ড° অসীম চুতীয়া

‘অ’ ফুল, অ’ ফুল/নুফুল কিয়?/গৰুৱে যে আগ খাই মইনো ফুলিম কিয়?/অ’ গৰু অ’ গৰু আগ খাৱ কিয়?/গৰখীয়াই যে মোক নাৰাখে মইনো নাখাম কিয়?’
……………………………………………..
অসম এখন কৃষি প্ৰধান ৰাজ্য। কৃষিক কেন্দ্ৰ কৰিয়েই অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। কৃষিজীৱি অসমীয়াৰ বাবে গৰু এক আপুৰুগীয়া জন্তু। গৰুৰ লগত অংগাংগীভাৱে জড়িত হৈছে আছে গৰখীয়া শব্দটো। কৃষিকাৰ্যৰ পিছত গৰু চৰোৱাবলৈ নিয়োগ কৰা লোকজনেই গৰখীয়া। মূলতঃ এজন কৃষকৰ বাবে গৰু আৰু গৰখীয়া দুয়োটাই মূল্যৱান সম্পদ। কৃষকৰ গৰু আৰু গৰখীয়াই চৰণীয়া পথাৰৰপৰা আহি অসমীয়া সাহিত্যৰ বুকুত ঠাই লৈছে। লোক সাহিত্যৰ পৰা আধুনিক সাহিত্যলৈকে ইয়াৰ পৰিসৰ বিস্তৃত হৈ আছে।


যাৰ নাই গৰু সি সবাতোকৈ সৰু— এই আপ্তবাক্যশাৰী বৰ্তমান অপ্ৰচলিত। কৃষিয়েই যেতিয়া কৃষকৰ প্ৰধান সম্বল তেতিয়া গৰুৰ গৰাকীজনকেই আটাইতকৈ শক্তিশালী বুলি বিেবচনা কৰাতো একো অস্বাভাৱিক নাছিল। গৰুৱে হাল বায়, মাটি সমাই-মৈয়াই মাটি চহ কৰি খেতিয়কে খেতি কৰে। গৰু নহ’লে খেতি কৰিব নোৱাৰি। নিজৰ গৰু নথকা খেতিয়কে আনৰ হাল-গৰু-মাটিলৈ খেতি কৰা দেখা যায়। ইয়াক আধি খেতি বুলি কোৱা হয়। আধি খেতি কৰোঁতাজনে মাটিৰ গৰাকীক শস্যৰ আধা অংশ আৰু বাকীখিনিৰ তিনিভাগ কৰি দুভাগ মাটিৰ গৰাকী আৰু গৰুৰ গৰাকীক দিয়াৰ পাছত বাকী এভাগ নিজে লাভ কৰে। আধি খেতি কৰাটো লোকচানৰ কাম বুলিয়েই খেতিয়কে বিবেচনা কৰে। ডাকৰ বচনত এই কথা উনুকিয়াই গৈছে এনেকৈ— ‘আধি মাটি মৰকীয়া হাল।/তাক নকৰি বহি থকাই ভাল।’ যিটো গৰুৰ দুই, চাৰি অথবা ছটা দাঁত গজি ওলায়, তেনে গৰুহে হাল বোৱাৰ বাবে উপযুক্ত বুলি কৃষকে অভিজ্ঞতাৰ পৰা বুজি পায়। সাঁতদতীয়া, হৰিণাৰ দৰে কাণ থিয় আৰু জিভাৰ গৰু উৎকৃষ্ট বুলি লোকবিশ্বাস প্ৰচলিত। ডাকৰ বচনত কৈছে— ‘গৰু কিনিবা চিকুণ জালি।/দুই চাৰি ছয় দন্তীয়া ভালি।।/ছয় দন্তাক ভালেহে পায়।/সাত দন্তাক দেখি পলায়।।/হৰিণৰ দৰে জিভা কাণ।/সেই বলধিক বিচাৰি আন।’ মৈ টানোতে কুঁজা নোহোৱা, দীঘল নেজ থকা, শুদ্ধ বগা গৰু খেতিয়কে বিচাৰি ফুৰে— গৰু কিনিবা দীঘল নেজা।/মৈত উঠিলে নহয় কুঁজা।।/কিনিবা গৰু নিঘুণ বগা।/ডাকে বোলে মই হ’লোঁ লগা।। অসমীয়া কৃষকে গৰুক দেৱতাৰ দৰে পূজা কৰি অহাৰ উপৰিও ৰঙালী বিহুত মানুহৰ বিহুৰ লগতে গৰু বিহু পালন কৰাও দেখা যায়। ‘মাৰে সৰু বাপেৰে সৰু, তই হ’বি বৰ বৰ গৰু’ বুলি নদী পাৰলৈ নি বছৰৰ বাবে অসমীয়া মানুহে গৰু বিহু পালন কৰে। এইেবাৰ লোক অভিজ্ঞতা লাহে লাহে অপ্ৰসাংগিক হৈ পৰিছে। বিজ্ঞান প্ৰযুক্তিৰ ফলত কৃষি কৰিবলৈ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা সম্ভৱ হৈ উঠিছে। গৰুৰ সহায়ত খেতি কৰিবলৈ লগা সময় আৰু কষ্ট লাঘৱ হৈ পৰা ফলত এতিয়া অসমীয়া মানুহে গৰুক এলাগি কৰিবলৈ আৰম্ভ কৰিছে। তথাপি গৰু চৰাই থাকোতে গৰখীয়াই সন্মুখীন হোৱা অভিজ্ঞতা, মুকলি পথাৰত প্ৰাণ খুলি গোৱা গীতবোৰ, গৰুৰ অপায়-অমঙ্গল ৰোধ কৰিবৰ বাবে আয়োজন কৰা গৰখীয়া সবাহ, গৰু আৰু খেতিয়কৰ সম্বন্ধ আদি অসমীয়া সাহিত্য আৰু সংস্কৃতিত সংৰক্ষিত হৈ আছে।


সাহিত্যৰ দৃষ্টিকোণৰ পৰা গৰু আৰু গৰখীয়াৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ ল’ৰালি জীৱনলৈ ঘূৰি যাব লাগিব। শ্ৰীকৃষ্ণৰ পালিত পিতৃ নন্দ আছিল গোৱালৰ ৰজা। সেই হিচাপে শ্ৰীকৃষ্ণইও গৰখীয়া জীৱন কটাবলগীয়া হৈছিল। গৰখীয়া জীৱনত শ্ৰীকৃষ্ণই বাঁহী বজাই ষোল্লশ গোপীক বলিয়া কৰাৰ কথা-কাহিনী পঢ়িবলৈ পোৱা যায়। গৰখীয়া জীৱন কটালেও মানৱৰূপী ভগৱান শ্ৰীকৃষ্ণই ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈ বৃন্দাবনক বহু অশুভশক্তিৰ পৰা ৰক্ষা কৰাৰ কাহিনী ভাগৱত পুৰাণত বৰ্ণিত হৈছে। মহাভাৰতত উল্লেখ আছে যে অষ্টাবসুৱে বশিষ্ঠৰ আশ্ৰমলৈ গৈ নন্দিনী নামৰ পালিতা গাইজনী দেখি চুৰ কৰি লৈ আনে। আৰু ধ্যান কৰি চাই বশিষ্ঠই সকলো কথা জানিব পাৰি অষ্টাবসুক¸ পৃথিৱীত জন্ম ল’বলৈ অভিশাপ দিলে। সেই অষ্টবসুৰে এজন হৈছে পিতামহ ভীষ্ম। পিতামহ ভীষ্মই অষ্টাবসুৰ নন্দিনী নামৰ গাইজনী চুৰি কৰাত প্ৰধানকৈ জডিÿত আছিল বােব তেওঁক পৃথিৱীতে থাকিবলৈ বাধ্য কৰিলে। আৰু তেওঁ পৃথিৱীত বিখ্যাত হৈ পৰিব বুলি অভিশাপ দিলে। পিতামহ ভীষ্মৰ জীৱন চৰ্যাই এই কথা আমাক জনাই আহিছে।


অসমীয়া সাহিত্যত ‘বাঘ ঐ, বাঘ ঐ’ বুলি চিঞৰি ওচৰৰ মানুহক বিপদৰ পৰা বচাবলৈ মিছা ধেমালি কৰি পিছত সঁচাকৈ বাঘৰ মুখত পৰি মৃত্যু হোৱা গৰখীয়াৰ কাহিনীয়ে অসমীয়া মানুহক নীতি শিক্ষা দি আহিছে। শ্ৰীধৰ কন্দলিৰ কাণখোৱা কবিতাত শ্ৰীকৃষ্ণই গৰু চৰাবলৈ যাওঁতে পোৱা অসুবিধাৰ কথা কৈ মাতৃ যশোদাক অভিযোগ দিয়া দেখা গৈছে। লক্ষ্মীনাথ বেজবৰুৱাই তেজীমলাৰ সাধুত দুপৰীয়া গৰখীয়া কেইজনমানে জৰা টেঙা বিচাৰি তেজীমলা মাকৰ ওচৰলৈ অহাৰ কথা পঢ়িবলৈ পাওঁ। দীঘল ঠেঙীয়া সাধুত ‘গৰু পুহি টুক টুক টাক টাক’কৈ চলি থকা বুঢ়ীৰ গোহালীত বাঘে গৰু খাবলৈ আৰু চোৰে গৰু চুৰ কৰিবলৈ আহি যি বিলৈ হৈছিল; তাক ৰসাল ৰূপত বেজবৰুৱাই দাঙি ধৰিছে। তেজা আৰু তুলাই গৰু চৰাবলৈ গৈ মাকৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিছিল। এনেধৰণৰ লোকসাহিত্যই আমাক গৰু আৰু গৰখীয়াৰ সম্বন্ধে আমোদজনক তথ্য দাঙি ধৰে।
দুপৰীয়া গৰখীয়া বাঁহীৰ মাত শুনাজনে জানে কি মতলীয়া কৰা সুৰ ভাঁহি আহে বতাহত। সেই সুৰে কেনেকৈ উন্মনা কৰি তোলে মন। আৰু এনে কি যাদু থাকে; গৰখীয়া বাঁহীৰ সুৰত সেয়াও ৰহস্যময় হৈ পৰে। পাৰ্বতী প্ৰসাদ বৰুৱাৰ ‘গৰখীয়া হেৰ’ গৰখীয়া, কি সুৰ বজালি, কি সুৰ বজালি, দুপৰীয়া’ গীতটো ইমান গভীৰ অৰ্থৱহ যে শুনোতাজনে এবাৰলৈ হ’লে এই গীতটোৰ সৈতে একাত্ম হ’বলৈ বাধ্য হয়। গৰখীয়া বাঁহীৰ সুৰত মুগ্ধ হৈ থৰ হৈ পৰে। পাৰ্বতী প্ৰসাদ বৰুৱাৰ বাদে হয়তো আন কোনেও ইমান দৰদীভাৱে গৰখীয়া আৰু বাঁহীক গীতৰ মাজত ধৰি ৰাখিবলৈ সক্ষম নহ’লহেঁতেন।
আধুনিক অসমীয়া সাহিত্য বিশেষকৈ চুটিগল্পত অতি সাৱলীল ৰূপত গৰু আৰু গৰখীয়াৰ জীৱন বন্দী হৈ ৰৈছে। চৈয়দ আব্দুল মালিকৰ মিনিষ্টাৰৰ গৰু, লক্ষ্মীনন্দন বৰাৰ সখা দামোদৰ, হোমেন বৰগোহাঞিৰ গৰখীয়া, সুনীল বৰগোহাঞিৰ গৰখীয়া, টুনুজ্যোতি গগৈৰ কুকুৰ বিহু আৰু দিব্যজ্যোতি বৰাৰ গৰু গল্পৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰি।


চৈয়দ আব্দুল মালিকৰ মিনিষ্টাৰৰ গৰু গল্পটো তীব্ৰ শ্লেষাত্মক! গল্পটোৱে ক্ষমতাৰ অপপ্ৰয়োগৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিছে। ‘মিনিষ্টাৰ’ হোৱাৰ সুবাদতে ভনীয়েক কুমাৰী কাদম্বিনী দেৱীয়ে চি আৰ পি কেম্পৰ কমাণ্ডেণ্টক ফোন কৰি ‘লখিমী’ নিৰুদেশ হোৱা বুলি অভিযোগ দিছে। আৰু মিনিষ্টাৰৰ ভনীয়েকৰ ফোন পাই কমাণ্ডেণ্টে ওচৰ-পাজৰ ডেকা ল’ৰাবোৰক ‘পিটাই’ লখিমীক উদ্ধাৰ কৰি দিম নেকি বুলি কুমাৰী কাদম্বিনী দেৱীক সুধিছে। অথচ কমাণ্ডেণ্টজনে নাজানে লখিমী গৰু নে মানুহ। মিনিষ্টাৰৰ গৰুৱে মোলোকাৰ ঘৰৰ ধান খাইছে আৰু মোলোকাই ক্ষতিপূৰণৰ আশাত বান্ধি ৰাখিছে। মিনিষ্টাৰৰ গৰু হ’ল বুলিয়েই গৰুজনীতো মিনিষ্টাৰ নহয়! মিনিষ্টাৰৰ গৰুৱে ধান নাখাব বুলিও কোনো কথা নাই। কিন্তু এই সাধাৰণ কথাটোতে দেশৰ আইন ৰক্ষকক নিয়োগ কৰাৰ একো যুক্তি নাই। মাত্ৰ দুঘণ্টাৰ বাবে মিনিষ্টাৰৰ ঘৰৰ চৌহদৰ পৰা নোহোৱা হোৱা গৰুজনীক বিচাৰি আনিবলৈ ওচৰৰ থানাখনৰ অ’ চি আৰু চি আৰ পি কমাণ্ডেণ্টক নিয়োগ কৰাতো যথাৰ্থতে শ্লেষ নহয়নো কি?


লক্ষ্মীনন্দন বৰাৰ সখা দামোদৰ গল্পটোৱে গৰু আৰু গৰুৰ গৰাকীৰ আত্মিক সম্বন্ধক অতি প্ৰাণৱন্ত ৰূপত তুলি ধৰিছে। সখা দামোদৰ গল্পৰ নায়ক মুকুট অসমীয়া কৃষকশ্ৰেণীৰ প্ৰতিনিধি বুলিব পাৰি। প্ৰতিজন খেতিয়কে ঢল-পুৱাতে হাল জুৰি ভৰ দুপৰীয়ালৈকে হাল বাই দুপৰীয়া ঘৰলৈ আহি এমুঠি খাই অলপ জিৰাই পুনৰ পথাৰলৈ যায়। আহাৰ-শাওন-ভাদ মাহত লাহী, শালি ধান ৰোৱে। আঘোণ-পুহত ধান কাটে, মৰণা মাৰে। লাহী, শালি ধানে সঁজাল ধৰোঁতে, আঘোণত সোণালী ধান চপাওঁতে, মাঘ-ফাগুণত এচেৰেঙা কোমল ৰ’দত মুকলি পথাৰত ন-খেতিৰ বাবে হাল জোৰোতে কৃষকে পৰম তৃপ্তি লভে। সখা দামোদৰ গল্পৰ নায়ক মুকুটও ইয়াৰ পৰা ব্যতিক্ৰম নহয়। হস্পিতালত চকিদাৰী কামত সোমোৱাৰ আগতে মুকুটে জীৱনটো ধাননি, মাটি, গৰুক লৈয়ে পাৰ কৰিছিল। সেয়ে কেঁচা ধানৰ গোন্ধ নাপালে, গৰুক গা চুই মৰম কৰিব নাপালে তাৰ আত্মাই শান্তি নাপায়। কৃষক মুকুটৰ বাবে গৰুহালেই ভগৱান আৰু প্ৰধান সম্পত্তি আছিল। সেয়ে মুকুটৰ বাবে গৰু বিহুৰ এক সুকীয়া তাৎপৰ্য আছে। গৰুহীন কৃষক মূল্যহীন। মুকুটেও পৰিস্থিতিৰ দাস হৈ নিজৰে হাল বোৱা বলধহালক মাৰোৱাৰী গাৰোৱানৰ হাতত বিক্ৰী কৰি দিবলগীয়া হৈছিল। খেতি-খোলা কৰি জীৱিকা নিৰ্বাহৰ পথ মোকলাব নোৱাৰি লগৰ আন আন খেতিয়কে অন্য জীৱিকাত হাত দিছিল। মুকুটেও গৰুহাল বিক্ৰী কৰি দি হস্পিতালৰ চকিদাৰী কামত সোমাই পেটৰ ভাত মোকলাইছিল। ‘সখা দামোদৰ’ গল্পৰ মাজেৰে কৃষক মুকুটৰ গৰু বিহু দিনাখন অনুভৱ হোৱা মৰ্মবেদনাক জীৱন্ত ৰূপত প্ৰকাশ কৰা হৈছে।


হোমেন বৰগোহাঞিৰ ‘গৰখীয়া’ গল্পই গৰখীয়া জীৱনৰ সুখ-দুখৰ ছবি এখন দাঙি ধৰিছে। এসময়ত অভাৱী ঘৰৰ ল’ৰা এটাক আন একো উপায় নাপাই নিজৰ মাক-বাপেকে গৰখীয়া ৰূপে নিয়োগ কৰিছিল। এই ল’ৰাজন গৰখীয়া ৰূপে থকা ঘৰখনৰ, গাঁৱখনৰ আপোনৰো আপোন হৈ পৰিছিল। হোমেন বৰগোহাঞিৰ বুধিৰাম অকণৰ বাবে, অকণহঁতৰ ঘৰখনৰ বাবে কেৱল গৰখীয়া ল’ৰাই নাছিল; সি আছিল সিহঁতৰ ঘৰখনৰ অন্যতম সদস্য। এই বুধিৰামে অকণক এখন নতুন পৃথিৱীৰ সন্ধান দিছিল। য’ত বিচৰণ কৰি অকণে জীৱনৰ আদিপাঠ শিকিছিল। এই বুধিৰামৰ জীৱনৰ এছোৱা সময় গৰখীয়া ৰূপেই পাৰ হৈছিল। সময়ৰ লগে লগে বুধিৰামৰ শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনে দেখা দিছিল। সেইবোৰ মানি চলিলেও কেৱল গৰখীয়া হোৱা বাবেই বুধিৰামে তাৰ বৰ্হিপ্ৰকাশ ঘটাব পৰা নাছিল। অথচ বুধিৰামৰ মনোজগতত দেখা এই পৰিৱৰ্তনক গল্পকাৰ হোমেন বৰগোহাঞিয়ে গল্পৰ মাজেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। বুধিৰামৰ জৰিয়তে গৰু আৰু গৰখীয়াৰ জীৱন সম্বন্ধীয় অনেক দিশ পোহৰলৈ আহিছে।


সুনীল বৰগোহাঞিৰ ‘গৰখীয়া’ গল্পটোৱে গৰখীয়া জীৱনৰ এক কৰুণ অধ্যায় দাঙি ধৰিছে। পৰিৱৰ্তিত সময় আৰু সমাজৰ ছবিখনে কঢ়িয়াই অনা ভয়াৱহ জীৱনবোধক গল্পকাৰে তুলি ধৰিবলৈ চেষ্টা কৰিছে। সৰুতে গৰখীয়া হ’বলৈ মন মেলা অপুকণক সুৰেন দদায়েই বাৰণ কৰিলে। গৰখীয়া জীৱনৰ কষ্টদায়ক মুহূৰ্তৰ পৰা আঁতৰাই অপুকণক সুৰেন দদায়েই অধ্যাপক হ’বলৈ আগবঢ়াই দিলে। সেই সুৰেন দদাইৰ মুখেৰে অপুকণে গৰখীয়া জীৱনৰ উত্থান-পতনৰ কাহিনী জানি আহিছে। জানিব পাৰিছে কেনেকৈ গাঁৱবোৰ শেষ হৈ আহিব ধৰিছে। গ্ৰেজিং, ঝাৰণি, চৰণীয়া পথাৰবোৰ ব্যক্তিগত দখললৈ গুচি গৈছে। ৰাজনীতিত দখল থকা মানুহে মাটি দখল কৰি চাহ বাগান পাতিবলৈ লৈছে। এইবোৰ কথাই সাধাৰণ খেতিয়ক, গৰু আৰু গৰখীয়াজনৰ প্ৰতি ভাবুকি আনিছে। গল্পটোৰ এঠাইত সুৰেন দদায়েই কৈছে— ‘আগৰ সেই এগোহালি গৰুৰ কথা এতিয়া সপোন। গৃহস্থৰ গোহালিবোৰত এটিও গৰু দেখা নাপাবি। গৰু ৰাখিব কোনে? ৰাখিবই বা কে’লৈ? ঘাঁহ নাই, পাত-পত্ৰ নাই, বাটৰ শিলগুটি খাইতো গৰুবোৰ জীয়াই থাকিব নোৱাৰে।’ এই নোৱাৰাতোৱেই এতিয়া একেবাৰে নিঃশেষ হোৱাৰ পথত আগবাঢিÿছে। গৰখীয়াৰ শেষ প্ৰতিনিধি হিচাপে অভিহিত কৰিব পৰা সুৰেন দদাইৰ মৃত্যুৰ লগে লগে এক অধ্যায়ৰো পৰিসমাপ্তি ঘটিছে।


টুনুজ্যোতি গগৈৰ ‘কুকুৰ বিহু’ গল্পটোৱে অসমীয়া মানুহৰ মানসিকতাক তীব্ৰভাৱে ব্যংগ কৰিছে। এসময়ত অসমীয়া মানুহে গৰু পোহ-পাল দিছিল। গৰু প্ৰতিপালনৰ লগতে অসমীয়া মানুহে ব’হাগ বিহুৰ প্ৰথম দিনাখন গৰু বিহু পালন কৰিছিল। লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ গৰু অথবা দীঘলতি দীঘল পাত, মাখিলতী মাখি পাত, মাখি মাৰো জাক জাক বুলি অসমীয়া মানুহে নদীত গৰুক গা ধোৱাই দি গৰু বিহুৰ আনুষ্ঠানিকতা পালন কৰিছিল। গৰুক পিঠা খুৱাই, গধূলি তুঁহ জুইৰ জাক দিছিল। এনেবোৰ পৰম্পৰা ক্ৰমশঃ নিশ্চিহ্ন হ’বলৈ লৈছে অসমীয়া সমাজত। অসমীয়া মানুহে গৰুক এই পৰ্যন্ত এলাগি আৰু অপ্ৰয়োজনীয় জ্ঞান কৰিবলৈ আৰম্ভ কৰিছে। তাৰ সলনি মধ্যবিত্ত অসমীয়া মানুহে ‘ষ্টেটাছ ছিম্বল’ হিচাপে কুকুৰ পুহিবলৈ ল’লে। অৰ্থাৎ গৰু বিহু পালন কৰোঁতা অসমীয়া মানুহে পুৰণি পৰম্পৰা ৰক্ষা কৰিবলৈ গৈ কুকুৰ বিহু পালন কৰিবলৈ লৈছে। বৃহত্তৰ গুৱাহাটী কুকুৰ বিহু উদ্‌যাপন সমিতি গঠন কৰি কুকুৰ বিহু উদ্‌যাপন কৰিবলৈ যাওঁতে হোৱা বিলৈক গল্পকাৰে ব্যংগাত্মকভাৱে তুলি ধৰিছে। গৰু বিহু আৰু কুকুৰ বিহু উদ্‌যাপনৰ তুলনামূলকক ব্যাখ্যাও গল্পকাৰে কৌশলেৰে উপস্থাপন কৰিছে।


দিব্যজ্যোতি বৰাৰ ‘গৰু’¸ গল্পটোৱে অৱস্থিতিবাদৰ ধাৰণা এটা মনলৈ আনে। গল্পকাৰৰ অৱচেতন মনত গৰু আৰু গৰখীয়াৰ ভিন্ন মুহূৰ্তৰ ছবি এখনে ক্ৰিয়া কৰিছে। আধুনিক যুগত আধুনিক মানুহৰ বাবে গৰু এক আচহুৱাধৰণৰ প্ৰাণী হৈ উঠিছে। গৰু কৃষকৰ সম্পত্তিৰ পৰা আঁতৰি আহি এক অদ্ভুত জন্তুলৈ পৰিৱৰ্তিত হৈছে। ফাঁচী বজাৰৰ ভিৰত হঠাতে আৰ্ৱিভাব হোৱা গৰুটোক টিভি চেনেলৰ বাতৰি কৰিবলৈ নিদেৰ্শ দিয়া কথাটোৱে অসমীয়া আধুনিক মানুহৰ মন আৰু মানসিকতাৰ স্পষ্ট ছবি এখনকে প্ৰতিপন্ন কৰি আহিছে।


অসমীয়া উপন্যাসতো প্ৰসংগ অনুযায়ী গৰুক উপস্থাপন নকৰাকৈ থকা নাই। চৈয়দ আব্দুল মালিকে ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসত গুলচ আৰু কপাহীৰ জীৱনৰ বিভিন্ন স্নেপছট কিছুমান দাঙি ধৰিছে। এই স্নেপছটৰ মাজত খেতিয়ক গুলচে প্ৰথম অৱস্থাত গৰুৱে হাল বোৱা পিছলৈ গৰুৰ সলনি ম’হেৰে হাল বোৱাৰ কথা বৰ্ণনা কৰিছে। গুলচে গৰু আৰু ম’হ পথাৰত চৰোৱাৰ কথাও উল্লেখ আছে। হোমেন বৰগোহাঞিৰ হালধীয়া চৰায়ে বাওধান খায় উপন্যাসত ৰসেশ্বৰে মাটিৰ বন্ধক খুলিবলৈ গৈ শেষ সম্বল হিচাপে থকা বলধহালক বিক্ৰী কৰি দিবলগীয়া হৈছে। মাটি বন্ধকী খোলাৰ পাছত হালবাবলৈ গৰু নথকা ৰসেশ্বৰৰ মনোবেদনা আৰু মনৰ ক্ষোভৰ ছবি এখন বৰ নিটোল ৰূপত বৰগোহাঞিয়ে তুলি ধৰিছে।


সময়ৰ লগে লগে অসমীয়া সমাজৰ নিজা সংস্কৃতি আৰু নিজা ঐতিহ্য নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে। লোকপিয়ল অনুসৰি অসমৰ সত্তৰ শতাংশ লোক কৃষক হ’লেও অসমীয়া পথাৰবোৰ পৰ্যপ্ত খেতি নকৰাকৈয়ে পৰি ৰৈছে। প্ৰাকৃতিক দুৰ্যোগ অথবা ভিন্ন কাৰণত খেতি নোহোৱাৰ অজুহাতত মানুহবোৰ অন্য বৃত্তিত নিয়োজিত হৈছে। এনে কাৰণতে অসমীয়া সমাজত গৰু আৰু গৰখীয়া অস্তিত্বহীনতাৰ গ্ৰাসত সোমাই পৰিছে।

লেখকৰ ঠিকনা ঃ
লেখক সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, চেপন মহাবিদ্যালয়, চেপন।

Categorized in: