ড° প্ৰবীণ চন্দ্ৰ দাস
লোক-উৎসৱৰ বিভিন্ন ৰূপৰ ভিতৰত কৃষিকেন্দ্ৰিক উৎসৱবোৰ বিশেষ উল্লেখযোগ্য। কৃষিজীৱী সমাজত কৃষিৰ সমৃদ্ধি আৰু বিভিন্ন প্ৰক্ৰিয়াৰ লগত এনে উৎসৱবোৰ জড়িত। মাঘ বিহুও মূলতঃ কৃষিজীৱী অসমীয়া সমাজৰ কৃষিকেন্দ্ৰিক উৎসৱ। কিন্তু অসমীয়া সমাজৰ গঠন প্ৰক্ৰিয়া আৰু বৈশিষ্ট্যৰ কাৰণে এই বিহু উৎসৱ অকল কৃষিকেন্দ্ৰিক উৎসৱেই হৈ থকা নাই। কৃষিৰ লগতে ক্ৰীড়া-কৌশল আৰু ধৰ্মীয় উপাদান আদিৰ সংযোগ আৰু সংমিশ্ৰণত ই এটি বিশেষ উৎসৱৰ ৰূপ পৰিগ্ৰহণ কৰিছে আৰু লাভ কৰিছে জাতীয় উৎসৱৰ মৰ্যাদা। ক’বলৈ গ’লে বিহুৰ মাজেদি সংমিশ্ৰিত অসমীয়া জাতিৰ সত্তা প্ৰতিফলিত হৈছে। বিহু উৎসৱত এই ভূমিখণ্ডৰ বিভিন্ন অনা-আৰ্য জনগোষ্ঠীৰ লোকসাংস্কৃতিক উপাদানৰ লগত আৰ্য-সংস্কৃতিৰ উপাদানবোৰৰ সুন্দৰ সংমিশ্ৰণ ঘটিছে।
মাঘ বিহু বা ভোগালী বিহুৰ মূল সম্পৰ্ক পথাৰৰ শস্য চপোৱাৰ লগত। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। এই সময়ত পথাৰৰ শস্য আহি কৃষকৰ ভঁৰালত সোমায়। দীৰ্ঘদিনৰ পৰিশ্ৰমৰ মূৰত ক্ষন্তেক আহৰি আৰু খাদ্য চিন্তাৰ পৰা অব্যাহতি লাভ কৰাত কৃষকৰ মনলৈ আহে ৰং-ৰহইচ আৰু ধৰ্ম-কৰ্মৰ চিন্তা। এই উৎসৱৰ সময়ত খাদ্য-সম্ভাৰৰ প্ৰাচুৰ্যৰ কাৰণেই ই ভোগালী নামেৰে অভিহিত হৈছে।
মাঘবিহুৰ প্ৰস্তুতি পৰ্ব অসমীয়া লোকজীৱনৰ বিভিন্ন স্তৰত বিহুৰ এক-ডেৰ মাহ মান আগৰে পৰা অনুভূত হয়। বিহুৰ ভোজ-ভাত, উছব-আনন্দ, খেল-ধেমালিৰ কাৰণে সাজু হ’বলৈ বুঢ়া-ডেকা, পুৰুষ-নাৰী সকলোৱে নানা ধৰণৰ কামত ব্যস্ত হৈ পৰে। পুৰুষসকলে বিহুৰ খাদ্য-সম্ভাৰ আহৰণত ব্যস্ত থকাৰ দৰে নাৰীসকল ব্যস্ত থাকে সেই সম্ভাৰৰ পৰা খাদ্যবস্তু প্ৰস্তুত কৰা কাৰ্যত।
মাঘ বিহুৰ মেজি আৰু ভেলাঘৰ উল্লেখযোগ্য বস্তু। বিহুৰ এক-ডেৰ পষেক আগতে গৰখীয়া ল’ৰাবোৰে পথাৰত নাইবা নৈৰ পাৰত নৰা আৰু কলচোঁচনি আদি সামগ্ৰীৰে ভেলাঘৰ সাজে। উৰুকাৰ নিশা উজাগৰে থাকি ভেলাঘৰত ল’ৰাবোৰে ভোজ-ভাত খোৱাৰ লগতে নানা ৰং-ৰহইচ কৰে।
বিহুৰ দিনা প্ৰাতঃমুহূৰ্তত গাঁৱৰ মানুহে গা-পা ধুই উঠি ভেলাঘৰত অগ্নি সংযোগ কৰে। হিলৈৰ শব্দ আৰু অগ্নিশিখাৰ নৃত্যৰ লগে লগে মানুহৰ হৰিধ্বনিৰ ৰোলত আকাশ-বতাহ মুখৰিত হয়। জুইৰ উত্তাপ আৰু মনৰ আনন্দই দূৰলৈ পঠিয়ায় শীতৰ ঠেঁটুৱৈ ধৰা জাৰক। নাৰীসকলে তিল-চাউল, তামোল-পাণ আদি আগবঢ়াই অগ্নি সেৱা জনায়।
মেজি বা ভেলাঘৰ নিৰ্মাণ আৰু আচাৰ-ৰীতিৰ ক্ষেত্ৰত অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত কিছু পাৰ্থক্য দেখা যায়। এই মেজি বা ভেলাঘৰৰ মাজত এহাতে যিদৰে ভিন ভিন জনগোষ্ঠীৰ নিজা নিজা লৌকিক আচাৰৰ কিছু ৰূপগত ইংগিত পোৱা যায় আনহাতে তেনেদৰে এক বৃহৎ সত্তাৰ লগত তেওঁলোক মিলি এক হৈ যোৱাৰ স্বাক্ষৰো দেখা পোৱা যায়।
বড়োসকলৰ মাজতো মাঘ বিহুৰ সময়ৰ মেজি সজা প্ৰথা আছে। মেজিক তেওঁলোকে ভেলাকুৰ বা বিলাগুৰ বুলি কয়। মাগু বা দোমাসীৰ সময়ত বড়ো ডেকাসকলে পথাৰত বা নৈৰ পাৰত বাঁহ খেৰেৰে একাধিক বিলাগুৰ সাজে। বিলাগুৰৰ কাষতে এটি ডাঙৰ ঘৰ সাজে। উৰুকাৰ দিনা এই ঘৰত সকলোৱে ভোজ-ভাত খাই নৃত্য-গীত আৰু ৰং-ধেমালিৰ মাজেদি গোটেই নিশাটো অতিবাহিত কৰে। বিহুৰ দিনা সূৰ্যোদয়ৰ আগতে গা-পা ধুই বিলাগুৰত অগ্নি সংযোগ কৰে আৰু সকলোৱে সমস্বৰে গাঁৱৰ গৰু-গাইৰ মঙ্গল কামনা কৰে। পিছদিনা গাঁৱৰ লোকসকলে সমূহীয়া ভোজ খায়। সেইদিনাই পথাৰত গাই-গৰুবিলাকক মুকলি মনে ফুৰিবলৈ দিয়া হয়। ইয়াকে তেওঁলোকে উদং বথৰ বুলি কয়। উদং বথৰ ফাগুনলৈকে চলে। উদং বথৰৰ শেষত চ’ত-বহাগত পুনৰ কৃষিকাৰ্য আৰম্ভ কৰা হয়।
বড়োসকলতকৈ তুলনামূলকভাৱে পৰৱৰ্তী কালত এই ভূমিখণ্ডলৈ অহা আৰু অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰক এক শাস¸নৰ তললৈ আনি বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা আহোম জনগোষ্ঠীৰ মাজতো মাঘবিহুৰ মেজিৰ কিছু সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয়।
উজনি অসমৰ কোনো কোনো অঞ্চলত মেজিৰ লগতে ডাঙৰ হাবিৰ মাজত গছৰ ডাল পাতেৰে মৰংঘৰ এটি সাজে। মৰং ঘৰত উৰুকাৰ নিশা ডেকাসকলে জুই পুৱাই ৰং ধেমালি কৰি কটায়। মৰং ঘৰৰ ওচৰতে ফলা কাঠখৰিৰ মেজিও সজা হয়। মেজিৰ জুইৰ কাষত গাঁৱৰ লোকসকলে উৰুকাৰ ভোজ-ভাত খায় মৰং ঘৰৰ ডেকাসকলেও মেজিৰ ভোজত যোগ দিয়ে।
পুহ আৰু মাঘৰ দোমাহীৰ দিনা পুৱা গা-পা ধুই মেজি পোৰা হয় আৰু লগতে অগ্নিদেৱতাক সেৱা জনোৱা হয়। মৰং ঘৰৰ সবল সুঠাম ডেকা এজনেই মেজিত অগ্নি সংযোগ কৰে। অগ্নি সংযোগৰ সময়ত তামোল পাণ আৰু কণী আগবঢ়াই ডেকাজনে মেজিৰ প্ৰতি সেৱা জনায়। আনবোৰেও কণী, মাহ কৰাই, তামোল-পাণ আদি দি অগ্নিক সন্মান জনায়। মেজি দুটা সজা হয়। এটাক পুৰুষ আনটো নাৰীৰ প্ৰতীক বুলি ধৰা হয়। মেজিৰ জুই আৰু ধোঁৱাৰ যোগেদি শস্যৰ অধিক ফল আৰু পথাৰৰ উৰ্বৰতা বৃদ্ধিৰ কামনা কৰা হয়। মেজিৰ দৰে মৰং ঘৰত অগ্নি সংযোগ কৰা নহয়। বিহুৰ দিনা ডেকাসকলে তামোল-পাণ আগবঢ়াই সেৱা জনাই মৰং ঘৰ ত্যাগ কৰে।
মাঘবিহুৰ মেজি বা ভেলাঘৰ অসমৰ আৰ্য আৰু অনা-আৰ্য সংস্কৃতিৰ সংমিশ্ৰণ আৰু সমাহাৰৰ এটি ৰূপ। এহতে ইয়াৰ মাজতে বৈদিক আৰ্যসকলৰ অগ্নি পূজাৰ উপাদান আছে, আনহাতে আছে এই ভূমিখণ্ডৰ বিভিন্ন থলুৱা জনগোষ্ঠীৰ লোকসংস্কৃতিৰ উপাদান। বহুতৰ মতে মেজি বৈদিক আৰ্য-সংস্কৃতিৰ বস্তু। ‘মেজি’ শব্দটোৰ সংস্কৃত ‘মেধ্য’ শব্দৰ পৰা আহিছে বুলি কোৱা হয়। ইউৰোপীয় দেশসমূহত বিভিন্ন ৰূপ আৰু প্ৰকৃতিৰ অগ্নি উৎসৱৰ প্ৰচলন আছে। এই উৎসৱবোৰৰ সৰহভাগেই কৃষিকেন্দ্ৰিক। আৰ্য সভ্যতাৰ প্ৰাচীনতম ভেটি হ’ল কৃষি। উত্তৰায়ণ সংক্ৰান্তি নাইবা ইয়াৰ ওচৰা-উচৰি সময়ত পৃথিৱীৰ উত্তৰ গোলাৰ্দ্ধৰ আৰ্য বংশধৰসকলৰ মাজত এনে কৃষিকেন্দ্ৰিক উৎসৱ থকাৰ কথা পোৱা যায়।
অসমৰ মাঘবিহুও এনে প্ৰকৃতিৰ উৎসৱ বুলি বহুতে কয়। আৰ্যসকলৰ অগ্নি উপাসনাৰ ৰূপ আৰু পদ্ধতিয়েই মাঘবিহুৰ অগ্নি উপাসনা- ৰীতিৰ মাজত প্ৰতিফলিত হৈছে বুলিও ভবা হয়। আনহাতে অসমৰ নানা প্ৰাচীন অনাআৰ্য জনগোষ্ঠীসমূহৰ জনজীৱনৰ ধাৰাটোৰ ইংগিতো এই বিহু উৎসৱৰ মেজি সজা আৰু সমূহীয়া ভোজ-ভাত খোৱা ৰীতিৰ মাজতে নিহিত আছে বুলি ভাবিব পাৰি। ভেলাকুৰ বা মৰংঘৰৰ মাজত জনজাতীয় ডেকাচাঙৰ স্মৃতি সোমাই আছে নেকি চাবলগীয়া।
তেনেদৰে মাঘবিহুৰ মাজত প্ৰতিফলিত হোৱা জনজীৱনৰ অন্য এটি দিশ হৈছে খেল-ধেমালি আৰু সমূহীয়া চিকাৰ যাত্ৰা। খেল-ধেমালি আৰু শৰীৰ-চৰ্চা মাঘবিহুৰ অন্যতম বৈশিষ্ট্য। বিহুৰ সময়ত অসমৰ বিভিন্ন ঠাইত কণীযুঁজ, কড়িখেল, মহযুঁজ, শেনযুঁজ, বুলবুলি চৰাইৰ যুঁজ, মালযুঁজ, ধোপখেল আদি নানা খেল-ধেমালি হয়। উৰুকাৰ দিনা সামূহিক মাছ মৰা আৰু চিকাৰ যাত্ৰাও বিহুৰ খেল-ধেমালিৰে অংশ স্বৰূপ বুলিব পাৰি। পাছলৈ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত মাঘবিহুত হাঁতীযুঁজ, মহযুঁজ, শেনযুঁজ, বুলবুলি চৰাইৰ যুঁজ আদি খেল-ধেমালিবোৰ অনুষ্ঠিত হোৱাৰ পৰা জনসমাজত এনে খেল-ধেমালিৰ ৰূপ আৰু তাৎপৰ্যৰ সলনি হয়।
এসময়ৰ শস্যৰ সমৃদ্ধি আৰু শস্যক্ষেত্ৰৰ উৰ্বৰতা বৃদ্ধিৰ লগত জড়িত কণীযুঁজ, কড়িখেল আদিৰ লেখীয়া বিহুৰ ধেমালিবোৰৰ ঠাইত ৰাজহুৱাভাৱে অনুষ্ঠিত হ’বলৈ ধৰা সামূহিক খেল-ধেমালিবোৰে অধিক প্ৰতিযোগিতামূলক আৰু সন্মানৰ বস্তু ৰূপে স্বীকৃতি লাভ কৰিলে। বুৰঞ্জী পুথিত আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত ৰাজধানীত বহৰী শেন, হাতীযুঁজ আদি খেল-ধেমালি প্ৰবৰ্তন কৰাৰ কথা পোৱা যায়। মাঘবিহুৰ সময়ত আহোম ৰজাৰ পৃষ্ঠপোষকতাত প্ৰচলন হোৱা তেনে এটি চিত্তাকৰ্ষক ধেমালি হ’ল হাজোৰ বুলবুলি চৰাইৰ যুঁজ। এই যুঁজ প্ৰথম বিহুৰ দিনা হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হয়।
মাঘবিহুৰ লগত জড়িত ধৰ্মীয় দিশটোও মন কৰিবলগীয়া। আন দুটা বিহুতকৈ ধৰ্মীয় অনুভূতিয়ে মাঘ বিহুৰ ওপৰত বেছি ক্ৰিয়া কৰিছে যেন লাগে। ইয়ে কৃষি উৎসৱটোক অৰ্ধ-ধৰ্মীয় ৰূপ দিছে। বহুতৰ মতে মাঘবিহুৰ মাজত আৰ্যসকলে সূৰ্যই উত্তৰ দিশলৈ গতিবান হোৱাৰ সময়ত পালন কৰা উত্তৰায়ণ সংক্ৰান্তিৰ অগ্নিপূজাৰ অতীত বুৰঞ্জী সোমাই আছে।
আৰ্যসকলৰ অগ্নিপূজাৰ মূলতে আছিল — সূৰ্যৰ উত্তাপ বৃদ্ধিৰ কামনা। এই ধাৰণাত ঐন্দ্ৰজালিক আচাৰ-ৰীতিৰ ছাপ আছে। মাঘবিহুৰ আচাৰ-অনুষ্ঠানত আদিম ধৰ্মৰ ৰূপটোৱে লোকধৰ্ম (folk-religion) আৰু কিছু শাস্ত্ৰীয় ধৰ্মৰ ৰূপো লাভ কৰিছে। বিহুৰ ধৰ্মীয় প্ৰকৃতিৰ লৌকিকতা শাস্ত্ৰীয় স্তৰলৈ উত্তৰণ ঘটাত খুব সম্ভৱ অসমৰ নৱবৈষ্ণৱ ধৰ্ম আন্দোলনেও কিছু ক্ৰিয়া কৰিছে। নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ প্ৰভাৱত মাঘবিহু মন্দিৰ আৰু নামঘৰৰ লগত জড়িত হৈ পৰাৰ উল্লেখযোগ্য উদাহৰণ হ’ল হাজোৰ মাঘবিহু। হাজোৰ মাঘবিহু মন্দিৰকেন্দ্ৰিক অনুষ্ঠান। এই বিহু সাতদিন ধৰি হয়গ্ৰীৱ-মাধৱ মন্দিৰত পালন কৰা হয়। মন কৰিবলগীয়া যে হয়গ্ৰীৱ-মাধৱ মন্দিৰৰ লগত জড়িত হৈ পৰা সত্বেও হাজোৰ মাঘবিহু লোকঅনুষ্ঠান ৰূপে বৰ্ত্তি আছে। এই বিহুত হিন্দু ধৰ্মৰ বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লোকৰ উপৰিও ইছলাম আৰু বৌদ্ধধৰ্মাৱলম্বী লোকেও অংশ গ্ৰহণ কৰা কাৰ্য অনুষ্ঠানটোৰ এটি উল্লেখনীয় দিশ।
অসমৰ বিভিন্ন জাতি-উপজাতিৰ মাজত ভিন ভিন আচাৰ-অনুষ্ঠানৰ মাজেৰে পালিত হ’লেও বিহুৰ মূল চৰিত্ৰৰ বিশেষ পৰিবৰ্তন ঘটিছে যেন নালাগে। সময়ত অৰ্ধ-ধৰ্মীয় ৰূপ প্ৰকাশ পাইছে যদিও আজিও এই উৎসৱ কৃষিকেন্দ্ৰিক। সেয়ে অসমীয়া সমাজৰ অৰ্থনৈতিক গাঁথনি আৰু কৃষিৰ প্ৰতি গুৰুত্ব কমি অহাৰ লগে লগে মাঘবিহুৰ গুৰুত্ব আৰু তাৎপৰ্যৰো চকুত লগা পৰিবৰ্ত্তন হ’বলৈ ধৰিছে।
ড০ প্ৰবীণ দাসে মাঘ বিহুৰ উৎপত্তি সম্পৰ্কে দিয়া ব্যাখ্যা সম্পূৰ্ণ বিভ্ৰান্তিকৰ। মাঘবিহুক আৰ্যসকলৰ অগ্নিসেৱা প্ৰথাৰ লগত জড়িত কৰাবলৈ চেষ্টা কৰাতো একপ্ৰকাৰৰ ৰাজনীতি আৰু গুপ্ত কাৰ্য্যবৃত্তান্ত। ড০ দাসে কৃষিৰ লগত জড়িত পৰম্পৰা এটাক ধৰ্মৰ লগত জড়িত কৰিব খুজিছে। বোধহয় তেখেত RSS ৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত।