উৎপল ফুকন
তাহানিৰ পাহুৱাল ডেকাৰ ঢোলৰ চাপৰত পথাৰ শুৱনি গাভৰুৰ কঁকাল ঘূৰোৱা নাচৰপৰা আজিৰ ৰজাৰ ঢোলৰ চাপৰত প্ৰজাৰ কঁকাল ভাঙি যোৱা নাচলৈকে বিহুৰ ভিন্ন ৰূপ-দৰ্শনৰ আমি নিঃকিন দ্ৰষ্টা। অতীজৰ গছতলৰ বিহুৰ মঞ্চলৈ আগমন আৰু মেলামুখী চৰিত্ৰৰ সংযোজন যুগৰ যুগুতি বুলি ধৰিলেও ইয়াৰ প্ৰদৰ্শন, সংৰক্ষণ আদি কেতবোৰ দিশত নতুন চিন্তাৰ সংযোজনৰ সময় আহি পৰিছে বুলি আমি অনুভৱ কৰোঁ।
প্ৰথমেই— বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থ বোলা ‘নকৰিলেই নহয়’ জাতীয়, সাধাৰণতে চ’ৰাঘৰৰ এটা চুকত অনাদৃতভাৱে পৰি ৰোৱা কিতাপখনৰ কথাকে লওঁ। স্মৃতিগ্ৰন্থ বুলিলে যি ধাৰণা মানুহৰ মনত প্ৰোথিত হৈ আছে সি পঢ়ুৱৈ একোজনক পঢ়িবলৈ বা লেখক এজনক ভাল লেখা একোটা লিখিবলৈ অনুপ্ৰাণিত নকৰে। অথচ, স্মৃতিগ্ৰন্থ একোখনৰ মাজত এখন ঠাইৰ ঐতিহাসিক দলিল হ’ব পৰা, এখিনি সময় সামৰি ৰাখিব পৰা সম্ভাৱনা লুকাই আছে। সেই সুযোগৰ আমি সদ্ব্যৱহাৰ কৰিব পৰা নাই। স্মৃতিগ্ৰন্থক আমি সন্মানজনক স্থানত অধিস্থিত কৰাবলৈ হ’লে সন্মিলনৰ প্ৰাক-মুহূৰ্তত কৰা কাম হিচাপে নলৈ বছৰজোৰা প্ৰকল্প হিচাপে গ্ৰহণ কৰিব লাগিব। ঠাই একোখনৰ ইতিহাস, ঠাই বিশেষে প্ৰচলিত নৃত্য, গীত-মাত ইত্যাদিৰ সংগ্ৰহ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বিষয় আৰু ইয়াৰ বাবে অধ্যয়নৰ গৱেষণাধৰ্মী চৰিত্ৰও অক্ষুণ্ণ ৰখা দৰকাৰ। এনেধৰণৰ কামৰ বাবে পেচাদাৰী মনোভাবৰ প্ৰয়োজন আছে, কাৰণ আৰ্থিক দিশটো গুৰুত্ব নিদিলে তেনে কাম কেৱল মনৰ উৎসাহত দীৰ্ঘসময়ৰ বাবে চলাই ৰখা সম্ভৱ নহয়। কেৱল স্মৃতিগ্ৰন্থ প্ৰকাশেই নহয়, বছৰৰ মূৰত ঠাইখনক প্ৰতিনিধিত্ব কৰিব পৰা একোখন গৱেষণালব্ধ গ্ৰন্থও প্ৰকাশৰ দিহা কৰিব পাৰে সমিতিসমূহে। ঘিলামৰাৰ ক্ষেত্ৰত এনে এখন গ্ৰন্থ আমি অদ্যপি লাভ কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় বিহুসমিতিসমূহে কথাটো মন কৰি উদ্যোগ ল’লে ভাল হ’ব।
গোটেই অসমত প্ৰতি বছৰে যিমানবোৰ বিহু সন্মিলন অনুষ্ঠিত হয় তাৰ গৰিষ্ঠসংখ্যকেই স্মৰণিকা একোখন প্ৰকাশ কৰি উলিয়ায়। এই স্মৰণিকাবোৰ ডিজিটেল ৰূপত সংৰক্ষণ কৰি ৰাখিবৰ বাবে এটা ই-আৰ্কাইভৰ কথা চিন্তা কৰিব পাৰি। সন্মিলনসমূহে নিজাকৈ উদ্যোগ লৈ বিহু উদ্যাপনৰ বাজেটৰ এক সামান্য অংশ ৱেবছাইটৰ বাবে ব্যয় কৰিব পাৰে বা অগত্যা সেইখিনিও ধন ব্যয় কৰিবৰ ইচ্ছা নাই তেন্তে ব্লগাৰত (blogger.com) বিনামূলীয়াকৈ ৰাখি থ’ব পাৰে। ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত ই হ’ব পাৰে এক উল্লেখনীয় পদক্ষেপ।
বৃহত্তৰ কঢ়াপৰীয়া ৰঙালী বিহু সন্মিলনখনে এইবাৰ এটা সময়োচিত পদক্ষেপ লৈছে। তেখেতসকলে বিহুখনৰ প্ৰায় সকলোবোৰ তথ্যই ৱেবছাইট বা জালস্থান https://bkrbs.in ত সাঁচি ৰাখিছে। তাৰ ভিতৰত— আৰ্থিক বা কায়িক শ্ৰমদান কৰা দাতাসকলৰ সবিশেষ, তেখেতলোকৰ পঞ্জীকৰণ প্ৰক্ৰিয়াটো অনলাইন প্ৰক্ৰিয়ালৈ উন্নীতকৰণ, অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ অনলাইন পঞ্জীকৰণ, জমা-খৰচৰ হিচাপ, প্ৰতিযোগিতাসমূহৰ ফলাফল অনলাইনত উপলব্ধ কৰোৱা, স্মৰণিকা ‘কঢ়াপৰীয়া কেতেকী’ৰ ই-সংস্কৰণ আদিয়েই প্ৰধান। এই সকলো তথ্য সময়ানুসৰি, ধাৰাবাহিকভাৱে ৰাখি যোৱা হ’ব। মোৰ বোধেৰে অসমৰ বিহু সমিতিসমূহৰ ইতিহাসৰ ই অভূতপূৰ্ব পদক্ষেপ। ধনৰ জোখাৰে তেনেই কম বাজেটেৰে বিহু পতা গাঁও অঞ্চলৰ এখন বিহু সমিতিৰ বিশ্বমুখী চিন্তা নিশ্চয় শলাগিবলগীয়া।
দ্বিতীয়তে— বিহু সন্মিলনৰ বাজেটৰ এক বুজন অংশ যে সাংস্কৃতিক সন্ধিয়াৰ নামী-দামী শিল্পীৰ বাবে ব্যয় কৰা হয়, এই কথাটো সমিতিসমূহে পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰোঁ। এনে পদক্ষেপৰ বাবে স্থানীয় শিল্পীসকলে আশাৰে বাট চাই থকা মঞ্চখন তেওঁলোকে নাপায়। স্থানীয় প্ৰতিভাসমূহ বিচাৰি উলিওৱা, প্ৰশিক্ষণ দিয়া, তেওঁলোকৰ বাবে এখন মঞ্চ দিয়া আদি কামবোৰো বিপুল জনতাৰ অংশগ্ৰহণেৰে শক্তিশালী বিহু সমিতিসমূহে কৰিব পাৰে।
এইবাৰৰ স্মৰণিকাখন সীমিত সময় আৰু বাজেটৰ ভিতৰত যিমান পাৰি উন্নতমানৰ কৰি তুলিবলৈ চেষ্টা কৰা হৈছে। তথ্যপূৰ্ণ লেখাবোৰ ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈসকলৰ কামত আহিব বুলি ভবা হৈছে। লেখাসমূহৰ বৰ্গীকৰণ বিষয়-কেন্দ্ৰিক। লেখা প্ৰকাশৰ ক্ৰমে লেখাৰ মান সূচাইছে বুলি ধৰিব নালাগে।
সীমিত বাজেট স্বত্বেও কঢ়াপৰীয়া বিহু সন্মিলনে যে লেখকসকলক মাননি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, ইও এক অনুকৰণীয় পদক্ষেপ। সাধাৰণতে দেখা যায়, বিহুৰ সৈতে জড়িত বিচাৰক, প্ৰতিযোগী, সাংস্কৃতিক সন্ধিয়াৰ শিল্পী, টেণ্ট হাউচৰ মালিক, কৰ্মচাৰী — প্ৰায় সকলোৱেই বিহুখনৰপৰা আৰ্থিকভাৱে লাভান্বিত হয়। উপেক্ষিত হৈ ৰয় কেৱল স্মৃতিগ্ৰন্থৰ লেখকসকল। আনকি বহুসময়ত তেওঁলোকে স্মৃতিগ্ৰন্থ একোখনো ভাগত নাপায়গৈ। ভাল লেখা একোটা প্ৰস্তুত কৰিবলৈ যি পৰিমাণৰ অধ্যয়ন আৰু সময়ৰ প্ৰয়োজন, সমিতিসমূহৰ লেখকসকলৰ প্ৰতি উদাসীনতাৰ বাবে ভাল লেখকসকলে এইখিনি শ্ৰম কৰিবলৈ উৎসাহ অনুভৱ নকৰে। লেখকক মাননি প্ৰদান, শলাগনি-পত্ৰ সহিতে স্মৰণিকাৰ টোপোলা প্ৰেৰণ — আদিবোৰ কৰ্মই উদ্যাপন সমিতিৰ সাংস্কৃতিক চৰিত্ৰ প্ৰকাশ কৰে। ই ঠাই একোখনৰ সাংস্কৃতিক চৰিত্ৰকো প্ৰতিনিধিত্ব কৰিব পাৰে।
পৰিশেষত, আমাক স্মৰণিকাখনিৰ দায়িত্ব ল’বৰ বাবে উপযুক্ত বিবেচনা কৰা ‘বৃহত্তৰ কঢ়াপৰীয়া ৰঙালী বিহু সন্মিলন’ৰ বিষয়ববীয়াসকলক এই চেগতে ধন্যবাদ যাচিলোঁ। বন্ধু নৱ চেতিয়া — যাৰ মনত সদায় ঘিলামৰাৰ বাবে নতুন কিবা এটা কৰাৰ আশাই দোলা দি থাকে তেওঁলৈ থাকিল অশেষ শুভাশিস। চেপন মহাবিদ্যালয়ৰ অধ্যাপক, অসমীয়া গ্ৰন্থজগতৰ চিনাকি নাম ভাতৃস্থানীয় ড° অসীম চুতীয়াই স্মৰণিকাখনি প্ৰকাশৰ প্ৰতিটো স্তৰতে যি দিহা-পৰামৰ্শ আগবঢ়ালে তাৰ বাবে তেওঁলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
উৎপল ফুকন
সম্পাদক, কঢ়াপৰীয়া কেতেকী