নিৰলা দেৱী

পদূলি মুখতে ৰৈ… চিনাকি সুহুৰি ঐ


বসন্ত মোহনীয়া মায়াসনা ঋতু। বসন্তই বা বলোৱা সময়ত প্ৰকৃতি সাঁজি-কাচি ৰূপহীজনী হয়। ব’হাগৰ আবিৰ সানি প্ৰকৃতি কাচোনমতী হৈ পৰে। প্ৰকৃতিৰ ব’হাগ আৰু মানুহৰ জীৱনৰ ব’হাগ দুয়োৰে একেই উন্মাদ গতি। যৌৱন দুপাৰ উপচি পৰা বতৰ। এনেহেন উন্মাদ, দুৰ্বাৰ মায়াসনা বতৰৰ গীত হ’ল বিহুগীত। যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৱে যদি বতৰৰ গীত গায় তেনেহ’লে বসন্তৰ ভৰ-যৌৱনা পৃথিৱী শস্য-সম্ভৱা হ’ব- এয়া হ’ল সহজ-সৰল চহা জীৱনৰ লোকবিশ্বাস। বিহুৰ লগত নাচ আৰু গীতৰ তেজ-মঙহৰ সম্পৰ্ক। বিহু আৰু বিহুনৃত্য-গীত অসমীয়াৰ বাপতিসাহোন। অসমীয়া জাতীয় জীৱনৰ প্ৰবাহিত নৈৰ পাৰত ‘বিহু’ অতিকৈ চিনাকি ঘাট আৰু ‘বিহুগীত’ হ’ল মন হৰি নিয়া এটি চিনাকি সুহুৰি।
“সৌন্দৰ্যৰ কাচলি উদঙাই চালোঁ পিত পিত…”
বিহুগীত অসমীয়া লোক-গীতি সাহ্যিতৰ এক অমূল্য সম্পদ। এই গীতসমূহ পৰিৱেশ্য কলাৰ ভিতৰুৱা আৰু বিহুনাচৰ লগত সংযোজিত। মূলতঃ শ্ৰুতিনন্দন ৰূপত বিহুগীতৰ সৌন্দৰ্য প্ৰকট হৈ উঠে। কিন্তু এইবোৰ লোক কবিতা হিচাপেও অতীৱ সৌন্দৰ্যৰ অধিকাৰী। ইয়াৰ ভাব-ভাষা, প্ৰকাশভংগী, ছন্দ-অলংকাৰ, ৰস সকলোতে কাব্যিক সৌন্দৰ্যৰ বাখৰুৱা ৰূপ পৰিস্ফুট হৈ আছে। পৰম্পৰাগত সুৰেৰে সাজি-কাচি স্বকীয় বৈশিষ্ট্যৰে এই লোক কবিতাই আত্মপ্ৰকাশ কৰিছে। অনামী কবিৰ এই গীতিকবিতাসমূহৰ সৌন্দৰ্য শিষ্টসাহিত্যৰ কবিতাতকৈ কোনো গুণে কম নহয়। বৰঞ্চ এই লোককবিতাসমূহৰ সমল আৰু প্ৰকাশভংগীৰ প্ৰভাৱ কোনো কোনো শিষ্ট সাহিত্যত পৰিছে।ভাবে-ভাষাই, সাজোনে-কাচোনে বিহুগীতে কিদৰে সাহিত্যৰ সাজ পৰিধান কৰিছে তাৰে এটি চমু আলোচনাই হ’ল প্ৰবন্ধৰ প্ৰতিপাদ্য বিষয়।


ভাব-ভাষাত… বসন্তৰ বা-ত টগবগাই উঠে যৌৱনৰ বলিয়া ঘোঁৰা …


বিহুগীতৰ কথাবস্তু কামনা-বাসনাৰ লগত সংপৃক্ত। ডেকা-গাভৰুৰৰ দৈহিক প্ৰেম-আকৰ্ষণৰ কথাই ইয়াত প্ৰতিপাদন কৰা হৈছে। সেইবাবে বিহুগীত হ’ল দেহজ প্ৰেমৰ কবিতা। জীৱনৰ ব’হাগত উপলব্ধি হোৱা প্ৰেম-বিৰহ, হাঁহি-কান্দোন, আৱেগ-অনুৰাগ, মান-অভিমান, সুখ-দুখ, পোৱা-নোপোৱা সহজ-সৰল জীৱনেই হৈছে বিহুগীতৰ কথাবস্তুৰ আধাৰ। পথাৰৰ পকা ধানৰ গোন্ধ আৰু বোকাপানীৰ লগত সংপৃক্ত নৈপৰীয়া চহা জীৱনৰ মুকলি পৰিৱেশ, নিসৰ্গই জন্ম দিয়া পাৰাপাৰহীন আৱেগ আৰু যৌৱনৰ বলিয়া বানে কোবাই যোৱা কহুঁৱা-কোমল উৰুঙা মনৰ সমাহাৰত অনামী কবিসকলে বিহুগীতৰ জন্ম দিছিল। মনৰ কথাবোৰ কবিতা হৈছিল আৰু সুৰৰ বোকোচাত উঠি ই আত্মপ্ৰকাশ কৰিছিল। ডেকা-গাভৰুৰ জীৱনত সহজাতভাৱে উদয় হোৱা পূৰ্বৰাগ, অনুৰাগ, প্ৰেম-প্ৰীতি, প্ৰণয় আৰু মিলনৰ বাসনা চহা কবিৰ অনুভৱত তেজাল হৈ উঠিছিল আৰু বিহুগীতৰ মাজেৰে তাৰ মাধুৰিমা বাকি দিবলৈ চহা কবি উদ্বাউল হৈছিল।
বিহুগীত হ’ল প্ৰেমৰ কবিতা কিন্তু নৈৰ্ব্যক্তিক। দেহ আৰু মনৰ সঁচা উপাদানেৰে সাজি উলিওৱা একোখন বাস্তৱ চিত্ৰ, যিবোৰ চিত্ৰই লোকায়ত জীৱনক আজিও দোলাই ৰাখে। ‘গাথাসপ্তশতী’ৰ লোকগাথাসমূহৰ দৰে বিহুগীততো প্ৰেমৰ সাৰ্বিক ৰূপৰ বিচিত্ৰতা ফুটি উঠিছে। প্ৰেমৰ আবেদন আৰু আকৰ্ষণ চিৰন্তন। এনে চিৰন্তন কথাবস্তুৰে সংপৃক্ত বাবেই বিহুগীতৰ আবেদন নজহা-নপমা। ভাববস্তুৰ দিশৰ পৰা শিষ্ট সাহিত্যৰ প্ৰেম বিষয়ক কবিতাৰ দৰেই ইয়াতো একেই নান্দনিক চেতনা উপলব্ধ হয়। সেইবাবে সাহিত্যৰ ইতিহাস প্ৰণেতাসকলে বিহুগীতক সাহিত্যৰ মৰ্যাদা দি গৈছে। ই লোকসাহিত্যৰ অন্তৰ্গত লোক-কবিতা। সুৰেৰে আত্মপ্ৰকাশ কৰিছে বাবে ই অসমীয়া লোকগীতি-সাহিত্যৰো অংশীদাৰ হৈ পৰিছে।
ৰূপহী প্ৰকৃতিৰ মায়াত বন্দী চহা কবি…
ব’হাগৰ ৰচকী প্ৰকৃতিৰ মন
জুৰোৱা পৰিৱেশত ডেকা-গাভৰুৰ মন প্ৰেমৰ অনুৰাগেৰে ৰঞ্জিত হয় আৰু প্ৰণয়ৰ গজালি মেলে। সেয়ে হয়তো বিহুগীতৰ ভাব-ভাষাত নিসৰ্গ আৰু প্ৰেম সমন্বিত ৰূপত প্ৰকাশিত হৈছে। চহা জীৱন প্ৰকৃতিৰ বুকুত লালিত-পালিত। বিহুগীতত মুকলিমূৰীয়া চহা কবিৰ ভাব-ভাষাই কবিতাৰ ৰূপ পাওঁতে আপোনাআপুনি প্ৰকৃতি সোমাই আহে আৰু যৌৱনৰ ভাব-ভাষাৰ মাজত প্ৰকৃতি একাকাৰ হৈ যায়। এক কথাত বিহুগীতত অসমৰ বনৰীয়া ধৰণীৰ চিত্ৰ অতি সুলভ। অতি প্ৰাঞ্জল ভাষাৰে কবিয়ে প্ৰাকৃতিক দৃশ্যক ‘জোৰণি’ হিচাপে ব্যৱহাৰ কৰি, তাৰ লগত সংগতি ৰাখি পিছৰ অংশৰ ডেকা-গাভৰুৰ মনৰ অনুৰাগ, প্ৰেম-প্ৰীতি, হৰ্ষ-বিষাদ আদি প্ৰকাশ কৰিছে। নৈসৰ্গিক শোভাই মন পথাৰ সাৰুৱা কৰে। যৌৱনত ওপজা আশাৰ কঠিয়াই সাৰুৱা ভূমিত ঠন ধৰি উঠে। বিহুগীতত সেইবাবেই নিসৰ্গ এৰাব নোৱৰা উপাদান হৈ পৰে। বিহুগীতৰ দৰে বাৰমাহী গীতসমূহতো প্ৰোষিতভতৃÇকা নাৰীৰ মনোবেদনা প্ৰকাশত নিসৰ্গক এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে লোককবিসকলে ব্যৱহাৰ কৰিছে।
অসমৰ নৈ, চৰ-চাপৰি, পথাৰ-সমাৰ, বিনন্দীয়া পৰ্বত-পাহাৰৰাজি, পশু-পক্ষী, গছ-লতিকা, মাছ-কাছ আদি বৰণীয়া প্ৰকৃতি বিহুগীতত উদ্ভাসিত হৈ আছে। ‘দিখৌ নৈ এৰিব পাৰো মই লাহৰী/জাঁজী নৈ এৰিব পাৰোঁ…. ধনশিৰিক ভেটিব/ জেঙে ঐ জাবৰে/সোৱণশিৰিক ভেটিব কোনে’… কাকডোঙাৰ বৰালি, দেহা হ’ল দিহিঙৰ গৰা, ৰঙা নৈ শুকালে মাছৰে বেজাৰত/ লুইতখন শুকাইছে কিয়!— ইত্যাদি বিহুগীতত ভাবপ্ৰকাশৰ জোৰণি হিচাপে নৈসমূহক কবিয়ে ব্যৱহাৰ কৰিছে।
চহা জীৱনত মোহনীয় পথাৰখনি মানুহৰ জীৱিকাৰ সম্বলেই নহয়, ডেকা-গাভৰুৰ প্ৰেম আদান-প্ৰদানৰো এক আছুতীয়া ঠাই। বিহুগীতত সেইবাবে গাভৰুৱে গায়— ‘দকৈ পথাৰতে/ধানে দাই আছিলোঁ/ঘিলাচকলীয়া ঐ মুঠি, সকলোকে দেখো মই/চেনাইকে নেদেখোঁ/চাওঁ ঢাপৰে ওপৰত উঠি। এইবোৰৰ বাদেও তৃণ-তৰু, পশু-পক্ষীৰ চিত্ৰয়ো বিহুগীতত সৌন্দৰ্য প্ৰদান কৰিছে। ‘পানীতে জিক্‌মিক্‌/পানীৰে পৰুৱা… ওপৰৰে উৰিলে/কালিন্দী ভোমোৰা, চৰাই হালধীয়া/পাখি বিনন্দীয়া…, পৰ্বতৰ ঢেকীয়া/লিহিৰিপতীয়া…কাম চৰাই ঠোঁট…, কিনো খুৱাই বঢ়ালি/মতা ম’হৰ গলধন….’ ইত্যাদি বিহুৱা ডেকা-গাভৰুৰ মুখে মুখে।
প্ৰকৃতিৰ বিনন্দীয়া ৰূপত বিহুগীতৰ দৰে লোককবিতাৰ স্বৰূপ যিদৰে প্ৰকাশ পাইছে শিষ্ট সাহিত্যৰ ৰোমাণ্টিক কবিসকলে প্ৰকৃতিবিষয়ক মনোৰম কবিতা ৰচনা কৰিছে। মাত্ৰ পাৰ্থক্য এইখিনিতে যে বিহুগীতত লোককবিতাৰ ধৰ্মানুসৰি আছে নৈৰ্ব্যক্তিকতা আৰু ৰোমান্টিক কবিতাত আছে মন্ময়ধৰ্মিতা। ধ্ৰু¸পদী কবিয়েও বৰ্ণনবিলাসৰ এটি উপাদান হিচাপে য’তেই সুবিধা পাইছে ত’তেই প্ৰকৃতিক নিঃসংকোচে ব্যৱহাৰ কৰিছে। কন্দলি ৰামায়ণৰ ‘চিত্ৰকূট বৰ্ণনা’, শংকৰদেৱৰ কীৰ্তনৰ ‘হৰ-মোহন’ৰ দিব্য উপবনৰ বৰ্ণনা, আদি দশমৰ বৰ্ষা আৰু শৰৎ বৰ্ণনা ইয়াৰ প্ৰকৃষ্ট উদাহৰণ। বিহুগীতত প্ৰকৃতিৰ উপাদানৰ লগত ডেকা-গাভৰুৰ দেহ-সৌষ্ঠৱৰ তুলনা কৰাটো এক বিশেষ বৈশিষ্ট্য। মালী মাছৰ নিচিনা চকু, হৰিণীনয়না লাহৰী, পূৰ্ণিমাৰ জোন যেন চেনাইটি ইত্যাদি উপমাৰ সাক্ষী এই বিহুগীতবোৰ। প্ৰেমবলিয়া ডেকা-গাভৰুৱে প্ৰেমৰ অনুৰাগত পৰস্পৰৰ মাজত বিচাৰি পোৱা দেহৰ সুষমা প্ৰকৃতিপ্ৰদত্ত উপাদানেৰে প্ৰকাশ কৰা এই ৰীতিটো শিষ্ট সাহিত্যতো দেখা যায়। প্ৰকৃতিপ্ৰদত্ত উপাদানেৰে ধ্ৰু¸পদী কবিয়ে কাব্যৰ নায়ক-নায়িকাৰ দেহ-বল্লৰীৰ বৰ্ণনা অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। এই ক্ষেত্ৰত কৃষ্ণ-ৰুক্মিণীৰ ৰূপবৰ্ণনাত শংকৰদেৱ অদ্বিতীয়।


কিনো ৰূপে সজালি/অনামী কবি ঐ বিহুগীত এফাঁকি


ভাব-ভাষাত নিসৰ্গৰ লগত তেজ-মঙহৰ সম্বন্ধ লৈ প্ৰকাশিত হোৱা বিহুগীতবোৰক আংগিকৰ ফালে চালেও তাৰ অনুপম সৌন্দৰ্য অনুভৱ কৰিব পাৰি। আলংকাৰিক দৃষ্টিত কিছুমান বিহুগীত নিৰাভৰণ। স্বাভাৱিক উক্তিৰে বিহুগীতৰ সৌন্দৰ্যানুভূতিৰ প্ৰকাশ। ইয়ো বিহুগীতৰ এক সৌন্দৰ্য। ‘হাতৰে শুৱনি হাতৰ মুঠিখাৰু/কঁকালৰ শুৱনি ৰিহা/ মূৰৰে শুৱনি মূৰৰে সেওঁতা/গলধনৰ শুৱনি খোপা।’— ইয়াত অলংকাৰৰ পয়োভৰ নাই। স্বাভাৱিকভাৱেই মনৰ ভাব ব্যক্ত হৈ সৌন্দৰ্যময় হৈছে। কিছুমান বিহুগীতত চহা কবিয়ে যিদৰে অলংকাৰ তৈয়াৰত নিপুণতা দেখুৱাইছে সেইবোৰ চালে বিহুগীতত থকা সাহিত্যৰ সাজটোক একে আষাৰে বহুমূলীয়া বুলি কৈ দিব পাৰি। উদাহৰণস্বৰূপে বিহুগীতত দেখা পোৱা অলংকাৰবোৰৰ কিছু উল্লেখ কৰা হ’ল —
শব্দালংকাৰ — অনুপ্ৰাস অলংকাৰ
(ক) ধনক ধনে কৰি/ধনকে ঘটিলোঁ
(খ) চিলা পথাৰতে/লীলাই ধানে দালে/ঘিলা চকলীয়া মুঠি।
অৰ্থালংকাৰ
(১) উৎপ্ৰেক্ষা অলংকাৰ
(ক) চেনাইৰে মুখলৈ/চাইনো পঠিয়ালোঁ/যেন পূৰ্ণিমাৰে জোন
(খ) চেনাই কুমলীয়া/হাঁহি খিল্‌খিলীয়া/যেন তিয়ঁহৰ জালি।
(২) উপমা অলংকাৰ
(ক) পূৰ্ণোপমা
ঘৰতো নবহে/মন সমনীয়া/পথাৰতো নবহে মন,
কমোৱা তুলাবোৰ/যেনেকৈ উৰিছে/তেনেকৈ উৰিবৰ মন।
(খ) প্ৰতিবস্তুপমা
আঠীয়া কলৰে/পাতো নেকাটিবা/ছিটিকি পৰিব এঠা, লোককে দেখুৱাই/কেটেৰাই মাৰিবা/ভিতৰি নেৰিবা বেথা।
(৩) অপহ্নুতি অলংকাৰ
মাছ হৈ সাঁতুৰিম/তোমাৰে পুখুৰীত/পাৰ হৈ পৰিমগৈ চালত, ঘাম হৈ সোমামগৈ/তোমাৰে শৰীৰত/ মাখি হৈ চুমা দিম গালত।

এনেধৰণৰ আলংকাৰিক চাতুৰ্য প্ৰকাশৰ উপৰি চহা কবিয়ে প্ৰতীক চিত্ৰকল্পৰো ব্যৱহাৰ কৰিছে। আধুনিক কবিতাত থকাৰ দৰে কষ্টকল্পিত প্ৰতীক, চিত্ৰকল্পৰ ব্যৱহাৰ নহ’লেও নিম্নোক্ত প্ৰতীকসমূহে বিহুগীতক কবিতাৰ মৰ্যাদা দান কৰি সাহিত্যৰ সাজটিত নান্দনিকতা প্ৰদান কৰিছে। সেইবোৰৰ কিয়দংশ হ’ল—
(ক) হাবিৰ লতাপাতে/বাটটি ভেটিলে/বেলিয়ে মেলিলে ঠেং।
(খ) তোমাৰ জীৱন দুটি/এনেনো শুৱনি/মলয়া বতাহত লৰে।
(গ) সৰিয়হৰ জনম লৈ/বেটেৰি চেপালৈ/কেলেইনা কৰিছা ভয়।

দুলড়ীৰ মোহত আৱদ্ধ লোকগীতৰ কবি…


বিহুগীতৰ ছন্দসজ্জা বৈচিত্ৰ্যহীন। দুলড়ী ছন্দত সজোৱা বিহুগীতবোৰত প্ৰথম চৰণটোত নিসৰ্গৰ চিত্ৰৰ জোৰণি দি পিছৰ চৰণটোত ডেকা-গাভৰুৰ মনৰ কথা উপস্থাপন কৰিছে। ছন্দৰ মিলৰ খাতিৰতে কেতিয়াবা বিশেষ অৰ্থ নথকা বাক্যাংশৰো প্ৰয়োগ কৰা দেখা যায়। যেনে —
বৰশীৰ আগৰে পুঙা
দেখিবলৈ পালোঁ/তোমাৰ গাল দুখনি/খাবলৈ নেপালোঁ চুমা।
অৱশ্যে দুলড়ী ছন্দই অন্যান্য লোকগীতবোৰৰো মূল ছান্দসিক বৈশিষ্ট্য হিচাপে ধৰা দিয়ে। হয়তোবা লোকগীতসমূহত পৰম্পৰাগত সুৰ আৰোপ কৰিবলৈ এই ছন্দসজ্জাৰ প্ৰয়োজন অধিক।


আদিৰসৰ বোকোচাত প্ৰেমাকুল হদয়…


বিহুগীত যৌৱনৰ গীত। সেইবাবে ভাবে-ভাষাই আদিৰসাত্মক। বিহুগীতত অনুভূত হোৱা আদিৰসবিধ হ’ল শৃংগাৰাত্মক। যৌৱনপ্ৰাপ্ত ডেকা-গাভৰুৰ মাজৰ অনুৰাগ বা ৰাতিয়েই হ’ল বিহুগীতৰ শৃংগাৰৰসৰ স্থায়ীভাব। মায়াসনা মোহলগা বসন্তকাল আৰু অসমৰ মন-প্ৰাণ হৰি নিয়া নিসৰ্গ হ’ল বিহুগীতৰ উদ্দীপন বিভাব আৰু প্ৰণয়ৰ পাত্ৰ-পাত্ৰী, ডেকা-গাভৰু হ’ল পৰস্পৰে আৱলম্বন বিভাব। যৌৱন মতলীয়া ডেকা-গাভৰুৰ উভয়ৰে পৰস্পৰৰ প্ৰতি মিলন স্পৃহা জাগি উঠাৰ ফলত অভিমান, বিষাদ, মিচিকিয়া হাঁহি, কটাক্ষ আদি ভাবব্যঞ্জক আচৰণ হ’ল অনুভাব। সেইদৰে চপলতা, হাঁহি-কান্দোন, আৱেগ-অধীৰ ভাব আদিক ব্যভিচাৰী বা সঞ্চাৰী ভাব বুলি সমালোচকে ক’ব পাৰে।
শৃংগাৰৰসত পৰিস্ফুট হোৱা পূৰ্বৰাগ, অনুৰাগ, প্ৰেম-বৈচিত্ৰ্য আৰু বিৰহ আদিৰ দৰে যিবোৰ ভাবনা নায়ক-নায়িকাৰ মাজত দেখা যায়, ডেকা-গাভৰুৰ মাজত তেনে ভাবনা বিহুগীতৰ মাজেৰে উদ্ভাসিত হৈ উঠিছে। নকুলচন্দ্ৰ ভূঞাদেৱে তেখেতৰ সম্পাদিত বিহুগীতৰ সংকলন ‘ব’হাগী’ত ৰসানুভূতিৰ আধাৰতে সংকলনখনি সজাইছে বুলি মত প্ৰকাশ কৰিব পাৰি। তাৰ উপৰি অনামী কবিয়ে ডেকা-গাভৰুৰ মনোজগতখন যিদৰে চিত্ৰিত কৰি শৃংগাৰৰসৰ পৰিস্ফুটন কৰিছে সেইবাবে কাব্যশাস্ত্ৰীয়ে বিশে¡ষণ মতেদি দেখা পোৱা বৈষ্ণৱ কবিৰ নায়ক-নায়িকা (ৰাধা-কৃষ্ণ অথবা গোপী-কৃষ্ণ)ৰ মনোজগতৰ চিত্ৰণো একে পৰ্যায়ৰ। শৃংগাৰৰসৰ চানেকী বিহুগীতত অলেখ পোৱা যায়। তাৰে দুটামান উদাহৰণ দাঙি ধৰা হ’ল ঃ
(১) বাৰীৰ পিছফালে কজলা উৰহী
পাতে তিৰে-বিৰে কৰে,
চেনাইৰে বাতৰি নেপাওঁ ভালে কৰি
শোকে খুন্দা মাৰি ধৰে।
— প্ৰবাসহেতুকে বিপ্ৰলয়ম্ভ শৃংগাৰ
(২) কুকুৰা কুকুৰা অজাতি কুকুৰা,
ভুকুৱাই মাৰিমে তোক,
ৰাতি নৌ পুৱাওঁতেই কিয় ডাকে দিলি
ধনে এৰি যায় মোক।
— সম্ভোগ শৃংগাৰ

সঁচা অৰ্থত উদাত্ত যৌৱন-তৃষ্ণাই চহা কবিৰ ভাবনাক শৃংগাৰাত্মাক স্তৰলৈ লৈ গৈছে। সেইবাবেই হয়তো পূৰ্ব স্বাধীনতা কালৰ দুই-এক অসমীয়া সাহিত্য-সমাজৰ চাৰি-ঢাপৰ বাজ কৰিব বিচাৰিছিল। অপৰাধ আছিল বিহুগীত অশ¡ীল। কিন্তু বিহুগীতৰ কলাত্মক দিশৰ মাধুৰিমা পান কৰি আচৰিত হোৱা অন্য এচাম বুদ্ধিজীৱী তথা সাহিত্যসেৱীয়ে বিহুগীতক অসমীয়া লোকসাহিত্য ভঁৰালৰ লোকগীত হিচাপে থাপি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিলে।

জপনা দিওঁতে… কিছু অনুভৱ। একান্ত নিজস্ব…


বিহুগীতৰ ভাববস্তু আৰু আংগিক বিশে¡ষণত এইটো স্পষ্ট হৈ পৰে যে চহা কবিয়ে ক’ব নোৱৰাকৈয়ে বিহুগীতৰ গাত সাহিত্যৰ এক নিটোল সাজ দান কৰিছে। এক কথাত সাহিত্যৰ দৃষ্টিকোণেৰে বিহুগীতবোৰ পৰম্পৰাগত সুৰেৰে সজোৱা গীতেই নহয়, ই লোকজীৱনৰ একো একোটি মনোৰম গীতিকবিতা। এই লোক-গীতিকবিতাৰ ভাববস্তুত স্বকীয় বক্তব্য থাকিলেও, আংগিকত ই অন্যন্যা কবিতাৰ সমগোত্ৰীয়।
বিহুগীত অসমীয়া লোকগীত পৰিয়লাৰ সদস্য। তাত ৰচয়িতাৰ নামৰ বিজ্ঞাপন থাকিব নোৱাৰে। ই সমূহৰ সৃষ্টি। কিন্তু বৰ্তমানৰ কেছেট সংস্কৃতিত শুনিবলৈ পোৱা বিহুগীতসমূহত (??) ৰচয়িতাৰ নাম দেখা যায় লগতে সুৰ সংযোজনৰ স্বীকৃতিও কোনোবা সুৰ সংযোজনৰ স্বীকৃতিও কোনোবা সুৰকাৰ পায়।আধুনিক গীতৰ দৰে কথা আৰু সুৰত স্বীকৃতিও থাকিলে তাৰ নামৰ বিজ্ঞাপন থাকিলে সেইবোৰ বিহুসুৰীয়া গীত হ’ব পাৰে কিন্তু সেয়া বিহুগীত হ’ব নোৱাৰে। বিহুগীতত পৰম্পৰাগত সুৰ আৰু কথাবস্তুত নৈৰ্ব্যক্তিকতা থাকিবই লাগিব। নহ’লে বিহুগীতৰ লগত খাপ খাই থকা লোক-সাহিত্যৰ সাজটো বিকৃত হ’ব।