হোমেন বৰুৱা
বিহুনামবোৰ অসমীয়াৰ বাপতিসাহোন। সাধাৰণ অনাখৰী লোকৰ সৃষ্টি বিহুনামবোৰ অতীজৰে পৰা একাদিক্ৰমে চলি আহিছে। এই গীতবোৰ বহু অৰ্থব্যঞ্জক আৰু ভাৱব্যঞ্জক। “বিহুনামবোৰ মূলতঃ অসমীয়া জাতীয় জীৱনৰ পৰিচয় জ্ঞাপক লোক বা মৌখিক ইতিহাস। বিষয়বস্তু আৰু ৰূপকল্পৰ ফালৰ পৰা বিহুনামবোৰ বহুমাত্ৰিক লোকসাহিত্যৰ সমল। ইবোৰত যিদৰে জাতীয় ঐতিহ্য, সংস্কৃতি, প্ৰকৃতি আদিৰ প্ৰকাশ ঘটিছে তেনেদৰে সাৱটি লৈছে জাত-পাত বিৰোধিতা, দৰিদ্ৰতা, সমাজ-সমস্যা, কৃষি-জীৱন আদি বিষয়ক। তদুপৰি আমাৰ জাতীয় ইতিহাসৰ অংগ স্বৰূপ মণিৰাম দেৱান, ফুলকোঁৱৰ, মণিকোঁৱৰ, সতী জয়মতী, শিৱ-পাৰ্বতী, নাহৰ-কাঞ্চনমতী, ল’ৰা-ৰজা আদিৰ প্ৰসংগয়ো ঠাই পাইছে।” অসমীয়া মানুহৰ জীৱন-জীৱিকা খাদ্যাভ্যাস, ৰীতি-নীতি সকলোবোৰে বিহুনামত প্ৰকাশ হোৱা দেখা যায়। ৰজাঘৰীয়া ডা-ডাঙৰীয়া বা কোম্পানীৰ চাহাবৰ প্ৰতাপৰ কথা যেনেদৰে কয়, তেনেদৰে পেটে-ভাতে খাই থকা মানুহবোৰৰ দুৰ্দশাৰ কথাও বিহুনামে কয়। মুঠতে অসমীয়াৰ অন্তৰত এই গীতবোৰ নিহিত হৈ আছে। বিহুনামবোৰই অসমীয়া জাতিৰ দাপোণ স্বৰূপ। সেয়েহে অতীতৰ যিকোনো ঘটনা বিচাৰ কৰিবৰ বাবে বিহুনামবোৰ নিৰ্ভৰযোগ্য সমল হিচাপে বিবেচিত হৈ আহিছে।
অসমৰ দৰিদ্ৰতাৰ এক সামগ্ৰিক ধাৰণা-
যদি বিশেষভাৱে অসমৰ প্ৰেক্ষাপটখন চোৱা হয় তেন্তে আমি দেখা পাওঁ যে অসমৰ সমগ্ৰ অৰ্থ ব্যৱস্থাটোৱেই কৃষিকেন্দ্ৰিক। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তথ্য অনুসৰি। আনহাতেদি অসমৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ লগতে চেনি, কাগজ কল আদিৰে চলি থকা উদ্যোগ ব্যৱস্থাটোও অসমৰ অৰ্থনীতিৰ এক নিৰ্ভৰযোগ্য অংশ। কিন্তু কথা হ’ল কৃষি, উদ্যোগ আদি থকাৰ পিছতো অসমৰ জাতীয় আয় ৰাষ্ট্ৰীয় আয়ৰ তুলনাত কেতিয়াবা সম পৰিমাণৰ হ’লেও অধিক সময়ত নিম্ন হয়। উৎপাদনৰ পৰিমাণো তাৰতম্যতাৰ বাবেই জনসাধাৰণৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰা দেখিবলৈ পোৱা যায়। পঞ্চাছৰ দশকত অসমৰ জাতীয় আয়ত কৃষি খণ্ডৰ অংশ প্ৰায় ৬০ শতাংশৰ পৰা গৈ ৯০ ৰ দশকত মাত্ৰ ৩৫ শতাংশলৈ অৱনমিত হোৱাটোৱেই এই কথাষাৰৰ সত্যা-সত্য প্ৰমাণ কৰে।
এনেদৰেই অসমৰ অৰ্থনীতিৰ মূলখণ্ড কেইটাত সৃষ্টি হোৱা বেমেজালি আৰু উন্নয়নহীনতাই দৰিদ্ৰতাৰ সমস্যাটো বৃদ্ধি হোৱাতহে সহায় কৰিছে। ফলস্বৰূপে শ্ৰেণী বৈষম্যৰ ধাৰণাটোও অসমৰ সমাজ ব্যৱস্থাত ফুটি উঠা দেখা গৈছে।
বিহুনামত প্ৰকাশিত অসমৰ দৰিদ্ৰতাৰ ঐতিহাসিক কাৰণঃ
যিকোনো এটা সমস্যাৰ আঁতি-গুৰি মাৰি জানিবলৈ হ’লে কেৱল তাৰ বৰ্তমানটোক বিশ্লেষণ কৰাটোৱেই পৰ্যাপ্ত নহয়। তাৰ বাবে আমি চাব লাগিব তাৰ অতীত তথা সূত্ৰপাতৰ কাৰণ। ইতিহাসৰ অধ্যয়ন অবিহনে যিকোনো এটা সমস্যাৰ সমাধান উলিওৱাটোও প্ৰকৃতাৰ্থত অসম্ভৱ। স্বাধীনতাৰ ৭৫ বছৰ গৰকাৰ পিছতো দৰিদ্ৰতাই লগ নেৰা শস্য-শ্যামলা ৰাজ্য অসমৰ দৰিদ্ৰতাৰ সমস্যাটোৰ উৎপত্তিও তেনেই নতুন বা স্বাধীনোত্তৰ নহয়। নানান প্ৰাকৃতিক দুৰ্যোগ আৰু শাসকৰ শোষণৰ কবলত কোঙা হোৱা ৰাজ্যখনৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ কাৰণো ইতিহাস খুঁচৰি চাব লগা। সময়ৰ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে-লগে দৰিদ্ৰতাৰ সমস্যাটোৱেও ইয়াৰ ৰূপ সলাইছে। সেই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰৱন্ধটিত বিহুনামসমূহৰ জৰিয়তে অতীতলৈ ভুমুকি মাৰি কি কি কাৰকেনো সময়ে-সময়ে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা তথৈৱচ কৰিছিলে তাৰ ভু লোৱাৰ চেষ্টা কৰা হৈছে। বুৰঞ্জীসমূহ সাধাৰণতে ৰজাৰ অনুগ্ৰহতহে লিখা হয়, যাৰ বাবে স্বাভাৱিকভাৱে বুৰঞ্জীৰ বৰ্ণনা শাসককেন্দ্ৰিক হয়। শাসকৰ অপ্ৰিয় সত্যকথা লিখিবলৈ সাহস কৰা চকৰিফেঁটী বুৰঞ্জীক কীৰ্তিচন্দ্ৰ বৰবৰুৱাই জ্বলাই নিঃশেষ কৰাৰ কথা আমি জানো। কিন্তু বিহুগীত সমূহ চহা লোকৰ সৃষ্টি, ৰজা তথা ডা-ডাঙৰীয়াক ভালৰি লগাবলৈ কিছু-কিছু নাম ৰচনা কৰিলেও, মূলতঃ বিহুনামবোৰ সাধাৰণ প্ৰজাৰ সুখ-দুখ, আনন্দ-প্ৰীতিৰ স্বতঃস্ফূৰ্ত বহিৰ্প্ৰকাশ। যিকাৰণে বিহুনামবোৰত বিভিন্ন সময়ৰ সমাজখনৰ প্ৰকৃত চিত্ৰ বৰ্ণিত হোৱাৰ সুযোগ বেছি। আমাৰ আলোচনাত বিহুগীতক অধ্যয়নৰ সমল হিচাপে বাছি লোৱাৰ সপক্ষে এইটো নিশ্চয়কৈ এটা সবল যুক্তি হ’ব। এই সিদ্ধান্তৰ অৱশ্যে সীমাৱদ্ধতাও নোহোৱা নহয়, কিয়নো সীমিত পৰিসৰৰ অধ্যয়নেৰে আটাইবোৰ কাৰণৰ উল্লেখ থকা বিহুনাম সংগ্ৰহ কৰাটো দুৰূহ, যিহেতু বহুতো বিহু নাম বৰ্তমানে অপ্ৰচলিত তথা বিলুপ্ত হৈ গৈছে, গতিকে সকলোবোৰ কাৰণ প্ৰকাশ কৰা বিহুনাম নিশ্চয়কৈ আলোচনাটোত পোৱা নাযাব। অসংখ্য কাৰণৰ ভিতৰত কেইটামান মুখ্য কাৰণকহে ইয়াত উদ্ধৃত কৰা হৈছে।
যদিও বিহুৰ আৰম্ভণি সম্পৰ্কে কোনো নিৰ্ভৰযোগ্য তথ্য পাবলৈ নাই, আহোম শাসনৰ কালতে বিহুৱে ৰাজ স্বীকৃতি পোৱাৰ কথা বুৰঞ্জীত পোৱা যায়। চহা ডেকা-গাভৰুৱে গছৰ তলত নচা বিহুনাচ স্বৰ্গদেউ ৰূদ্ৰসিংহৰ আমোলতেই মাৰ্জিতভাৱে ৰংঘৰৰ বাকৰিত প্ৰদৰ্শিত হৈছিল। আজিৰ বিহুৰ এই ৰূপৰ কঠীয়া সেই সময়তেই ৰোৱা হৈছিল। বিহু নামসমূহতো ৰজা তথা ডা-ডাঙৰীয়াৰ কথাৰ লগতে ৰাজ উত্থান-পতন আৰু সেই সময়ৰ সামাজিক অৱস্থাৰ কথা উল্লেখ আছে। প্ৰায় ৬০০ বছৰ কাল ৰাজত্ব কৰা আহোম শাসনকালত অসমৰ অৰ্থনীতি কম বেছি পৰিমানে সচ্ছলেই আছিল। প্ৰজা দুখীয়া আছিল যদিও, দৰিদ্ৰতাই অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাঙিব পৰা নাছিল। পৰিৱৰ্তিত পৰিস্থিতিতহে দৰিদ্ৰতাই ভয়ংকৰ ৰূপত গা কৰি উঠিবলৈ ধৰিলে। তলত এই বিষয়ে পৰ্যায়ক্ৰমে আলোচনা কৰা হৈছে।
মোৱামৰীয়া বিদ্ৰোহৰ ফলত বিধস্ত অৰ্থনীতিঃ
“গড় গাওঁ কাৰেঙত হুৱা-দুৱা লাগিছে
বুঢ়াগোঁহাই ক’লৈবা গ’ল
লক্ষ্মীসিংহ স্বৰ্গদেউক থ’লে বন্দী কৰি
খেদোতা নোহোৱা হ’ল।”
আহোম শাসনৰ ভেটি থৰক-বৰক কৰি মোৱামৰীয়া গণ বিদ্ৰোহৰ বিদ্ৰোহীসকলে ৰজাৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈ ৰজাক বন্দী কৰিলে। দীৰ্ঘদিন ধৰি হোৱা এই গৃহ যুদ্ধই অসমৰ অৰ্থনীতি একেবাৰে ভাঙি পেলালে। কাৰ্য-কুশলী মানুহখিনিয়েই বিদ্ৰোহত যোগ দিয়াত দেশত অচলা-অৱস্থাৰ সৃষ্টি হ’ল। মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ অসমলৈ প্ৰথমবাৰৰ বাবে ঔপনিৱেশিক ইংৰাজ সকলৰ আগমন ঘটিল। পৰৱৰ্তী সময়ত মানৰ আক্ৰমণেও অসমৰ জনজীৱন আৰু অৰ্থনীতিত কুঠাৰাঘাত কৰিলে। মান দমন কৰিবলৈ পুনৰ ইংৰাজ সকল আহিল।
ইংৰাজৰ আমোলত শোষণ আৰু দৰিদ্ৰতাঃ
মানৰ অত্যাচাৰ অন্ত পেলাবলৈ অহা ইংৰাজে উভতি নগৈ অসমত স্থায়ী শাসনৰ পাতনি মেলিলে। ইংৰাজ কোম্পানীৰ শাসনৰ লগে-লগে চাহ বাগিছাসমূহ পতা হ’ল। বাগানৰ কোম্পানীত কাম কৰিবলৈ মানুহবোৰ আগ্ৰহী হ’ল।
“হালৰ গৰুৰ বেজাৰত গাই গৰু বেচিলোঁ
কঁৰিয়া তুলিলো চাঙত
তোমাৰে বেজাৰত এৰো ঘৰে-বাৰী
সোমাওগৈ কোম্পানীৰ কামত।”
কাৰণ যিয়েই নেদেখুৱাওক, স্বাধীনচিতীয়া কৃষি-কৰ্ম এৰি যে সেই সময়ৰ মানুহে কোম্পানীৰ অধীনত গোলামি কৰিবলৈ আগবাঢ়িছিল সেই কথা ইয়াৰ পৰা স্পষ্ট হয়। যাৰ ফলত কৃষি ক্ষেত্ৰ এৰাপলীয়া হৈছিল। বৰ্তমানেও দেখি থকা মানুহৰ শ্ৰমবিমুখতা আৰু চাকৰিমুখী প্ৰৱণতা সেই সময়ৰ পৰাই আৰম্ভ হোৱা যেন বোধ হয়। এইখিনিতে অৱশ্যে অন্য এটা দিশো মন কৰিব লগা— ব্ৰিটিছ শাসনৰ আমোলত আৰম্ভ হোৱা আধুনিক শিক্ষা তথা প্ৰশাসনিক ব্যৱস্থাটোত আহোম আঢ্যৱন্ত শ্ৰেণীৰ লোকসকলে অংশ গ্ৰহণৰ পৰা বিৰত আছিল, তাৰ বিপৰীতে ব্ৰাহ্মণ বা কায়স্থ লোকসকলেহে শিক্ষা, ব্যৱসায়, তথা প্ৰশাসনিক কাৰ্যত অংশ লৈ নিজকে সময়ৰ লগত খাপ খুৱাইছিল। ওপৰে ওপৰে চালে এয়া তেওঁলোকৰ স্বাভিমান যেন লাগিলেও, দকৈ গমি চালে দেখিম যে ইয়াৰ ফলত আহোম সকল সময়ৰ দৌৰত পিছ পৰি ৰৈছিল। সম্ভৱত এই কাৰণতে পৰৱৰ্তী সময়ত উদ্ভৱ হোৱা মধ্যবিত্ত আৰু সম্পদশালী শ্ৰেণীটোত আহোম লোকৰ সংখ্যা তেনেই তাকৰীয়াকৈ দেখা যায়।
“লিখিব নেজানো পঢ়িব নেজানো
কৰিব নেজানো কাম,
মহৰীও নহ’লো কেৰাণীও নহ’লো
তোমাক কেনে কৰি পাম।”
দুশ্ৰেণী পঢ়াসকলে চিধাই চাকৰিৰ বাবে মন মেলিছিল। পৰিস্থিতি এনে হৈছিল যেন খেতি কৰাটো বা শ্ৰম কৰি খোৱাটো লাজৰহে কথা। ইচ্ছাকৃতভাৱে কোনেও ইয়াৰ লগত জড়িত হ’ব খোজা নাছিল। বিয়াৰ বাবেও চাকৰি থকাটো প্ৰাথমিক চৰ্ত হৈ পৰিছিল। সেয়েহে কেৰাণী মহৰীৰ চাকৰি নাপালে বাগানত কুলিৰ কামো কৰিছিল। তলৰ নামষাৰতো একে অৰ্থ প্ৰকাশ কৰে-
“চুটি চুটি কৰি চুলিকছি কাটিলো
মহৰী হ’মেগৈ বুলি,
মহৰীও নহ’লো কেৰাণীও নহ’লো
হ’লো বেগানৰে কুলি।”
মুঠৰ ওপৰত সেই সময়ত অসমৰ মানুহৰ মাজত বাধ্যত পৰিয়েই হওক বা ইচ্ছাকৃতভাৱেই হওক খেতি এৰি কোম্পানীৰ কামলৈ ঢাপলি মেলাৰ এটা প্ৰৱণতা গঢ় লৈ উঠিছিল। যাৰ কু-প্ৰভাৱ দীৰ্ঘম্যাদীকৈ অসমৰ অৰ্থনীতিত পৰিছিল। ঔপনিৱেশিকতাৰ মূল কথাই হ’ল শূন্য বিয়োগেৰে ঔপনিৱেশিক দেশৰ পৰা সম্পূৰ্ণ সম্পদ আহৰণ কৰি মাতৃ দেশখনৰ ভঁৰাল চহকী কৰা। কোনো ঔপনিৱেশিক শক্তিয়েই অইন দেশৰ কল্যাণৰ বাবে উপনিৱেশ স্থাপন নকৰে। ইংৰাজো ইয়াৰ ব্যতিক্ৰম নাছিল। ৰাজ্যখনত প্ৰচুৰ পৰিমাণে থকা সম্পদসমূহ ইংৰাজে সৰ্বতোপ্ৰকাৰে শোষণ কৰিছিল।
“ ছাঁ পাই বগলী চৰে সমনীয়া
পানী পাই বগলী নাচে,
কোন শতৰুৱে চাহাবক লগালে
মৈদামত কেঁচা সোণ আছে।”
নামষাৰত ইংৰাজৰ শোষণৰ পৰ্যায়ৰ উমান পাব পাৰি, আনকি মৈদামত থকা সোণ-ৰূপ আদি মূল্যৱান সম্পদসমূহো তেওঁলোকৰ শেন দৃষ্টিৰ পৰা সাৰি যোৱা নাছিল। বিভিন্ন সম্পদসমূহ কাঢ়ি নিয়াৰ লগতে, সেই অসমৰ মানুহৰ ওপৰত বিভিন্ন কৰ আৰোপ কৰি আৰ্থিকভাৱে দুৰ্বল কৰি পেলাইছিল। খাজানা দিব নোৱাৰি কৃষকে নিজৰ মাটি হেৰুৱাব লগা হৈছিল। তাৰ লগে-লগে ভূমিপতি শ্ৰেণী এটাৰো সৃষ্টি হ’ল।
কানিৰ প্ৰচলন ঃ
কোম্পানীৰ আমোলতে অসমত প্ৰচুৰ পৰিমানে আফিং বা কানিৰ প্ৰচলন হ’বলৈ ধৰিলে। চৰকাৰৰ ছত্ৰছায়াতে বিপণন হোৱা আফিং খায়ে বহুত মানুহ সোৰোপা আৰু কৰ্ম বিমুখ হৈ পৰে।
তলৰ নাম কেইষাৰত তাৰ উমান পোৱা যায় ঃ
“ শিৱসাগৰ শুকাব আফু কানি ওলাব
আফিঙৰ পাতিব খোলা
কোম্পানীৰ বাগিছা সদাগৰী কৰিব
ডেকা ল’ৰা কৰিব বুঢ়া”
“ কালিয়ে আহিলা কানি পান কৰিলা
ঘৰত বা হৈছে কি
ৰণুৱা বঙালে মাৰক ধৰি নিলে
কাণতে বন্দুকটো দি।”
ব্ৰিটিছে সেই সময়ৰ মানুহখিনিক শাৰীৰিক তথা মানসিকভাৱে পঙ্গু কৰি ৰাখিব খুজিছিল। কানি বৰবিহে মানুহবোৰক এনেদৰে ছানি ধৰিছিল যে নামষাৰত উল্লেখ থকাৰ দৰে নিজা ঘৰ-বাৰী, পৰিয়ালৰ কি হৈছে তাৰ খবৰ ৰাখিবলৈও পাহৰি গৈছিল। কানিৰ বাবেই নিজৰ ভেটি মাটি টুকুৰাও বন্ধকত দিয়াৰ কথা পঢ়িবলৈ পাওঁ। নিজৰ পৰাধীনতা বা আৰ্থিক শোষণৰ কথা ভাবিবলৈ সেই সময়ৰ মানুহবোৰৰ সামৰ্থ নোহোৱা হৈছিল। যৌৱনপ্ৰাপ্ত গাভৰুকো সেয়েহে কানিয়ালৈ নাযাবলৈ সাৱধান কৰি দিয়া হৈছিল-
“ কানিয়ালৈ নাযাবি কানি দিব লাগিব
বাটি দিব লাগিব মাজি
কানি তিতা মাৰোতে পিঠা দিব লাগিব
তাকো দিব লাগিব ভাজি।”
বানপানীৰ প্ৰকোপ তথা নিম্ন কৃষিৰ উৎপাদন ঃ
“নৈ কাষৰীয়া মাটি তাকৰীয়া
জোৰে ছমাহলৈ ভাত
বাকী ছমাহলৈ জোৰাব নোৱাৰি
মুখৰে হৰিছে মাত।”
হাড় ভঙা শ্ৰম কৰিলেও কম মাটিতে পুৰণিকলীয়া পদ্ধতিৰে খেতি কৃষকে ভাল উৎপাদন পোৱা নাছিল। বৰ্তমানেও অব্যাহত থকা এই সমস্যাটো দৰিদ্ৰতাৰ অন্যতম কাৰণ হিচাপে চিনাক্ত কৰিব পাৰি, অতীতৰে হওক বা বৰ্তমানৰে।
“ এই বেলি আহুধান পানীয়ে মাৰিলে
অহাবেলি আহুধান পাম
এনুৱা যৌৱন কাল এবাৰ গুচি গ’লে
আকৌ জানো উভতাই পাম।”
বানপানীৰ সমস্যাটোৱে কৃষকক প্ৰায় জুৰুলা কৰিছিল। অতি কষ্টৰে কৰা খেতি কেইডাল বানে মাৰি বছৰটোলৈ কৃষিজীৱি অসমীয়াক নিথৰুৱা কৰিছিল। বানপানীৰ বাবেই অসমৰ অৰ্থনীতি বহুদূৰ পিছপৰি ৰৈছিল। এনে কাৰণতে কেতিয়াবা সাধাৰণ মানুহবোৰে খাদ্য সংকটতো পৰিছিল। বাৰী ঢাপৰ আলু-কচুৱেই ভোক নিবাৰণৰ সম্বল হৈছিল।
তলৰ নামষাৰে তাৰেই বৰ্ণনা কৰে ঃ
“ আয়ে তুলিলে কতনা দুখেৰে
ঢাপৰ আলু কচু খাই,
বোপাই বিলনীয়াই বিলাই পঠিয়াব
লোকৰ কটা তামোল খাই।”
এইদৰেই মোৱামৰীয়া বিদ্ৰোহৰ পৰা ব্ৰিটিছৰ আমোললৈকে পৰম্পৰাগত শাসন আৰু অৰ্থনৈতিক ব্যৱস্থা এটাৰ পৰা পৰিৱৰ্তন হৈ পশ্চিমীয়া আধুনিক প্ৰশাসন আৰু অৰ্থনৈতিক ব্যৱস্থা এটাত খাপ খাবলৈ বাধ্য হোৱা অসমৰ মানুহে লেথাৰিকৈ দৰিদ্ৰতাৰ সন্মুখীন হৈছিল।
অসমৰ দৰিদ্ৰতাৰ কাৰণৰ সামগ্ৰিক বিশ্লেষণ ঃ
চিৰচিন্তনীয় অসমৰ দৰিদ্ৰতাৰ সমস্যাটোৰ ঐতিহাসিক যোগসূত্ৰ বিচাৰি বিহুনামসমূহ বিশ্লেষণ কৰি দৰিদ্ৰতাৰ বহুমাত্ৰিক ৰূপটো ধৰিব পাৰি। বৰ্তমান যিবোৰক আমি দৰিদ্ৰতাৰ কাৰণ বুলি উল্লেখ কৰো, সেই সমস্যা বিলাক প্ৰায়ভাগৰে ঐতিহাসিক পটভূমি বিচাৰি পাওঁ। সেয়েহে বিহংগম দৃষ্টিৰে কেৱল কোনো এটা কাৰণকে দৰিদ্ৰতাৰ কাৰণ বুলি আঙুলিয়াব নোৱাৰো, ইয়াৰ বিস্তৃত অধ্যয়নৰ প্ৰয়োজন আছে।
অধ্যয়নৰ পৰা এটা কথা মন কৰিব পাৰি যে, অসমৰ দৰিদ্ৰতা কেতিয়াবা যদি গৃহ যুদ্ধ বা বিদেশী আক্ৰমণৰ কাৰণে হৈছিল, আন কেতিয়াবা শাসকৰ অত্যধিক কৰ আৰোপ আৰু অৰ্থনৈতিক শোষণ, বা চাকৰিমুখী প্ৰৱণতাৰ বাবে হৈছিল। কেতিয়াবা আকৌ নিচাযুক্ত দ্ৰব্যৰ কৱলত পৰি মানুহবোৰ কৰ্মবিমুখ হোৱাৰ বাবে হৈছিল। প্ৰাকৃতিক দুৰ্যোগৰ ফলত বা অনুৰ্বৰ তাকৰীয়া মাটিত হোৱা নিম্ন কৃষি উৎপাদনো দৰিদ্ৰতাৰ অন্যতম কাৰণ। এই কাৰণবোৰৰ যে কেৱল অতীততে প্ৰভাৱ আছিল এনে নহয়। ইয়াৰ সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱে বৰ্তমানেও দৰিদ্ৰতাৰ সৃষ্টিত অৰিহণা যোগাইছে।
প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে-লগে বৰ্তমানৰ দৰিদ্ৰতাৰ স্বৰূপো সলনি হৈছে। দিনকদিনে ৰাজ্যত বৃহৎ হাৰত শিক্ষিত নিৱনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে। জনসাধাৰণৰ মাজতো কৃষি তথা কৰ্মবিমুখীতাও কমক চাৰি বাঢ়িছেহে। বিনামূলীয়া সেৱা প্ৰদানৰ আঁচনিৰে ভোট আদায় কৰাৰ ৰাজনীতিত পাৰ্গত চৰকাৰসমূহেও দূৰদৰ্শী পৰিকল্পনা হাতত লৈ সমস্যাটোৰ সমাধানৰ সদিচ্ছা দেখুওৱা নাই। বিহুনামসমূহ বিশ্লেষণ কৰোতে এটা কথা লক্ষ্য কৰা হ’ল যে, অসমীয়া মানুহ অতীতৰে পৰাই ব্যৱসায়ী নহয়। কম-বেছি পৰিমানে আত্মনিৰ্ভৰশীল অসমীয়াই কেৱল প্ৰথমাৱস্থাত কেৱল লোণ আৰু সোণৰ বাবেহে বহিঃ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল। কৃষি নিৰ্ভৰ অসমীয়াই সেয়েহে ব্যৱসায়ৰ কথা ভৱাৰ প্ৰয়োজন বোধেই কৰা নাছিল। দুই এজন সদাগৰ বা ব্যৱসায়ী ওলালেও তেওঁলোকক এক শোষণৰ প্ৰতীক হিচাপেহে গণ্য কৰা হৈছিল (বহু ক্ষেত্ৰত সেয়া সঁচাও)। যিটো কাৰণত এতিয়াও অসমীয়াই খুৱ কম সংখ্যক ব্যৱসায়ীকহে জন্ম দিব পাৰিছে। তাৰ প্ৰভাৱ শস্য উৎপাদনকাৰী সকলৰ ওপৰত পৰে। হাড ভঙা পৰিশ্ৰম কৰি শস্য উৎপাদন কৰিলেও নিজা বজাৰ এখন নথকাত তেওঁলোক উপযুক্ত লাভাংশৰ পৰা বঞ্চিত হয়। তাৰ লগতে উল্লিখিত দুই-এক বিহুনামত দেখিলো যে প্ৰধান জীৱিকা খেতি হ’লেও, কৃষকসকল বছৰটোলৈ জোৰাকৈ ধান উৎপাদন হ’লেই সন্তুষ্ট হৈছিল। তাৰ ওপৰঞ্চিকৈ বিক্ৰীৰ বাবে ব্যৱসায়ভিত্তিক খেতি কৰা ধাৰণাটো অসমীয়া কৃষকৰ মাজত তেনেই নতুন।
পিছে অলেখ সীমাবদ্ধতা থাকিলেও আমি একেবাৰে নিৰাশ হোৱা যুগুত নহ’ব। বহুতো নিৰাশাৰ মাজতো অসমীয়াই নিজৰ আৰ্থিক উদগতিৰ বাবে চেষ্টা কৰা কৰিছিল। কৰ্মবিমুখীতা তথা কেৱল চাকৰিমুখী প্ৰৱণতাক বাদ দি পুনৰ খেতি কৰাৰ মন মেলিছে। বিহুনামত তাৰো বৰ্ণনা পোৱা যায়-
“ মহৰীও নহ’লো কেৰেণীও নহ’লো
নাপালো কোম্পানীৰ কাম,
সেইবুলি লাহৰী নাহো বুলি নক’বি
দুয়ো খেতি কৰি খাম।”
“ দুখীয়া এবুলি ভাবিলে কি হ’ব
যি আছে কপালত হ’ব
দুখনি হাতেৰে ৰুয়ে দায়ে যামে
নাই দেহা সিপাৰে যাব। ‘’
মনৰ চহকী অসমীয়াই নিজক কেতিয়াও দুখীয়া বুলি ভৱা নাই। শাৰীৰিক শ্ৰম আৰু পথাৰ খনেই যে তেওঁলোকৰ তেওঁলাকৰ পেটৰ ভোক আৰু যৌৱনৰ সপোন পূৰণ কৰিব পাৰে সেই কথা তেওঁলোকে বাৰে বাৰে উপলব্ধি কৰিছে। এইদৰেই কৰ্মসংস্কৃতি পুনৰ গঢ় দি আমি হয়তো বৰ্তমানৰ দৰিদ্ৰতাৰ সমস্যাটোৰ পৰা কিছু পৰিমানে হ’লেও উধাব পাৰিম। শতিকাজোৰা এই সমস্যাৰ পৰা তাৎক্ষণিক পৰিত্ৰাণ পোৱা সম্ভৱ ন’হলেও দীৰ্ঘম্যাদী চিন্তা চেতনাৰে আগবাঢ়িলে আমি নিশ্চয় এদিন দৰিদ্ৰতাৰ হাতোৰাৰ পৰা মুক্তি লাভ কৰিব পাৰিম।
( লেখক ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰ, ঠিকনা ঃ বালিয়নী, ঘিলামৰা )
প্ৰসংগ সূত্ৰঃ
১ ইছমাইল হুছেইন, বিহুনামৰ জুৰুলি, বনলতা, প্ৰথম সংস্কৰণ, ২০০৯, পৃঃ ১০
সহায়ক গ্ৰন্থপঞ্জীঃ
গগৈ,অমৰেন্দ্ৰ ঃ বিহুনামৰ বৰপেৰা ১, আঁক-বাক, প্ৰথম প্ৰকাশ, মাৰ্চ ২০১১
হোছেইন ইছমাইল ঃ বিহুনামৰ জুৰুলি, উল্লিখিত