ড° উপেন ৰাভা হাকাচাম

বৰ অসম আৰু অসমীয়াৰ ধাৰণাঃ


উত্তৰ-পূৰ্বাঞ্চল তথা ‘বৰ অসম’ নৃতত্ত্বৰ ভূস্বৰ্গ। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মস্তিষ্কপ্ৰসূত আৰু ড° সূৰ্য্যকুমাৰ ভূঞাৰ দ্বাৰা বহুলসমাদৃত ‘বৰ অসম’ (বৰ-আসাম) অৰ্থাৎ ‘বৃহত্তৰ অসম’-ৰ ঐতিহাসিক ধাৰণা সাংস্কৃতিক তথা নৃতাত্ত্বিক দিশতহে অতিকৈ প্ৰযোজ্য। প্ৰাচীন কামৰূপ বা প্ৰাগজ্যোতিষপুৰ বিভিন্ন সময়ত বিভিন্ন নামেৰে সৰু-বৰ একাধিক খণ্ডত বিভক্ত হৈ বিভিন্ন বংশীয় ৰজা-মহাৰজাৰ অধীনস্থ হৈ বা স্বতন্ত্ৰভাবে শাসিত হৈ আহিছিল। লৌহিত্য/লুইত, লাওতু/তিলাও, নাম ডিলাও/নাম-দাও-ফি, বুৰ্লুং বুত্থুৰ/ব্ৰহ্মপুত্ৰ ইত্যাদি নামেৰে অভিহিত বৰনৈৰ দুয়োপাৰ আৰু ইয়াৰ দাঁতি-কাষৰীয়া পাহাৰীয়া ভূখণ্ডক লৈয়ে পাৰলৌহিত্য দেশৰ ধাৰণা প্ৰোষিত হৈছিল। অসুৰবংশীয় ঘটকাসুৰ, মহীৰঙ্গ দানৱ, বাণাসুৰ, ভীষ্মক, নৰক, ভগদত্ত প্ৰমুখ্যে ৰজা-ৰাজন্যবৰ্গৰ দৰে পৰৱৰ্তী কালত বৰ্মন বংশ, শালস্তম্ভ বংশ, পাল বংশ, জিতাৰি বংশ, কোচ-কছাৰী, চুতীয়া-বৰাহী, লালুং-জয়ন্তীয়া-মিকিৰ, আহোম প্ৰভৃতি বংশজাত ৰজা-মহাৰজাসকলেও কামৰূপ (কামৰু/কা-মো-লু-পো), প্ৰাগজ্যোতিষ (পাগৰ জোহতিছ), কৌণ্ডিল্য (কুণ্ডিল), কমতাপুৰ, কোচবিহাৰ – কোচ হাজো, হৈড়ম্ব (কছাৰী ৰাজ্য), জয়ন্তাপুৰ, গোভা/ ডিমৰুৱা (লালুং পোৱালী ৰাজ্য), হালালী/হাবুং (চুতীয়া ৰাজ্য), ভূঞা ৰাজ্য, কামপীঠ-ৰত্নপীঠ- স্বৰ্ণপীঠ- সৌমাৰপীঠ, আসাম/অসম আদি ভিন্ন ভিন্ন ৰাজ্য বা পোৱালী ৰাজ্য শাসন কৰি নিজ নিজ প্ৰজাৰ সাতামপুৰুষীয়া ঐতিহ্য-পৰম্পৰাক কেতিয়াবা শ্ৰদ্ধা জনাই আৰু কেতিয়াবা মষিমূৰ কৰি (আহোমৰ দিনত ‘সাত ৰাজ মাৰি একৰাজ কৰা’ কথাটো কিন্তু সমন্বিত অসমীয়া সংস্কৃতিৰ বৰভেটি ৰচনা কৰা অৰ্থতহে প্ৰযোজ্য) বৰ অসমত বৰ্ণাঢ্য জনগোষ্ঠীৰ এক বৰ্ণিল ভাষা-সংস্কৃতিয়ে ঠন ধৰি উঠিবৰ বাবে এক পৃষ্ঠভূমি ৰচিত হৈছিল।
এনে এক সাংস্কৃতিক তথা নৃতাত্ত্বিক পৰিঘটনাত সৃষ্টি হোৱা আৰ্য-দ্ৰাবিড় আৰু অষ্ট্ৰ’-মংগোলীয় সংস্কৃতিৰ ধাৰক আৰু বাহক হিচাপে চিহ্নিত কৰিব পৰা এই অঞ্চলৰ অধিবাসীসকলক নৃতাত্ত্বিকসকলে দুটা প্ৰধান ভাগত ভগাই আলোচনা কৰিছে। সেই দুটা প্ৰধান ভাগ হ’ল – (ক) জাতিগোট আৰু (খ) জনজাতি গোট।
হিন্দু বৰ্ণাশ্ৰম ধৰ্মৰ যিসকল অনুগামী নতুবা হিন্দু ধৰ্মৰ অন্যান্য পন্থাৰ শিষ্য-প্ৰশিষ্যসকলৰ বসবাসৰ ক্ষেত্ৰত কোনো এক নিৰ্দিষ্ট ভূখণ্ড নাই ; যিসকলে¸ বৃত্তি বা জীৱিকাৰ ক্ষেত্ৰতো কোনো বাধ্যবাধকতা মানি চলিব লগা নহয়, আৰু আৰ্থ-সামাজিক দিশত তুলনামূলকভাৱে কিছু আগবঢ়া আৰু যিসকলৰ সমাজখনক পৰিমাৰ্জিত ভাষা-সাহিত্যৰে ধন্য তেনে ভাষিক বা সামাজিক গোটৰ লোককে জাতিগোটত অন্তৰ্ভূক্ত কৰা হৈছে। জাতিগোট বুলিলে সেয়ে প্ৰাচীন হিন্দু ধৰ্মীয় চতুৰ্বৰ্ণৰ অন্তৰ্গত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰৰ পৰা জাত ভিন ভিন নামেৰে পৰিচিত বিভিন্ন সম্প্ৰদায় বা জনগোষ্ঠী যেনে বামুণ-গোঁসাই (দ্বিজ),গণক (দৈৱজ্ঞ), কায়স্থ (ভূঞা), কলিতা (বৰকলিতা, সৰু কলিতা, কমাৰ, কুমাৰ, কঁহাৰ, বণিয়া/সোণাৰী, শালৈ, নট, বেজ, খনিকৰ), বৈশ্য, শূদিৰ আদিকে বুজোৱা হয়। এওঁলোককে সাধাৰণ শ্ৰেণীৰ বৰ্ণহিন্দুৰ (Caste Hindus) লোক বোলা হয়। অসম তথা ভাৰতত সংবিধান-স্বীকৃত কেতবোৰ পিছপৰা সম্প্ৰদায় (OBC/MOBC) আৰু অনসূচিত জাতি (Scheduled Caste) -ৰ লোককো এই জাতিগোটৰ অন্তৰ্গত বুলিয়ে ধৰা হয়। তেনে জনগোটৰ ভিতৰত – নাথযোগী (কাটনী), কৈৱৰ্ত/কেওট (হালোৱা কেওট, জালোৱা কেওট,পানী কেওট, জালো-মালো, পাটিয়াৰ, নদীয়াল, ডোম), সূত, মালী/ মালাকৰ, হীৰা, কুমাৰ, নাপিত (শীল শৰ্মা), হাৰী, সূৰী, মুচি/চমাৰ, ৰজক/ধোবা, চড়াল/ চণ্ডাল, জলধা(তাঁতী), সূত্ৰধাৰ(নমঃশূদ্ৰ), যবন/মলুক/তুৰুক (?), গোপ /গোৱাল ইত্যাদিৰ নামে থাউকতে আমাৰ মনলৈ আহে।
এইসমূহ জাতিগোটৰ লোকসকলৰ কোনো গাইগুটীয়া ভাষা-ধৰ্ম, উছৱ-অনুষ্ঠান, খাদ্যাভ্যাস-সাজপাৰ প্ৰভৃতিৰে সুকীয়া সাংস্কৃতিক পৰিচয় নাই। সাধাৰণতে অসমত আৰ্য ভাৰতীয় অসমীয়া ভাষাই তেওঁলোকৰ মাতৃভাষা আৰু অসমীয়াৰ জাতীয় উছৱ বিহু (ৰঙালী, ভোগালী আৰু কঙালী) আৰু শাক্ত-শৈৱ-বৈষ্ণৱ (লগতে সৌৰ্য্য-গাণপত্য) পৰম্পৰাই ঢুকি নোপোৱা শিল-বৃক্ষ পূজা (শিৱলিংগ-যোনীপীঠ, বাঁহ গোঁসাই-পাউৰা-পাৰবাঁহ) আমতী (বসুমতী পূজা), বুঢ়া গোঁসাই-বুঢ়ী গোঁসানী, আই পূজা (কেঁচাইখাঁতী, ডিঙা-উটুওৱা, আই-সবাহ-অপেচৰী সবাহ), বেঘ্ৰ-সৰ্প পূজা (বাঘদেউ পূজা/বাঘ্ৰেশ্বৰী, মনসা/মাৰৈ পূজা), কৃষি দেৱী-লক্ষ্মী (লখিমী সবাহ), নগোছা লোৱা-লখিমীৰ আগ অনা, গো-সেৱা-গো-পূজা (গোৰক্ষ ঠাকুৰ-গৰখীয়া সবাহ-গোহালি দেও-গৰু বিহু) আদি অনুষ্ঠানেই তেওঁলোকৰ আদিম প্ৰকৃতি-পুৰুষৰ পূজা। এইসকল লোকৰ নাৰীৰ ৰিহা-মেখেলা-চাদৰেই প্ৰধান আভৰণ আৰু খাৰু-মণি-কেৰুৱেই প্ৰধান আভূষণ। পুৰুষৰ আঠুমূৰীয়া বা আঠুছেৰা চুৰিয়া (ধুনি/ধুতি), গাত খনীয়া চেলেং আৰু সমাজত মান অনুসৰি ভিন ভিন পাগ বা পাগুৰী।
ইয়াৰ উপৰি অসমত অসমীয়াভাষী শ্বেখ, চৈয়দ, মোগল, পাঠান— এই চাৰি শ্ৰেণীৰ ইছলাম ধৰ্মাৱলম্বী মুছলমান লোকসকলৰো নিগাজী বসতি আছে।বৰ্তমান তেওঁলোক– গৰীয়া-মৰিয়া-দেশী (থলুৱা বা অসমীয়া মুছলমান), মাইমাল, মিঞা (মৈমনসিঙীয়া, ভাটীয়া, বংগমূলীয় মুছলমান) আদি কেইবাটাও সামাজিক গোট হিচাপে নকৈ পৰিচয় লাভ কৰিছে। সেইদৰে অসমত অসমীয়া শিখ/পাঞ্জাৱী, ৰাজস্থানীমূলীয় মাৰোৱাৰী/কেঞা, মণিপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, গোৰ্খা/নেপালী, ভূটীয়া/চিকিমী, হিন্দুস্থানী/ৱবিহাৰী/ ভোজপুৰী, বাঙালী/চিলেটীয়া আদি ভিন্ন ভাষা- ভাষী লোকসকলৰ সাতামপুৰুষীয়া সহ-অৱস্থানে অসমভূমিক ভাৰতৰ ক্ষুদ্ৰ সংস্কৰণ স্বৰূপ কৰি তুলিছে। হিন্দু, মুছলমান, বৌদ্ধ, শিখ, জৈনৰ দৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাও অসমত নিচেই সামান্য নহয়। অসমত তাওপন্থী টাই আহোমৰ বাহিৰেও বৌদ্ধ ধৰ্মাৱলম্বী চিংফৌ (দোৱনীয়া), টাই ফাকে (ফাকিয়াল), টাই খামতি, টাই আইতন, টাই তুৰুং, টাই খাময়াং আদি মান-টাই ভাষী ( Man- Tai speaking Group) মংগোলীয় লোকৰ সৰহ ভাগে কিন্তু জনজাতি গোটৰহে। অকল সংখ্যাত সৰহ ভৈয়ামৰ আহোমসকল (টাই)হে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ ( MOBC) ভিতৰুৱা। ঠিক অনুৰূপ ভাবে উজনি অসমৰ মৰাণ- মটক(মায়ামৰীয়া / মোৱামৰীয়া), চুতীয়া (দেউৰী চুতীয়া, মিৰি চুতীয়া, আহোম চুতীয়া, হিন্দু চুতীয়া), কোঁচ ( বৰ কোঁচ, সৰু কোঁচ, হেৰেমীয়া কোঁচ), বৰাহী (?) আৰু নামনি অসমৰ কোচ ৰাজবংশী লোকসকল মূলতঃ মংগোলীয় মূলৰ হোৱা সত্ত্বেও অসমীয়া ভাষী বৰ্ণ হিন্দুসকলৰ সৈতে বিশেষ পাৰ্থক্য চকুত নপৰা বাবে সুকীয়াকৈ অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত হোৱাহি নাই। চাহ-জনগোষ্ঠী হিচাপে পৰিচিত সৰহসংখ্যক লোক অসমত বৰ্ণহিন্দু বা অনুসূচিত জনজাতি হিচাপে স্বীকৃত নহ’লেও তেওঁলোকেও জাতি-গোটৰে অন্তৰ্ভুক্ত। অৱশ্যে কোল, মুণ্ডা, চাওতালী আদি অইন প্ৰান্তৰ জনজাতীয় মূলৰ লোকো অসমত চাহ জনগোষ্ঠী বা প্ৰাক্তন চাহ জনগোষ্ঠীৰ (Ex-Tea-Gardener) সৈতে একাকাৰ হৈ মিলি পৰিছে। তেওঁলোকৰ স্বকীয় ভাষা-ধৰ্ম-সংস্কৃতি থাকিলেও উমৈহতীয়া চাদানি বা সাদৰি (অসমীয়া সদৃশ অইন আৰ্য-ভাৰতীয় ভাষাৰ সংমিশ্ৰিত ৰূপ) ভাষাই তেওঁলোকৰ সংযোগী ভাষা আৰু অসমীয়াই তেওঁলোকৰ ৰাজ্যিক ভাষা। এইদৰে জাতিগোটৰ অৰ্ন্তগত সৰু-বৰ অলেখ জাতি-জনগোষ্ঠী- সম্প্ৰদায়ৰে বৃহত্তৰ অসমীয়া ভাষা সম্প্ৰদায় (Assamese Speech Community) গঢ়ি উঠিছে আৰু সেইবাবে তেওঁলোকেও অসমীয়া জাতিসত্ত্বাৰ একো একোটা অঙ্গ।


আনহাতে ৰাজনৈতিক ৰক্ষণাবেক্ষণৰ সুবিধাৰ্থে ভাৰতীয় সংবিধানে যিবিলাক জনগোষ্ঠী (Ethnic Group) তুলনামূলকভাৱে অন্যান্য জাতিগোটৰ লোকতকৈ পিছপৰা আৰু অনগ্ৰসৰ আৰু যিবিলাক জনগোষ্ঠী পুৰণিকলীয়া ৰীতি-নীতি খামোচ মাৰি ধৰি স্বকীয় পৰম্পৰা অটুট ৰখাত কিছু ক্ষেত্ৰত হ’লেও এতিয়াও সক্ষম হৈ আছে সেইবিলাক জনগোষ্ঠীকে অনুসূচিত জনজাতি বা আদিবাসীৰ (Scheduled Tribes) মৰ্যাদা প্ৰদান কৰিছে। দৰাচলতে এনে একোটা জনগোষ্ঠীয়ে আদিম ধ্যান-ধাৰণাৰে প্ৰৱৰ্তিত বৃত্তি আৰু অৰ্থনৈতিক কাৰণত কাৰিকৰী আৰু শৈক্ষিক উন্নয়নৰ অভাৱ হেতুকে ভৌগোলিকভাৱে সম্পূৰ্ণ বা কিছু আংশিক একোটা আওহতীয়া বিশেষ অঞ্চলত বসবাস কৰি ভাল পোৱা হয় আৰু নিজস্ব সমাজ-অৰ্থনীতি, সাংস্কৃতিক পৰম্পৰা, সামাজিক ৰীতি-নীতি মতে জীৱন যাপন কৰি গৌৰৱ বোধ কৰে। সেইবাবেই তেওঁলোকক বিশেষ ভৌগোলিক সীমাৰেখাৰ গণ্ডীত পেলাব পাৰি আৰু সেই সেই ভৌগোলিক সীমাৰেখাৰ ভিতৰত তেওঁলোকেই তাৰ খিলঞ্জীয়া (Indigenous) আৰু ভূমিপুত্ৰ (Son of the soil/Autochthone)।আনহাতে ৰাজনৈতিক ৰক্ষণাবেক্ষণৰ সুচলাৰ্থে ভাৰত চৰকাৰে যি জনগোষ্ঠী তুলনামুলকভাৱে অন্যান্য জনগোষ্ঠীতকৈ পিছপৰা আৰু অনগ্ৰসৰ আৰু যি জনগোষ্ঠী পুৰণিকলীয়া ৰীতি-নীতি খামোচ মাৰি স্বকীয় পৰম্পৰা অটুট ৰখাত সক্ষম হৈ আছে তেনে জনগোষ্ঠীক অনুসূচিত জনজাতি/উপজাতি/আদিবাসী/Schedule Tribes হিচাপে স্বীকৃতি প্ৰদান কৰিছে।৩সেই হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি বুলিলে ঘাইকৈ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত তিব্বত-বৰ্মীয় ভাষী হিচাপে উত্তৰ অসম শাখাৰ হ্ৰছ’ (অঁকা), নিচি (ডফলা), মিছিং (মিৰি), মিচিমি, আদি (আবৰ), গালং, আপাটানি আদি; অসম-বৰ্মীয়ৰ বড়ো ভাষাপুঞ্জৰ কছাৰী (বড়ো/মেছ/সোণোৱাল/ঠেঙাল), ডিমাছা, ৰাভা, গাৰো, তিপ্ৰা (কক্‌বৰক), তিৱা (লালুং), কোচ (মান্দাই), দেউৰী (চুটীয়া) আদি; নগা উপভাষাৰ আও, আংগামী, লোঠা, চেমা, তাংখুল, কন্যাক, ৰেংমা, মাও, চাংতাং, জেলিয়াং, ৱাংচু, তাংচা, নক্টে আদি; কুকি-চীন শাখাৰ থাদৌ, হ্‌মাৰ, ৱাইফে, মিজো, ৰিয়াং, কাৰ্বি (মিকিৰ) আদি লগতে শ্যাম-চীনীয় ভাষী হিচাপে বিভিন্ন মান-টাই গোষ্ঠীৰ— খামতি, খাময়াং, ফাকে, নৰা, আইতন, তুৰুং, চিংফৌ (কাচিন) ইত্যাদিৰ নামেই সতকাই মনলৈ আহে। আনহাতে আৰ্য ভাষা-ভাষী হাজং, শৰণীয়া কছাৰী, বৰ্মন কছাৰী, মদাহী, চাকমা আদি বহুকেইটা জনগোটে নিজকে পৃথক জনজাতি হিচাপে পৰিচয় দিব বিচাৰে আৰু তেওঁলোকৰ ভালেকেইটাই কোনোটোহঁত ৰাজ্যত সংবিধান স্বীকৃত জনজাতি।


নৃতাত্ত্বিকসকলে পৃথিৱীৰ বৃহৎ মানৱগোষ্ঠীক শাৰীৰিক অৱয়বৰ (আৱয়বিক নৃতত্ত্বৰ আলোচ্য বিষয়) ওপৰত ভিত্তি কৰি কেইটামান মুখ্য প্ৰজাতিত ভাগ কৰিছে। সেইবোৰৰ ভিতৰত–নিগ্ৰো (কৃষ্ণচৰ্মী, উলকেশী, বহল-নকা, মোটা ওঁঠীয়া, দীঘলমূৰীয়া), ককেছীয় (শ্বেতচৰ্মী, তৰংগকেশী, দীঘল-নকা, পাতল ওঁঠীয়া) আৰু মংগোলীয় (পীতচৰ্মী, ঋজুকেশী, চেপেটা নকা, দ আৰু বেঁকা চকুৱা, সেৰেঙা আৰু ঠৰঙা গুফীয়া) অন্যতম। আনহাতে এইসমূহ মুখ্য প্ৰজাতিক আকৌ ভাষা তথা অন্যান্য সাংস্কৃতিক উপাদানৰ স্বকীয়তাৰ (সাংস্কৃতিক নৃতত্ত্বৰ আলোচ্য বিষয়) ওপৰত ভিত্তি কৰি অষ্ট্ৰিক, দ্ৰাবিড়, চীন-তিববতীয় (তিব্বত-বৰ্মীয়, অসম-বৰ্মীয়, বড়ো, নগা, কুকী-চীন শাখা) ইত্যাদি ভাগ-উপবিভাগত বিভক্ত কৰিছে। এই দৃষ্টিভঙ্গীৰে আলোচনা কৰিলে অসমত দুই ধৰণৰ অনুসূচিত জনজাতিৰ লোক আছে। এক শ্ৰেণীৰ লোকে দুৰ্গম পাহাৰীয়া ঠাইত ঝুমখেতি কৰি এতিয়ালৈকে নিজস্ব একোটা ভূখণ্ডত বসবাস কৰি আহিছে আৰু আন শ্ৰেণীৰ লোকে ব্ৰহ্মপুত্ৰ তথা বৰাক উপত্যকাত পানীখেতি কৰি অন্যান্য বৰ্ণহিন্দু জাতিগোটৰ সৈতে একেলগে সহ-অৱস্থান কৰি আহিছে। প্ৰথম শ্ৰেণীৰ জনগোষ্ঠীকে পাহাৰীয়া জনজাতি (STH) আৰু দ্বিতীয় শ্ৰেণীৰ জনগোষ্ঠীকে ভৈয়ামৰ জনজাতি (STP) হিচাপে সংবিধানে স্বীকৃতি দিছে। ইয়াৰোপৰি সৰহসংখ্যক জনজাতীয় সমাজতে বিশেষকৈ ভৈয়ামৰ জনজাতিৰ মাজত দুই ধৰণৰ জীৱন ধাৰা পৰিলক্ষিত হয়। এক শ্ৰেণীৰ লোকে নিজস্ব সাতামপুৰুষীয়া ৰীতি-নীতি, কলা-সংস্কৃতি পূৰ্ণমাত্ৰে বজাই ৰাখিব পাৰিছে আৰু আন শ্ৰেণীৰ লোকে সময়ৰ সোঁতত নিজৰ প্ৰাচীন ৰীতি-নীতি, পৰম্পৰা হয় একেবাৰে বিসৰ্জন দি নহয় নামমাত্ৰ অক্ষুন্ন ৰাখি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ প্ৰধান অংশীদাৰ হিচাপে অৱতীৰ্ণ হৈছে। পিছৰ শ্ৰেণীৰ আৰ্যীভূত (Sanskritised Groups) এইসকল লোকে নিজকে এতিয়া অসমীয়া বুলি চিনাকি দি গৌৰৱ অনুভৱ কৰে যদিও তাহানিতে তেওঁলোকক অইন বৰ্ণহিন্দুৰ লোকে কোচ-কছাৰী, আহোম-চুতীয়া, মটক-মৰাণ ইত্যাদি নামেৰে অভিহিত কৰিছিল। পৰৱৰ্তী কালত এইসমূহ জনগোষ্ঠীৰ পৰাই কোচ ৰাজবংশী, মেচ কছাৰী, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী চুতীয়া, আহোম চুতীয়া, হিন্দু চুতীয়া, মিৰি চুতীয়া, মায়ামৰীয়া মটক আদি জাতি-উপজাতিৰ সৃষ্টি হয়। আনহে নালাগে অসমত একমাত্ৰ কোচৰ পৰাই সৰুকোচ, বৰকোচ, হেৰেমীয়া কোচ, মদাহী কোচ নতুবা শৰণীয়া কছাৰী বুলি পৰিচয় প্ৰাপ্ত পৃথক পৃথক কিছু জন-গোটৰ সৃষ্টি হ’ল। অৱশ্যে সময়ৰ সোঁতত এনে কিছু জনগোষ্ঠীৰে চিন-চাব একেবাৰে নোহোৱা হ’ল। তাহানিৰ কিৰাট কছাৰী, বৰাহী (কছাৰী/চুতীয়া), হোজাই কছাৰী, দাঁতিয়াল কছাৰী প্ৰভৃতি জাতি-জনগোষ্ঠীৰ সঁচ এতিয়া বিচাৰি পাবলৈ নাই। ইয়াৰ পৰিবৰ্তে বৈদিকযুগৰ পণি (পানী কোচ) বা কুৱাচভাষী বুলি পৰিচিত কোচ জনজাতি, ম্লেছভাষী বুলি পৰিচিত মেচ জনজাতি, প্ৰাচীন বৰ্মনবংশীয় ৰজাৰ উত্তৰাধিকাৰী বুলি দাবী কৰা কাছাৰৰ বৰ্মন কছাৰী আদি কিছু নতুন নতুন জনজাতিৰো নাম সংবিধানত অন্তৰ্ভুক্ত হ’বলৈ ধৰিছে। এইদৰে ভৈয়ামৰ সৰহভাগ জনজাতিৰে তিনিটা পৰ্যায়ৰ নহ’লেও অত্যন্ত দুটা পৰ্যায়ৰ আৰ্যীকৰণৰ স্তৰ অতিক্ৰম কৰি বৰ্তমান নিজকে হিন্দু হিচাপে পৰিচয় স্থিৰ কৰিছে। হিন্দুধৰ্মীয় বিভিন্ন আচাৰ- বিধি পালন কৰি, গো-মাংস ভক্ষণ পৰিহাৰ কৰি (আৰ্যীকৰণৰ প্ৰথম স্তৰ), হিন্দু পুৰাণ আশ্ৰিত দেৱ-দেৱীক উপাসনা কৰি (দ্বিতীয় স্তৰ) আৰু সৰ্বশেহত অষ্ট্ৰ’-মংগোলীয় মাতৃতান্ত্ৰিক পৰম্পৰাৰ পৰিপন্থী পিতৃতান্ত্ৰিক পৰম্পৰাক আদৰ্শ হিচাপে মানি চলি আৰ্যীকৰণৰ (তৃতীয় স্তৰ) বিভিন্ন পৰিগণ্ডীত নিজ নিজ সমাজ-বিধি, লোকাচাৰ পুনৰনিৰ্মাণ কৰি লৈছে।
এইদৰে উপৰুৱা পৰিচয় (Sub-identity) প্ৰাপ্ত উপ-গোষ্ঠীসমূহৰ ভিতৰত ৰাভাসকলৰ পাতি, দাহৰি, টোটলা, বিটলীয়া, হানা আদি আৰ্যীভূত ফৈদ (লেমা বা হাবাই অৰ্থাৎ ৰাভামিজ উপভাষা-ভাষী); দেউৰীৰ বৰগঞা, পাটৰ গঞা (লুপ্ত), টেঙাপনীয়া ফৈদ (দেউৰীমিজ উপভাষা-ভাষী); ডিমাছাৰ হাৱাৰছা (বৰ্মণ অৰ্থাৎ দেৱান উপভাষা-ভাষী); ভৈয়ামৰ তিৱা (থলুৱা, দাঁতিয়লীয়া); ভৈয়ামৰ কাৰ্বি (আমৰি, দুমৰালি); মিছিঙৰ তেমেৰ গঞা, চামুগৰীয়া, বংকোৱাল, বিহিয়া, বেবেজীয়া আদি মিছিং ভাষা নোকোৱা মিছিং (মিছিংমিজ উপভাষা-ভাষী) বিশেষভাৱে উল্লেখযোগ্য। জনজাতীয় পৰিচয় প্ৰাপ্ত হাজং (ঝাৰুৱা উপভাষা- ভাষী পাৰ্বত্য আৰু স্বায়ত্ত শাসিত অঞ্চলত পাহাৰীয়া জনজাতি হিচাপে), চাকমা আৰু অজনজাতীয় বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ ক্ষেত্ৰতো পূৰ্বে এই ধৰণৰে তিব্বত-বৰ্মীয় মূলৰ ভাষাৰ প্ৰতি উদাসীন ভাৱাপন্ন আছিল যদিও বৰ্তমান তেওঁলোকৰ কথিত ভাষাই (আৰ্য ভাৰতীয় বাংলা-অসমীয়া সংমিশ্ৰিত একধৰণৰ নৃগোষ্ঠীয় উপভাষা) স্বকীয় ভাষা হিচাপে মৰ্যাদা পোৱাৰ পথত। টাইমূলীয় হোৱা সত্ত্বেও সৰহসংখ্যক আহোম বুলি পৰিচিত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰো মাতৃভাষা এইধৰণৰ অসমীয়াৰ একোটা নৃগোষ্ঠীয় উপভাষাই (আহোমীয়া ৰূপ)। এইধৰণে অসমত নেফামিজ, নাগামিজ আদি সংযোগী ভাষা কোৱা জনজাতীয়-অজনজাতীয় মূলৰ লোকৰো বসবাস আছে।


অসমৰ জনজাতি-গোটৰ লোক বুলিলে সংবিধান স্বীকৃত ভৈয়ামৰ জনজাতিৰ ৯+৫ টা আৰু পাৰ্বত্য জনজাতিৰ ১৪+ ১ টা মিলি এই মুঠ ২৯ টাৰ উপৰিও উত্তৰ- পূৰ্বাঞ্চলৰ আৰু প্ৰায় ৫৫ টা প্ৰধান জনগোষ্ঠীকে বুজোৱা হয় যদিও আৰু বহু সৰু-সুৰা উপগোষ্ঠী ইয়াৰ ভিতৰতে সোমাই আছে।৫ এই সকলোবোৰ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভূক্ত যদিও ভাষা-ভাষীৰ ফালৰ পৰা কিছু ভিন্ন ভিন্ন শাখা -উপশাখাত পৰে।সেইবোৰ–অসম-বৰ্মীয়ৰ উত্তৰ অসম শাখাৰঃ- মিছিং (মিৰি), মিচিমি (ইদু,তাৰাওন), হুছ্ৰ (অঁকা), নিচি (ডফলা), আদি (আবৰ), গালং, আপাটানি, ছেৰডুকপেন, টাগিন ইত্যাদি; বড়ো ভাষাপুঞ্জৰ অন্তৰ্গত — বৰো (কছাৰী), ডিমাছা, ৰাভা, গাৰো, কোচ, তিপ্ৰা (ককবৰক), তিৱা (লালুং), দেউৰী (চুতীয়া) ইত্যাদি; নগা উপশাখাৰ– আও, আংগামী, লোঠা, চেমা, তাংখুল, কন্যাক, ৰেংমা, জেমি, কাবুই, কাচা, মাও, চাং, চাংটাম, চাখেচাং, চাক্ৰু/চোক্ৰি, জেলিয়াং,লিয়াংমেই,খেঝা,পৌমাই, ৱাংচু, টাংচা, নক্টে ইত্যাদি; কুকি-চীন শাখাৰ –কুকি( ৰাংখাল,ৰিয়াং, থাদৌ, ৱাইফেই, গাংতে, বেইতে), হ্‌মাৰ,মিজো (লুচাই), হালাম, লাখেৰ, পাৱি, পাইতে,মাৰাম, কাৰবি (মিকিৰ), মেইথেই (মণিপুৰী),জৌ,আইমল, আনাল,কোম ইত্যাদি; তিব্বত-হিমালয়ীৰ–লিম্বু, লেপচা, মোনপা (মোম্বা),খাম্বা,ভুটীয়া (তিব্বতী, দুক্‌পা, শ্বেৰ্পা, ট্ৰম্‌পা),তামাং ইত্যাদি তিব্বত-বৰ্মীয় ভাষীৰ লগতে শ্যাম- চীনীয় ভাষী বিভিন্ন টাই ভাষাগোষ্ঠীৰ— খামতি, খাময়াং, ফাকে, নৰা, আইতন, তুৰুং, চিংফৌ(কাচিন),মোঘ/ মগ ইত্যাদিৰ নামেই সতকাই আমাৰ মনলৈ আহে। অৱশ্যে অষ্ট্ৰিক ভাষা পৰিয়ালৰ খাচী, জয়ন্তীয়া (ছ্যিনতেং), প্নাৰ, ৱাৰ, ভোই, ল্যিংগাম ইত্যাদিৰ লগতে চাহ জনগোষ্ঠীৰ ভিতৰুৱা–কোল, মুণ্ডা, চাওতাল, ভূমিজ,খৰিয়া ভাষা-ভাষী আৰু বৰ্তমান মাতৃভাষা পাহৰি পেলোৱা চাকমা, হাজং,বৰ্মণ (কাচাৰৰ),কছাৰী (মেচ, সোণোৱাল, ঠেঙাল, শৰণীয়া) আদি অসমীয়া, বাংলা আদি আৰ্যমূলীয় ভাষা-ভাষীৰ কথাও আমাৰ বিবেচনালৈ আহিব।


বৰ অসমৰ জনজাতীয় সংস্কৃতিঃ উমৈহতীয়া সাংস্কৃতিক উপাদানঃ


যদিও এই সকলোবোৰ জনজাতি, নিজা নিজা স্বকীয় বৈশিষ্ট্যৰাজিৰে বৈচিত্ৰ্যময়, তথাপি থুলমূলভাৱে এই সকলোবোৰ জনজাতিৰ উমৈহতীয়া সংস্কৃতিও নথকা নহয়— যাক কৈৰাতজ সংস্কৃতি বুলিব পাৰি। আদিতে এইসকল লোক আটাইবিলাকে জড়োপাসক আছিল যদিও বৰ্তমান কিছু কিছু হিন্দু সনাতন, শাক্ত, শৈৱ, বৈষ্ণৱ, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মাৱলম্বী মানুহো পোৱা গৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এইসমূহ জনজাতিৰ কেতবোৰ উমৈহতীয়া ঐতিহ্য-পৰম্পৰা অদ্যপি ৰক্ষিত হৈ আছে যদিও সৰহখিনিয়ে সময়ৰ কষটি শিলতি ঘঁহনি খাই কথমপি অধঃস্তৰ পৰ্যায়ত ৰক্ষিত হৈছে নতুবা সৰ্ম্পূণৰূপে ৰূপান্তৰ ঘটিছে। স্থানান্তৰত লেখকে এই সম্পৰ্কে বিশদ আলোচনা কৰিছে।৬


বৰ অসমৰ উমৈহতীয়া সংস্কৃতিঃ


অসমৰ জনজাতিসকল বৰ্তমান প্ৰধান দুটা শ্ৰেণীত বিভক্ত। এটা পৰম্পৰাগত পৰম্পৰাৰ প্ৰতি সদা সচেতন (Non-Sanskritised group) আৰু আনটো পুৰণি ঐতিহ্যৰ প্ৰতি অতি উদাসীন (Sanskritised group)। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত পিছৰ বিধৰ জনজাতিসকলৰ অৱদান সৰ্বাধিক। সেয়েহে ১৮৩৭ খ্ৰীঃত জন মেক্‌কোশ্ব চাহাবে অসমীয়া জাতি, ভাষা আৰু সংস্কৃতিৰ অভিন্নতা সৰ্ম্পকে এনেদৰে অভিমত দিব পাৰিছিল— “Indeed these tribe form so large a share of the population, that it is not easy matter to distinguish the pure Assamese amongst them, and the distinction is needed still more obsecure by intermarriages with some of the tribes.” সেইদৰে অসমৰ জনজাতীয় ভাষাৰ সৈতে অসমীয়া ভাষাৰ পাৰস্পৰিক সাদৃশ্যৰ ক্ষেত্ৰত বড়ো ভাষাৰ সৈতে অসমীয়াৰ তুলনা প্ৰসংগত কৰা এণ্ডাৰছন চাহাবৰ মন্তব্য অতি প্ৰণিধানযোগ্য। তেওঁৰ মতে— “I can think of no other two languages in which it would be possible to translate a long statement word for word out of one into the other and yet be idiomatic.” আৰ্যমূলীয় অসমীয়া আৰু তিব্বত- বৰ্মীয় মূলীয় এই ভাষাসমূহত ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বৰ যেনে মিল আছে শব্দ সম্ভাৰ আৰু বাক্য গাঁথনিৰ (জতুৱা ঠাঁচ আদিৰো) ক্ষেত্ৰতো অনুৰূপ সাদৃশ্য আছে। এইসমূহ ভাষাৰ লগত অসমীয়া ভাষা সাতাম পুৰুষীয়া সৰ্ম্পকেৰে দীঘ-বাণি হৈ সাঙোৰ খাই আছে বাবেই অসমীয়া ভাষাই বৰ্ণাঢ্যতাৰ লগতে সাৰ্বজনীনতা (lingua franca) লাভ কৰিছে।


বৰ অসমৰ উমৈহতীয়া সংস্কৃতি অৰ্থাৎ বৃহত্তৰ অসমীয়া সংস্কৃতিৰ বৰভেটি উৰ্বৰা লোক-বিশ্বাস আৰু বাঁহ সভ্যতাৰ বাহক স্বৰূপ অষ্ট্ৰ-মংগালীয় মূলজ জনজাতিসকলেই প্ৰতিষ্ঠা কৰিছিল বুলি পণ্ডিতসকলে সৰ্ববাদীসন্মতভাৱে মানি লৈছে। সেই অনুসাৰে অসমৰ জাতীয় উৎসৱ বিহু আৰু ইয়াৰ লগত জড়িত নানা বিশ্বাস-লোকাচাৰ অষ্ট্ৰ’-মংগোলীয় চিন্ত প্ৰসূত। প্ৰাকবৈবাহিক যৌনাচাৰ আৰু বিয়া বাছনি গীতৰ সমাহাৰ, আমৰলি টোপ-সাত শাকতী ভক্ষণ আদি এফালে যেনেকৈ বহাগ বিহুত বিদ্যমান তেনেকৈ মাঘৰ উৰুকাৰ সমজুৱা মৎস্য চিকাৰ সমন্বিতে ভোজ ভাত, বিহুত চুঙাপিঠা-মাহকৰাই-পোৰা আলু ভক্ষণ, কুকুৰা যুঁজ-ম’হ যুঁজ-কণী যুঁজৰ উপস্থাপন এই কেইটা অষ্ট্ৰ’-মংগোলীয় সংস্কৃতিৰ সৈতে হোৱা সমাহৰণৰ সুষম সমাহাৰ। কাতি বিহুৰ দিনা খেতি-পথাৰত ঔটেঙাৰ খোলত বন্তি প্ৰজ্বলন, খেতি চপোৱাৰ পূৰ্বে শুভদিন- বাৰ চাই লখিমীৰ আগ অনা, ন-খোৱা আদি উৎসৱত পুৰুষৰ সমানে সমানে নাৰীৰ অংশগ্ৰহণ আৰু পূৰ্বপুৰুষক সোঁৱৰণ তেনে সাংস্কৃতিক সমাহৰণেৰে মধুৰ ফলশ্ৰুতি। ১০


সেইদৰে অসমৰ জনমানসত কি জনজাতি কি অজনজাতি আটাইৰে মাজত প্ৰকৃতি-পুৰুষৰ উপাসনাৰ অনুপম স্বাক্ষৰ— আই পূজাৰ পৰম্পৰা ১১ (বুঢ়ীগোঁসানী, বুৰ্লিবুৰৈ, কামাখ্যা, কেঁচাইখাতী ইত্যাদি নামত) আৰু শৈৱ পৰম্পৰা ১২ (বুঢ়াগোঁসাই, বাথৈব্ৰাই, শিব্ৰাই, ফা মাহাদেউ, বলিয়া বাবা আদি নামত) যেনেকৈ একত্ৰে বিদ্যমান তেনেকৈ নামনি অসমত বসন্তকালীন পাউৰা দেও/ পাৰবাহ, বাঁহগোঁসাই / বাঁহপূজা ১৩ আৰু উজনি অসমত ব’হাগ বিহুৰ লগত জৰিত বহুৱা (বিহু)-ৰ উপস্থাপন, বৰটকা (বলি ৰজা বা পাৰ্বতীৰ ৰাজহাড়ৰ প্ৰতীক)-ৰ প্ৰতি ভক্তিভাৱ, বিহুগোঁসাই-বিহুগোঁসানীৰ প্ৰতি অগাধ বিশ্বাস ১৪–এতিয়াও পূৰ্ণমাত্ৰেই অটুত আছে। ইয়াৰ বিপৰীতে বৃষ্টি আনয়ন আৰু কৃষিৰ উৎপাদনৰ লগত জড়িত বিভিন্ন লোকাচাৰ-লোকবিশ্বাস ১৫ (আমতী বা অম্বুবাচী, গো পূজা, লক্ষ্মী-অলক্ষ্মীৰ ধাৰণা, খোবা-খুবী অনুষ্ঠান, ভেকুলী বিয়া- হুদুম দেও পূজা, নাঙল বা ঢেঁকী ওভোটাকৈ পোতা আদি), মহোহৌ বা ভালুক নাচ, ১৬ শ্ৰাদ্ধ-পিণ্ডাদি কাৰ্যত বাঁওহাতৰ বিশেষ ভূমিকা, ভুত-প্ৰেতাদিৰ প্ৰতি বিশ্বাস, জন্মান্তৰবাদ, হাড় শুচি কৰা বিয়া, দেওধা-দেওধনী প্ৰথা আদি উত্তৰ-পূৰ্বাঞ্চলৰ উমৈহতীয়া সংস্কৃতি; যাৰ ধাৰাবাহিকতা কিছু সম্বৰ্দ্ধন-বিৱৰ্দ্ধনৰ মাজেদি এতিয়াও পূৰ্বাৱধি বিদ্যমান। অৱশ্যে ধুতি- বিধুতিৰ ক্ষেত্ৰত পিতৃতান্ত্ৰিক বৰ্ণহিন্দু বিভিন্ন সমাজৰ তুলনাত জনজাতীয় সমাজত বিশেষকৈ মাতৃতান্ত্ৰিক সমাজত ক্ষীণ মাত্ৰাতহে পালন কৰা দেখা যায়। ১৭ আনকি পুস্পিতা নাৰীৰ তোলনী বিয়াকে ধৰি তিৰোতাৰ ৰজঃস্বলা বা ঋতুধৰ্ম পালনৰো জনজাতীয় সমাজত সিমান ধৰা-বন্ধা নিয়ম নাই। ১৮ সেইদৰে মনোমত স্বামীলাভ, সতি- সন্তানৰ লগতে স্বামীৰ মংগল চিন্তি কৰা হিন্দুৰ ব্ৰত (বৰত) পালনৰো অসমৰ বহু জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ মাজত বৰকৈ প্ৰচলন নাই। ১৯
অকল এয়াই নহয় উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চল আৰু জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত বিহুধৰ্মী গীত-মাত, জুনা-মালিতা, সাধুকথা, প্ৰবাদ-পটন্তৰ (লোক-সাহিত্য), বিভিন্ন থলুৱা খেল-ধেমালি ২০, উৎসৱ-অনুষ্ঠান, নৃত্য-গীত-বাদ্য (লোক পৰিবেশ্য কলা) ইত্যাদি সৰ্বত্ৰতে অনৈক্যৰ মাজত ঐক্যহে বিৰাজমান।
সেইদৰে অসমৰ উমৈহতীয়া ভৌতিক সংস্কৃতি বুলিলে বোকামাটিৰে লিপা-মোচা কৰা বাঁহ-খেৰেৰে নিৰ্মিত অসম আৰ্হিৰ ঘৰ (ভঁৰাল ঘৰ, জুপুৰী ঘৰ, চাংঘৰ, মাৰল ঘৰ আদি) আৰু টাটী-চকোৱা, জেওৰা-জপনাৰে পৰিবেষ্টিত ইয়াৰ চৌহদ (ঘৰ-বাৰী), কঠ-ঢৰা, ঢাৰি-পাটী, ডুখৰি পীৰা-বৰপীৰা, বাঢ়নী-শোটা, কুলা-দোণ, পাচি-খৰাহি, খদা, বিচনী, জাপি-টুপী, জাকৈ-খালৈ (বাঁহ-বেতৰ সঁজুলি) ২১ প্ৰভৃতিৰ লগতে কলহ-টেকেলি, মলা-চৰু আদি মৃৎপাত্ৰ ২২, শৰাই-বটা, দুণৰি-ভোগজৰা- মাইহাং আদি কাঁহ- পিতলৰ বাচন-বৰ্তন, দুগদুগি- বিৰি-গেজেৰা-জাংফাই, কেৰু-¸মণি-থুৰীয়া, সাতসৰী-লোকাপাৰ প্ৰভৃতি আ-অলংকাৰ, ৰিহা-মেখেলা, চাদৰ-চেলেং,গামোচ-বিহুৱান প্ৰভৃতি হাতে বোৱা সাজ-পাৰৰ কথাকে পোনচাটেই আমাৰ মনলৈ আহে।
তদুপৰি নাঙল-যুঁৱলি, মৈ-মৈটকা, ওখন-ৰয়না; জবকা-বাওকা এছাৰি-টোকোন, কানমাৰি-বিৰিয়া-হোলোঙা আদি কৃষি কাৰ্যত ব্যৱহৃত সঁজুলি; চেপা-থোহো-ডিঙৰা, পলো-জুলুকি, জাকৈ-খালৈ, খেৱালি-লাঙি-পৰঙিজাল আদি মাছ মৰা সঁজুলি; ৰাচ-গৰকা, টোলোঠা-দোৰেপতি, উঘা-চেৰেকী, চিৰি-বচুঙা, যঁতৰ-মহুৰা আদি তাঁত শালৰ সঁজুলি; দা-কুঠাৰ, জোং-জাঠি,হাঁকোটা- হাঁকুটি, জপা-বেতেৰি, কাকৈ-ফণি, খৰিকা-চেপেনা, জোলোঙা-মোনা, বিভিন্ন ধৰণৰ চুঙা-লাওৰ খোল আদি গৃহস্থালিৰ সঁজুলি বিলাক শ্ৰমজীৱী পৰিয়ালৰ কাৰ ঘৰতনো নাছিল।
শিষ্ট সমাজৰ সত্ৰীয়া পৰিবেশতহে নালাগে অশিষ্ট সমাজৰ জকাইচুকীয়া পৰিবেশতো এসময়ত খোল-মৃদঙ্গ, নাগেৰা-দোতৰা, তাল-ভোৰতাল, নানাধৰণৰ মুখা-জলমবটা,আৰিয়া-জোঁৰ আদিৰে বাৰেওটি কাল ভাওনা-মুখানৃত্যৰ পয়োভৰ আছিল। সেইদৰে ৰাজকীয় পৰিবেশত ব্যৱহাৰ্য বিভিন্ন দোলা, চৈ, নাও, গৰু গাড়ী আদিৰ নিৰ্মাণ কাৰ্যত সাধাৰণ লোকেও অংশ গ্ৰহণ কৰিছিল। কাঁহ-পিতলৰ শিল্প, হাতীদাঁতৰ শিল্প, ম’হৰ শিঙৰ শিল্প, কুঁহিলাৰ শিল্প, এড়ি-মুগা-পাট শিল্পতো সকলোৱে আগভাগ লৈছিল। বংশগত শিল্প নৈপুণ্যৰ পৰিবৰ্তে অভ্যাসগত শিল্প নৈপুণ্যত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল। সেয়েহে অসমত মৎস্যজীৱী, তাঁতী, চমাৰ-কমাৰ আদি বৃত্তিগত শিল্প বা বৃত্তিয়ে ব্যাপকতা লাভ কৰিব নোৱাৰিছিল।
অসমৰ সকলো শ্ৰেণীৰ লোকৰ মাজতে বিদ্যমান- ঘিলাগুটিৰ সাহ, ঔটেঙাৰ বীজ, কলাখাৰ আদিৰে মূৰ ধুই বিভিন্ন খোপাৰে কেশ সজ্জা কৰা ২৩, ঢোল-পেঁপা- টকা-গগনা প্ৰভৃতি লোকবাদ্যৰে বিভিন্ন নৃত্য-গীতত অংশগ্ৰহণ কৰা, তামোল-পাণ-দেৱাচালি, মলা-ধঁপাত, কানি-ভাং আদি মাদক দ্ৰব্য সেৱনেৰে মুহুদি কৰা, পঁইতা-পোতনি, দেৱা-কৰ্কৰাৰে ভোক নিবাৰণ কৰা ২৪, শাকে -শোকোতাৰে, পাতে-পচলাৰে২৫, শলে মূলে-বেঙেনাই, খাৰ- খাৰলি-খৰিচাৰে, পোৰা- পিটিকাৰে মুখৰোচক ব্যঞ্জন প্ৰস্তুত কৰা, পিঠা- পনা (চুঙা পিঠা, ভাপত দিয়া পিঠা, টোপোলা পিঠা ইত্যাদি),২৬ সান্দহ- মাহকৰাই, মুৰি-হুৰুম, চেৱা দিয়া ভাত , কোমল চাউল-বৰা চাউলৰ বিভিন্ন জলপানেৰে আলহী আপ্যায়ন কৰা এই অঞ্চলৰ উমৈহতীয়া দস্তৰ। ভাত-মাছ এই অঞ্চলৰ যেনেকৈ প্ৰধান খাদ্য তেনেকৈ কণী-পাৰ-ছাগ প্ৰায়বিলাক ধৰ্মীয় সম্প্ৰদায়ে গ্ৰহণ কৰাত একো বাধা নাই। অৱশ্যে কেৰ্কেটুৱা- কেঁটেলা পহু, কাছ, কেঁকোৰা-কুচিয়া, শামুক-লিংকুৰি, লেটা-পলু, উইচিৰিঙা-চাকচন, কুকুৰা-গাহৰি আদি গ্ৰহণৰ বেলিকা কিছু বাধা-নিষেধ নথকা নহয়। জনজাতীয় লোকৰ মাজত শুকটি বা সিন্দলৰ যিমান জনপ্ৰিয়তা অন্য সমাজত সিমান জনপ্ৰিয়তা নাই বুলিব পাৰি ।২৭ তেনেকৈ জনজাতীয় আৰু মংগোলীয় মূলজ লোকৰ মাজত (আহোম বা কছাৰী হিচাপে একালত পৰিচিত লোকৰ মাজত) লাওপানী-সাজপানী, জুগলী, পোহন মদ-ৰহিমদৰ বিস্তৰ প্ৰচলন আছে। সেইবাবে সেই সেই সমাজত মদ প্ৰস্তুত কৰা বিভিন্ন বন-দৰব (মদ-পিঠা) আৰু সা- সামগ্ৰীৰো বিস্তৰ সাদৃশ্য আছে। ২৮
সেইদৰে বনৰীয়া হাতী চিকাৰ কৰি বশ কৰা বা পোহ মনোৱা (ফান্দী, মাহুত বৃত্তিধাৰী লোকৰ দ্বাৰা), শেন-কণুৱা আদি মেলি চিকাৰ কৰা, কেৰ্কেটুৱা-কেঁটেলা পহু চিকাৰ কৰা, বন গাহৰি (বৰা)-পহু আদি চিকাৰ কৰা, মাছ মৰা ২৯ আদি এই অঞ্চলৰ উমৈহতীয়া আদিম বৃত্তি। বোৱা-কটা,৩০ কঠিয়া তোলা-ভূঁই ৰোৱা, ধান বনা (উৰালত খুন্দা জনজাতীয় প্ৰথা;৩১ ঢেকী দিয়া অজনজাতীয় প্ৰথা), ৰন্ধা-বঢ়া আদি এশ-এবুৰি কামত অসমীয়া নাৰী আগৰণুৱা। তাহানি কালত একে ৰাতিৰ ভিতৰতে বৈ- কাটি কবচ কাপোৰ উলিয়াই ৰণত পিন্ধাই পঠাব পৰা,৩২ দুৰ্দিনত বিচক্ষতাৰে ৰাজকাৰ্য পৰিচালনা কৰিব পৰা, নৃত্য-গীত আদিৰ মাজেদি তিথিয়ে- পৰ্বই ইষ্টসেৱা- মিত্ৰসেৱাৰ দ্বাৰা নাৰীয়ে সকলোতে মুখ্য ভূমিকা লোৱা কথাটি অকল উত্তৰ-পূৰ্বাঞ্চলৰ (প্ৰমীলাৰ ৰাজ্যৰ) নাৰীৰ বাবেহে সম্ভৱ।৩৩ এই ধৰণে ভাৰতৰ অন্য প্ৰান্তত বিৰল অথচ উত্তৰ-পূব এচিয়াৰ সকলো মংগোলীয় আৰু অষ্ট্ৰিক মূলজ জনগোষ্ঠীসমূহৰ মাজত প্ৰবল ৰূপত এতিয়াও বিদ্যমান।
উত্তৰ-পূৰ্বাঞ্চলত বিয়াত কইনাক গা-পণ দিয়া, ঢোকা ৰখা বা চপনীয়া চপা, বিধবা বিবাহ, পলুৱাই নিয়া বিবাহ (চোৰবিয়া বা গন্ধৰ্ব বিবাহ) ৩৪ আদিৰ ব্যাপক প্ৰচলন থকা বাবেই যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতন, বৈধৱ্য ব্ৰত প্ৰচলনৰ অচিলাত সতী যোৱা/ দাহ প্ৰথা, শিশুবধ প্ৰথা বা বাল্য বিবাহ আদি সৰ্বভাৰতীয় বৰ্ণ হিন্দুৰ মাজত সামাজিক ব্যাধিস্বৰূপে একালত পৰিগণিত হোৱা কুপ্ৰথাবোৰ গা কৰি উঠিব পৰা নাছিল। (যিটো ব্ৰাহ্ম সমাজ আৰু ব্ৰিটিছ মনীষীসকলৰ প্ৰযত্নত আইন প্ৰণয়ন কৰিহে বিলোপ সাধন কৰিবলগা হৈছিল।)
সেইদৰে মহাত্মা গান্ধীয়ে তদানীন্তন কালত অস্পৃশ্যতা দূৰীকৰণ আৰু জাতিভেদ প্ৰথা অৱসানৰ বাবে অনশন কৰোঁতে পূৰ্বভাৰতৰ শংকৰ-আজানৰ দেশত বিদ্যমান জাতি-ভেদ-ভাৱহীন সমাজ ব্যৱস্থাকে এক আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল।


বৃহত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু বৰ অসমত জাতি-জনজাতিৰ অবিচ্ছন্ন ধাৰাঃ


সাংস্কৃতিক সমলৰাজিৰ দিশত যেনেকৈ গাইগুটীয়া গোট বা একক বৈশিষ্ট্য খুব কমেইহে বিদ্যমান তেনেকৈ আৱয়বিক নৃতাত্ত্বিক দিশতো বিশুদ্ধ ৰক্তৰ বুলি দাবী কৰিব পৰা কোনো প্ৰজাতি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাই। এই পৰিপ্ৰেক্ষিততে বৰ অসমত জাতি-জনজাতিৰ অবিচ্ছিন্ন ধাৰা (Tribe-Caste continuum) বোলা তাত্ত্বিক কথাৰ প্ৰাসঙ্গিকতা আহি পৰে।৩৫ অসমত এনে কোনো জাতি বা জনজাতি নাই যি কাৰো লগত মিলা-মিছা নকৰাকৈ নিৰঙ্কুশ দূৰত্বত অৱস্থান কৰি বৰ্তি আছে। লোকগীত-লোকভাষা, লোকাচাৰ-লোকধৰ্ম, বেশন-ভূষণ, খাদ্যাভ্যাস এই সকলোতে কাৰোবাৰ নহয় কাৰোবাৰ মাজত সাদৃশ্য বিচাৰি পাবই। ইয়াৰ বিপৰীতে এটা জাতি বা জনজাতিৰ ভিতৰতে আন্তঃবিৱৰ্তন উৎপৰিবৰ্ত্তন (micro-evolution)-ৰ ফলশ্ৰুতিত কেতবোৰ সুকীয়া উপফৈদ বা খেলৰো সৃষ্টি নোহোৱাকৈ থকা নাই। আৰ্যীকৰণৰ দৃষ্টিৰে চাবলৈ গলে একেটা ৰাভা জনজাতিৰ মাজত যি সাত-আঠটা খেল আছে। তাৰ ভিতৰত যথাক্ৰমে ৰংদানি ® মায়তৰি ® দাহৰি ® পাতি/টোটলা ® মদাহী/কোচ/শৰণীয়া৩৬ এনেধৰণৰ সামাজিক স্থিতি পোৱা যায়। সেইদৰে তিব্বত-বৰ্মীয় ভাষী কোচ জনজাতিৰ মাজত ৱানাং/ছংগা/তিনতেকীয়া ® হাৰিগাঞা ®সাতপাৰিয়া ® চাপৰা ® সংকৰ কোচ/কোচ ৰাজবংশী এই অনুক্ৰমে সামাজিক স্থিতি লাভ কৰিছে।৩৭ বৃহত্তৰ বড়ো (কছাৰী) জনজাতিৰ পৰাই মেচ (কছাৰী), সোণোৱাল (কছাৰী), ঠেঙাল (কছাৰী), তিৰুৱাল কছাৰী, বৰাহী কছাৰী, মহং কছাৰী, ফুলগুৰীয়া, দাঁতিয়াল (কছাৰী), শৰণীয়া (কছাৰী) আদি বিভিন্ন ফৈদ -উপগোষ্ঠীৰ বিকাশ বা একোটা স্বতন্ত্ৰ জনজাতি হিচাপে নৱ্য পৰিচিতি লাভ কৰা কথাটো পণ্ডিতসকলে মানি লৈছে।৩৮সেইদৰে আৰ্যীকৰণ দৃষ্টিৰে দেউৰী (চুতীয়া) জনজাতিৰ সমাজত আটাইতকৈ নিম্নত দিবঙীয়া আৰু ক্ৰমান্বয়ে টেঙাপনীয়া ® বৰগঞা ® পাটৰ গঞা (বিলুপ্ত) ® বৰাহী চুতীয়া/বুৰুক চুতীয়া ® আহোম চুতীয়া ® হিন্দু চুতীয়া প্ৰভৃতি উপগোষ্ঠীৰ স্থান।৩৯ মিছিঙৰ ক্ষেত্ৰতো চামগুৰীয়া, বেবেজীয়া, বিহিয়া, বংকোৱাল আদি মিছিং ভাষা নোকোৱা ফৈদতকৈ পাগ্‌ৰ, তেমেৰা, দামবৗ আদি মিছিং ভাষা কোৱা ফৈদৰ স্থান ভালিখিনি উচ্ছস্থানত বুলি ভবা হয়।৪০ উজনি অসমৰ কোঁচ জাতিৰ মাজতে মদাহী কোঁচ ® শৰণীয়া কোঁচ ® হেৰেমিয়া কোঁচ /সৰু কোঁচ ®কামতালি কোঁচ/বৰকোঁচ৪১ আৰু আহোমৰ মাজতো ৰীতিয়া-অৰীতিয়া, কেঁচা ভকত-পকা ভকত (ৰাতি খোৱা/ সেৱা পন্থা), আহোম চুতীয়া প্ৰভৃতি ফৈদ-উপফৈদৰ গিজগিজনি। সেইদৰে সদৌ উজনি- নামনি অসম ( প্ৰাচীন কামৰূপ- কামাখ্যাৰ অন্তৰ্গত ৰত্নপীঠ- কামপীঠ-স্বৰ্ণপীঠ- সৌমাৰপীঠ) ব্যাপি কোচ-ক্ষত্ৰিয়- ৰাজবংশী, নাথ-যোগী-কাটনী, বৰ কলিতা-সৰু কলিতা-পানী কলিতা, কৈৱৰ্ত-কেওট (ডোম), গৰীয়া-মৰিয়া-দেশী (মুছলমান), মটক-মৰাণ, কায়স্থ-ভূঞা-মহন্ত, বামুণ-গণক-হাবুঙীয়া-বৰীয়া (দ্বিজ-দৈৱজ্ঞ, চন্দ্ৰবিপ্ৰ-সূৰ্যবিপ্ৰ), হাড়ী- কুমাৰ-মালী-মালাকাৰ, সূত্ৰধাৰ-নমঃশূদ্ৰ-জলধা, সূত-সূৰী-শালৈ-বৈশ্য-মৰল আদি বিভিন্ন ফৈদ-উপফৈদৰে গঠিত তাহানিৰ বামুণ-শূদিৰ, কায়স্থ- কলিতা, গোসাঁই- মহন্ত ইত্যাদি নামেৰে বহুল পৰিচিত এক বৰ্ণ হিন্দু (Caste Hindus) সমাজ।৪২
ব্ৰিটিছৰ দিনত ভাৰতৰ ভিন ভিন প্ৰান্তৰ পৰা অহা ভিন ভিন মূলৰ শ্ৰমজীৱী চাহ জনগোষ্ঠী (কুলি) আৰু কৃষিজীৱী মৈমনসিঙীয়া (আলি)-ৰ লগতে গোপালক নেপালী জনগোষ্ঠী, ব্যৱসায়ী মাৰোৱাৰী (কেঞা), বাঙ্গালী (কেৰাণী,-মহৰি-কাৰিকৰ), যোদ্ধা শিখ-যবন(শ্বেখ চৈয়দ-মোগল-পাঠান) আৰু মালবাহী দেশোৱালী-বিহাৰীৰে গঠিত ন-অসমীয়াৰ এক বৃহৎ জনসংখ্যাও ক্ৰমে-অনুক্ৰমে এই অসমীয়া জাতি গঠনত চামিল হ’বই ধৰিছে। মুঠতে অসমত জাতি-উপজাতি, জনজাতি-জনগোষ্ঠীৰ সীমা-সংখ্যা নাই। ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা, ভাষাগোষ্ঠী-ধৰ্মীয় সম্প্ৰদায়ৰ উৰ্দ্ধত এক বৃহত্তৰ অসমীয়া জাতি যাৰ এক সুকীয়া নাম বা সংজ্ঞা দিয়াটো বৰ্তমান এক ডাঙৰ সমস্যা আৰু এই সমস্যা সমাধানৰ বাবেই আমাৰ প্ৰয়োজন হৈছে এক নতুন নামৰ। হ’ব পাৰে সি— অসমীয়া (অসমৰ মানুহ অৰ্থত অসম + ঈয়া তু. ভাৰতীয় < ভাৰত + ঈয়া, পাঞ্জাবী < পাঞ্জাব + ঈ, বিহাৰী < বিহাৰ + ঈ ইত্যাদি) নতুবা লুইতপৰীয়া নতুবা অকল থলগিৰি বা খিলঞ্জীয়া (Indigenous)। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক বুজোৱা ‘বৰ অসম’-ৰ ভিত্তিত ‘বৰ অসমীয়া’-ও হ’ব পাৰে ইয়াৰ সৰ্বগ্ৰহণযোগ্য নাম।৪৩

পাদটীকা আৰু প্ৰসঙ্গসূচী ঃ
১। বৰ-আসাম বা বৰ অসম (Greater Assam)-ৰ বিষয়ে অৱশ্যে বিদ্যায়তনিক দিশত সৰ্বাধিক চৰ্চালৈ আনে ড° সূৰ্য্য কুমাৰ ভূঞাই – ১৯৩২ চনত আৱাহনৰ পাতত ( ৩য় বছৰ, ৪ৰ্থ সংখ্যা, জানুৱাৰী, ১৯৩২)। ইয়াৰ পূৰ্বে বিষ্ণুপ্ৰসাদ ৰাভাই আৱাহনৰ (২য় বছৰ, ১১শ সংখ্যা, আগষ্ট, ১৯৩১) পাতত ‘বৃহত্তৰ অসমৰ কল্পনা’ শীৰ্ষক লেখাটিৰে এই ধাৰণা পোনতে ৰোপন কৰিছিল। পৰৱৰ্তী কালত ড° ভূপেন হাজৰিকা প্ৰমুখ্যে শিল্পী- সাহিত্যিক-বুদ্ধিজীৱীয়ে ইয়াক অধিক মাত্ৰাত জনপ্ৰিয় কৰে। দ্ৰষ্টব্য ঃ
অ) ৰাভা, বিষ্ণুপ্ৰসাদ ঃ ‘বৃহত্তৰ অসমৰ কল্পনা’, আৱাহন, ২য় বছৰ, ১১শ সংখ্যা, আগষ্ট, ১৯৩১ (আৱাহন, চতুৰ্থ খণ্ড, ২০১৬, সম্পা. ড° পৰমানন্দ মজুমদাৰ)
আ) ভূঞা, সূৰ্যকুমাৰ ঃ ‘বৰ-আসাম আৰু বুৰঞ্জীৰ বাণী’, আৱাহন, ৩য় বছৰ, ৪ৰ্থ সংখ্যা, জানুৱাৰী, ১৯৩২ (আৱাহন, পঞ্চম খণ্ড, ২০১৬, সম্পা. ড° পৰমানন্দ মজুমদাৰ)
ই) ভূঞা, সূৰ্যকুমাৰ ঃ ‘বৰ অসমত এভুমুকি’, নিৰ্বাচিত প্ৰবন্ধ (সম্পা. বিৰিঞ্চ কুমাৰ বৰুৱা), ১৯৯০, পৃ. ৫০
২। দাস, ভুবন মোহন (সম্পা.) ঃ অসমৰ মানুহ, ১৯৮৬
৩। ৰাভা হাকাচাম, উপেন ঃ জনজাতিৰ সংজ্ঞা, অনুসূচীকৰণ, সাংবিধানিক সুৰক্ষা আৰু ভাষা-সংস্কৃতি, পৰিশিষ্ট ঃ(ক),অসমৰ জনজাতীয় সংস্কৃতি, ২০০৫
৪। Majumdar, D.N. : ‘A Study of Sanskritization Among the Bodo Speaking Tribes in Garo Hillsক্স, Tribal Situation in India (ed. K.S. Singh),1972, pp. 263-70
৫। Source জ্ঞ Stastical Profile of Scheduled Tribesof India,2013 vide www.tribal.nic.in
৬। দ্ৰষ্টব্য ঃ ৰাভা হাকাচাম, উপেন ঃ ‘অসমৰ জনজাতীয় ঐতিহ্য- পৰম্পৰা আৰু সংস্কৃতি’, অসমৰ জনজাতীয় সংস্কৃতি, ২০০৫/১৭
৭। M’cosh, John : ‘People’, Topography of Assam, 1837
৮। Anderson, J.D. : A Collection of Kachari Folk-lores and Rhymes, 1895
৯। দ্ৰষ্টব্য ঃ ৰাভা হাকাচাম, উপেন ঃ বৰ অসমৰ বিহু সংস্কৃতি, ২০১১
১০। দ্ৰষ্টব্য ঃ
ক) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘বৰ আসমৰ কৃষিকেন্দ্ৰিক লোকাচাৰ আৰু উৎসৱ-অনুষ্ঠান’ শীৰ্ষক নিবন্ধ।
খ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লখিমী আদৰা আৰু খেতি চপোৱা পৰ্বৰ পৰম্পৰা’ শীৰ্ষক নিবন্ধ।
গ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘কৃষিকেন্দ্ৰিক ন-খোৱা পৰ্বৰ পৰম্পৰা’ শীৰ্ষক নিবন্ধ।
১১। দ্ৰষ্টব্য ঃ
ক) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘আই পূজাৰ ঐতিহ্য পৰম্পৰা আৰু ডিঙা উটুওৱা পৰ্ব’ শীৰ্ষক নিবন্ধ।
খ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘বৰ অসমৰ শাক্ত পৰম্পৰা আৰু দেৱী পূজা’ শীৰ্ষক নিবন্ধ।
গ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘বৰ অসমৰ শক্তি পীঠ আৰু বনদুৰ্গাৰ ধাৰণা’ শীৰ্ষক নিবন্ধ।
১২। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘বৰ অসমৰ শিৱ কথা আৰু শৈৱ পৰম্পৰা’ শীৰ্ষক নিবন্ধ।
১৩। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘বাঁহ পূজাৰ ঐতিহ্য পৰম্পৰা আৰু ইয়াৰ বৰ্ণাঢ্য ৰূপ’ শীৰ্ষক নিবন্ধ।
১৪। দ্ৰষ্টব্য ঃ
ক) ৰাভা হাকাচাম, উপেন ঃ ‘মৰাণ জনগোষ্ঠীৰ বিহু আৰু ধৰ্ম হুচৰি’, বৰ অসমৰ বিহু সংস্কৃতি, ২০১১, পৃ. ১১৮-১১৯
খ) ৰাভা হাকাচাম, উপেন ঃ ‘সোণোৱাল কছাৰী বিহু উৎসৱ আৰু হায়দাং হুচৰি’, সদ্যোক্ত, পৃ. ১৩০-১৪৪
গ) ৰাভা হাকাচাম, উপেন ঃ ‘দেউৰী বিহু ঃ পূজা-সেৱাৰ অপূৰ্ব স্থল’, সদ্যোক্ত, পৃ. ১৪৫-১৫০
১৫। দ্ৰষ্টব্য ঃ
ক) ৰাভা হাকাচাম, উপেন ঃ ‘আমতী ছুৱা’ ঃ আদিম মাতৃপূজাৰ হেৰোৱা লগ্ন’ দৈনিক অগ্ৰদূত, ২০ জুন সংখ্যা, ২০১৬।
খ) ৰাভা হাকাচাম, উপেন ঃ ‘অসমত মাতৃৰূপী ভূমি পূজাৰ পৰম্পৰা ঃ সাথ বা সাথা বৰত’, বাৰ্তাপখিলী, একবিংশ বছৰ,দশম সংখ্যা, জুলাই , ২০১৬।
গ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘খোবা-খুবুনী ঃ কৃষি আৰু বিবাহ অনুষ্ঠানৰ লগত জৰিত বিশেষ লোকাচাৰ’ শীৰ্ষক নিবন্ধ।
ঘ) ৰাভা হাকাচাম, উপেন ঃ ‘বৰষুম বিচাৰি বিবস্ত্ৰা হয় য’ত বিবাহিতা নাৰীয়ে’, নাৰী সংস্কৃতিৰ ডুখৰীয়া ছবি, ২০১৫, পৃ. ১১৮-১২৪।
ঙ) ৰাভা হাকাচাম, উপেন ঃ লক্ষ্মী (লখিমী) ঃ ধন- ধান- যশ- ঐশ্বৰ্যৰ দেৱী,২০১৮।
১৬। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত বাঘ-ভালুক’ শীৰ্ষক নিবন্ধ।
১৭। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোকসমাজত ধুতি- বিধুতি’ শীৰ্ষক নিবন্ধ।
১৮। দ্ৰষ্টব্যঃ ৰাভা হাকাচাম, উপেন ঃ ‘মূল বিয়াৰ প্ৰস্তুতি পৰ্বৰ অন্য নাম নোৱাই তোলনী বিয়া’, নাৰী সংস্কৃতিৰ ডুখৰীয়া ছবি, ২০১৫, পৃ. ১০০-১১৭।
১৯। দ্ৰষ্টব্য ঃ
ক) ৰাভা হাকাচাম, উপেন ঃ ‘য’ত আয়তীসকলে ‘বৰত’ ৰাখে স্বামীৰ দীৰ্ঘায়ু চিন্তি’, নাৰী সংস্কৃতিৰ ডুখৰীয়া ছবি, ২০১৫, পৃ. ৭৭-৮৬।
খ) ৰাভা হাকাচাম, উপেন ঃ ‘পীৰা যুঁজি বৰত ৰাখে য’ত তিৱা নাৰীয়ে’, নাৰী সংস্কৃতিৰ ডুখৰীয়া ছবি, ২০১৫, পৃ. ৮৭-৯৯।
২০। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ‘বৰ অসমৰ পৰম্পৰাগত আৰু থলুৱা খেল-ধেমালি’ শীৰ্ষক নিবন্ধ।
২১। দ্ৰষ্টব্য ঃ
ক) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত কঠ -ধৰা আৰু ঢাৰি-পাটী’ শীৰ্ষক নিবন্ধ।
খ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত পীৰা’ শীৰ্ষক নিবন্ধ।
গ)গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত বাঢ়নী আৰু শোটা’ শীৰ্ষক নিবন্ধ।
ঘ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত কুলা-দোন আৰু পাচি- খৰাহি’ শীৰ্ষক নিবন্ধ।
ঙ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত বিচনী’ শীৰ্ষক নিবন্ধ।
চ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত জাপি আৰু টুপী’ শীৰ্ষক নিবন্ধ।
ছ) গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত জাকৈ আৰু খালৈ’ শীৰ্ষক নিবন্ধ।
২২। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত কলহ আৰু মৃৎ শিল্প’ শীৰ্ষক নিবন্ধ।
২৩। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত চুলি আৰু চুলিৰ ধুন’ শীৰ্ষক নিবন্ধ।
২৪। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত পইতা-পোতনি আৰু দেৱা কৰ্কৰা’ শীৰ্ষক নিবন্ধ।
২৫। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত কল কলখাৰ আৰু পাত -পচলা’ শীৰ্ষক নিবন্ধ।
২৬। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত পিঠা আৰু পিঠাগুৰি’ শীৰ্ষক নিবন্ধ।
২৭। দ্ৰষ্টব্য ঃ ৰাভা হাকাচাম, উপেন ঃ ‘জনজাতীয় সংস্কৃতিত শুকটি’, অসমৰ জনজাতীয় সংস্কৃতি, ২০১০, পৃ. ৩৬-৪৩।
২৮। দ্ৰষ্টব্য ঃ ৰাভা হাকাচাম, উপেন ঃ ‘জনজাতীয় সংস্কৃতিত তিতালাও’, অসমৰ জনজাতীয় সংস্কৃতি, ২০১০, পৃ. ৯৫-১০২।
২৯। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘লোক সংস্কৃতিত জাকৈ আৰু খালৈ’ শীৰ্ষক নিবন্ধ।
৩০। গ্ৰন্থখনত সন্নিৱিষ্ট ঃ ‘তাঁতশাল আৰু বস্ত্ৰ শিল্প’ শীৰ্ষক নিবন্ধ।
৩১। দ্ৰষ্টব্য ঃ ৰাভা হাকাচাম, উপেন ঃ ‘জনজাতীয় সংস্কৃতিত উৰাল’, অসমৰ জনজাতীয় সংস্কৃতি, ২০১০, পৃ. ১৩০-১৩৩।
৩২। অকল ৰক্ষাকবচ স্বৰূপ কবচ কাপোৰেই নহয় বজ্ৰপাত নিৰাময়ৰ বাবে আনাকাটা গামোচা বা বিহৈজা বা মুগুৱা কবচ কাপোৰো অসমীয়া নাৰীয়ে প্ৰস্তুত কৰাৰ নজিৰ আছিল। দ্ৰষ্টব্য ঃ
ক) ৰাভা হাকাচাম, উপেন ঃ ‘অন্য এক কবচ কাপোৰৰ সন্ধান’, নাৰী সংস্কৃতিৰ ডুখৰীয়া ছবি, ২০১৫, পৃ. ০১-০৬ )
খ) ৰাভা হাকাচাম, উপেন ঃ ‘নামনি অসমৰ আনাকাটা গামোচা বা বিহৈজা’, স্বৰ্ণলিপি, বসন্ত সংখ্যা, ষষ্ঠ বছৰ, তৃতীয় সংখ্যা, এপ্ৰিল, ২০১৬।
৩৩। দ্ৰষ্টব্য ঃ ৰাভা হাকাচাম, উপেন ঃ ‘জনজাতীয় নাৰীৰ স্বকীয়তা আৰু সামাজিক স্থিতি’, অসমৰ জনজাতীয় সংস্কৃতি, ২০১০, পৃ. ৩৬-৪৩।
৩৪। দ্ৰষ্টব্য ঃ ৰাভা হাকাচাম, উপেন ঃ ‘য’ত এতিয়াও প্ৰচলিত চোৰ বিয়াৰ পৰম্পৰা’, নাৰী সংস্কৃতিৰ ডুখৰীয়া ছবি, ২০১৫, পৃ. ৩৪-৪৭।
৩৫। নৃতত্ত্বৰ ক্ষেত্ৰত ব্যৱহৃত এই পৰিভাষাটি লেখকে ‘জাতি-জনজাতিৰ দোমোজা’ বুলি পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে আৰু লোকসংস্কৃতিৰ বিশিষ্টগৱেষক পণ্ডিত ড° বীৰেন্দ্ৰনাথ দত্তই এই অভিধাটিৰ বোধগম্যতা বেছি আৰু অতি সুবিধাজনক বুলি মন্তব্য প্ৰকাশ কৰিছে। দ্ৰষ্টব্য ঃ
ক) ৰাভা হাকাচাম ঃ ‘জাতি-জনজাতিৰ দোমোজাত ৰাভা জনগোষ্ঠী’, ৰাভা সমাজ আৰু সংস্কৃতি, ২০১০
খ) দত্ত, বীৰেন্দ্ৰনাথ ঃ ৰাজেন ৰাভা স্মাৰক বক্তৃতা ( বীৰেন্দ্ৰনাথ দত্ত অভিনন্দন গ্ৰন্থ, ২০১..,)
৩৬। দ্ৰষ্টব্য ঃ
ক) Mazumdar, D.N. : ‘An Account of Magico-Religious Rites and Belief of the Rongdani Rabha’, Bulletin of the Anthropological Survey of India, Vol.XVII, No.3. July 1968
খ) Mazumdar, D.N. : ‘A study of Sanskritization Among the Bodo Speaking Tribes in Garohills’, Tribal Situation in India (ed. K.S. Singh), 1972, pp. 263-270.
গ) দাস, ভুবন মোহন ঃ ‘পৰিবৰ্তনশীল ৰাভা সমাজ’, বাদুংদু’প্পা, প্ৰথম সংখ্যা, ১৯৬১
ঘ) শইকীয়া, পবনচন্দ্ৰ ঃ ‘অসমত জনজাতিৰ পৰা জাতিলৈ ৰূপান্তৰৰ প্ৰবাহিত প্ৰক্ৰিয়া’, অসমৰ মানুহ, ১৯৮৬, পৃ. ১১৮
৩৭। ক) উৎস ঃ শইকীয়া, পবনচন্দ্ৰ ঃ সদ্যোক্ত
খ) সংবাদ ঃ হাৰি কোচ, উপেন্দ্ৰ (৬৮), আদৰ্শ মঞ্জৰী গাঁও, মানিকাচৰ, ধুবুৰী।
৩৮। লেখকে অন্যত্ৰত ইয়াৰে কিছুমানৰ বিষয়ে বিস্তাৰিত ব্যাখ্যা আগবঢ়াইছে। দ্ৰষ্টব্য ঃ
ক) ৰাভা হাকাচাম, উপেন ঃ ‘জাতি-জনজাতিৰ অবিচ্ছিন্ন ধাৰা ঃ শৰণীয়া কছাৰীৰ বিশেষ উল্লিখনসহ’, অসমীয়া আৰু অসমৰ জাতি- জনগোষ্ঠী ঃ প্ৰসঙ্গ-অনুষঙ্গ, ২০১৩
খ) ৰাভা হাকাচাম, উপেন ঃ ‘জাতি-জনজাতিৰ অবিচ্ছিন্ন ধাৰা ঃ সোণোৱাল কছাৰীৰ বিশেষ উল্লিখনসহ’, সদ্যোক্ত।
৩৯। মন কৰিবলগীয়া যে বৰ্তমান জিমচ্ছায়াঁ বুলি নিজকে পৰিচয় দিয়া দিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাতৰ-গঞা এই চাৰি উপফৈদৰ দেউৰীসকলে নিজকে চুতীয়াৰ কোনোটোহঁত ফৈদৰ সৈতে একাত্ম আছিল বুলি মানি ল’ব নিবিচাৰে।
৪০। শইকীয়া, পবনচন্দ্ৰ ঃ প্ৰাগুক্ত, পৃ. ১২৩
৪১। শইকীয়া, পবনচন্দ্ৰ ঃ সদ্যোক্ত, পৃ. ১২৩
৪২। এই সম্পৰ্কে লেখকে অন্যত্ৰত বিস্তৃত আলোচনা কৰিছে। (দ্ৰষ্টব্য ঃ ৰাভা হাকাচাম, উপেন ঃ বৰ অসমৰ বৰ্ণহিন্দু জাতি- জনগোষ্ঠী,২০১৮।
৪৩। বৰ্তমান ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) উন্নয়নৰ সময়ত উদ্ভৱ হ’ব পৰা খেলি- মেলি দূৰ কৰিবলৈ আমাক এটা সৰ্বগ্ৰহণযোগ্য নাম বা পৰিচয়ৰ বাৰুকৈয়ে প্ৰয়োজন হৈ আছিল যদিও এই ক্ষেত্ৰত এক সুস্থিৰ সিদ্ধান্তলৈ আহিব পৰাটো এতিয়াও সুদূৰপৰাহত।

Categorized in: