বগেন গগৈ
বিহু অসমৰ আয়ুস ৰেখা, বিহুঅসমীয়া জাতীয় জীৱনৰ প্ৰাণ, বিহুৱেই অসমীয়া জাতীয় জীৱনৰ আচল পৰিচয়, বিহু অসমীয়া জন জীৱনৰ সাহ, এই কথা যেন ভালদৰে উপলব্ধি কৰিছিল অসমৰত্ন, কলাৰত্ন ড° ভূপেন হাজৰিকাই। লগতে মহাবাহু ব্ৰহ্মপুত্ৰ নদী, যি ব্ৰহ্মপুত্ৰ নদী অসমৰ আয়ুসৰেখা, যি ব্ৰহ্মপুত্ৰ অসমৰ, ভাৰতৰ মহামিলনৰ তীৰ্থ, যি ব্ৰহ্মপুত্ৰ অসম আৰু ভাৰতৰ সমন্বয়ৰ অৰ্থ এই কথাও যেন ভালদৰে উপলব্ধি কৰিছিল এইগৰাকী মহান শিল্পী, মহান অসমীয়া, মহান ভাৰতীয়, শিল্পী প্ৰাণ ভাৰতৰত্ন ভূপেন হাজৰিকাইহে। এনে ধৰণৰ গভীৰ অৰ্থপূৰ্ণ, গভীৰ তাৎপৰ্যপূৰ্ণ, মহৎ গীত ৰচনা কৰাটো আৰু সুৰৰ যাদুৰে কণ্ঠ নিগৰোৱাটো কেৱল ভূপেন হাজৰিকাৰ দৰে মহৎ শিল্পীৰ পক্ষেহে সম্ভৱ। সেয়েহে ভূপেন হাজৰিকাৰ সংগীতত অসমৰ বাপতি সাহোন বিহু আৰু অসমৰ আয়ুসৰেখা মহামিলনৰ তীৰ্থ মহাবাহু ব্ৰহ্মাপুত্ৰ নদীৰ বিষয়ে এই প্ৰৱন্ধত আমি কিছু কথা আলোকপাত কৰিম। বিহু অসমীয়া জাতিৰ বাপতি সাহোন, বিহু অসমৰ জাতীয় জীৱনৰ, জাতীয় সংস্কৃতিৰ মেৰুদণ্ড। বিহুৱেই অসমীয়া জাতিৰ, অসমৰ জাতীয় জীৱনৰ আচল পৰিচয়, বিহু অসমীয়া জাতিৰ প্ৰাণ। কলাৰত্ন, গণশিল্পী ড° ভূপেন হাজৰিকাই বিহুৰ বিষয়ে, ব’হাগৰে বিষয়ে স্বতঃস্ফূৰ্তভাৱে প্ৰাণৰ উচ্চাস ঢালি লিখিছিল আৰু গাইছিল সেই বিখ্যাত গীতটো ‘ব’হাগ মাথো এটি ঋতু নহয়’—
‘ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ
ব’হাগ মাথো বিহু তলি নহয়
নহয় ই নিশা ফুলা ফুল
নেওচি জাতি কুল
ই প্ৰভেদক কৰেহি নাশ
ব’হাগ মাথে এটি মাহো নহয়
নহয় ই কুলিৰ মাত
ব’হাগ এটি
নৱ নৱ চিন্তাৰ
সাঁচিপাত পুথিৰে পাত
ই উজ্জ্বলায় জীৱন আকাশ
ব’হাগ মাথো এটি বিহুগীত নহয়
ইনাই বিনাই গোৱা
ব’হাগ এখনি সৃষ্টিৰ দলিল
সূৰ্যৰ জ্যোতিত পোৱা
ব’হাগত জাতিয়ে স্নান কৰে
মলিয়ন বস্ত্ৰ সলায়
সংগ্ৰামী জীৱনৰ ৰণ প্ৰেৰণা
দিয়ে বৰদৈচিলাই
ওফৰাই দুখ নাশ পাশ।’
কলাৰত্ন ভূপেন হাজৰিকাৰ মতে ব’হাগ মাথো এটা সাধাৰণ উৎসৱ বা গতানুগতিক উৎসৱ নহয়, ব’হাগৰ বিহুটি অসমীয়া জাতিৰ আয়ুস ৰেখা, ব’হাগ গণ জীৱনৰ সাহ; প্ৰভেদক, বিভেদক নাশ কৰি সমন্বয়ৰ মঞ্চ গঢ়াৰ, সমন্বয়ৰ বাৰ্তা কঢ়িওৱাৰ এক মাধ্যম। ব’হাগ মাথো কুলি কেতেকীৰ, বিহুৱতী সখীয়তিৰ মাত নহয়, ব’হাগ নৱ নৱ চিন্তাৰ, সঁচিতপাতৰ পুথিৰ পাত, নতুন আৰু পুৰণি চিন্তা চেতনাৰ এক মাধ্যম। ই ইনাই বিনাই গোৱা এটি মাথোন গীত নহয়, ব’হাগ এখনি সৃষ্টিৰ দলিল, সকলো বিভেদ ওফৰাই সকলো নাগ পাশ ওফৰাই নতুন দিনৰ সংকল্প লোৱাৰ সময় হ’ল ব’হাগ বিহু আৰু ব’হাগ মাহ। কেৱল ভূপেন হাজৰিকাৰ পক্ষেহে যেন এনে সুন্দৰ বৰ্ণনা দিয়াটো সম্ভৱ। কোনোবাই বিহুৰ বিষয়ে দীঘল প্ৰৱন্ধ লিখি এহালিচামান বৰ্ণনা দিলেও যেন ভূপেন হাজৰিকাই লিখা এই গীতসমূহৰ ওচৰেই চাপিব নোৱাৰিব। সঁচাই ভূপেন হাজৰিকাৰ সৃষ্টিত ব’হাগৰ বৰ্ণনাত, বিহুৰ বৰ্ণনাত আৰু অনেক কালজয়ী যুগজয়ী গীত আছে, নিতুল সুন্দৰ বৰ্ণনা আছে। অসমৰ ৰঙালী বিহুৰ বৰ্ণনাই, ভূপেন হাজৰিকাৰ গীত আৰু অসমৰ অনেকজন কালজয়ী গীতিকাৰ শিল্পীৰ সংগীত প্ৰতিভাই অসমৰ সমাজ সংস্কৃতি সাহিত্য, গীতি সাহিত্য, চিৰ নতুন আৰু চিৰ উজ্জ্বল কৰি ৰাখিছে। ভূপেন হাজৰিকাৰ ‘এই ব’হাগ জ্বলন্ত তৰুণ’ শীৰ্ষক আন এটা গীত শিল্পী গৰাকীয়ে কৈছে— ‘পুৰণি ব’হাগবোৰ ক্লান্ত আছিল, পুৰণি ব’হাগবোৰ অশান্ত নাছিল। আজিৰ ব’হাগ এক জ্বলন্ত অৰুণ এই ব’হাগ এক দূৰন্ত তৰুণ। পুৰণি জহি-খহি যোৱা মূল্যবোধৰ ঠাইত নতুন নতুন চিন্তাৰ জোৱাৰ আজি দেখিছানে?’
এই ব’হাগ জ্বলন্ত অৰণ
এই ব’হাগ দূৰন্ত তৰুণ
জহি-খহি যোৱা মুল্যবোধৰ
মৈদাম খান্দি খানি
হাড়বোৰ নিকা কৰি
অস্ত্ৰ সাজি সাজি লৈ নিশ্বাস
কোনে আক হাঁহি হাঁহি
শোষণ সেনানীৰ
কৰিছ বিনাশ
পুৰণি ব’হাগ ক্লান্ত নাছিল
পুৰণি ব’হাগ অশান্ত নাছিল
আজিৰ ব’হাগ যেন বলিয়া বসন্ত
থিয় হৈছেহি এক তৰুণ দূৰন্ত।’
বিহুৰ দিনত আপোনজনলৈ মনত পৰে। ঘৰৰ পৰা দূৰৈত থকাজন, আপোনজন ব’হাগ বিহুত ঘৰলৈ আহে। আহিব আহিব বুলি আশাৰে বাট চাই থাকে ব’হাগৰ বিহু উৎসৱতে। যেতিয়া আপোন মানুহবোৰ বিহুত ঘৰলৈ নাহে, চিঠি দিম বুলি চিঠিও নিদিয়ে তেতিয়া দুখত বেজাৰত দুচকু সেমেকি উঠে। এইবাৰ বিহুত বিদায় লৈ দূৰ দূৰণিলৈ যোৱাজনে আকৌ গীতেৰে কয়— ‘চেনাই মই যাওঁ দেই, বিহুতে আহিম গৈ তেতিয়া গাই যাম গীত, হাঁহি মুখে থাকিবা চকুলো নুটুকিবা আইৰে মনতে বেজাৰো নিদিবা ।’ (গীত, দিপীলা বৰঠাকুৰৰ) ভূপেন হাজৰিকাইও এটা গীতত ইয়াৰ সুন্দৰ প্ৰকাশ কৰিছে—
এই বিহুৰে উৰুকা নিশা
মোৰ কলিজা পৰিছে কলা
চিঠি দিম বুলি চিঠিও নিদিলা
তুমি পৰদেশী হ’লা
যোৱাটো বিহুতে কথা যে দিছিলা
হ’বা মোৰ মনৰে দৰা
পষেকৰ পাছতে গুচিয়ে গ’লাগৈ
কিয় যে দূৰলৈ গ’লা
চাকৰি বিচাৰি চহৰলৈ গ’ল
চাকৰি পালানে নাই?
আমালৈ হ’বলা পাহৰি গলাগৈ
চহৰৰ ৰূপহী পাহ।’
অসমৰ মৰমৰ বিহুটিক লৈ ভূপেন হাজৰিকাৰ যেন চিন্তা ভাৱনাৰ অন্ত নাই। ব’হাগক লৈ ক’ত যে গীত, ক’ত যে কবিতা, ক’ত যে ভাষণ ক’ত যে কথা। ‘মিঠা মিঠা ব’হাগৰ’ শীৰ্ষক এটি গীতত ভূপেন হাজৰিকাই কৈছে— ‘ন বছৰৰ প্ৰথম দিনৰ এটি মিঠা ৰাতিপুৱা সদ্যস্নাতা প্ৰেয়সীক নিচেই কাষতে পোৱাৰ আনন্দত কৈ ডাঙৰ আনন্দ আৰু আছেনে?
মিঠা মিঠা ব’হাগৰ
গীত এটিকে ৰচো বুলি ভাবিলো
এনেতে চুচুক চমাককৈ কাষ চাপিলো।
মই যেন ভাষা পালো
মিঠা মিঠা ব’হাগৰ
লুইতত তিওৱা তোমাৰ দেহা
মই আৰু কাষতে পোৱাৰ পাছত
সুৰ যে হাততে পালো
মিঠা মিঠা ব’হাগৰ।
ভূপেন হাজৰিকাই কুলি, কেতেকী, জোনালী সোণালী, দীপান্বিতা, ধৰিত্ৰী আই অসমীক লৈ বহুতো গীত ৰচিছিল, গাইছিল। অ’ কুলিটি কি গাইছা, পিয়া পিয়া পিয়া নহয় হিয়া দিয়া নিয়া, কোটি কলিয়া বনানি অপাৰ ৰ নিজৰাৰ কঁপনি হেজাৰ, আই ঐ তুমি মোৰ নে কাৰোবাৰ, কথা দিলো সদায় তোমাৰ এই আশাত আনন্দতে কিবা হয় ভুল মদাৰ গছত যেন এজাৰৰে ফুল।’ এই পৃথিৱীৰ শত জনতাৰ দুখৰে এন্ধাৰ নাশি, সুন্দৰ পূজাৰী উজ্বলোৱা বুকুৰ তেজেৰে চাকি, সাম্যৰ দীপালী পাতি। ‘অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলা আই ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আই আমি নিৰুপায়।’ মাটি আৰু মানুহ, খেতি পথাৰ, বিহু আৰু ব’হাগৰ ক’ত যে গীত গালে ভূপেন হাজৰিকাই। কিন্তু আচল কথাটো হ’ল আমি অসমীয়াই এই গীতবিলাকৰ পৰা কিবা পালোনে? কিবা ল’লোনে? আমি এই গীতসমূহৰ পৰা কিবা শিকিলোনে? সেয়েহে ভূপেন হাজৰিকাই আক্ষেপেৰে শেষত এটা গীতত কৈছিল— ‘কিমান সকীয়ালো গীতৰ ভাষাৰে, তুমি চোন গীত বুলিহে ল’লা।’
লুইত পাৰৰ কোঁৱৰ ভূপেন হাজৰিকাৰ সংগীতত মূৰ্তমান হৈ উঠিছে অসমৰ আয়ুসৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বিচিত্ৰ বৰ্ণনা। ‘লুইতৰে বহল পাৰক প্ৰণিপাত কৰো জন্ম ল’লো ইয়াতে ইয়াতেই যেন মৰো’ বুলি উদান্ত কণ্ঠে ঘোষণা কৰি প্ৰাণ ঢালি গীত গোৱা ভূপেন হাজৰিকাই মহাবাহু ব্ৰহ্মপুত্ৰ নদীক লৈ গাইছে সেই বিখ্যাত গীতটো— ‘স্বকীয় ৰূপ লৈ ব’হাগ নো আহে ক’লৈ? ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰলৈ নহয় জানো? এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বা কি?’
গীত ঃ ‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
ক’ত যুগ ধৰি আহিছে প্ৰকাশি সমৱয়ৰ অৰ্থ
সুদূৰ কান্য কুব্জৰে পৰা বাৰভূঞা আহিছিলে
সেই বংশতে শংকৰদেউ ইয়াতে জনমিলে
মৰুৰ দেশৰে আজান ফকিলে
মধুৰ জিকিৰ ৰচিলে’
‘দিল্লীৰ দিলোৱাৰে আহি হস্তীপুথি আঁকিলে
পঞ্চনদীৰ টেগ বাহাদুৰ ধৰমৰ সেঁতু গঢ়িলে
সমন্বয়ৰ দেখুৱালে ক’ত প্ৰকাশ স্বতস্ফূৰ্ত
দুৰৈৰ লাচিতে শৰাই ঘাটতে শতৰু আগচিলে
জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে
কিৰাট পুত্ৰ বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে
সমন্বয়ৰ দেখুৱালে ক’ত প্ৰকাশ স্বতস্ফূৰ্ত
পদ্মা নদীৰ ধুমুহাত পৰি ক’ত শতজন আহিছে।
লুইতৰ দুয়োপাৰে কতনা অতিথি আদৰিলে
কিছু ল’ব লাগে কিছু দিব লাগে
জীণ যাবলৈ হ’লে
মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰ নাথেও ক’লে
অগ্ৰৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্ৰপাত বোৱালে
অজীন পাতকীসবৰ চক্ৰ জ্যোতিৰে কৰি ব্যৰ্থ।’
ভূপেন হাজৰিকাৰ এই গীতটোতে যেন অসমৰ সমাজ জীৱন,অসমৰ সভ্যতা সংস্কৃতি,অতীত বৰ্তমান সকলো মূৰ্তমান হৈ উঠিছে। ভূপেন হাজৰিকাই মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ বুলি অভিহিত কৰিছে। ব্ৰহ্মপুত্ৰ নদীক লৈ ভূপেন হাজৰিকাই আৰু কেবাটাও গীত ৰচনা কৰিছে আৰু প্ৰাণঢালি বৰ্ণনা কৰিছে আৰু প্ৰাণঢালি গাইছিল। আটাইবিলাক এই প্ৰৱন্ধত বৰ্ণনা কৰাটো সম্ভৱ নহয়। ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰক মৰমেৰে আক্ষেপেৰে গালিও পাৰিছে। ‘বুঢ়া লুইত তুমি বোৱা কিয়? অসমৰ মানুহৰ আৰ্তনাদ শুনিও, অসমৰ মানুহৰ হাহাকাৰ দেখিও, দুখ দুৰ্দশা দেখিও তুমি নীৰৱে নিস্তব্ধে বোৱা কিয়?’ বুলি আক্ষেপেৰে কৈছে। ব্ৰহ্মপুত্ৰ আজি কিয় বহ্নিমান হ’ল বুলিও প্ৰশ্ন কৰিছে। ‘লুইততে মোৰ ঘৰ, লুইতেই যে ভাঙে গঢ়ে সপোন মৰমৰ’, ‘লুইতপৰীয়া ডেকা বন্ধু তোমাৰ তুলনা নাই’ ‘জীয়াই থকাৰ যুঁজত নামিছা মৃত্যু শপত খাই’ ‘লুইতৰ পাৰ দুটি জিলিকি উঠিব, ৰাতি জ্বলি শত দেৱালীৰ বস্তি আহিব কাতিৰে মাহটি, দূৰতে দেৱালীব বন্তি’, ‘লুইতৰ বলিয়া বান তই কলৈনো ঢাপলি মেলিছ।’ হিৰ হিৰ শৱদে কালৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ’ ‘লুইতপৰীয়া তেজাল ডেকা তুমি আজি অমৰ হ’লা, লুইতত ভোটোঙাই ওলাল শিশু ইত্যাদি। তাহানি প্ৰাচীন কালৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰ নদীক লৈ ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি গীত ৰচিত হৈছিল। তাৰ স্পষ্ট প্ৰতিচ্ছবি বিহুগীত বনগীতসমূহত জিলিকি আছে। ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’ ‘ৰূপহী অসম দেশৰ’ তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ নদী মহাবাহু ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰাচীন কালৰ পৰাই এক উন্নত সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছিল। ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতত ‘সুজলা সুফলা, মলয়জ শীতলা, শস্য শ্যামলা’, ৰূপহী অসম আৰু মহাবাহু ৱহ্মপুত্ৰ নদী উপেক্ষিত হ’লেও সৰ্বভাৰতীয় মানচিত্ৰত, ভাৰতৰ বুৰঞ্জীত, ভাৰতৰ সভ্যতা সংস্কৃতিত মহামিলনৰ তীৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ কথা কোনেও উলাই কৰিব নোৱাৰে। মহাবাহু ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি প্ৰাচীন কালৰ পৰাই ইতিহাস গীত কবিতা, কিম্বদন্তী আদি সৃষ্টি হৈ আহিছে। অতি প্ৰাচীন কালৰ পৰাই অসম তথা ভাৰতীয় সাহিত্য সংস্কৃতিত নদীয়ে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে। ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ, পৰশুৰাম, পৰশুকুণ্ড আদি কাহিনী, ৰূপকথা, আখ্যান, উপাখ্যান, কাব্য নাটক আদি সৃষ্টি হৈ আহিছে মহাবাহু ব্ৰহ্মপুত্ৰ নদীক লৈ। আধুনিক যুগতো পৱিত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি বহুতো গীত, কবিতা, ৰূপকথা, আখ্যানৰ সৃষ্টি হৈছে। প্ৰাচীন কালৰ পৰাই অসমীয়া বিহুগীতসমূহত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বহুতো চিত্ৰ পোৱা যায়। ‘চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলো চিৰি লুইতলৈ চাই, চিৰি লুইততে কিৰিলি পাৰিয়ে ধনে নাৱে মেলি যায়।’ ‘ব্ৰহ্মপুত্ৰ পাৰৰে বৰ্হমথুৰি এজুপি আমি বিহু মৰা ঠাই ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিদিবা তামোল দি মাতোতা নাই।’ লুইতৰে বালি বগী ধকে ধকি কাছই কণী পাৰে লেখি, গাত জুই লাগিছে সৰিয়হ ফুটিছে ধনক পানী ঘাটত দেখি’ ব্ৰহ্মপুত্ৰ নৈখন ইপানে সিমানে কোনে পাৰি দিব সাঁকো, নাও লওঁ বিচাৰি বঠা লওঁ বিচাৰি পাৰি দি সিপাৰে যাওঁ’, ‘চৰাই হোৱাহেঁতেন উৰি গ’লোহে দুকাখে দুপাখি লৈ ইত্যাদি। ড° ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰ নদীক লৈ বহুতো বিহুসুৰীয়া গীত লিখিছে আৰু গাইছে। গীতৰ ভাষাৰে ব্ৰহ্মপুত্ৰখনক ভূপেন হাজৰিকাই গালিও পাৰিছে মৰমেৰে, বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দ নীৰৱে বুঢ়া লুইত বৈয়েই আছে নিৰবধি। ভূপেন হাজৰিকাই মহাবাহু ব্ৰহ্মপুত্ৰক ‘অসমীয়া জতিক সবল সংগ্ৰামী আৰু অগ্ৰগামী’ কৰি তুলিবলৈ আহ্বান জনাইছে। বিহুগীত, বনগীত আৰু আধুনিক অসমীয়া সংগীতত বিহু আৰু ব্ৰহ্মপুত্ৰ নদীৰ সুন্দৰ নিতুল বিচিত্ৰ বৰ্ণনাই গীতি সাহিত্যক চহকী কৰি ৰাখিছে।
অসমৰ সাংস্কৃতিক ইতিহাস উজ্জ্বলাই তোলা, অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা, জাতীয় ইতিহাসক প্ৰতিফলিত কৰা অসমীয়া জাতিৰ অতি চেনেহৰ অতি আদৰৰ ৰঙালী বিহুটিৰ প্ৰতিটো অনুষ্ঠানেই অসমৰ সংস্কৃতি আৰু পৰম্পৰাক প্ৰতিনিধিত্ব কৰি আহিছে। অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ মনোৰম আৰু গৌৰৱোজ্বল ইতিহাস চটাই পৰৱত আৰু চিৰি লুইতৰ বহল দুপাৰত উদ্ভাসিত হৈ জিল মিলাই উঠি অসমৰ জাতীয় সংস্কৃতি আৰু পৰম্পৰাক সগৌৰৱে ঘোষণা কৰি আছে। ব’হাগ বিহুৰ নৃত্য, গীত আৰু প্ৰতিটো আচাৰ আৰু পৰম্পৰাসমূহ কৃষিক কেন্দ্ৰ কৰি পালন কৰা হয়। অসমৰ খেতিয়কৰ প্ৰধান সম্বল গৰুহাল আৰু মানুহৰ স্বাস্থ্যৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় অমৃত স্বৰূপ গাখীৰ দান কৰা গাইজনীক অতি গুৰুত্ব দিয়া হৈছে আৰু ব’হাগ বিহুৰ প্ৰথম দিনটোকেই গৰু বিহু হিচাপে উছৰ্গা কৰা হৈছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ব’হাগ বিহু বা ৰঙালী বিহু মূলতঃ কৃষিজীৱী সমাজৰ উৎসৱ। চিৰিলুইতৰ দুয়ো পাৰে বিস্তৃত এই ভূখণ্ডত কৃষিজীৱী সমাজে কৃষিক কেন্দ্ৰ কৰিয়েই এই উৎসৱৰ আৰম্ভ কৰিছিল বুলি অনুমান কৰিব পাৰি। ব’হাগ বিহুৰ প্ৰতিটো অনুষ্ঠান আৰু বিহুগীত-নৃত্যসমূহৰ মাজেদি অসমীয়া মানুহৰ জীৱন যাত্ৰা আৰু জীৱন দৰ্শনৰ ৰূপ প্ৰকৃতাৰ্থত প্ৰতিফলিত হৈ আহিছে। লগতে প্ৰতিফলিত হৈছে প্ৰকৃতিৰ বিচিত্ৰ জগত, অসমৰ ইতিহাসৰ গৌৰবোজ্জ্বল বিভিন্ন চিত্ৰ, নৈ-নিজৰা, পৰ্বত-পাহাৰ, বিল-পুখুৰী দৌল-দেৱালয় ইত্যাদি।
অসমৰ প্ৰকৃতি জগতৰ চটাই পৰ্বতৰ পৰা অসমৰ আয়ুস ৰেখা চিৰি লুইতৰ বগী ধকে ধকী বালিলৈকে বিস্তৃত হৈ থকা মনৰ পথাৰত ৰিঙিয়াই ৰিঙিয়াই মতা ৰঙালী ভোগালী, নৈ-নিজৰা, পৰ্বত-পাহাৰ, বননি, নল, বিৰিণা, ইকৰা, খাগৰি, কহুঁৱা, পথাৰ-সমাৰ, বিল-খাল, মাছ-মগৰ, কাছ, চৰাই, হৰিণা, আদি বিচিত্ৰ শোভা প্ৰতিফলিত হয় বসন্ত কালৰ ব’হাগ বিহুৰ গীত-মাতত। অসমৰ সহজ-সৰল ভৰপুৰ গাঁওসমূহত আম, কঁঠাল, লেতেকু পণিয়ল, তামোল-পাণ, বাঁহ, খেৰ, থেকেৰা, বেঙেনা, কেৰেলা আদিৰে গ্ৰাম্য কৃষিজীৱী সমাজৰ অসমীয়া সংস্কৃতিৰ পৰশ অসমৰ কৃষিজীৱী মানুহৰ প্ৰাণত উভৈনদী হৈ পৰে। সেয়েহে ব’হাগৰ বা লাগি, বসন্তৰ বা লাগি মন বলিয়া কৰা উৰি যাওঁ উৰি যাওঁ লগা ‘কামোৱা তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন’ সবল-সুঠাম খামিডাঠ ডেকাই মনৰ বেদনা পাতলাবলৈ মনৰ বাতৰি বিলাবলৈ বিহুগীতসমূহত স্বতস্ফৰ্তভাৱে প্ৰকাশ কৰিছিল। অতিকৈ শুৱনি, অতিকৈ ধুনীয়া এই অসম দেশখনৰ বৈচিত্ৰ্যপূৰ্ণ ঠাইসমূহে, নৈখনে, পৰ্বত, চৰাইজাকে, বিহুনামত ভূমুকি মাৰি, বিহুগীতত যাউতিযুগীয়া হৈ জিলিকি আছে। চটাইপৰ্বত আৰু চিৰিলুইতখনে অসমীয়া ডেকা গাভৰুক আৰু বিহুৱা বিহুৱতীক চিৰদিনেই প্ৰেৰণা দান কৰি আহিছে। কেৱল সেয়ে নহয় ব্ৰহ্মপুত্ৰ ধনশিৰি, সোৱণশিৰি, দিহিং-দিচাং, দিখৌ-ভোগদৈ-ৰঙানৈ, জীয়াভৰলী, দীঘলী বিল, লৰুৱা বিল, ডেকাচোৱা বিল, শলগুৰি ডিফলো, চেনিমৰা, নামচাং, নামদাং, নামতি, ফুলপানী চিগা, দলবাগান আদিয়েও বিহুগীতত দীঘে বাণীয়ে অথালি-পথালিকৈ জুৰি আছে। ভৌগোলিক আৰু ঐতিহাসিক সমলেৰে বিহুগীতসমূহ চহকী। বনৰ বিচিত্ৰতা লৈ, মনৰ স্বাধীনতা লৈ প্ৰকৃতিৰ বুকুত মনৰ সঁফুৰা মেলি দিওঁতে বিহুগীত বনগীতে ভৌগোলিক আৰু ঐতিহাসিক বৈশিষ্ট্য স্বীকাৰ কৰি লোৱাৰ উপৰি স্বভাৱ কবিৰ কাব্যিক প্ৰতিভা আৰু কাব্যিক সৌন্দৰ্য প্ৰতিফলিত হয়।
অসমৰ ৰাজ্যখন নদ-নদী, পাহাৰ-পৰ্বত, প্ৰকৃতিৰ বিচিত্ৰ শোভাৰে ভৰপূৰ। ইপাৰে সিপাৰে নমনা বিশাল চিৰিলুইতৰ বুকুলৈ দুয়োপাৰে ঢপলিয়াই অহা অসংখ্য উপনৈ, জান-জুৰিয়ে অসমৰ জাতীয় জীৱনৰ ওপৰত প্ৰভাৱ পেলাইছে। ধনশিৰিৰ পৰা সোৱণশিৰিলৈকে, দিখৌ, দিগাৰু, কলং, কপিলী, জীয়াভৰলী, ৰঙা নৈ আদি প্ৰায় আটাইবোৰ নৈয়ে কিবা নহয় কিবা সুযোগত বিহুগীতত ভুমুকি মাৰিছে। ব্ৰহ্মপুত্ৰ নদীয়েই অতিকৈ প্ৰাচীন আৰু একাধিক বিহুগীতত ব্ৰহ্মপুত্ৰ নদীৰ নামটো উল্লেখ হৈছে। ইতিহাসৰ পম খেদি এই কথা বুৰঞ্জীবিদ, ভূগোলবিদ আৰু প্ৰত্নতাত্বিকসকলে মানি লৈছে যে ১৬৬১ খ্ৰীষ্টাব্দত হোৱা এটা প্ৰচণ্ড ভূমিকম্পৰ আগতে ব্ৰহ্মপুত্ৰ মাজুলীৰ দক্ষিণ সুঁতিটো ইমান কোবাল আৰু বহল নাছিল। ইয়াৰ আগতে লুইতখন মাজুলীৰ উত্তৰ দিশেহে প্ৰবাহিত হৈছিল। সেই প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত লুইত আৰু দিহিং নদী একোখন হ’ল বুলি বুৰঞ্জীবিদসকলে স্বীকাৰ কৰিছে। বিহুগীতত এই সম্পৰ্কে উল্লেখ পোৱা যায়— ‘লুইতে এৰিলে লুইতৰ সুঁতি, দিহিঙে এৰিলে কুল।’ বিহুগীতসমূহত লুইতৰ কথা বহু ঠাইত পোৱা যায়। কিন্তু ব্ৰহ্মপুত্ৰ শব্দটো বৰ বেচি উল্লেখ নাই। অৱশ্যে কেবাটাও গীতত ব্ৰহ্মপুত্ৰ শব্দটোও উল্লেখ আছে। এটা বিহুগীতত ব্ৰহ্মপুত্ৰ নদীক দেৱত্ব আৰোপ কৰা হৈছে। ‘ব্ৰহ্মপুত্ৰ পাৰৰে বহৰ্মথুৰি এজুপি আমি খৰি লুৰা ঠাই ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিনিবা তামোল দি মাতোতা নাই। লৰুৱা বিলখন জাপ মাৰি ডেই যামৰ ব্ৰহ্মপুত্ৰ কেনেকৈ ডেম, সিপাৰৰ পৰা বান্ধৈ হাত মেলি দিবা মকৰা যোৱাদি যাম।’ চিৰিলুইতত নাও মেলি, চিৰিলুইতত কিৰিলি পাৰি চেনায়ে নাও মেলি দিয়ে, চিৰি লুইতৰ পাৰত চেনেহীয়ে চিৰিপ চিৰিপ কৰি কাপোৰ ধোৱে, লুইতৰ বগী ঢকে ঢকী বালিত কাছই লেখি লেখি কণী পাকে, লুইতৰ পাৰৰ গোধা শিমলুৰ ডাল ভাগে, চনক চনককৈ ডেকা-গাভৰৰ বুকুৰ কামিহাড় ভাগে। চোতালৰ শুৱনি তাঁত লাহৰীৰ শুৱনি মিচিকি হাঁহিটি বেথা লগাই যোৱা মাত।” চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলো চিৰি লুইতলৈ চাই চিৰিলুইততে কিৰিলি মাৰিয়ে চেনাই নাৱে মেলি যায়।’ ‘লুইতৰ শুৱনি বৰেকৈ চাপৰি কাছই কণী পাৰে লেখি গাত জুই জ্বলিছে সৰিয়হ ফুটিছে চেনাইক পানী ঘাটত দেখি।’ নল খাগৰি উলুৱনি বিৰিণানি, ইকৰাই, সেউজীয়া কৰি তোলা শুৱনি মাজুলী চাপৰি, লুইতৰ ঘাটক মিকি ডেকা-গাভৰু, চাকৈ চকুৱা, বিহুগীতত প্ৰাণ পাই উঠে। লুইতৰ পাৰৰ জোপোহা বন বননি, শিমলু কুৰুৱাই বাহ লোৱা, বন কুকুৰাই বাহ লোৱা, প্ৰকৃতিৰ দৃশ্য সদায়েই সজীৱ হৈ আছে। অসমৰ উপনৈসমূহৰ ভিতৰত দিহিং, দিচাং, ডিবৰু, দিখৌ, জাঁজী, ভোগদৈ, নামডাং, নামচাং, ধনশিৰি, সোৱণশিৰি, কলং, কপিলী, গাই, কুমতীয়া, চিচি, চিমেণ্ট জীয়াঢল, দৰিকা আদি নৈৰ নাম বাৰম্বাৰ উল্লেখ পোৱা যায়। এই নৈবোৰৰ নাম উল্লেখ কৰিবৰ বেলিকা ইয়াৰ প্ৰকৃতি, ইয়াৰ বৈশিষ্ট্য আৰু গতি-প্ৰকৃতিৰ কথা সদায়েই চকু দিয়া হয়। ধনশিৰি নৈকে জেঙে জাবৰে ভেটিব পাৰি, কিন্তু সোৱণশিৰিক হ’লে নোৱাৰি। কাৰণ সোৱণশিৰিৰ সোঁত অতি কোবাল। দিখৌ থিয় গৰা বগাব নোৱাৰি। কাৰণ দিখৌৰ গৰা নখহে। ‘দিখৌ থিয় গৰা বগাম কেনেকৰি।’ ৰঙা নৈৰ পানী খৰালি শুকাই যায়, চিমেন নৈ এৰিব নোৱাৰি কাৰণ চিমেন নৈৰ মাছ অতি সোৱাদ। কাকডোঙাও এৰিব নোৱাৰি কাৰণ কাকডোঙাত ডাঙৰ ডাঙৰ বৰালি মাছ পোৱা যায়। এইবোৰ কথা বহু পুৰণি কালৰ পৰাই বিহুগীতত উল্লেখ কৰা হৈছে। ‘ধনশিৰিক ভেটিলে জেঙে ঐ জাবৰে, সোৱণশিৰিক ভেটিব কিহে’? ধনশিৰিক লোহাৰ শলখা মাৰি দলং সাজিলে, সোৱণশিৰিত বালিৰ বালিচন্দা ধুই সোণ কমালে।’ দিহিঙৰ আগলি তিনি ভেঙুলিয়া ডিবৰুৰ পাৰৰ পবালি পবালি নলৰ গজালি ভাঙে, ‘দিখৌ নৈ এৰিব পাৰো মই লাহৰী জাঁজি নৈ এৰিব পাৰো।’জাঁজী নৈত উটি অহা জাঁজীৰ দৰে জীৱনৰ সুঁতিত জাঁজিত লাগি ধৰে জীৱন ছন্দ, সেই জাঁজি ভাঙিবলৈ বৰ জটিল। ‘দিখৌ গুমে গুমাই আহে কোম্পানীৰ জাহাজ, গিৰগিৰাই কলঙৰ গৰা খহে। ৰঙাগৰা খহে, সেইদৰে কেতিয়াবা মনৰ গৰা খহে। ভোদদৈৰ ন-পানীত পাভ মাছ এলেং মাছ, কুঁহি মাছ উজাই আহে, ডেকা-গাভৰুৰ মনত উজাই মনৰে বেদনা। ডেৰ গাঁৱৰ বৰালি কাকডোঙাৰ বৰালি একেলগ হয়, দিহিঙে-দিচাঙে মুখামুখি হয়, জাহাজে উকি মাৰে, ওলাই নামদাঙৰ সাঁকো দেখা যায়। বিহুগীতসমূহত প্ৰাকৃতিক বৈশিষ্ট্যৰ উপৰি ঐতিহাসিক তাৎপৰ্য ভৌগোলিক পৰিৱেশৰ কথা বুকুত সোমাই আছে। ঊনৈশ শতিকাৰ আৰম্ভণিৰ লগে লগে দিখৌ গুমে গুমাই লুইতত গুমে গুমাই উকি মাৰি কোম্পানীৰ জাহাজ আহিছিল। নামদাঙৰ শিলৰ সাঁকো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দিচৈ নৈৰসুঁতি সলাই ভোগদৈ নৈ খন্দাই ধনশিৰিত লোৰ শলখা মাৰি দলং সজা, ৰুদ্ৰসিংহ স্বৰ্গদেৱে নামদাং, দিচৈ, দৰিকাত শিলৰ সাঁকো নিৰ্মাণ কৰাৰ অনেক সৰু-বৰ বিচিত্ৰ কাৰুকাৰ্য সম্বলিত ঘটনাৰ সাক্ষী বিহুগীতত আছে। পাকৈত বিহুৱা স্বভাৱ কবি-গীতিকাৰৰ এনে অনেক ভৌগোলিক ঐতিহাসিক ঘটনাক্ৰম বিহুগীতত বন্দী কৰি ৰাখিছে। অসমৰ নৈৰ দৰে বিলৰ নামো বিহুগীতত পোৱা যায়। বগীবিল, লৰুৱা বিল, দীঘলী বিল, দীঘলী পুখুৰী, শিলপুখুৰী, শিৱসাগৰ, গৌৰী সাগৰ, জয়সাগৰ, বিল-পুখীৰৰ নাম বিহুগীতত উল্লেখ আছে। দীঘলী বিলত চেনি, কুড়ি, এলেং, পাভ মাছলৈ বালিভেটা দিয়ে, লৰুৱা বিলখন জাঁপমাৰি ডেই যাব পাৰি, বগীবিলত বগী ৰঙৰ চৰাই জাকপাতি পৰে, বলমাবিলৰ মাছ অতি তেলী, কাকডোঙৰ বৰালি ডেৰছোৱাৰ বৰালি লগ লাগে,ৰঙাজানৰ তেলিয়া সাঁকো বগাব নোৱাৰি’ আৰু যে কিমান বৰ্ণনা বিহুগীতত পোৱা যায়, সেইবোৰ উল্লেখ কৰিবলৈ দেখোন ঠাইৰ নাটনি।
ৰঙা নৈ শুকালে মাছৰে বেজাৰত
লুইতখন শুকালে কিয়,
মই চেনাই শুকাইছো তোমাৰে বেজাৰত
তুমিনো শুকাইছা কিয়?’
দৈয়াঙৰ হাতীয়ে পানী খায় ‘থিয় গৰাত খোপনি থৈ’, চিচিমুখত চিচি নৈত নাৰ, বাট, পাভ মাছৰ উজান উঠে। বিহুগীতত নৈ আৰু বিলৰ অসংখ্য চিত্ৰ পোৱা যায়।
আহোম স্বৰ্গদেউসকলৰ গৌৰৱৰ ধ্বজ্জা বহন কৰা, ৰঙে-ৰূপে ভৰপুৰ ৰংপুৰৰ, কথা শুনিয়েই তল যোৱা একালৰ গড়গাঁও, অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আছিল শিৱসাগৰ আৰু ৰংপুৰ। ৰংপুৰৰ ৰংঘৰৰ বাকৰিত অসমীয়াই বিহু পাতিছিল, বিভিন্ন ধৰণৰ খেল-ধেমালি, ম’হ যুঁজ, হাতী যুঁজ, শেন কণুৱাৰ যুঁজ চাই আনন্দ কৰিছিল। যেতিয়া বাটচ’ৰাৰ মুখলৈ স্বৰ্গদেউ ওলাবৰ হয় তেতিয়া বংপুৰলৈ স্বাভাৱিকতে ব্যস্ততা আহে।
‘স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ
দোলিয়াই পাতিলে দোলা,
কাণত জিলিকিলে মকৰে কুণ্ডলে
গাত গোমচেঙৰ চোলা।’
নগৈ গড় গাঁৱৰ বাতৰি পোৱাটো টান, কিন্তু কামৰূপৰ বাতৰি গড়গাঁৱত পোৱাটো একো আচৰিত কথা নহয়। ‘ৰংপুৰ নগৰত কাৰেং সজালে মাৰলিৰ নেখালৈ জোৰা’ কথাষাৰো বিহুগীতত উল্লেখ আছে। তাহানি আহোম যুগৰ বহুতো অসমীয়া বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ নাম বিহুগীতবিলাকত উল্লেখ আছে। ফুলপানী ছিগাত ঢোলৰ মাত শুনি উজুটিত যঁতৰ ভাঙে, ভৰিৰ আঙুলিৰ নখ ছিগে, নগাঁৱৰ নলনি বছা গাঁৱৰ দলনিত মাছৰ উজান উঠে, ‘স্বৰ্গদেউ চিকুণ কেঁকোৰা দোলাখন, শুৱায় গজপুৰৰ আলি’,‘কোন স্বৰ্গদেৱে পুখুৰী খনালে নাম থ’লে গৌৰীসাগৰ’, ‘স্বৰ্গদেৱৰ তামুলী গন্ধিয়া ফুকন’, ‘মাতে তাওবাকৰ পৰা’, ‘গেলেকী গেৰাজত চিপাহী কাটিলে’, ‘শিৱসাগৰ শুকাব আফু কানি লুকাব’, ‘সাতৰাজ মাৰি একৰাজ কৰিলে ল’লে যোৰহাটত ঠাই’,‘মানদেশত আছিলে মান চৰাই এযুৰি’, ‘চামগুৰি হাটতে ঢোলে গিৰগিৰায়’, ‘ৰংপুৰলৈ যোৱাগৈ লংগুটি আনাগৈ’, ‘ৰংপুৰৰ বজাৰত আছে ৰঙাচোলা আনি দিম শুৱাব তোক’ আদি বিহুৰ বৈচিত্ৰ্যপূৰ্ণ গীত ৰচিত হৈছিল।
শদিয়া পুৰণি দেওলগা পূজা-পাতলৰ ঠাই। তদুপৰি একালত আবৰ মিচিমিয়ে, চিংফৌৱে উপদ্ৰৱ কৰিছিল। শদিয়াত খামতিসকলে বিদ্ৰোহ কৰি কৰ্ণেল আদাম হোৱাইটক হত্যা কৰিছিল। সেই বাবেও শদিয়া যুদ্ধ লগা, দেও লগা ঠাই হিচাপে বিখ্যাত হৈ পৰিছিল। ‘কোনে আনি দিব ধনৰে বাতৰি শদিয়া ৰাজৰে পৰা; ‘তোমাৰে সন্তাপত মৰিমগৈ শদিয়াৰ ৰণত’, ‘মাৰেও শদিয়া বাপেৰো শদিয়া তোকো শদিয়ালৈ দিলে’ ‘কোৱাই কা নকৰা জিলিয়ে জা নকৰা শদিয়া পাৰৰে আলি’, ‘তোমাৰে বেজাৰত ঘৰতো নাথাকো মৰোগৈ শদিয়া ৰণত’ ‘মিচিমি আহিব বৰবিহ আনিব তাকে খাই পাহৰিম তোক? ‘ডিবুৰুৰ ৰণখন শদিয়াত লাগিলে মিৰিয়ন বান্ধিলে ঘৰত’ আদি বিহুগীতত শদিয়াৰ কথা বহুবাৰ উল্লেখ কৰা হৈছে। ব্ৰহ্মপুত্ৰ নদীত কোম্পানীৰ জাহাজ চলিবলৈ আৰম্ভ কৰাৰ পাছত ডিব্ৰুগড় জিলা বেহা-বেপাৰৰ বাবে বিখ্যাত হৈ পৰিছিল। চেনায়ে ডিব্ৰুৰ বজাৰৰ পৰা সূতা আনি দিয়ে, চেনেহীয়ে কাপোৰ বয়। ‘তুমি বৈয়ে ল’ব ৰিহাকৈ মেখেলা মোকো বৈয়ে দিবা চোলা।’ ডিব্ৰু শুৱনি দোকানে পোহাৰে,’ জিলালৈ বুলি ডিব্ৰুগড় বুলি উকিটো মাৰি যাবলৈ ওলোৱাজনক জাকিট চোলা লংওটি, দালচেনি চেনিওটি আনিবলৈ সোঁৱৰাই দিয়ে। সেইদৰে ‘যোৰহাট জিলালৈ অকলে নাযাবা আমাকো লগতে নিবা’ বুলিও বিহুগীতত উল্লেখ আছে।
অনেক চাহ বাগিচাৰ চিত্ৰ বিহুগীতত ভূমুকি মাৰিছে। বিহুগীতসমূহত পৰ্বত-পাহাৰ, নৈ-বিল আৰু নগৰৰ বৰ্ণনা, ভূগোলত ভুল নকৰাকৈ বাতৰি দিয়াৰ লগতে কেইটামান ৰজা দিনীয়া আলিয়েও বাট পোনাই আগবাঢ়িছে। ৰজাদিনীয়া আলিবাটবোৰ আছিল পোন, আজিৰ দৰে একা বেঁকা নহয়। মানুহৰ মনবোৰ আছিল পোন, কথা-বতৰাবোৰ আছিল পোন আৰু ৰাস্তা পদূলিও আছিল পোন। মেটেকা আলি, ৰহদৈ আলি, সেন্দূৰী আলি, ধোদৰ আলি, শদিয়া পাৰৰ আলি, চিয়াঙৰ আলি, বৰআলি, গজপুৰৰ আলি আদি অসংখ্য আলিৰ কথাও বিহুগীতে ধৰি ৰাখিছে। উজায় শদিয়াৰ পৰা ভটিয়াই কলঙৰ পাৰলৈকে অসমৰ অনেক ভৌগোলিক প্ৰাকৃতিক ঐতিহাসিক চিত্ৰই বিহুগীতত ফৰিংফুটা হৈ জিলিকি আছে। বিহুগীতৰ দৰে আন অসমীয়া লোকগীতসমূহতো ভৌগোলিক আৰু ঐতিহাসিক স্থান আৰু বৈশিষ্ট্যৰ উকি শুনিবলৈ পোৱা যায়। কালৰ বুকুত হেৰাই যাব ধৰা বহুতো ঠাইৰ নাম, নদী নিজৰা, হাট-বজাৰ আদিৰ নাম বিহুগীতৰ বাহিৰে অন্য বুৰঞ্জীত পাবলৈ নোহোৱা হৈছে। হাবুং, ফুলবাৰী, ফুলপানী, ছিগা, ৰতনপুৰ, অভয়াপুৰ, ৰংপুৰ, ভগাদিচাং, মৰিকলং, মহং, নামদাং, পিচলা, গজপুৰ, চামগুৰি, নাজিৰা হাট, ফাট বিহু হাট, বৰকলা, এৰানগৰ ইত্যাদি পুৰণি নামবোৰ বিহুগীত আৰু লোকগীতসমূহতে পোৱা যায়। বিহুগীতসমূহে অসমৰ বুৰঞ্জী আৰু ভৌগোলিক দিশৰ বহু কথাৰেই বাতৰি দি আহিছে।