জিতু কুমাৰ লেখাৰু

পথাৰৰ ইতিহাস মানুহৰ সভ্যতা আৰু সংস্কৃতিৰ ইতিহাস। শস্য-শ্যামল বিশাল পথাৰৰ বুকুতেই জীপলৈ উঠিছে মানুহৰ সভ্যতা আৰু সংস্কৃতি। হাবি-জংঘল আৰু পাহাৰ-পৰ্বতৰ গুহা এৰি আহি মানুহে এই পথাৰক কেন্দ্ৰ কৰিয়েই পাতনি মেলিলে স্থায়ী বসতি। আৰম্ভ হৈছিল সভ্যতাৰ অনিৰুদ্ধ গতি। পথাৰৰ কাণে কাণে চুবুৰি পাতি মানুহে গাঁও গঢ়িছে। সমাজ পাতি বসবাস কৰিছে। সভ্যতা যিমানেই আগবাঢ়িল ক্ৰমশঃ ছিঙিব নোৱাৰাকৈ দৃঢ়হৈ উঠিল মানুহ আৰু পথাৰৰ সম্পৰ্ক। উৰুঙা-পথাৰৰ সুৰুঙাইদি লাহে লাহে এটি-দুটিকৈ মানুহে বান্ধিলে সম্পৰ্কৰ আলি-পদূলি। আলি-পদূলিবোৰৰ দৰে সভ্যতা আৰু সংস্কৃতি পথাৰৰ মাজে মাজে পোখা মেলিলে। পথাৰৰ বুকুতেই কৰ্ষিত হৈ উঠিল মানুহৰ সাংস্কৃতিক চেতনা। পথাৰৰ গাত গইনালৈ গঢ়ি উঠিল কৃষি কেন্দ্ৰিক সমাজ আৰু সংস্কৃতি। উৰ্বৰা পথাৰ মানুহৰ আশাৰ মূল আধাৰ। সেয়ে কৃষি কেন্দ্ৰিক সমাজৰ সংস্কৃতিৰ সৈতে পথাৰৰ সম্পৰ্ক অচ্ছেদ্য আৰু প্ৰাচীন।


নদী মানৱ জীৱনৰ সঞ্জীৱনী সুধা। বোৱতী নদী সভ্যতা আৰু সংস্কৃতিৰ জীৱন্ত সাক্ষী। জীয়াই থকাৰ উদ্দাম হেঁপাহেৰে মানুহে চিকাৰী জীৱন এৰি নদীৰ পাৰলৈ এদিন ঢপলিয়াই আহিলে। নৈপৰীয়া হাবি ভাঙি পথাৰ মোকলাই এমুঠি অন্নৰ আশাত বীজ সিঁচিলে। নৈপৰীয়া প্লাৱিত পথাৰত পলস পৰি উৰ্বৰা হোৱা ভূমিত লহ্‌পহকৈ বাঢ়ি আহিল শস্য। শস্যৰ পথাৰত উজ্জলি উঠিল মানুহৰ সেউজীয়া সপোন। কৃষক মূলতঃ শ্ৰমিক মানুহ। শ্ৰমিক মানুহে শ্ৰম সাৰ্থক হোৱাৰ আনন্দত নাচে, গীত গাই, হেঁপাহেৰে আঁকোৱালি লয় ইজনে-সিজনক। শ্ৰম সাৰ্থক হ’বলৈ প্ৰাৰ্থনা জনায় নেদেখাজনক।


পথাৰঃ সৃষ্টিৰ এক ব্যঞ্জনধৰ্মী প্ৰতীক। জীৱন-যৌৱনৰ মহত্বম সম্পদ। এই শইচৰ সোণালী পথাৰবোৰ। এই পথাৰবোৰত কেৱল শস্যৰ বীজেই অংকুৰিত নহয়; গজালি মেলে জীৱন-যৌৱনৰ প্ৰেম-পীৰিতিয়ে। আৰু পথাৰৰ বঁকিয়াইদি বগাই অহা এই প্ৰেমে পৰিপূৰ্ণতা আশা কৰে পথাৰৰ মাজতে। সেয়ে মানুহে পথাৰৰ সোণালী শস্যক সাৱতি মতলীয়া হয় জীৱন-যৌৱনৰ প্ৰেমত। কৃষক মানুহে এনেকৈ পথাৰৰ বুকুত সমস্ত শ্ৰম যাঁচি দি বচাই ৰাখিছে পৃথিৱীৰ সভ্যতা সমাজ আৰু সংস্কৃতি।
কৃষিৰ লগত পূজা-পাৰ্বণ, উৎসৱ-অনুষ্ঠানৰ সম্পৰ্ক অৰ্বাচীন। আদিম অদৃষ্টবাদী সমাজখনে কৃষিৰ শ্ৰীবৃদ্ধিৰ কামনাৰে পালন কৰিছিল নানা ধৰণৰ যাদৃচ্ছিক বা ঐন্দ্ৰজালিক উৎসৱানুষ্ঠানৰ। কৃষিৰ আৰম্ভণিৰ সময়ত মানুহে আজিৰ দৰে কৃষি উৎপাদন বৃদ্ধিৰ কৌশল জনা নাছিল আৰু বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা নাছিল। সেয়ে মানুহে কৃষি উৎপাদন বৃদ্ধিৰ উপৰি কৃষিৰ লগত জড়িত জীৱ-জন্তু কেইটিৰ শ্ৰীবৃদ্ধি আৰু কুশল-মঙ্গল কামনা কৰি যাদুবিদ্যাতে বিশ্বাস থকা এই ঐন্দ্ৰজালিক ক্ৰিয়া কাণ্ডবোৰৰ পালন কৰিছিল। অসমৰ লুইতৰ দুয়োপাৰত গঢ়লৈ উঠা লুইতপৰীয়া অসমীয়া সমাজখনো ইয়াৰ ব্যতিক্ৰম নাছিল। কৃষি উৎপাদন বৃদ্ধি আৰু পথাৰৰ উৰ্বৰতাৰ বিশ্বাসত পালন কৰিছিল নানান আনুষ্ঠানিকতাৰ এই ঐন্দ্ৰজালিক উৎসৱৰ। বিহু হ’ল অসমীয়া কৃষিজীৱী সমাজে পথাৰৰ উৰ্বৰতা বৃদ্ধিৰ বিশ্বাসত পালন কৰা ঐন্দ্ৰজালিক অনুষ্ঠানৰ এক সন্মিলিত প্ৰকাশ।
বিহু মূলতঃ কৃষি উৎসৱ। ব’হাগ বিহু বা চ’তৰ ৰাতি বিহুত যাদৃচ্ছিক বা ঐন্দ্ৰজালিক আচৰণে ভূমি উৰ্বৰতা শক্তি বৃদ্ধি কৰি শস্যৰ উৎপাদন বঢ়ায় বুলি অসমীয়া সমাজখনেও আদিম অৱস্থাৰ পৰাই বিশ্বাস কৰি আহিছে। আহোম স্বৰ্গদেউ সকলৰ ৰাজপৃষ্ঠপোষকতাত বিহু ৰংঘৰৰ বাকৰিলৈ অহাৰ আগতে আৰু তাৰো বহু বছৰৰ পিছলৈ কৃষিজীৱী অসমীয়া লোকসমাজে বিহু ঘাইকৈ পথাৰতে পাতিছিল। অসমীয়া মানুহেও বিশ্বাস কৰিছিল যে পথাৰত যৌৱনাদীপ্ত ডেকা-গাভৰুৱে নাচ-গান কৰিলে পথাৰৰ উৰ্বৰতা শক্তি বৃদ্ধি পায়। কৃষি উৎপাদন বৃদ্ধিৰ কামনাৰে অনুষ্ঠিত হোৱা ব’হাগ বিহুৰ গীত নৃত্যবোৰ যোৱা শতিকাৰ দেশ স্বাধীনতাৰ সময়ৰ আগলৈকে বা অঞ্চল বিশেষে তাৰো ভালেমান বছৰৰ পিছলৈকে চ’তৰ ৰাতি বিহুৰ প্ৰচলন আছিল। ৰাতি বিহুৰ সেই পথৰুৱা গীত-নৃত্যবোৰত যৌনতাৰ গোন্ধ পোৱা যায়। কৃষি উৰ্বৰতা বৃদ্ধিৰ লগত সংপৃক্ত এই ধৰণৰ ঐন্দ্ৰজালিক গীত-নৃত্য এসময়ত অসমৰ খেতিয়ক সমাজে ডেকাই ডেকা ভাগে আৰু গাভৰুৱে গাভৰু ভাগে সুকীয়া সুকীয়া ভাগে ৰাতি ৰাতি পথাৰত ৰাতিবিহু মাৰিছিল। ৰাতি বিহুত গাইছিল—


এপৰ দুপৰ কৰি ৰাতি পাৰে হ’ব
আমাৰ বিহু আমনি নাই,
ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়াই
আমাৰ বিহু ভাঙোতা নাই।


সেয়াই আছিল ৰাতি বিহু। কোনেও ভাঙিব নোৱাৰে বুলি বিশ্বাস কৰা, ৰাতি পাৰহৈ গ’লেও ডেকা-গাভৰুৰ আমনি নলগা ৰাতি বিহু এদিন খেতিয়ক সমাজৰ পৰা নাগৰিক সভ্যতাৰ ধামখুমিয়াত হেৰাই গ’ল। কিন্তু স্বাক্ষৰ থাকি গ’ল ৰাতি বিহুক কেন্দ্ৰ কৰি কোনো স্বভাৱ কবিৰ দ্বাৰা ৰচিত বিহু গীতবোৰত। বিহু গীতৰূপী বহু ঠেলা নাম বা যোৰা নামবোৰে সেই সময়ত ডেকা-গাভৰুসকলে ওচৰা-ওচৰিকৈ ৰাতি বিহু মৰাৰ স্বাক্ষৰ আজিও বহন কৰি আছে। সেই গীতবোৰেই আজিৰ বিহুগীতৰ মূল উপজীব্য বুলি ক’ব পাৰি। পথাৰ এৰি আহি গঞা ৰাইজৰ চোতালেদি বৰ্তমান মঞ্চত উপষ্ঠিত হোৱা বিহুৰ গীতবোৰে পথৰুৱা মাদকতা আজিও এৰিব পৰা নাই।
অসমত বসবাস কৰা প্ৰায় সকলোবোৰ জনগোষ্ঠীৰেই পালন কৰা বিহু ঘাইকৈ কৃষি কেন্দ্ৰিক পথাৰৰ উৎসৱ। অসমীয়া কৃষিজীৱী সমাজৰ দাপোন স্বৰূপ এই বিহুগীতবোৰৰ ভালে সংখ্যক গীতেই কৃষিজীৱনক কেন্দ্ৰ কৰি ৰচিত। সেয়ে বিহুৰ কথা ক’লেই লুইতৰ পলসেৰে পলসুৱা কৰা পথাৰখনৰ কথা মনলৈ আহে। পথাৰ আৰু বিহু এটাক বাদদি আনটো অসম্পূৰ্ণ। অসমৰ জনজীৱনৰ সতে প্ৰাণৰ পথাৰখন আৰু বাপতিসাহোন বিহু দুয়োটাই একাত্ম হৈ আছে। বিহু গীতত পথাৰখন প্ৰকাশ পাইছে এনেদৰে—


নৈ লৈ হালিলে ন দালি ভলুকা
পথাৰলৈ হালিলে কাক,
বুকুৰ হাড় ওলালে ডালি ডালি কৰি
কালৈ চিন্তা কৰি থাক।
………………
থুৰিয়াই কাটিলো তামোল তিনিখনি
নুৰিয়াই বান্ধিলো পাণ,
পথাৰে পথাৰে বিচাৰি ফুৰিলো
ক’তে দাই আছিলা ধান।
………………
থুৰিয়াই কটা নাই তামোল তিনিখনি
নুৰিয়াই বন্ধা নাই পাণ,
পথাৰে পথাৰে বিচাৰি ফুৰা নাই
দলনিত দাইছিলো ধান।
………………….
দ’কৈ পথাৰত ধানে দাই আছিলো
ঘিলা চকলীয়া মুঠি,
সকলোকে দেখো চেনাইকে নেদেখো
ঢাপৰে ওপৰত উঠি।


এইখনেই পথাৰ। অসমীয়া সমাজ জীৱনৰ লগত একাকাৰ হৈ থকা বহল পথাৰ। অসমৰ সভ্যতাই জন্ম আৰু বিকাশ লভিছিল পথাৰখনৰ বুকুত। অসমীয়া সংস্কৃতিয়ে প্ৰাণ পাই উঠিছে পথাৰৰ বুকুত। লুইত পৰীয়া এই সমাজ আৰু এই জাতিৰ মূল সংস্কৃতি কৃষিভিত্তিক সংস্কৃতি। এই সংস্কৃতিৰ বৰভেটি হৈছে বিহু। অসমৰ সমাজ জীৱনত পালিত হোৱা তিনিওটা বিহুৱেই কৃষিক কেন্দ্ৰ কৰি পালন কৰা হয়। বিহু উৎসৱৰ মূল উদ্দেশ্য কৃষিৰ উৎপাদন বৃদ্ধি আৰু তাৰ জৰিয়তে মানুহে আনন্দ উপভোগ কৰা। অসমৰ জলবায়ু মূলতঃ আদ্ৰতাপূৰ্ণ মৌচুমী জলবায়ু। মৌচুমী জলবায়ুত উৎপাদিত প্ৰধান শস্য যিহেতু ধান। সেয়ে অসমৰ মানুহেও শস্যৰ পথাৰত ধান খেতি কৰে। ধানক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে অসমীয়া মানুহৰ খাদ্য অভ্যাস। সেয়ে বিহু গীতবোৰত ধানে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। অসমৰ পথাৰবোৰত ‘শালি, আহু আৰু বড়ো’— এই তিনিটা খেতি কৰা হয়। কিন্তু বড়ো ধানৰ খেতি অসমত তুলনামূলকভাৱে নতুন। বিশেষকৈ উজনি অসমত কৰা নহয়। সেয়ে বিহু গীতবোৰত অসমীয়া খেতিয়কে কৰা আহু আৰু শালি খেতিয়েহে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। বিহু গীতবোৰত আহু খেতিৰ বিষয়ে এনেদৰে বৰ্ণনা কৰা হৈছে।


কত আশা কৰি আহু ধান সিঁচিলো
বিনৈ বানে মাৰিলে ধান,
কত আশা কৰি পীৰিতি কৰিলো
পৰৰ কথাত নিদিবি কাণ।
……………….
এইবেলি আহু ধান পানীয়ে মাৰিলে
অহাবেলি আহুধান পাম
ম’হৰ শিঙৰ পেঁপাটি বনকিয়াই আনাগৈ
তোমাৰ শপত বিহুলৈ যাম।
………………..
আহুধান দাবলৈ লাগে কতবেলি
বাওধান দাবলৈ টান,
জীয়ৰী হ’বলৈ লাগে কতবেলি
বোৱাৰী হ’বলৈ টান।
………………..
আহু ধানৰ আশাতে শালি নকৰিলে
তুঁহত নেৰাখিলো জুই,
তোমাৰ আশাতে বিয়া নাপাতিলো
মৰিমগৈ বৰলা হৈ।
…………………
এইবেলি আহুধান পানীয়ে মাৰিলে
ওপৰে গজিলে মামী,
চৰাই চিৰিকতিয়ে পীৰিতি কৰিলে
তাৰোমান নহ’লো আমি।


আহোমসকলৰ অসম আগমণৰ লগে লগে অসমৰ লুইতপৰীয়া পলসুৱা পথাৰত প্ৰাণ পাই উঠে শালি খেতি। লুইতৰ দুইপাৰৰ সমাজ জীৱনত জীপ লৈ উঠে বিহু উৎসৱে। সেয়ে অসমৰ কৃষক সমাজত প্ৰাণ প্ৰাচুৰ্যৰে ভৰপূৰ শালি খেতি। শালি খেতিয়েই লালিত পালিত কৰি ৰাখিছে অসমীয়া কৃষক সমাজক। শালিখেতিৰ উল্লেখ তথা সমাদৰ বিহু গীতবোৰত হয়তো সেয়ে প্ৰাণ প্ৰাচুৰ্যতাৰে ভৰপূৰ।


জহা ধান জুখিলো দোণে দোণে কৰি
বৰাধান জুখিলো মোনে,
কাঁহৰ বাতি ভাগিলে কমাৰে গঢ়িব
যৌৱন গঢ়ি দিব কোনে?
……………
চাপৰি চাপৰি ধানে দাই গ’লো
হাওলি পৰিলে নৰা,
চকুত নাই টোপনি পেটত নাই পোৰণি
তোমাক দেখিবৰ পৰা।
………………..
খাইনো খাই আমনি নেলাগে লাহৰী
বকুল বৰা ধানৰ ভাত,
চাইনো চাই আমনি নেলাগে লাহৰী
ডালিমৰ গুটি যেন দাঁত।
………………
চিলাকৈ পথাৰত ইলাই ধানে দালে
ঘিলা চকলীয়া মুঠি,
সকলোকে দেখো লাহৰীক নেদেখো
চাও বৰেগছত উঠি।
…………………
ধানৰ দৰে কঠিয়া আৰু কঠিয়াতলীৰ বিষয়েও বিহুগীতবোৰত বিশেষভাৱে উল্লেখ পোৱা যায়। যিহেতু ধান পথাৰত ৰোৱাৰ আগতে কঠিয়া তলীখন প্ৰস্তুত কৰি সিঁচি ৰুবৰ বাবে প্ৰস্তুত কৰি লোৱা হয়। সেইখন কঠিয়াতলী বিহুগীতৰো কঠিয়াতলী—


ধনৰে বাতৰি লেতেৰা শুনিলো
কঠিয়া তলিলৈ গৈ,
চৰাই হোৱা হ’লে উৰি গ’লোহেঁতেন
মাজত ধনশিৰি নৈ।
……………………
কঠিয়াতলীতে পানী চলু চলু
জকাই এখোৱা বাওঁ,
উঠে কি নুঠে মোৱা দৰিকণা
মনকে পতিয়াই বাওঁ।
……………………
খেতি কৰাটো সিমান সহজ কথা নহয়। চ’ততে মাৰিবা বন বুলি কথা এষাৰো আছে। অৰ্থাৎ চিৰাল ফটা চ’ততে কঠিয়াতলীত হাল বাই, মৈয়াই বন মাৰিব লাগিব। তাৰ পিছত ন-কঠিয়া পাৰিব লাগিব। ন-পানী পাই পথাৰৰ মাটি কোমলোতেই কঁহাব লাগিব। সমাৰিব লাগিব। চোক-কান কৰিব লাগিব। আলি-পদুলি দিব লাগিব। ৰ’দ-বৰষুণক কাটি কৰি থৈ পথাৰত হাল বোৱাতো সঁচাই টান কাম। বিহুগীতবোৰত সেই হালুৱা আৰু হাল বোৱাৰ কথাও বিশেষভাৱে উল্লেখ পোৱা যায় এনেদৰে—


হালে বায়ে গলো সীৰলু সীৰলু
মেটেকা পৰিলে জয়,
চিকুটি পাবলৈ যৌৱন নাইকিয়া
তেও বেলি জীয়ৰী মই।
…………….
এহালি গৰুৱে খচি হালে বালো
যোৰাই খাওঁ ছমাহৰ ভাত
বাকী ছমাহলৈ জোৰাব নোৱাৰো।
……………..
হালবায়ে গলো সীৰলু সীৰলু
নাঙলৰ খুঁটিতে হাত,
তিতাকৈ তিয়নী কোনে চেপি দিব
কোনে ৰান্ধি দিব ভাত।
………………
এবেলা হালে বাও, এবেলা জালে বাওঁ
এবেলা ম’হলৈ যাও
তেও যদি শহুৰে ছোৱালী নিদিয়ে
ৰংপুৰ জিলালৈ যাওঁ।
……………..
মতা মানুহৰ সমানেই মাইকী মানুহবোৰৰ পথাৰত কাম থাকে। পথাৰত হালুৱাক জলপান দিয়া। চৌফলিয়া ৰ’দকো কাটি কৰি পথাৰত কাম কৰি থকা মতা মানুহটোক পানী এঘটি দি অহা, সময়মতে ভাতমুঠি ৰান্ধি দিয়া, পথাৰৰ মাটিত কঠিয়া তোলা। হালবাই দিয়া মাটিডৰা বহিয়াঁ নপৰাকৈ সময়মতে ৰুই পেলোৱা ইত্যাদি ইত্যাদি কতযে কাম মাইকী মানুহবোৰেও কৰি দিব লাগে; খেতি-বাতি কৰাৰ সময়খিনিত। তাৰ চিত্ৰও বিহুগীতবোৰত প্ৰতিফলিত হৈ আছে—


তুমি কৰি যাবা ৰোৱনি-দাৱনি
মইনো বাই যাম হাল,
তুমি লগাই যাবা বিহুলৈ বিহুৱান
মইনো পাতি দিম শাল।
…………….
আজি ৰুই গলো কাঁচিৰোৱা ডৰা
কোনে ফেনকিয়ে গলি,
খোজত চিনি পালোঁ মাতত বুজি পালো
পাৰো কোন সতে গালি।
……………..
আউলী ধানকে দাবলৈ গৈছিলো
বাউলী বতাহে পালে,
কাঁচি দলি মাৰি হাবিতে সোমালো
ওঁঠতে বৰলে খালে।
………………
কৃষকৰ এনোৱা শ্ৰম এদিন সাৰ্থক হয়। বতৰ বাগৰি গৈ ধৰালৈ নামি আহে আঘোণ। আঘোণৰ পথাৰত সোণালী ধানে হাঁহে। হাঁহে অতবোৰ শ্ৰম সাৰ্থক হোৱাৰ হেঁপাহত কৃষকসকলে। আনন্দত আত্মহাৰা হয় লুইতপৰীয়া সমাজ। দুখ-ভাগৰ পাহৰি শস্য চপোৱাত ব্যস্ত হৈ পৰে অসমৰ লোকসমাজখন। ল’ৰাৰ পৰা বুঢ়ালৈকে কাৰো আহৰি নাই। সেয়ে কোৱা হয় আঘোণ বোলে কাৰোবাৰ কাৰণে আগতীয়া ফাগুন। হয় এই আঘোণতে ডেকা-গাভৰুহঁতে মৰতত পাৰিজাত ফুলাই ৰচে ফাগুনৰ সৰগীয় সপোন।
এইয়াই আঘোণ। এই আঘোণৰ কিছুমান জীয়া ছবি বিহুগীতত চিৰ বিদ্যমান। আঘোণৰ পথাৰখনৰ অবিহনে যেন বিহুগীতবোৰ অসম্পূৰ্ণ। এক কথাত আঘোণৰ বহল পথাৰখনতেই বিহুগীতৰ সৃষ্টি, বিহুগীতৰ বিকাশ আৰু উত্তৰণো এই আঘোণৰ বহল পথাৰখনতেই। সেয়ে বিহুগীতত আঘোণ আৰু ধাননিডৰা বৰ্ণিত হৈছে। বৰ্ণিত হৈছে দাৱনীজনীৰ চিত্ৰও এনেধৰণে—


কলংনৈৰ সিপাৰে
ধাননি পথাৰত
ধানে দাই আছিলা,
এই আইদেউ হাঁফলু কিনাৰত
মইনো চৰাইছিলো ম’হ।
…………….
ধাননি ধাননি নেযাবি কাঞ্চনী
ধানৰ পাতে কাটিব গা,
বড়ৰে তলতে বিহুতলী পাতিছে
বিহু মাৰিবলৈ যা।
…………………..
ধান দাই গলো লিৰিকি লিৰিকি
গছকি ভাঙিলোঁ নৰা,
বহিবৰ চলতে কাকি দাঁত দেখিলো
লেখিলো সৰগৰ তৰা।
………….
ডাঙৰি বন্ধাৰ এখন জীৱন্ত প্ৰতিচ্ছবি এই বিহুগীত ফাঁকিয়ে দাঙি ধৰিছে—


টুনি চৰাই ৰাঙলী বান্ধি যাওঁ ডাঙৰি
গঢ়া চাই বান্ধি যাওঁ নাও,
গা চমে চমাই দেহা টনে টনাই
তোকে লগ কাহানি পাওঁ।
খেতিয়ক কেৱল এটা প্ৰজাতিৰ ধানৰ খেতিয়কেই নপৰে। বিভিন্ন জাতৰ ধানৰ খেতি কৰে। বেলেগ বেলেগ ধৰণৰ মাটিত বেলেগ বেলেগ ধানৰ জাতৰ খেতি কৰিলে ভাল হয়। এই ধানৰ জাতসমূহ বিহুগীতত পোৱা যায়—


হাতে মেলি মেলি দাবলৈ নাপালো
পথাৰৰ মাগুৰি ধান,
হাঁচতি ভৰাই দিবলৈ নেপালো
ৰাঙলী মদাৰৰ পান।
…………………
বকুল বৰা ধানৰ আখৈ ভাজিছিলো
চপোৱা গাখীৰৰ দৈ,
তুমি যে নহ’লে খাবলৈ নোৱাৰোঁ
থাকো মই আগতে লৈ।
…………………
জহাধান জুখিলো দোনে দোনে কৰি
বৰাধান জুখিলো মোনে,
কাঁহৰ বাতি ভাঙিলে কমাৰে গঢ়িব
যৌৱন গঢ়ি দিব কোনে?
…………………
পথাৰৰ লখিমী আহি ভঁৰালত সোমোৱাৰ পিছত থাকি যায় ধানমৰা কামটো। মাঘ সোমোৱাৰ আগে আগে ধান মাৰি শেষ কৰিব লাগিব। কাৰণ অসমীয়া সংস্কৃতিত মতা মাহ বুলি বিশ্বাস কৰা হয়। মাঘ মাহত ভঁৰাল চুলে চোৱা হয়। সেয়ে মাঘত ভঁৰালত কৰিব লগীয়া সকলো কাম ভোগালী বিহুৰ আগে আগে পুহ মাহতে কৰি পেলোৱা হয়। উদঙীয়া এই আজৰিৰ সময়খিনিতে অসমৰ চহা খেতিয়ক সকলে মৰণা মাৰে। মৰণা মাৰি খেৰ-বন জাৰি-জোকাৰি আজৰি হয়। বিহুগীতত এই মৰণা মৰাৰ কিছুমান জীৱন্ত ছবি বৰ্ণিত হৈ আছে এনেধৰণে—


আহু ধানৰ মৰণা পেলাইদে বহনা
জোকাৰি পেলাইদে খেৰ,
মাৰে জানিব বাপেৰে জানিব
মোলৈ চেনেহ-বেথা এৰ।
…………………
শালিধানৰ মৰণা মাৰিলো চেনাই ঐ
কঠিয়াৰ নথলো সঁচ,
উজনি নামনি কেওৰাজ মাৰিলো
টোলোঠাৰ নেপালোঁ গছ।
…………………
আহুৱে-শালিয়ে মৰণা মাৰিলো
জোকাৰি পেলালো খেৰ,
উজনি ৰাজতে টোলোঠা পালোগৈ
ষোলহাত এমুঠন বেৰ।
……………..
ধানৰ খেৰবোৰ অসমীয়া মানুহৰ সম্পদ। আতকত গৰু ম’হক লাগিব। বতৰ জাগল পৰিলে বেছ কামত দিয়ে ধানখেৰবোৰে। সেয়ে মেজি পাতি অথবা গোহালিৰ চাঙত সাঁচি ৰখা হয়। ধান খেৰ পুৰি প্ৰস্তুত কৰা খাৰ অসমীয়া মানুহৰ অতি আদৰৰ। খাৰ কণে কত যে কাম কৰা হয় উদঙীয়া এই আজৰি সময়কণত। বিহুগীতবোৰত ধান খেৰ আৰু ছাঁই বিষয়েও উল্লেখ পোৱা যায়।


হুৰাই ল
ধানখেৰৰ ছাঁই
অতি চেনেহৰে ব’হাগৰ বিহুটি
হাততে মলঙি যায়।
………………..
নিকা ধৌৱে ধৌৱে চেলেং কাপোৰখনি
তিতা ধান খেৰৰ ছাঁই,
দেখিলি বুলিয়ে পাবি কেনে কৰি
বিহুৱান কপালত নাই।
………..
বিহুগীতৰ বিভিন্ন খণ্ডচিত্ৰত ধান দোৱাৰ অস্ত্ৰ কেঁকুৰা কাঁচিখনিও উল্লেখ আছে। বিহুগীতৰ বৰ্ণনাত প্ৰাণ পাই উঠে শানত দিয়া ধৰাল কাঁচিখনেও এইদৰে—


আউলী ধানকে দাবলৈ গৈছিলো
বাউলি বতাহে পালে
কাঁচি দলি মাৰি হাবিতে সোমালো
ওঁঠতে বৰলে খালে।
………………..
মোকে নিন্দা কৰি যাবলৈ ওলালি
কিমান দিন সুখেৰে খাবি,
হাতত খৰা কাঁচি মূৰত ভগা জাপি
লোকৰ ধান দাবলৈ পাবি।
……………………
ধান, পথাৰ আৰু আঘোণৰ কতযে খণ্ডচিত্ৰ বিহুগীতবোৰত পোৱা যায়। সেই বিষয়ে হয়তো লিখি শেষ কৰিব নোৱাৰি। হয়তো হেমাঙ্গ বিশ্বাসে সঠিকভাৱেই কৈছিল— ‘যি নাই বিহুগীতত, সি নাই অসমত।’ হয় অসমত থকা সকলোৰ বিষয়ে, সকলো দিশেই বিহুগীতত পৰিস্ফূত হৈ আছে। সেইদৰে ধান, পথাৰ আৰু আঘোণৰ লগত সংপৃক্ত সকলোধৰণৰ বিষয় বিহুগীতবোৰত উল্লেখ পোৱা যায়।
ধানৰ কণক আলম লৈ বিহুগীতবোৰত মানৰ আক্ৰমণৰ বিষয়ে উল্লেখ কৰিছে—


উফৰি পৰিব কণ
কিনো চাই আছ গগৈ ৰাজখোৱা
মানতৰাই জিকিছে ৰণ।


চিৰা ধানৰ পৰা প্ৰস্তুত কৰা এক খাদ্য উপকৰণ। অসমীয়া সংস্কৃতিত অতি আদৰৰ জলপান ৰূপে স্বীকৃতি চিৰা। অসমীয়া মানুহৰ বিহুৱে সংক্ৰান্তিয়ে, বিয়াই-সবাহে চিৰাৰ সমাদৰ আৰু গুৰুত্ব অতি বেছি। সেই তেলেতীয়া তেতেলীপতীয়া চিৰাৰ বিষয়ে বিহুগীতত পোৱা যায়—


খাগৰি কাটিয়ে বাগৰি পৰিলে
দিয়া চৌমেৰে পীৰা
গাখীৰৰ টেকেলি দিয়া কাটি কৰি
ঢৌ-খৌ ধানৰে চিৰা।


চৰাই-চিৰিকতি অসমীয়া মানুহৰ আজন্ম চিনাকী। হয়তো চৰাই ছাঁ নপৰা ঠাই এই পৃথিৱীৰ ক’তো বিচাৰি পোৱা নাযাব। চৰাইৰ লগতে অসমীয়া মানুহে সহাৱস্থান কৰে। অসমৰ লুইত পাৰত চৰাই চিঁঞৰতহে ৰাতি পুৱাই। ফেঁচাই কুৰুলিয়াই ৰাতি গভীৰ কৰে। কাউৰী কা কৰি অমঙ্গলৰ বাতৰি আনে। চতুৱা চৰাই চিঞৰে ঋতু পৰিৱৰ্তনৰ বাতৰি দিয়ে। বিহুৱতী চৰাইয়ে বিহুৰ বতৰা দিয়ে। মাজনিশা সাৰপাই কুলি-কেতেকীয়ে হিয়া ধুনি কান্দে। কপৌজনীয়ে বৰঘৰৰ মূধচত কুৰুলিয়াই মৃতাত্মাৰ বতৰা দিয়ে। ধাননি পথাৰৰ পৰা হুৰাই হুৰাই খেদিব নোৱাৰি টুনি চৰাইৰ জাক। মুগা চোমনীয়াৰ শতৰু বুলি কয় কলীয়া কাউৰীজনীক। মুঠৰ ওপৰত ৰাতিপুৱা শুই উঠাৰ পৰা বেলি পাতত বহালৈকে চৰাইৰ লগত চিনাকি অসমীয়া মানুহৰ। ধাননি পথাৰখনৰ লগত চৰাই সম্বন্ধ এৰাব নোৱাৰাকৈ একাত্মক। বিহুগীতত প্ৰকাশ পাইছে—


হাবিতে কান্দিলে হয়কলি চৰায়ে
চিটিকাৰ মুখলৈ চাই,
জেৰেঙা পথাৰত কান্দে জয়মতী
চাউদাঙৰ মুখলৈ চাই।
……………………..
ঢাপে ঢাপে উৰিলে ঢাপলিকা চৰাইটি
পথাৰত উৰিলে টুনি,
খোৱা ভাতপানী সিও হ’ল এথানি
পদূলিত তোমাৰ মাত শুনি।
………………………
এহালি কপৌৱে আলচি আছিলে
পৰি ধানে খামে বুলি,
তুমি মোৰ লাহৰি আলচি আছিলা
মোৰ লগত বিয়া হ’ম বুলি।
………………………
শুকান নৰা ছিঙি বতাহ বাউলি হয়। বাউলি বতাহে বিহুলৈ কাটি যায় বাট। বাউলি বতাহে মাতি আনে ব’হাগ। উদঙীয়া বতৰত হাউলি পৰে পথাৰৰ নৰা। বাটে পোৱালি মেলে। বাউলি বতাহত মুকলি হয় পথাৰ। চ’তৰ ৰদে পোৰা পথাৰত বিয়লি বাটে মেলে। নৰাৰ খণ্ড চিত্ৰও বিহুগীতত উল্লেখ পোৱা যায়—
শুকান নৰা চিঙি বতাহ হ’ল বাউলি
বিহুলৈ কাটিলে বাট।
……………..
তোলৈ চাই ৰঙিলী বান্ধি যাওঁ ডাঙৰী
মুঠি বান্ধি ভাঙি যাওঁ নৰা।
………………
চাপৰি চাপৰি ধানে দাই গ’লো
হাউলি পৰিলে নৰা…. ইত্যাদি।