শৈলেন বৰুৱা

এটা ইতিহাস প্ৰসিদ্ধ আলিবাট। আলিবাটটোৱে এতিয়ালৈকে দুটা নাম সলাই তৃতীয়টো পোছাকী নাম গাত মেৰিয়াই আছে যদিও আলিবাটটোৰ লিখিত ইতিহাস বিস্তৃতভাবে পাবলৈ নাই। আহোম যুগতে নিৰ্মিত, যুগে যুগে হাজাৰ বিজাৰ বাটৰুৱা, গাড়ী-ঘোঁৰাৰ অবাধ আহ-যাহ। বানপানীয়ে বাটটোৰ বুকু খান্দে, বখলা বখল কৰে, খণ্ড বিখণ্ড কৰে, ভূঁইকঁপে দিয়া মাধমৰীয়া মাৰত আলিবাটটোৰ চিৰি চেহেৰা কেতিয়াবা নিঃশ্চিহ্ন হৈ পৰে। পুনৰ মূৰ দাঙি উঠে, পুনৰ ভাগে…এনেদৰেই ইতিহাসৰ বুকুত জহি পমি যোৱা এখন অলিখিত বুৰঞ্জী লৈ আজিও বৰ্তি আছে। পৰৱৰ্তী সময়ত আধুনিকতাৰ পৰশৰ লেপনেৰে আলিটোৱে পুনৰ যৌৱনো লাভ কৰিছে।
বৰনৈৰ দক্ষিণ পাৰত ডেকা বৰবৰুৱা আলি। উত্তৰ পাৰতো ডেকা বৰবৰুৱা আলি যদিও মানুহৰ মুখত পৰি ‘ডেকা বৰুৱা’ হ’ল। পৰৱৰ্তী সময়ত হাঁহখোৱা আলি আৰু আজিৰ প্ৰেক্ষাপটত সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথ। পথটো আৰম্ভ হৈছিল শিৱসাগৰৰ পৰা দিচাংমুখলৈকে। আনহাতে বৰনৈৰ উত্তৰ পাৰে টেকেলিফুটাৰ পৰা ঢকুৱাখনা-ঘিলামৰা হৈ উত্তৰ লক্ষীমপুৰলৈকে বিস্তৃত আছিল ডেকা বৰবৰুৱা পথ। কাজেই ঐতিহাসিক আলিটোৰ বিস্তৃত বিৱৰণ ইতিহাসত স্পষ্টভাবে লিখিত নাই যদিও খণ্ড খণ্ডকৈ কিছু লিখিত বিৱৰণ, জনশ্ৰুতি, সাক্ষাৎকাৰৰ ভেটিতে আলিটোৰ এক আলোচনা কৰিব বিচৰা হৈছে।
আহোম যুগতে নিৰ্মিত শিৱসাগৰ- উত্তৰ লক্ষীমপুৰ সংযোগী পুৰণি আলিটো “ডেকা বৰবৰুৱা আলি” বুলি নামাংকৃত কৰা আছে।
“ৰাজেশ্বৰ সিংহ স্বৰ্গদেউৰ দিনত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পুতেক উমা খঙীয়া ফুকন পিছলৈ বৰবৰুৱা হৈ শিৱসাগৰ নগৰৰ পশ্চিম কাষে ধাই আলিৰ পৰা কোঁৱৰপুৰ মৌজাৰ মাজে উত্তৰলৈ দিচাংমুখ হৈ ব্ৰহ্মপুত্ৰ পাৰ কৰি ঢকুৱাখনাইদি উত্তৰ লক্ষীমপুৰলৈকে এটা আলি নিৰ্মাণ কৰোৱাইছিল। এই আলিটোৰ নাম হ’ল ডেকা বৰবৰুৱা আলি।” (1)
“স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত এক প্ৰকাৰ ৰণ বিগ্ৰহৰ পৰা অব্যাহতি পাই দেশ সুস্থিৰ আৰু সমৃদ্ধিশালী হোৱাত স্বৰ্গদেৱে দেশৰ নানা ঠাইত আলি-পদূলি, দ’ল, পুখুৰী আদি নিৰ্মাণ কৰিবলৈ সুযোগ পাইছিল। এইবোৰ কাৰ্যত ৰাজভঁৰালৰ ধন বেছি খৰচ নহৈছিল, কাৰণ সেই কালৰ নিয়মমতে এক গোটৰ এক পাইকে ৰজাঘৰীয়া বন কৰি দিব লাগিছিল, যুদ্ধ বিগ্ৰহ নোহোৱাত ৰজাঘৰীয়া পাইকক আলি, দ’ল, পুখুৰী আদিৰ নিৰ্মাণ কাৰ্যত লগাব পৰা গৈছিল।” (2)
এই তথ্যই প্ৰমাণ কৰে ডেকা বৰবৰুৱা আলিটো ৰাজেশ্বৰ সিংহৰ দিনতে নিৰ্মাণ কৰা হৈছিল।
“ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে পাহাৰৰ নামনিৰে ৰংপুৰৰ পৰা ৰাজগড়লৈ দিচাংমুখ, টেকেলিফুটা, ঢকুৱাখনা, ঘিলামৰা, বৰদলনি আদি অঞ্চল হৈ নিৰ্মাণ কৰা ডেকা বৰবৰুৱা আলি। ডেকা বৰবৰুৱাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল বাবে এই পথটোৰ নাম ডেকা বৰবৰুৱা ৰখা হৈছিল।” (3)
টেকেলিফুটাৰ পৰা ঢকুৱাখনালৈকে উমা ডেকাবৰুৱাই নিৰ্মাণ কৰা পথছোৱা সম্ভৱতঃ পূৰ্বৰ অৱস্থিতিতে আছে। কিন্তু ঢকুৱাখনাৰ পৰা ঘিলামৰালৈকে পথছোৱা আজিৰ অৱস্থিতিত নাছিল। সেই সূত্ৰে কব পাৰি আজিৰ সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথ বুলি যি ছোৱা পথক কোৱা যায়, সেই সমগ্ৰ পথছোৱা কিন্তু পূৰ্বৰ ডেকা বৰবৰুৱা পথ নহয়। আনহাতে ঢকুৱাখনা-ঘিলামৰা সম্পৰ্কীয় কেতবোৰ লেখা মেলাত পথটোৰ নাম পূৰ্বে “ডেকা বৰুৱা” বুলি উল্লেখ থকা দেখিছোঁ যদিও ই শুদ্ধ নহয়। পথটোৰ নাম “ডেকা বৰবৰুৱা”হে আছিল। আহোম যুগৰ প্ৰায় সকলোবোৰ বাট পথেই আছিল প্ৰশস্ত আৰু যথেষ্ট পৰিমাণে ওখ। ডেকা বৰবৰুৱা পথটোও তদ্ৰুপ আছিল বুলি ধৰিব পাৰি।

হাঁহখোৱা আলিঃ


উমা ডেকা বৰবৰুৱাই নিৰ্মাণ কৰা আলিটোৰ নাম আহোম ৰাজত্বৰ বেলিমাৰৰ পিছতে ক্ৰমশঃ মানুহৰ মাজৰ চলতি কমি গৈ লোপ পাবলৈ ধৰে। ইয়াৰ পিছতে এইছোৱা পথক মানুহে “হাঁহখোৱা আলি” বুলি কবলৈ ধৰে। ইয়াৰ অন্তৰালৰ কাহিনীটো এনেধৰণৰ- ঢকুৱাখনা-ঘিলামৰাৰ মাজত এই পথছোৱা অটব্য অৰণ্যৰে পৰিৱেষ্টিত আছিল। দিনতে বাঘ, ভালুকৰ অবাধ বিচৰণ। মানুহে এই পথ হিংস্ৰ জন্তুৰ সম্ভাব্য আক্ৰমণৰ কথা ভাবি সততে ব্যৱহাৰ নকৰিছিল যদিও দুয়োখন ঠাইৰ যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল এই পথটো। সেয়ে এই পথেৰে যাত্ৰা কৰাৰ প্ৰাক্‌ কালত ঘৰতে সকলোৱে ‘দেখা শুনাকৈ এসাঁজ খাই’হে যাত্ৰা কৰিছিল। এনে সাঁজত হাঁহ এটা মাৰি খোৱাৰ দস্তুৰ আছিল, কাৰণ পথটোত হিংস্ৰ জন্তুৱে আক্ৰমণ কৰিলে মৃত্যু নিশ্চিত আছিল বাবে “ঘৰৰ মানুহ”ক এই জীৱনত পুনৰবাৰ দেখিবলৈ পাব নে নেপায় তাৰ নিশ্চিতি নথকাৰ বাবে হাঁহে মাহে এসাঁজ খাইহে এই পথৰে ঘিলামৰাৰ মানুহে ঢকুৱাখনালৈ বা ঢকুৱাখনাৰ মানুহে ঘিলামৰালৈ অহাযোৱা কৰিছিল। হাঁহ মাৰি খাই যোৱাৰ বাবেই এসময়ত এই পথটোৰ নাম হাঁহখোৱা আলি বুলি পৰিচিত হৈ পৰিছিল।

হাঁহখোৱা আলিৰ অৱস্থিতিঃ


পূৰ্বৰ ডেকা বৰবৰুৱা আলি নামটো লোপ পোৱাৰ পিছত ব্ৰিটিছ যুগত হাঁহখোৱা আলি নামে প্ৰসিদ্ধি লাভ কৰা আলিটো ঢকুৱাখনাৰ টেকেলিফুটাৰ পৰা এতিয়া ঢকুৱাখনাৰ কেন্দ্ৰস্থল চুই বালিগাঁও- ঘাঁহীগাঁৱৰ পিছফালৰ ঔগুৰি পথাৰৰ মাজেৰে কোঁৱৰ গাঁৱৰ কাষেৰে (তেতিয়া কোঁৱৰ গাঁওখন সামান্য পশ্চিমে অৱস্থিত আছিল) চাউৰুকীয়া গাঁৱৰ জয়সাগৰ বিলৰ কাষে, খাৰজান-মাণিকাচুক গাঁৱৰ একাংশ চুই দীঘলা গাঁৱৰ পিছফালেৰে গৈ হিলৈদাৰী আৰু জামুগুৰিৰ মাজত আজিৰ সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথত লাগিছিল। স্বাধীনতাৰ আগে পিছে লোকেল ব’ৰ্ডে আলিবাট জৰীপ কৰি নতুন পথ নিৰ্মাণ কৰাৰ সময়ত ঢকুৱাখনাৰ এইছোৱা পথ পৰিত্যক্ত হৈ পৰে। ঢকুৱাখনাৰ উল্লিখিত গাঁও আৰু পথাৰৰ মাজত আজিও হাঁহখোৱা আলিৰ অৱশিষ্ট কিছু কিছু অংশ টিঙনা হিচাপে দেখা যায়। আনহাতে পৰিত্যক্ত হৈ পথাৰৰ মাজত পৰি ৰোৱা হাঁহখোৱা আলি গঞাই চহাই মৈয়াই কেতিয়াবাই সমান কৰি পেলালে।
আনহাতে জামুগুৰিৰ ওচৰৰ পৰা হাঁহখোৱা আলিটো “ডেকা বৰবৰুৱা পথাৰ”ৰ মাজেৰে বাঘে ঢপলিওৱা গাঁৱৰ কাষেৰে গৈ গৰৈমাৰী ঘাটত কঢ়ানদীত লাগিছিল। বাটে পোৱালি মেলে। সেয়ে কেতিয়াবা ৰাইজে গৰৈমাৰী ঘাটেৰে পাৰাপাৰ নহৈ পাৰঘাটেৰে পাৰপাৰ হৈছিল। দুয়োটাই কঢ়ানৈৰ ঘাট। ঘাট পাৰ হৈয়ে হাঁহখোৱা আলি ঘিলামৰাৰ চেতিয়া গাঁৱৰ কাষেৰে ঐতিহ্যমণ্ডিত ন-পুখুৰীৰ ওচৰৰে গৈ একালৰ ৰামেশ্বৰ কেঞাৰ গোলাৰ ওচৰৰ এতিয়াৰ সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথত লাগিছিলগৈ । একেদৰে কিছুলোকে কঢ়া নদীৰ ঘাট পাৰ হৈ বাট পোনাই ঘিলামৰাৰ ঘাঁহীগাঁৱৰ ফণীধৰ হাজৰিকাৰ দোকানৰ ওচৰত ওলাইছিলগৈ। ঘিলামৰাৰ কলিতা গাঁৱৰ ওচৰৰ পৰা হাঁহখোৱা আলিটো ঘিলামৰা তিনি আলি হৈ নৰ্থবেংক কলেজৰ সন্মুখেৰে মৰা কুমতীয়া পাৰ হৈ বৰহমথুৰিয়নিয়েদি তাহানিৰ ৰাজগড় বা এতিয়াৰ বৰদলনিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত লাগিছিল। সামগ্ৰিকভাবে হাঁহখোৱা আলি বুলি ক’লে এই পথছোৱাকে বুজিছিল বা জানিছিল।


ডেকা বৰবৰুৱা আলিৰ উত্তৰ লক্ষীমপুৰৰ লগত সংযোগঃ


উমা ডেকা বৰবৰুৱাই শিৱসাগৰৰ পৰা উত্তৰ লক্ষীমপুৰলৈকে নিৰ্মাণ কৰা বিখ্যাত “ডেকা বৰবৰুৱা আলি”টো বৰদলনিৰ পৰা লক্ষীমপুৰলৈ কেনেদৰে সংযোগ কৰিছিল তাৰ বিৱৰণ এতিয়ালৈকে পোৱা হোৱা নাই। ইয়াৰ যুক্তিযুক্ত অনুসন্ধান দিব পাৰিব মহাৰাজ নৰনাৰায়ণ আৰু ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালৰ “সময়”ক বিশ্লেষণ কৰিলে।
কোচ ৰজা নৰনাৰায়ণে ১৫৪০ চনত ৰাজপাটত বহাৰ পিছত ১৫৪৩ চনৰ পৰা আহোম স্বৰ্গদেউৰ সৈতে সংঘাত- সংঘৰ্ষ আৰম্ভ হয়।এই সময়ছোৱাত আহোম স্বৰ্গদেউ আছিল চুক্লেংমুং বা গড়গঞা ৰজা (ৰাজত্ব কাল ১৫৩৯-১৫৫২) । কোচ আহোমৰ যুদ্ধ ১৫৪৮ চনৰ আৰম্ভ হয় আৰু ১৫৬৮ চন পৰ্যন্ত অব্যাহত থাকে। ইয়াৰ মাজতে ১৫৪৭ চনৰ পৰা ১৫৬২ চনলৈ দুয়োপক্ষই যুদ্ধ কৰা নাছিল । কোচ আহোমৰ যুদ্ধকালীন অৱস্থাতে নৰনাৰায়ণ-চিলাৰায়ৰ চতুৰ্থ ভ্ৰাতৃ গোহাই কমলে কোচবিহাৰৰ পৰা হাবুং পৰ্যন্ত এটা আলি বন্ধাইছিল আৰু এই আলিটোকে “গোহাই কমল আলি” বুলি জনা যায়।উল্লেখ্য যে বহু বুৰঞ্জী লেখকে গোহাই কমল আলিটো নাৰায়ণপুৰলৈকে নিৰ্মাণ কৰা বুলি উল্লেখ কৰি আহিছে যদিও আলিটো নাৰায়ণপুৰ পৰা পূবলৈ লক্ষীমপুৰ জিলাৰ উত্তৰ সীমাৰ দিশে আজিও পৰিত্যক্ত হৈ হাবি জংঘলৰ মাজত আছে আৰু আলিটোৰ এছোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ব্যৱহৃত হৈ আছে। লক্ষীমপুৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ মাজত এতিয়াও পৰিত্যক্ত হৈ থকা আলিটো পথালিপামলৈকে (আনন্দ বাগানৰ উত্তৰ দিশে) আছিল। এয়া আছিল পূৰ্বৰ সোৱণশিৰিৰ পশ্চিম পাৰ। আনহাতে সোৱণশিৰিৰ পূব পাৰৰ ঘাটটোৰ নাম আছিল চাউলধোৱা। এই চাউলধোৱাৰ অৱস্থান আছিল আজিৰ লতাক-পমুৱাৰ ওচৰত। সেই চাউলধোৱা ঘাটৰ পৰা পূৰ্বৰ বৰদলনিৰ কেন্দ্ৰস্থললৈ (পদুমণি পুখুৰী আৰু পূৰ্বৰ মণিপুৰী থানৰ এলেকা) আনুমানিক ৭ কিলোমিটাৰ মান দূৰত্ব আছিল। এতিয়াৰ ঘাগৰৰ পৰা এতিয়াৰ বৰদলনি পৰ্যন্ত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত কোনো পৰিত্যক্ত আলিৰ চিন পোৱা নাযায়, কাৰণ এইছোৱা পথত সোৱণশিৰিয়ে কেবাবাৰো গতি সলালে।
গোহাই কমল আলি নিৰ্মাণৰ সময়ক লৈও বুৰঞ্জীসমূহত নানা মুনিৰ নানা মত। আমাৰ অনুসন্ধান মতে ১৫৫৫ চনৰ আশে পাশেই আলিটো নিৰ্মাণ কৰা হৈছিল। এইখিনি তথ্য এই লেখাত সন্নিৱিষ্ট কৰাৰ উদেশ্য হল- ডেকাবৰবৰুৱা আলিটো কেনেদৰে উত্তৰ লক্ষীমপুৰৰ সৈতে সংযোগ হল, তাক বিে-ষণ কৰা।
উল্লেখ কৰি থোৱা ভাল যে ঘিলামৰাবাসীয়ে পূৰ্বে উত্তৰ লক্ষীমপুৰলৈ যাবলৈ হলে ভকত গাঁও, ফুকন গাঁও, অটব্য জাৰণিৰ বৰকলীয়া হৈ বাসুদেউ-বেবেজীয়া হৈ পুৰণি ঢকুৱাখনা-ঘূণাসুঁতি পথেৰে যাব লগা হৈছিল। তেতিয়া নাছিল আজিৰ দৰে ঘিলামৰা-গোগামুখ সংযোগী পথ। কিন্তু এটা পথ মেলেকী-বৰদৈৰ দিশেৰে গৈ চাউলধোৱা ঘাটত লাগিছিল। তেনে প্ৰেক্ষাপটত বৰদলনি হৈ ঘিলামৰা পৰ্যন্ত থকা একালৰ গোহাই কমল আলিটোও পৰিত্যক্ত হৈ পৰি আছিল। পথালিপামৰ পৰা চাউলধোৱা-বৰদলনিলৈকে বিৱৰণ ওপৰত দি অহা হৈছে। কাৰণ গোহাই কমল আলি নিৰ্মাণ কৰা হৈছিল ১৫৫৫ চনৰ ওচৰে পাজৰে আৰু উমা ডেকা বৰবৰুৱাই “ডেকা বৰবৰুৱা” আলি বন্ধাই প্ৰায় দুশ বছৰৰ পিছত। ডেকা বৰবৰুৱা পথ নিৰ্মাণৰ সময়তে সম্ভৱতঃ পৰিত্যক্ত ৰূপত থকা গোহাই কমল আলিটোৰ বৰদলনি-ঘিলামৰা অংশ আৱিস্কৃত হৈছিল আৰু সেই পৰিত্যক্ত আলিৰ এছোৱাক ডেকা বৰবৰুৱা আলি ৰূপে পুনৰ সজাই পেলোৱা হৈছিল। সেইছোৱা পথৰ আলম লৈয়ে বৰদলনিৰ পৰা পূৰ্বৰ চাউলধোৱা- পথালিপাম হৈ উত্তৰ লক্ষীমপুৰ পৰ্যন্ত “ডেকা বৰবৰুৱা আলি”ৰ বিস্তৃতি ঘটোৱা হৈছিল। লিখিত বুৰঞ্জীৰ অভাৱত এতিয়ালৈকে এই তথ্যকেই ভেটি কৰি কব পাৰি যে ডেকা বৰবৰুৱাই পুৰণি পৰিত্যক্ত গোহাই কমল আলিক বৰদলনিৰ পৰা লক্ষীমপুৰলৈ সজাই পৰাই নকৈ বন্ধাইছিল।
আনহাতে ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালৰ আগৰে পৰা মাজে মাজে লক্ষীমপুৰৰ পৰা বিশ্বনাথলৈকে ডফলাৰ আক্ৰমণ-লুটপাত অব্যাহত আছিল। পথ যোগাযোগ সুচল নাছিল বাবেই ডফলাৰ আক্ৰমণ প্ৰতিহত কৰি বা ডফলাক বশ্যতা স্বীকাৰ কৰোৱাই ৰজাঘৰীয়া বিষয়া ঘূৰি গড়গাঁও নৌপাওতেই এইফালে ডফলাই পুনৰ মূৰ দাঙি উঠে। সেয়ে উত্তৰ পাৰৰ সৈতে গড়গাঁৱৰ পথ যোগাযোগ সুচল কৰিবৰ বাবেই ডেকা বৰবৰুৱা আলিটো উত্তৰ লক্ষীমপুৰলৈকে সম্প্ৰসাৰণ কৰাটো সেই সময়ত প্ৰয়োজনীয় অথবা জৰুৰী আছিল।

সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথঃ


সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথটো পূৰ্বৰ ডেকা বৰবৰুৱা পথ বা হাঁহখোৱা আলি বুলি জনা যায় যদিও ই পূৰ্ণ শতাংশ শুদ্ধ নহয়।আজিৰ প্ৰেক্ষাপটত ঢকুৱাখনাৰ টেকেলিফুটাৰ পৰা ঢকুৱাখনা চাৰিআলি হৈ ঘিলামৰাৰে বৰদলনিলৈকে যিটো পথ আছে সেইটোৱেই সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথ। পথটো আনুমানিক ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ। পূৰ্বৰ ডেকা বৰবৰুৱা পথটো যিহেতু উত্তৰ লক্ষীমপুৰলৈকে আছিল আৰু পূৰ্বৰ হাঁহখোৱা আলিটোৰ অৱস্থানৰ সৈতে আজিৰ ঢকুৱাখনা-ঘিলামৰা-বৰদলনি সংযোগী পথটোৰ অৱস্থান যিহেতু সম্পূৰ্ণভাবে নিমিলে সেয়ে একেটা আলিবাটৰে নাম সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথ বুলি কলে সম্পূৰ্ণভাৱে শুদ্ধ নহয়। এইটো সত্য যে হাঁহখোৱা আলিৰ বহু অংশ আজিৰ সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথত লীন গৈ আছে।

সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি মানুহজনঃ


সেয়া আছিল ১৯৩৭ চনৰ কথা। ভাৰতে স্বাধীনতা পাবলৈ তেতিয়াও ১০ বছৰ বাকী। সেইসময়ত অসম এছেম্বলীৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু আহোম সভাৰ নেতৃস্থানীয় ব্যক্তি সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞিয়ে যোৰহাট মহকুমাৰ দক্ষিণ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিল। কিন্তু কংগ্ৰেছে টিকট দিলে কৃষ্ণ শৰ্মাক আৰু শৰ্মা নিৰ্বাচনত জিকিল। বুঢ়াগোহাঞিয়ে স্বতন্ত্ৰভাবে নিৰ্বাচন খেলিছিল যদিও পৰাজিত হল। ইয়াৰ পিছত ১৯৪২ চনত শিৱসাগৰৰ কংগ্ৰেছৰ বিধায়ক সোণাৰাম দত্তৰ মৃত্যু হোৱাত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত আহোম সভাৰ প্ৰাৰ্থীৰূপে সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি নিৰ্বাচনত জিকিল। তেতিয়া অসমৰ প্ৰধানমন্ত্ৰী আছিল ছাৰ ছাদুল্লা।
স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন Constituent Assemblyৰ নিৰ্বাচন পাতিলে। এই নিৰ্বাচনৰ ভোটাৰ সকল আছিল প্ৰদেশবোৰৰ আইন সভাৰ সদস্য সকল। সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞিক আহোম সভাই প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি কংগ্ৰেছৰ ভোট কেইটা লাভ কৰিবলৈ গোপীনাথ বৰদলৈক আহ্বান জনাইছিল যদিও মূৰকত বুঢ়াগোহাঞি হাৰিল। গোপীনাথ বৰদলৈয়ে বুঢ়াগোহাঞিৰ ৰাজনৈতিক পৰিচয় তথা ব্যক্তিত্ব ভালদৰেই জানিছিল বাবে তেখেতক যেনেতেনে কংগ্ৰেছী কৰাৰ কথা চিন্তা কৰি আছিল।
সংবিধান প্ৰস্তুত হোৱাৰ পিছত Constituent Assemblyয়ে ভাৰতৰ সংসদৰ দৰে কাম কৰিছিল। তেতিয়া অসম Assemblyৰ এটা পদ খালি হোৱাত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে গোপনে বুঢ়াগোহাঞিক যোগাযোগ কৰি কংগ্ৰেছত যোগদান কৰাই প্ৰাৰ্থিত্ব দিলে। মুখ্যমন্ত্ৰী বৰদলৈয়ে জৱাহৰলাল নেহৰুলৈ চিঠি লিখি ভাৰতৰ Constituent Assemblyত সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞিক ল’ব লাগে আৰু মন্ত্ৰীপদ দিব লাগে বুলি জনালে। সেইমৰ্মে বুঢ়াগোহাঞি ১৯৪৯ চনত Constituent Assemblyত পোন প্ৰথম অসমৰ মন্ত্ৰী(উপ মন্ত্ৰী) হয়। ইয়াৰ পিছত ১৯৫২ চনৰ জানুৱাৰী মাহত ভাৰতৰ সংবিধানৰ আধাৰত দেশত অনুষ্ঠিত প্ৰথম সাধাৰণ নিৰ্বাচনত শিৱসাগৰ-উত্তৰ লক্ষীমপুৰ( তেতিয়া সমষ্টিৰ নামটো এনেদৰেই আছিল)সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰূপে সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি বিজয়ী হয় আৰু কেন্দ্ৰত পুনৰ উপ মন্ত্ৰী পদ লাভ কৰে। তেতিয়াই এবাৰ কলকাতালৈ আহোতে এপেনডিক্সৰ বেদনাত অস্ত্ৰোপচাৰ কৰিব লগা হ’ল যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু ঘটে। সময়মতে অস্ত্ৰোপচাৰ নকৰাৰ বাবে এপেণ্ডিক্স পকি গল বুলি জনা যায় যদিও একাংশ ৰাজনীতিকে এই মৃত্যুক ৰহস্যজনক আখ্যা দিয়ে।
সুদীৰ্ঘ দিন সদৌ অসম আহোম সভাক নেতৃত্ব প্ৰদান কৰি পিছত কংগ্ৰেছত যোগদান কৰি অসমৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীৰূপে ইতিহাস ৰচনা কৰা সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞিৰ ব্যক্তিত্ব যিদৰে ঈৰ্ষণীয় আছিল, একেদৰে সামাজিক আৰু ৰাজনীতিক জীৱন বাদ-বিবাদেৰে বৰ্ণাঢ্য আছিল। তৎস্বত্বেও বুঢ়াগোহাঞিক এজন সফল ৰাজনীতিক বুলিবই লাগিব।
শিৱসাগৰ-উত্তৰ লক্ষীমপুৰ সংসদীয় সমষ্টিৰ প্ৰথমজন সাংসদৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদেশ্যে পিছৰ পৰ্যায়ত টেকেলিফুটা-ঢকুৱাখনা -ঘিলামৰা – বৰদলনি পথটোক “সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি পথ” বুলি নামকৰণ কৰা হয়।
ব্ৰিটিছে অসম অধিকাৰ কৰি লোৱাৰ ঠিক পিছতে বেংগলৰ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট তথা চিভিল কমিচনাৰ ডেভিট স্কটে অসমত নিজা নিৰীক্ষণত কেবাটাও জৰীপ তথা অনুসন্ধান তদাৰক কৰিছিল। এইবিলাকত Surveyor General বিভাগৰ বিষয়াসকলক নিয়োগ কৰি অসমৰ ভিতৰত তথা বাহিৰৰ বহু পথৰ বাণিজ্যিক সম্ভাৱনীয়তা অধ্যয়ন কৰিছিল। খামতি আৰু চিংফৌ অধ্যুষিত এলেকাৰ শান্তি শৃংখলাৰ বাবে Neufville এ ভ্ৰমণ কৰাৰ সমান্তৰালভাবে উত্তৰ পাৰৰ উজনি খণ্ডটোৰ নদী আৰু স্থলপথেৰে অভিযান চলাই মানচিত্ৰ প্ৰস্তুত কৰিছিল ক্ৰমে কেপ্টেইন বেলফ’ৰ্ড, লেফটেনেণ্ট উইলক’ আৰু বাৰ্লটনে। (4) উজনি অসমৰ দায়িত্বত থকা জেনকিন্সেও লক্ষীমপুৰ জিলা ভ্ৰমণ কৰি এক প্ৰতিবেদন ব্ৰিটিছ চৰকাৰক দাখিল কৰিছিল। ইয়াৰ ভিত্তিতে জিলাখনৰ বাটপথ নিৰ্মাণ কৰা হৈছিল। মফট মিলছৰ প্ৰতিবেদন , উইলিয়াম উইলচন হাণ্টাৰ আদিৰ প্ৰতিবেদন, পৰিসংখ্যা আদিতো লক্ষীমপুৰ জিলাৰ বাটপথ উন্নয়নৰ বাবে আৰ্জি পেচ কৰা, ধন আৱণ্টন কৰা আদি কেতবোৰ তথ্য পোৱা যায়। আনহাতে ব্ৰিটিছৰ উদ্যোগতে অসমত আৰম্ভ হোৱা লাইট ইনফ্ৰেণ্টী নামৰ মিলিটেৰী গোটটোৱে ১৮৪০ চন মানৰ পৰাই অসমত বাট পথ মোকলাইছিল। এই মিলিটেৰী গোটটোৰ এটা ছাউনী বিশ্বনাথত থকাৰ সূত্ৰে চুবুৰীয়া জিলা কেইখনৰ বাটপথ সেনাই নিৰ্মাণ কৰিছিল। ইয়াৰ পিছতহে ১৮৬৮ চনত ব্ৰিটিছৰ বেংগল প্ৰভিন্সৰ অধীনত অসমত নিৰ্মাণ বিভাগৰ এটা শাখা গঠন কৰে, যিটো পৰৱৰ্তী সময়ত গড়কাপ্তানি বিভাগ বুলি পৰিচিতি লাভ কৰে। এই বেংগল চৰকাৰৰ অধীনত অসমত গঠন কৰা নিৰ্মাণ শাখাটোৰ জৰিয়তে ১৮৮০ চনত অসমত স্থানীয়ভাবে লোকেল ব’ৰ্ড গঠন কৰা হয় আৰু লোকেই ব’ৰ্ডেই বাট পথ, হাট বজাৰ, ৰাজহুৱা গৃহ আদি নিৰ্মাণ কৰে।
ডেকা বৰবৰুৱা আলি বা হাঁহখোৱা আলি এই লোকেল ব’ৰ্ডেই সময়ে সময়ে নিৰ্মাণ-মেৰামতি কৰাৰ পিছত ১৯৬১ চনত ঘিলামৰাত গড়কাপ্তানি বিভাগৰ এটা উপ সংমণ্ডল স্থাপন হোৱাত সমগ্ৰ পথটো চোৱাচিতাৰ দায়িত্ব লয় এই উপ সংমণ্ডলে। ঘিলামৰা উপ সংমণ্ডলে ১৯৭৫ চনৰ ভিতৰত সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঞি পথৰ সকলো দলং কাঠেৰে নিৰ্মাণ কৰাৰ লগতে পুল সমূহ নিৰ্মাণ কৰে। অসম আন্দোলনৰ সময়ত ইয়াৰ একাংশ দলং জলাই দিয়াত পিছত পকী পুল স্থাপন কৰা হয়। শেহতীয়াকৈ ২০১৪ চনত পথটোৰ একাংশ (ঢকুৱাখনাৰ পৰা ঘিলামৰা) ২২ নং ৰাজ্যিক ঘাইপথ ৰূপে পুনৰ নিৰ্মাণ কৰাত এতিয়া পূৰ্বতকৈ যাতায়াত সুচল হৈছে। সময়ৰ লেখেৰে পথটোৱে ইতিমধ্যে ২৫০ বছৰ অতিক্ৰম কৰিছে।

লেখকৰ ঠিকনাঃ পদ্মা নগৰ পথ, মৈদমীয়া, উত্তৰ লক্ষীমপুৰ

তথ্য উৎসঃ

1, শিৱসাগৰ জিলাৰ ৰজাদিনীয়া গড় আৰু আলি- দিলীপ কুমাৰ বুঢ়াগোহাঞি। ৰংপুৰ ৰংপুৰ স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভা, শিৱসাগৰ অধিৱেশন, ১৯৯৩ চন, পৃষ্ঠা- ৪০

2, Roads and Communication Systems in Assam under the Ahom- Dr Lachit Baruah.

3, অসমৰ পথ পৰিক্ৰমা- ড০ মাধুৰিমা বৰুৱা, পৃষ্ঠা-৪৮

4, David Scott in North-East India. Nirode K. Barooah, page no 150.

5, আহোম সভাৰ বুৰঞ্জী- ৰামেশ্বৰ বড়া

6, Report on The Eastern Frontier of British India—Capt. R Boileau Pemberton.