ড° দীপেন দাস

গাভৰু বিহু হৈছে ৰঙালী বিহুৰ পৰম্পৰাৰ এক অন্যতম আকৰ্ষণীয় অনুষ্ঠান। ই মূলতঃ গাভৰুসকলৰ অনুষ্ঠান। এই গাভৰু বিহু অভিযোজনাটোক বহু সময়ত টকা বিহু, গছতলৰ গাভৰু বিহু, জেং বিহু, মাইকী বিহু আদি অভিধাৰ সমাৰ্থক হিচাপে বিশেষজ্ঞসকলে অভিহিত কৰা দেখা যায়। হুচৰিৰ তুলনাত গাভৰু বিহু অতি প্ৰাচীন। আমাৰ এই নিবন্ধটিত ‘জেং বিহু’ আৰু ‘গাভৰু বিহু’ এই অভিধাটোক একাৰ্থক হিচাপে ব্যৱহাৰ কৰা হৈছে। নিবন্ধটোত ‘জেং বিহু’ৰ অৰ্থ, তাৎপৰ্য আৰু প্ৰতিযোগিতাৰ মঞ্চত ইয়াৰ পৰিবেশন শৈলীৰ এক থুলমূল আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে।
সাধাৰণতে, গাভৰুসকলে মৰা বিহুকে ‘গাভৰু বিহু’ বোলা হয়। তাহানি চ’তৰ পৰাই কৃষকৰ ঘৰৰ গাভৰু কেইজনীয়ে ৰাতি বিহু মাৰিবলৈ আৰম্ভ কৰিছিল। বিহু মাৰিছিল যুৰীয়া আঁহতৰ তলত, বৰগছৰ তলত মুকলি আকাশৰ তলত গাভৰুসকলৰ এই বিহুকে ঠাই বিশেষে চেনেহী বিহু বা মাইকী বিহু বুলিও অভিহিত কৰা হয়। একেদৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে লক্ষীমপুৰ ধেমাজি ঢকুৱাখানা আদি অঞ্চলত ‘গাভৰু বিহু’ক ‘টকা বিহু’ হিচাপেহে জনা যায়। গাভৰু সকলৰ এই বিহুত পুৰুষসকলে ভাগ ল’ব নোৱাৰিছিল। অৱশ্যে গাভৰুসকলৰ এই বিহু পুৰুষসকলে দূৰৰপৰা চাব পাৰিছিল। সমবয়সীয়া গাভৰুসকলে ৰাতি ৰভাৰ তলত বিহু পাতে। বিহু খোলা পোতা ঠাইখিনিৰ চাৰিওফালে বাঁহৰ জেং দি বেহু পাতি মাজত সোমাই গাভৰুসকলে বিহু মাৰে যাতে, সেই বিহুৰ মাজলৈ কোনো পুৰুষ সোমাব নোৱাৰে। ডেকাই জেংৰ বেহুৰ মাজত অনাধিকাৰ প্ৰৱেশ কৰিলে সামাজিক নীতি অনুসাৰে দণ্ডনীয়। এই বেহুৰ মাজত বিহু মৰা বাবেই কোনো কোনো লোকে গাভৰু বিহুক ‘জেং বিহু’ আখ্যা দিয়ে। অৱশ্যে ‘জেং বিহু’ নামটো আধুনিক। এক প্ৰকাৰে গাভৰু বিহুক জেং বিহু নাম দি উপলুঙা বা বহুৱালিহে কৰা হৈছে।
যি কি নহওঁক, গাভৰুসকলে মৰা বিহুক জেং বিহু বুলিব পাৰিনে নোৱাৰি সেই বিষয়ে আলোচনা কৰিবলৈ যাওঁতে “জেং বিহু” অভিধাটোৰ কিছু আভাস দিয়া প্ৰয়োজন।


জেং বিহুৰ অৰ্থ, তাৎপৰ্য


হেমকোষ অভিধানত ‘জেং বিহু’ মানে ৰঙালী বিহুত ছোৱালীয়ে জাক পাতি গছৰ তলত নচা নাচ বুলি উল্লেখ আছে।
‘জেং’ শব্দৰ আভিধানিক অৰ্থ শুকান পাত সৰা ‘সৰু ঠাল ঠেঙুলি’। জেং বিহু (গাভৰুসকলৰ বিহু) কৰোতে জেং পুতি লোৱাৰ বিশেষ অৰ্থ আছে। ‘জেং’ শব্দ বসন্তৰ প্ৰতীক। শুকান ডালবোৰ পাতেৰে ফুলেৰে ভৰে বসন্তৰ কালত। জেং শব্দ বসন্ত উৎসৱৰ লগত জড়িত থকা লোক উৎসৱৰ নামহেতুকে ই এক অভিনৱ বান্ধনাৰ্থ প্ৰকাশ কৰে।
‘জেং বিহু’ এই অভিধাটোৰ নামাকৰণ সম্পৰ্কে মতভেদ দেখা যায়—
মহেশ্বৰ নেওঁগে তেখেতৰ ‘চ’তৰ বিহু ৰঙালী’ শীৰ্ষক প্ৰৱন্ধত জেং বিহু সন্দৰ্ভত মত দিছিল এনেদৰে— ‘বুঢ়ীভকতী বিহুমাৰতীহতে (ড° নেওগদেৱে শিৱসাগৰ জিলাৰ তেপৰ বৰচহকী গাৱত দেখা) হেনো বিহুমৰা ঠাইত শুকান জেং কেইডালমান থিয়কৈ লয় আৰু পিছত হেনো তাতে সেউজীয়া ডাল-পাত লগাই দিয়ে।’ অৱশ্যে জয়কান্ত গন্ধীয়াই মহেশ্বৰ নেওঁগৰ তেপৰ বৰচহকী গাঁৱৰ বুঢ়ীভকতনীহতে বিহু মৰা বুলি কোৱা কথাষাৰ নসাৎ কৰিছে।
হেম বুঢ়াগোহাঞিৰ মতে “জেং পুতি মৰা গাভৰু বিহুক জেং বিহু নামাকৰণ কৰা হয় যদিও জেং বিহু আচলতে টাই গাভৰুসকলে মৰা গাভৰু বিহুহে হ’ব লাগে।” জেং বিহু নামটো আধুনিক; এক প্ৰকাৰে গাভৰু বিহুক জেং বিহু নাম দি উপলুঙা বা বহুৱালিহে কৰা হৈছে।
প্ৰদীপ চলিহাৰ মতে “আহোমসকলে আদিতে বোলা জেং নাং পঈ কালক্ৰমত জেং বিহু হয়গৈ।”
‘বিহু আৰু প্ৰাসংগিক কিছু কথা’ শীৰ্ষক নিৱন্ধত নৰেশ্বৰ দাসে ‘গাভৰু বিহু’ বা ‘জেং বিহু’ সম্পৰ্কত মত আগবঢ়াইছে এনেদৰে— “পুৰণি কালত ডেকা আৰু গাভৰুসকলে পৃথকে পৃথকে বিহু মাৰিছিল। প্ৰথমে গাভৰু আৰু তিৰোতাসকলে মনৰ আনন্দত আনৰ পৰা লুকাই কোনোবা নৈৰ পাৰৰ মুকলি ঠাই নাইবা ডাঙৰ গছৰ তলত একগোট হৈ বিহু মাৰিছিল। আমি তাকে গাভৰু বিহু বা জেং বিহু বুলি কওঁ।”
গতিকে দেখা যায় যে, হেম বুঢ়াগোহাঞি, প্ৰদীপ চলিহা প্ৰমুখ্যে বহু গৱেষকে ‘জেং বিহু’ অভিধাতো টাই ভাষাৰ ‘পঈনাং জেং’ শব্দৰ পৰা অহা বুলি মত পোষণ কৰিছে— টাই ভাষাত “পঈ”ৰ অৰ্থ বিহু উৎসৱ, “নাং” মানে গাভৰু আৰু “জেং” মানে নিভাজ। সেয়ে ‘পঈনাং জেং’ মানে ‘গাভৰুৰ নিভাজ বিহু’। যি কি নহওক, নিভাজ গাভৰু বোলাৰ অৰ্থ বিহুত পুৰুষৰ অনা-অংশগ্ৰহণ। তাকে চেং নাং বোলা হৈছিল। এই চেং নাং শব্দৰ পৰাই অসমীয়াত ‘চেনাই’ শব্দ হৈছে বুলিব পাৰি। নিৰ্মলপ্ৰভা বৰদলৈৰ ‘চেৰি ফুলৰ দেশ জাপান আৰু বিস্ময়কৰ চীন’ গ্ৰন্থখনত জেং বিহুৰ সন্দৰ্ভত নিন্মোক্ত মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়—“ক্ৰমান্বয়ে বিস্ময়ৰ পৰা বিস্ময়কৰ দৃশ্য দেখিবলৈ পালো। পোহৰ আৰু সুৰেৰে মঞ্চত ফুটাই তোলা হ’ল বসন্তৰ পৰিৱেশ। মঞ্চৰ মাজত বাঁহৰ বৰ সুন্দৰ এটা জোপোহা। তাৰ মাজত লুকাই আছিল শুদ্ধ বগা সাজ পিন্ধা এক অপৰূপ নাৰী। দেখা গ’ল মঞ্চলৈ সোমাই আহিছে সাতগৰাকী নে আঠগৰাকী সমান বয়সৰ গাভৰু— হাত দীঘল ক’লা ব্লাউজ আৰু ৰঙা দীঘল স্কাৰ্ট পিন্ধা গাভৰু। তেওঁবিলাকৰ প্ৰত্যেকৰে হাতৰ কেঞা আঙুলিত বন্ধা আছিল আমাৰ বিহুনাচনীয়ে লোৱাৰ দৰে নানা ৰঙীন ৰুমাল। আগলৈ হালি, নিতম্ব পাছলৈ দি হাত মেলি আমাৰ একেবাৰে বিহুনাচৰ দৰে তেওঁবিলাকে মাজে মাজে একেশাৰীত, মাজে মাজে দুভাগ হৈ হুবহু আমাৰ বিহু নাচৰ দৰে নাচিছিল। মুখেৰে আনন্দৰ, উলাহৰ গীত গাইছিল। চাপৰি বজাইছিল। এনেকৈ কিছু সময় নচাৰ পাছত ছোৱালীকেইজনী দুভাগ হৈ আঁঠু কাঢ়িলে আৰু মাটিত মূৰ দোঁৱাই দিলে— তেওঁবিলাকেই গাৰেই যেন এখন সাঁকোহে পাৰি দিলে। বাঁহৰ জোপোহাৰ মাজত লুকাই থকা শুভ্ৰ বসনা, দেৱী (লক্ষী) স্বৰূপা নাৰীগৰাকীয়ে সেই সাকোঁৱেদি চৰণ বুলাই আগলৈ নামি আহি আত্মপ্ৰকাশ কৰিলে। আঠুঁকাঢ়ি মূৰ দোঁৱাই, সাকো হৈ থকা নাৰী ৮ গৰাকীও তেওঁৰ শাৰীতে থিয় হ’ল। এতিয়া যেন আনন্দই পাৰ ভাঙি গ’ল। মাজত সেই নাৰীক লৈ উল্লাসময় নৃত্য আৰম্ভ হ’ল। কিছুবেলিৰ পাছত সেই দেৱী আগৰ দৰেই ছোৱালীহঁতে আঁঠু কাঢ়ি পাৰি দিয়া দেহৰ সাঁকোৱেদি চৰণ বুলাই (পাছ হুঁহকি গৈ) সেই ঠাইৰ জোপোহাৰ মাজত সোমাই অদৃশ্য হ’ল। কেৱল বগা কাপোৰখন ছঁয়াময়া হৈ জিলিকি ৰ’ল। বাকী আঠগৰাকীয়ে তেতিয়া মাটিত শুই শুই দোঁ খাই থকা বাঁহগছৰ আগবোৰ নৃত্যৰ ছেৱে ছেৱে টানি আন্দোলিত কৰিবলৈ ধৰিলে— যেনিবা ধাৰাসাৰ বৰষুণত বাঁহৰ আগবোৰ হালি জালি মাটিলৈ দোঁ খাইহে পৰিছে— এনে এক Illusionৰ সৃষ্টি হ’ল। আমাৰ জেং বিহুৰ লগত ইয়াৰ পূৰ্ণ সাদৃশ্য দেখি মই বিস্ময়ত অভিভূত হ’লো। আমাৰ ‘জেং বিহু’ৰ দৰে চীনত দেখুউৱা এই নৃত্যও জেং বা বাঁহৰ আগত কৰা বিহু আৰু ইয়াতো ঢোল-পেঁপা বজোৱা কোনো বাদক নাছিল। গীত, গগণা আৰু হাত-চাপৰিয়েই আছিল নৃত্যৰ সংগীত আৰু তাল।”
আহোমসকলে হয়তো পাটকাই হৈ অসমলৈ আহোঁতে বিহুৰ বতৰত অসমৰ আদিম অধিবাসী মৰাণ, বৰাহী, চুতীয়া আদি স্বাধীনচিতীয়া গাভৰুসকলে গছৰ তলত জুম পাতি পাতি বিহু মৰা দেখি তাকে তেওঁলোকে পঈনাং জেং বুলি অভিহিত কৰিছিল। কালক্ৰমত আহোমসকলৰ মুখত থলুৱা অসমীয়া ভাষাই ঠাই পোৱাত সেই টাই ভাষাৰ নামৰ অৰ্থ পাহৰি গ’ল। চেং শব্দ জেংলৈ আৰু পঈ শব্দ বিহুলৈ ৰূপান্তৰিত হ’ল। গোটেই নামটোৰ একাংশ হেৰাই কেৱল জেং বিহু ৰ’লগৈ। উল্লেখযোগ্য যে, চীন দেশ, থাইলেণ্ড আদি ভ্ৰমণ কৰি অহা ড° নিৰ্মলপ্ৰভা বৰদলৈ, ড° পুষ্প গগৈ আদিয়ে সেইবোৰ ঠাইত জেং বিহুৰ নিচিনা ছোৱালীৰ নাচ দেখি অহা বুলি বিভিন্ন লেখনীসমূহত উল্লেখ কৰিছে।
তীৰ্থ ফুকনৰ মতে— “১৯ শতিকাৰ শেষ ভাগলৈকে ডেকা-গাভৰুৰ ৰাতি বিহু চলি আছিল। ঘৰে ঘৰে গোৱা হুচৰি প্ৰৱৰ্তন হোৱাৰ পৰা গাভৰু সকলে বিহুত ডেকাৰ লগত নাচিবলৈ এৰিলে। হ’লেও তেজ মঙহৰ গাভৰু মন। ইমান দিনে যুগে যুগে বিহু মাৰি আহিছে। বিহুৰ বতৰত নাহৰ তগৰে আমোল মোলোৱা বতৰত এপাক নানাচি থাকিব পাৰিনে? সেইবাবেই এদিন সৃষ্টি হ’ল গাভৰুহঁতৰ এই বিহু। তেওঁলোকে গাঁৱৰ এমূৰে হাবিতলীয়া ঠাইত তৰিলে এইখন বিহু। বিহু মৰা ঠাইডোখৰৰ চাৰিওফালে পুতি ল’লে জেং— বাঁহৰ জেং। সেয়া যেন নিষেধৰ সীমা। সেইবাবেই এই বিহুক বোলা হয় জেং বিহু।”
যি কি নহওঁক ‘জেং বিহু’ এই অভিধাটোৰ সম্পৰ্কত বিশেষজ্ঞ সকলে আগবঢ়োৱা মতামত সমূহ চালি জাৰি চালে ‘জেং বিহু’ৰ নিম্নোক্ত দিশসমূহ প্ৰতিফলিত হয়— (১) ‘জেং বিহু’ মূলতঃ গাভৰু সকলৰ বিহু। ইয়াত পুৰুষৰ অংশগ্ৰহণৰ সুযোগ নেথাকে। (২) জেং বিহুত জেং এডালৰ প্ৰয়োজন। গাভৰুসকলৰ এই জেং বিহুত সামাজিক বান্ধোন থাকে। পুৰুষে যাতে দূৰৈৰ পৰা হ’লেও জেং বিহু ভালকৈ দেখা নাপায় তাৰ বাবে গাভৰুসকলে জেং পাতি বেহু সাজি এই বিহু মাৰিছিল। অনাধিকাৰ ভাৱে কোনো পুৰুষে অংশ গ্ৰহণ কৰিলে তেওঁ সামাজিক ৰীতি অনুসৰি দণ্ডনীয় হয়। (৩) জেং বিহু বা গাভৰু বিহুৰ প্ৰধানতঃ দুটা ৰূপ— (ক) সোমাল চ’তৰ পৰা গাভৰু সকলে ৰাতি ৰাতি কৰা গাভৰু বিহুৰ ৰূপ আৰু (খ) পহিলা ব’হাগৰ পৰা গাভৰু সকলে কৰা বিহুৰ ৰূপ।
চ’তৰ বিহুৰ বেলিকা চ’তৰ মাহটোত কৃষকৰ ঘৰৰ ডেকা-গাভৰুৱে ৰাতি ৰাতি বিহু কৰিছিল। যুৰীয়া আহঁতৰ তলতে হওঁক বা মুকলি আকাশৰ তলতেই হওঁক জেং জাবৰ গুচাই পৰিস্কাৰকৈ বিহুখোলা পতা হৈছিল। ডেকাই ডেকা ভাগে, গাভৰুৱে গাভৰু ভাগে ওচৰা-ওচৰিকৈ বিহু মাৰিছিল। পূৰ্বে নিশা নিশা মৰা গাভৰুসকলৰ বিহু ডেকাসকলক চাবলৈ দিয়া হোৱা নাছিল। এয়াই হৈছে গাভৰু বিহু (বৰ্তমান জেং বিহু বুলি বহুতে ক’ব খোজে)ৰ প্ৰথমটো ৰূপ। উল্লেখ্য যে ডেকা সকলে চাব নোৱৰাকৈ বিহুখোলাৰ চাৰিওফালে জেং পুতি গাভৰুসকলে বেহুৰ মাজত এই বিহু পৰিবেশন কৰিছিল। কিন্তু সমাজৰ শাসন ব্যৱস্থা শিথিল হৈ অহাৰ লগে লগে ডেকাসকলে গাভৰু বিহু চোৱাৰ লগতে পৰৱৰ্তী সময়ত গাভৰুসকলৰ ওচৰা-ওচৰিকৈ বিহু খোলা পাতি বিহু মাৰিব পৰা হ’ল আৰু এনেদৰে গাভৰু বিহুৰ পৰা ডেকা গাভৰুৰ নিশা বিহু আৰম্ভ হ’ল। জেং বিহুৰ দ্বিতীয় ৰূপটো হৈছে বহাগৰ দুপৰীয়াৰ পৰা সন্ধ্যা পৰলৈ গাভৰুসকলে বাসগৃহৰ পৰা কিছুদূৰ নিলগত আচুতীয়াকৈ মৰা বিহু। গাভৰু বিহুৰ এই ৰূপটোৰ উত্তৰ পাৰে ধেমাজী, লক্ষীমপুৰ, ঢকুৱাখানা আদি অঞ্চলত ‘টকা বিহু’ তেজপুৰৰ জামুগুৰিহাটৰ ফালে গাভৰুসকলৰ এই বিহুক “জুম বিহু” আৰু উজনি অসমৰ যোৰহাট, শিৱসাগৰ, তিতাবৰ আদি অঞ্চলত “ঘৰ বিহু”১০ হিচাপে প্ৰচলিত। অৱশ্যে “ঘৰ বিহু” ৰ ধাৰণাটো প্ৰায় বিলুপ্তিৰ পথত।
বৰ্তমান সময়ত গাভৰু বিহুৰ এই দুয়োটা ৰূপকে একেলগ কৰি বিহুৰ মঞ্চত জীয়ৰী, গাভৰু, বোৱাৰী সকলোৱে মিলি জেং বিহু মৰা দেখিবলৈ পোৱা যায় যিটোৱে গাভৰু বিহুৰ প্ৰকৃত ৰূপটোক বিকৃত কৰাত অৰিহণা যোগাইছে। গাভৰু বিহু অভিধাটোৱে সূচায় যে গাভৰু সকলৰহে বিহু। ৰঙালী বিহুৰ ক্ৰমবিকাশৰ পৰম্পৰাত বোৱাৰী সকলে মুকলিমুৰীয়াকৈ গাভৰু সকলৰ লগত একেলগে বিহু কৰাৰ উদাহৰণ পোৱা নাযায়। অৱশ্যে বোৱাৰী সকলেও পূৰ্বতে বিহু মাৰিছিল কোনো গৃহস্থৰ ঘৰত দুৱাৰৰ দাং মাৰি লৈছিল। তাত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ আছিল।
এনেতে মনত এটি প্ৰশ্নৰ উদ্ৰেক হয় যে যিহেতু বৰ্তমানৰ বোৱাৰী সকলেও গাভৰু হৈ থাকোঁতে মুকলি আকাশৰ তলত যুৰীয়া আহঁতৰ তলত বিহু মাৰিছিল। এতিয়া বোৱাৰী হোৱাৰ পিছতো তেওঁলোকৰ বিহু অহাৰ লগে লগে ৰাই জাই কৰা মনটোক ধৰি ৰাখিব নোৱাৰা হয়। তেনে পৰিস্থিতিত এই উন্মনা বোৱাৰী সকলে কত বা বিহু কৰিব?
ইয়াৰ উত্তৰত কওঁ যে বৰ্তমান প্ৰতিযোগিতাৰ যুগ য’ত গছতলৰ গাভৰু বিহু প্ৰতিযোগিতাৰ মঞ্চলৈ পৰ্যবেসিত হ’ল ‘জেং বিহু’ৰ নামেৰে। গতিকে এই প্ৰতিযোগিতাৰ মঞ্চত ‘জেং বিহু’ গাভৰু সকলৰ কাৰণে আৰু বোৱাৰী সকলৰ বাবে ‘বোৱাৰী বিহু’ সুকীয়া সুকীয়াকৈ অনুষ্ঠিত কৰিব লাগে। এনে কৰিলে গাভৰু বিহুৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ লগতে বোৱাৰী সকলেও বিহুত অংশ লোৱাৰ সুযোগ পাব। অৱশ্যে গাভৰু বিহু আৰু বোৱাৰী বিহু দুয়োটা অনুষ্ঠানৰ পৰিবেশন শৈলী প্ৰায় একেধৰ্মী হ’লেও বিহুনাম সমূহ কিছু সুকীয়া ধৰ্মী হ’ব।