একেদৰে কুলিৰ মৌ-বৰষা মাত শুনি মিত্ৰদেৱ মহন্তই লিখিছিলঃ


অ’ কুলি, অ’ কুলি,
কুউ, কুউ, কুউ বুলি
আকউ এবাৰ মাত কুলি,
আকউ এবাৰ মাত।
কোনে ক’লে বিহুৰ কথা,
কোনে দিলে জান?
লৈ আহিছ শিঙৰ পেঁপা
মউ বৰষা গান।


বিহুনাম, বিয়ানাম আদিত কুলিৰ উল্লেখ সণ্ঢালনিকৈ ব্যৱহাৰ হোৱা দেখা যায়। হোলীগীতত কুলিৰ কথা উল্লেখ আছে এনেদৰেঃ


আজি ফাগুন নামিছে বনে বনে মনে মনে
কুকিলৰ কুহু কুহু গুঞ্জৰে গগনে
আবিৰৰ ৰং লাগি উতলা পৰাণে।


জতুৱা ঠাঁচ, যোজনা আদিত কুলি চৰাইৰ উল্লেখ সম্পৰ্কে সৰ্বজনবিদিত। তলত তাৰেই কেইটামান নমুনা দাঙি ধৰা হ’ল।


কোকিল সুন্দৰ হয় শুৱলা মাতত,
ৰমণী সুন্দৰ হয় সতীত্ব গুণত।


কুলি কাউৰীৰ দৰেই কুৰূপা; কিন্তু সুমধুৰ কণ্ঠৰ বাবেই কুলি সকলোৰে মৰমৰ। কিচকিচিয়া ক’লা এই চৰাইবিধক লৈ বহুতে গীত-কবিতা ৰচনা কৰে। হেঁপাহেৰে বসন্ত কালত কুলিৰ আগমনলৈ বাট চাই থাকে। সেইদৰে ৰূপৱতী এগৰাকী নাৰী যদি অসৎ চৰিত্ৰৰ হয়, তেওঁৰ ৰূপ-সৌন্দৰ্য মূল্যহীন হৈ পৰে। তাৰ বিপৰীতে দেখাত সাধাৰণ এগৰাকী নাৰীয়েও সৎকৰ্ম তথা সংস্কাৰৰ দ্বাৰা নিজৰ স্বামী, ঘৰ-পৰিয়াল আৰু সমাজৰপৰা মান-সম্ভ্ৰম লাভ কৰিবলৈ সক্ষম হয়। অৰ্থাৎঃ দৈহিক ৰূপত নহয়, আভ্যন্তৰীণ গুণ-গৰিমাতহে প্ৰকৃত সৌন্দৰ্য প্ৰকাশ পায়।


মাৰৰ ঘৰত আছিলি আইটি
ছাঁত মেলাইছিলি চুলি;
যিহে ঘৰলৈ পৰিবি আইটি,
মূৰত বাহে ল’ব কুলি।


মাকৰ ঘৰত জীয়ৰীবোৰ আলসুৱা হয়। কাম-বনৰ বোজা সিমান নাপায়। কিন্তু শহুৰ-শাহুৰৰ ঘৰত কামৰ বোজাই জুৰুলা কৰা দেখা যায়। কামৰ বোজাত চুলিকোছা মেলি লৈ ফণিয়াবলৈও আহৰি নাইকিয়া হ’ব পাৰে। এই যোজনাৰ জৰিয়তে বোৱাৰী জীৱনটো অত্যধিক কামৰ বোজাই জুৰুলা কৰিব বুলি সতৰ্ক কৰি দিয়া হৈছে।


কাক হেন টেণ্টনক কুলি ভাণ্ডিলা,
মাংস নষ্ট ভৈলা মূলা ৰান্ধিলা।


সজাগ নহ’লে কাউৰীৰ দৰে টেঙৰ চৰাইৰ বাহত কুলিয়ে কণী পাৰি থৈ যায় আৰু কাউৰীৰ কণী ভাঙি পেলায়। সেইদৰে নভবা-নিচিন্তাকৈ কেঁচা মাংস থৈ দিলে নষ্ট হৈ যায় আৰু উপায়ন্তৰ হৈ ঘৰত থকা মূলাৰ দৰে পাচলি ৰান্ধি ভাত খাবলগীয়া হয়। এইফাঁকি ডাকৰ বচনে টেঙৰ বা চতুৰ বুলি প্ৰসিদ্ধি থকা লোকক আন এজনে ঠগা কাৰ্য আৰু সময়ৰ সদ্ব্যৱহাৰৰ বিষয়ে কৈছে।


চকু মুদা কুলিঃ

এই খণ্ডবাক্যটো আজিকালি সণ্ঢালনিকৈ ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ তাৎপৰ্য এনেধৰণৰঃ কাউৰীৰ বাহত কুলিয়ে কণী পাৰে। সেই কণী উমনি দি কাউৰীয়ে পোৱালি জগায়। কাউৰীৰ পোৱালি আৰু কুলিৰ পোৱালি দেখিবলৈ একেই যদিও কুলিৰ চকু ৰঙা, কাউৰীৰ চকু ৰঙা নহয়। সেই কথা কুলি পোৱালিবোৰেও জানে। সেয়ে কাউৰীজনীয়ে টোপ লৈ বাহলৈ আহোঁতে ধৰা পৰোঁ বুলি ভাবি নিজক বচাই স্বাৰ্থ সিদ্ধি কৰিবলৈ চকুকেইটা মুদি দিয়ে। ফলত কাউৰীয়ে নিজৰ পোৱালি বুলি ভাবি কুলিৰ পোৱালিকেই ডাঙৰ-দীঘল কৰে। অৰ্থাৎঃ স্বাৰ্থ সিদ্ধিৰ বাবে নিজক লুকুৱাই ৰখা ব্যক্তি।
কুলিপৰা আম খণ্ডবাক্যটোত থকা ‘কুলি’ শব্দটোৱে কুলি চৰাইক বুজোৱা নাই। সৰু সৰু টিলিকি আমত এবিধ ছঠেঙীয়া পোক ওলায়। কিছুমান মাখন ৰঙৰ আৰু কিছুমান ক’লা। মাখনীবিধক বহুতে খায়ো। ক’লাবোৰ পূৰঠ বাবে উৰি যাব পাৰে। বগাবোৰে পূৰঠ নোহোৱাৰ বাবে উৰিব নোৱাৰে। এই পোকবোৰক কুলি বোলে। এই কুলিয়ে আমটো ভিতৰি ভিতৰি খাই শেষ কৰে। গতিকে কুলিপৰা আম মানে বাহিৰতহে ৰং চং, ভিতৰত একো নাই। মানুহৰ ক্ষেত্ৰতো কথাষাৰ প্ৰযোজ্য। অৱশ্যে কুলি পৰা আমটো বাছি বাছি ভাল অংশ খাব পাৰি। এইবিধ ‘কুলি’ৰপৰাহে হয়তো ‘পেট-কুলি’ শব্দটো সৃষ্টি হৈছে। পেট-কুলিৰ অৰ্থ কপটীয়া লোক।


ঢাপত গজা, কুলিয়ে পদাঃ

এটা অতি জনপ্ৰিয় খণ্ডবাক্য। অসমীয়া মানুহে বাৰীৰ চাৰিওফালে চাৰি ঢাপ মাৰে। এই ঢাপত জেওৰা দি বাৰী সুৰক্ষিত কৰে। সেয়ে ঢাপত গছপুলি ৰুব নিবিচাৰে। কিন্তু তাত কিবা প্ৰকাৰে গছপুলি গজেই। তেনেকৈ গজা গছবোৰক সাৰ-জাবৰ দিয়া নহয় বাবে বৰ সবল নহয়। তেনেদৰেই ঢাপত এজোপা আমগছ গজিল। কিন্তু দুৰ্ভাগ্যক্ৰমে তাত লগা আমবোৰতো কুলিয়ে পাদে। আমবোৰৰ আগটো গছতেই গেলি গ’লে তাক কুলিয়ে পদা বোলে। আচলতে বসন্ত কালত আৰ্দ্ৰতা আৰু তাপৰ বাবে আমগছত ভেঁকুৰ আৰু বেে”ৰিয়াজনিত ৰোগে দেখা দিয়ে। Powdery mildew, Anthracnose, Phoma blight, Bacterial canker, Rd rust আদিৰ বাবে হোৱা ৰোগৰ ফলত আধাপকা অৱস্থাত বা কুমলীয়া অৱস্থাতে ফল সৰে, এইবোৰকে কুলিয়ে পদা আম বুলি কোৱা হয়। আচলতে এয়া কুলি চৰায়ে পদাৰ বাবে কুলিয়ে পদা হোৱা নাই। এই খণ্ডবাক্যটো তলৰ যোজনাটোৰপৰা আহিছেঃ


ঢাপত গজা, কুলিয়ে পদা
সবাহলৈ গ’লে মাহ-চাউল নোপোৱা।


প্ৰতীকবাদ আৰু কুলি ঃ
তীক্ষ্ণ, মধুৰ শব্দৰ বাবে জনাজাত কুলিৰ মাতৰ সূক্ষ্মতাবোৰে সহজেই চিনিব পাৰি। দক্ষিণ-পূব এছিয়াৰ থলুৱা প্ৰজাতিৰ এই ধুনীয়া, সুৰীয়া চৰাইবিধ বিশ্বৰ বহু ঠাইত বসন্ত আৰু গ্ৰীষ্মকালৰ প্ৰতীক হিচাপে পৰিচিত। এই চৰাইবিধক সঁচাকৈয়ে অনন্য কৰি তোলা কথাটো হ’ল মানুহৰ সৈতে ইহঁতৰ জটিল সম্পৰ্ক। কোলাহলপূৰ্ণ এলাৰ্ম ঘড়ীৰপৰা আৰম্ভ কৰি সাংস্কৃতিক লোককথা আৰু ধৰ্মীয় প্ৰতীকলৈকে কুলিয়ে মানৱ জীৱনত অনাদি কালৰপৰাই এক বিশেষ স্থান দখল কৰি আহিছে।
আমেৰিকাৰ থলুৱা সংস্কৃতিত কুলি চৰাইক প্ৰায়েই আধ্যাত্মিক আৰু প্ৰতীকী ৰূপত পোৱা যায়। কাৰণ ইয়াক শক্তি আৰু অভিযোজন ক্ষমতাক প্ৰতিনিধিত্ব কৰা বুলি গণ্য কৰা হয়; যিবোৰ জীৱনৰ প্ৰত্যাহ3ানসমূহ অতিক্ৰম কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বাবে প্ৰয়োজনীয় গুণ। প্ৰকৃতিৰ উপাদানসমূহৰ মাজত বিদ্যমান সুন্দৰ ভাৰসাম্যৰ কথাও ই সোঁৱৰাই দিয়ে। কুলি কেৱল নিজাববীয়াকৈ শক্তিশালী নহয়, ইয়াৰ গীতে আন চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ মাজতো সমন্বয় আনিব পাৰে। সেই হিচাপে ই আমেৰিকাৰ থলুৱা শিক্ষাত ঐক্যৰ প্ৰতীক হিচাপে কাম কৰে। তদুপৰি এই চৰাইবিধে ব্যক্তিক প্ৰকৃতি জগতৰ সৈতে তেওঁলোকৰ আধ্যাত্মিক সংযোগ শক্তিশালী কৰাত সহায় কৰে। গছ আৰু চিঞৰ-বাখৰ কৰি থকা চৰাইৰে আগুৰি থকা সময় কটালে জীৱনৰ গভীৰ ৰহস্য বুজি পোৱাত সহায়ক হয়।
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া, আফ্ৰিকা আদি বহু অঞ্চলত পোৱা কুলি প্ৰজাতিৰ চৰাইৰ বাবেই এই সমগ্ৰ অঞ্চলবোৰতে কাব্য, মিথ আৰু কাহিনীৰ সৃষ্টি হৈছে। লোককথাত কুলিক সম্পৰ্কত অবিশ্বাসৰ প্ৰতীক হিচাপে দেখা যায় আৰু লগতে গ্ৰীষ্মকালৰ আগমনৰ কথা ঘোষণা কৰা প্ৰথমজন বাৰ্তাবাহক হৈ নতুন আৰম্ভণিৰ আশাৰ সংকেত দিয়া বুলিও গণ্য কৰা হয়।


কুলি চৰাই পুৰণি বিশ্বৰ ক্ৰান্তীয় অঞ্চলৰ এক চিনাকি প্ৰজাতি; যাৰ প্ৰতীকী তাৎপৰ্যই সংস্কৃতিক অতিক্ৰম কৰে। উদাহৰণস্বৰূপে, হিন্দু পৌৰাণিক কাহিনীত ই ঐশ্বৰিক প্ৰেমৰ এক উল্লেখযোগ্য প্ৰতীক। খ্ৰীষ্টান প্ৰতীকবাদৰ ভিতৰতো ইয়াক পোৱা যায়। খ্ৰীষ্টান ধৰ্মত ইয়াক ধৈৰ্য আৰু নিষ্ঠাৰ দৰে কেইবাটাও বিষয়বস্তুৰ প্ৰতীক হিচাপে সন্নিবিষ্ট কৰা হৈছে, য’ত পুৰুষে নিজৰ সন্তানক ডাঙৰ-দীঘল কৰা, পিতৃ-মাতৃত্বৰ কৰ্তব্য ভাগ কৰাৰ পূৰ্বে নিজৰ সংগীৰ বাবে অপেক্ষা কৰে। মাইকী কুলিৰ কাব্যিক চিঞৰটো মৰিয়মে যীচুক মাতি অনাৰ সৈতে মিল থকা বুলি কোৱা হৈছে।
কেলটিক প্ৰতীকবাদে কুলি চৰাইক ৰূপান্তৰ আৰু আত্ম-অন্বেষণৰ প্ৰতীক হিচাপে চিত্ৰিত কৰিছে। ইয়াৰ উজ্জ্বল ৰং আৰু সুকীয়া চিঞৰ-বাখৰবোৰে জীৱনৰ প্ৰতি থকা উত্তেজনাক প্ৰতিনিধিত্ব কৰে, আনহাতে ইয়াৰ প্ৰব্ৰজনকাৰী আচৰণে নিজৰ শক্তিক সদ্ব্যৱহাৰ কৰাৰ ধাৰণাটোক চিত্ৰিত কৰে। কুলিক অধিক সচেতনতা, বৃদ্ধি আৰু অন্তৰ্দৃষ্টিৰে জীৱনৰ পথটো সচেতনভাৱে অতিক্ৰম কৰাৰ সোঁৱৰণি হিচাপে দেখা যায়। কেলটিক সংস্কৃতিত এই চৰাইবিধৰ প্ৰবল আধ্যাত্মিক অৰ্থ আছে আৰু ইয়াৰ সৈতে বিভিন্ন ধৰণৰ দেৱীৰ সম্পৰ্ক আছে, যিয়ে পাছলৈ ব্যক্তিগত বৃদ্ধিৰ যাত্ৰাত নামিপৰা লোকসকলক পথ প্ৰদৰ্শন, শক্তি আৰু সামৰ্থ প্ৰদান কৰিব পাৰে। কুলিয়ে মানুহক সোঁৱৰাই দিয়ে যে মানুহে সমাজৰ আশাৰ লগত খাপ খুৱাই লোৱাৰ প্ৰয়োজন নাই; বৰঞ্চ যেতিয়া মানুহক বেলেগ পথত নামিবলৈ আহ3ান জনোৱা হয় তেতিয়া মানুহে অন্তৰ্দৃষ্টি অনুসৰণ কৰাটো প্ৰয়োজন।
শতিকাজুৰি সমগ্ৰ আফ্ৰিকাতে কুলি চৰাইক শ্ৰদ্ধা কৰি অহা হৈছে। সাধাৰণতে ই আধ্যাত্মিক আৰু সাংস্কৃতিক বিশ্বাসৰ এক গোট। কুলিৰ ক’লা চিক্‌চিকিয়া পাখিয়ে আফ্ৰিকান সংস্কৃতিত উৰ্বৰতাৰপৰা আৰম্ভ কৰি চিৰজীৱনলৈকে একাধিক প্ৰতীকৰ প্ৰেৰণা যোগাইছে। আফ্ৰিকাৰ বহু ঠাইত কুলি চৰাইৰ মাত শুনিলে ভাগ্য উদয় হয় আৰু সমৃদ্ধিৰ সৃষ্টি হয় বুলি কোৱা হয়। ফলত বহু আফ্ৰিকান গাঁৱৰ লোকে সৌভাগ্যক আকৰ্ষণ আৰু দুষ্ট আত্মাক দূৰ কৰাৰ উপায় হিচাপে দুৱাৰৰ খুঁটাত কুলিৰ পাখি ওলোমাই ৰাখে।


কুলিৰ আধ্যাত্মিক অৰ্থ ঃ
দক্ষিণ এছিয়াৰ বহু সংস্কৃতিত আধ্যাত্মিক জ্ঞানৰ চিৰস্থায়ী প্ৰতীক হিচাপে পৰিগণিত হৈছে কুলি চৰাই। ইয়াৰ আহ্বানৰ সুন্দৰ শব্দই শ্ৰোতাৰ মন মুকলি কৰি উৎফুল্লিত হ’বলৈ উৎসাহিত কৰে। আনকি ৰাতিৰ সময়ত যেতিয়া আন বেছিভাগ চৰাই শুই থাকে, তেতিয়াও কুলিৰ মাতে সচেতন আৰু সজাগ হৈ থাকিবলৈ সোঁৱৰাই দিয়াৰ ইংগিত দিয়ে। ইয়াৰ মাত শুনা মানে আভ্যন্তৰীণ জ্ঞান লাভ কৰা; কিয়নো ইয়াক মানুহৰ ওচৰলৈ জ্ঞান কঢ়িয়াই নিয়া ঈশ্বৰৰ দূত বুলি বিশ্বাস কৰা হয়। ভাৰতত ই ঈশ্বৰত্বৰ প্ৰতীক হিচাপে কাম কৰে, বহু সম্প্ৰদায়ে ইয়াক পূজা কৰে। কাৰণ তেওঁলোকে বিশ্বাস কৰে যে কুলি স্বয়ং কৃষ্ণৰ সৈতে জড়িত। তদুপৰি কুলিৰ শান্ত আচৰণ আৰু অকলশৰীয়া উৰণৰ ধৰণে নিজৰ প্ৰতি সঁচা জীৱন কেনেকৈ জীয়াই থাকিব লাগে সেই বিষয়ে শিকাইছে। গতিকে ইতিহাসৰ পাতত কুলি চৰাই আধ্যাত্মিকতাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আহিছে।


সপোনত কুলি ঃ
সমগ্ৰ বিশ্বৰ লোক-পৰম্পৰা আৰু মিথত কুলি চৰাইৰ আবিৰ্ভাৱৰ ইতিহাস বহু পুৰণি। বহু সংস্কৃতিত ইয়াৰ স্বকীয় আহ্বান শুনিলেই অতি সোনকালে মহান আধ্যাত্মিক আৰোহণৰ সময় অনুভৱ কৰিব বুলি বিশ্বাস কৰা হয়। কুলিৰ বিষয়ে সপোন দেখাটো ভৱিষ্যতৰ শুভংকৰ প্ৰতীক হ’ব পাৰে, যিটো প্ৰায়ে গভীৰ ৰূপান্তৰ আৰু ব্যক্তিগত বৃদ্ধিৰ সৈতে জড়িত। উদাহৰণস্বৰূপে, কিছুমান আফ্ৰিকান জনজাতিৰ মাজত বিবাহ বা জীৱিকা পৰিৱৰ্তনৰ দৰে সাহসী জীৱন পৰিৱৰ্তন কৰাসকলৰ বাবে ই সাহস আৰু অধ্যৱসায়ক প্ৰতিনিধিত্ব কৰে।
মনোমোহা সুন্দৰ আহ্বানৰ সৈতে ৰহস্যময় ক’লা চৰাইবিধ বহু দেশৰ লোককথা আৰু অন্ধবিশ্বাসত সৰ্বত্ৰ বিয়পি আছে। উদাহৰণস্বৰূপে, ভাৰতত কুলিৰ চিঞৰক শুভকামনা আগমনৰ লক্ষণ হিচাপে গণ্য কৰা হৈছিল। কিছুমান সংস্কৃতিত বিশ্বাস কৰিছিল যে সপোনত কুলি দেখাতো কোনো আধ্যাত্মিক সত্তা বা পূৰ্বপুৰুষৰ আগমনৰ প্ৰতীক। আনহাতে কিছুমানে কুলিৰ স্বপ্নদৰ্শনক তেওঁলোকৰ আধ্যাত্মিক পৰিৱেশৰপৰা অহা গোপন বাৰ্তাৰ সংযোগী বুলি ভাবিছিল।


পৌৰাণিক কাহিনী আৰু লোককথাত কুলিৰ অৰ্থ ঃ
কুলি চৰাই এছিয়াৰ বহু অংশৰ পৌৰাণিক কাহিনী আৰু লোককথাত গভীৰভাৱে শিপাই আছে। কোৰিয়া আৰু ভাৰতৰ দৰে কিছুমান সংস্কৃতিত কুলি চৰাইৰ চিঞৰ-বাখৰক আকাশৰপৰা অহা আশীৰ্বাদ হিচাপে গণ্য কৰা হৈছে। কিছুমান পৌৰাণিক কাহিনীমতে কুলিৰ সুৰীয়া গান শুনিলে যিকোনো নেতিবাচক শক্তি নিকা হয় বুলি বিশ্বাস কৰা হয়। তিব্বতী পৌৰাণিক কাহিনীত কুলিক মানুহক দেৱতাৰ সৈতে সংযোগ কৰা এটা পুৰণি আত্মা বুলি কোৱা হয়। এনেধৰণৰ বৈচিত্ৰ্যময় মিথ আৰু বিশ্বাসবোৰে এই চৰাইবিধক যুগ যুগ ধৰি পবিত্ৰ কৰি ৰাখিছে। ইয়াৰ সৌভাগ্য আৰু আকৰ্ষণীয় সৌন্দৰ্যঃ দুয়োটাই বিশ্বজুৰি প্ৰশংসকক মোহিত কৰি আহিছে।


‘টটেম’ হিচাপে কুলি ঃ
টটেম প্ৰাণী বাছি লোৱাসকলৰ বাবে কুলি চৰায়ে আধ্যাত্মিক বৃদ্ধি আৰু বহুমুখীতাক প্ৰতিনিধিত্ব কৰে। কুলি নিজৰ গীতৰ বাবে পৰিচিত। এইবিধ চৰাইৰ কণ্ঠস্বৰৰ শক্তি নিজৰ আধ্যাত্মিক জ্ঞান সম্প্ৰসাৰণ কৰিব বিচৰা যিকোনো লোকৰ বাবে এক উৎকৃষ্ট শিক্ষকসদৃশ। এই চৰাইবিধে বতৰৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ পৰিসৰ সলনি কৰে, গতিকে ই মানুহক নিজৰ জীৱন সলনি হোৱাৰ লগে লগে খাপ খুৱাব পৰাকৈ থাকিবলৈ শিকায়। ই স্বাধীনতা আৰু স্বাধীনতাৰ অনুভূতিৰ প্ৰতীক; কাৰণ ই যি পৰিস্থিতিৰেই সন্মুখীন নহওক কিয়, নিজৰ প্ৰতি বিশ্বাসী হৈ থাকে। তদুপৰি এই টটেম প্ৰাণীটোৱে সোঁৱৰাই দিয়ে যে, মানুহ অনন্য হ’লেও মানুহৰ জীৱনত সহজাতভাৱে উপস্থিত থকা ঐক্যও আছে।


কুলিৰ ‘টেটু’ৰ অৰ্থ ঃ
কুলি চৰাইৰ টেটু কৰাটো বিশ্বৰ বহু সংস্কৃতিৰ পৰম্পৰাগত মূল্যবোধৰ প্ৰতি সন্মান প্ৰকাশ কৰাৰ এক বিশেষ উপায়। দক্ষিণ এছিয়াত ই পৰিয়ালৰ আনুগত্য আৰু বুজাবুজিৰ প্ৰতীক। আনহাতে জাপানত ইয়াক প্ৰায়েই ভাগ্যৰ শুভ-চিন বুলি গণ্য কৰা হয়। কুলিয়ে সমন্বয় আৰু ভাৰসাম্যকো প্ৰতিনিধিত্ব কৰে। ইহঁতৰ সংগমৰ বতৰ সাধাৰণতে জুন মাহৰপৰা মাৰ্চলৈকে থাকে— ই ঋতুৰ পৰিৱৰ্তনৰ প্ৰতীক। প্ৰসংগ অনুসৰি ইয়াৰ অৰ্থ বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰিব পাৰি।

কুলি ধৈৰ্য, শান্তি আৰু স্থিতিস্থাপকতাৰ প্ৰতীক। ইয়াৰ আধ্যাত্মিক অৰ্থই মানুহক কঠিন সময়ত ধৈৰ্য ধৰিবলৈ আৰু বেয়া সময় আৰু কষ্ট সময়ৰ লগে লগে ভাল হ’ব বুলি বিশ্বাস কৰিবলৈ সোঁৱৰাই দিব পাৰে। কুলিও শক্তিশালী টটেম, যিয়ে আমাক আমাৰ উচ্চস্বৰূপ আৰু আমাৰ চৌপাশৰ প্ৰাকৃতিক জগতখনৰ সৈতে সংযুক্ত হৈ থাকিবলৈ সহায় কৰিব পাৰে।

জীৱনত মানুহ যেনেধৰণৰেই নহওক কিয়, কুলি মানুহৰ আধ্যাত্মিক মিত্ৰ আৰু শক্তিৰ উৎস হ’ব পাৰে। কুলিয়ে মানুহক নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। ইতিবাচক মনোভাৱ ৰাখিবৰ বাবে উৎহাসী কৰিব পাৰে।

কুলিৰ বিষয়ে আৰু বহু কথাই আছে। পক্ষীবিদ, জীৱবিদসকলে বছৰি নতুন নতুন তথ্য আৱিষ্কাৰ কৰি আহিছে বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি আদিক লৈ। এই ক্ষেত্ৰত কুলি চৰাইকো নিলগাই ৰখা নাই। লেখাৰ পৰিসৰ বাঢ়ি যোৱাৰ শংকাত বিতং আলোচনাৰপৰা বিৰত থকা হৈছে। শেষত এফাঁকি বিহুনামেৰে কুলি বিষয়ক এই লেখাৰ সামৰণি মৰা হ’লঃ


ৰৈ ৰৈ বিনালে বনৰে কেতেকী,
ৰৈনো ৰৈ বিনালে কুলি,
নৈৰে ঘাটতে কোনে সুৰে জোৰে,
চেনেহৰ চেনাইটি বুলি।

( লেখক প্ৰবন্ধকাৰ আৰু কবি হিচাপে সুপৰিচিত )