বিতুপ্ৰতিভ বৰুৱা

বিহু: আনন্দ আৰু স্বাচ্ছন্দ্যৰ উৎসৱ


বিহু বুলিলে অসমীয়াৰ মনত যিখন ছবি ভাহি আহে সেইখন আনন্দৰ ছবি। যদিও বছৰৰ তিনিটা পৃথক সময়ত তিনিটা বিহু পালন কৰা হয় তথাপি বিহু বুলিলে মূলতঃ ব’হাগৰ বিহু বা ৰঙালী বিহুৰ কথাই মনলৈ আহে। ব’হাগ বিহু হৈছে তিনিওটা বিহুৰ ভিতৰতে ৰং-ধেমালি, খাদ্য সম্ভাৰ, নাচ-গান, বোৱা-কটা, গাওঁ আৰু মিতিৰ ফুৰা আদিৰ লেখেৰে আটাইতকৈ বৰ্ণিল আৰু আনন্দমুখৰ উৎসৱ। এই বিহুৰ আটাইতকৈ ধনাত্মক কথাটো হ’ল যে ই মানুহৰ মনবোৰ মুকলি কৰে। বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিৰ বুকুলৈ সজীৱতা আহে। গছ-বিৰিখে ন-সাজ পিন্ধে; নাহৰ-তগৰ, কপৌ-কেতেকী ফুলি ৰমক জমক হয়; বৰ্হমথুৰিয়ে ন থোৰ মেলে; নৈত ন-পানী বাঢ়ে; কুলি-কেতেকীৰ মৌ-মিঠা মাতে চাৰিওদিশ মুখৰিত কৰি তোলে। প্ৰকৃতিত এক মুকলি মুকলি ভাৱ। প্ৰকৃতিলৈ অহা এই সজীৱতাই মানুহৰ মনলৈও সজীৱতা আনে। পুৰণি কৃষি অৰ্থনীতিত এই সময়খিনি আৰ্থিক সচ্ছলতাৰো সময়। আঘোণ-পুহত চপাই লোৱা ধানেৰে ভঁৰাল ভৰি থাকে। বানপানীৰ দৰে দুৰ্যোগৰো এই সময়ছোৱাত কোনো প্ৰাদুৰ্ভাৱ নাথাকে। গতিকে চহা মন স্বতঃস্ফূৰ্তভাৱেই মুকলিমূৰীয়া হৈ থাকে। সকলো ফালৰ পৰা নিজঞ্জাল, ঠাণ্ডাও লুকোৱা গৰমো নোহোৱা এনে এক বতৰেই হাত মেলি মেলি নাচিবৰ বাবে উত্তম বতৰ। নাহৰ-তগৰৰ মন মতলীয়া কৰা সুবাস আৰু কুলি-কেতেকীৰ ইননি-বিননিয়ে ডেকা-গাভৰুৰ মনো মতলীয়া কৰি তোলে-


ঘৰতো নবহে মনে সমনীয়া
পথাৰতো নবহে মন;
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে
তেনেকৈ উৰিবৰ মন।


বিহু আৰু ব্যক্তিস্বাধীনতা:


শৈক্ষিক পৰিভাষাত ব্যক্তিস্বাধীনতা বুলিলে এজন ব্যক্তিয়ে মনে বিচৰা অনুসৰি বা নিৰ্বাচন কৰা ধৰণে কাম কৰিব পৰাকে বুজায়। এজন ব্যক্তি মুক্ত বা স্বাধীন হোৱাৰ অৰ্থ হ’ল বাধা-নিষেধৰ অনুপস্থিতি। স্বাধীনতা ধাৰণাটোক সদায় ধনাত্মক অৰ্থতে ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীত অৰ্থবোধক শব্দবোৰ যেনে শোষণ, বন্দীত্ব, দাসত্ব বা পৰাধীনতা আদিক নীতিগতভাৱে বেয়া নহ’লেও অন্ততঃ অনাকাংক্ষিত হিচাপে গণ্য কৰা হয় (হেইউড, ২০১৫)। সামাজিক ব্যৱস্থা, নীতি-নিয়ম, উৎসৱ-পাৰ্বণ আদিয়ে মানুহৰ ব্যক্তিগত বা সামাজিক স্বাধীনতাত গভীৰ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে ভাৰতবৰ্ষত প্ৰচলিত জাতি ব্যৱস্থা হৈছে এক বন্ধ ব্যৱস্থা যি নিম্ন জাতিৰ ব্যক্তিসকলৰ ব্যক্তিস্বাধীনতা নোহোৱা কৰে বা সীমিত কৰে। অসমত প্ৰচলিত বিহু উৎসৱে বিশেষকৈ ব’হাগ বিহুৱে এইক্ষেত্ৰত কেনে ভূমিকা পালন কৰে সি লক্ষণীয়।
বিহু হৈছে এক অনাৰ্যমূলীয় কৃষিভিত্তিক উৎসৱ। ইয়াৰ ঘাই আয়োজক হৈছে সাধাৰণ চহা ৰাইজ। সম্প্ৰতি সকলোৰে মাজত সমাদৃত হ’লেও ঔপনিৱেশিক কাললৈকে বিহুক উচ্চবৰ্ণ আৰু সম্ভ্ৰান্ত লোকসকলে বৰ ভাল চকুৰে চোৱা নাছিল। ইয়াৰ মূল কাৰণ আছিল বিহুৰ সৈতে জড়িত নাচ-গান আৰু ডেকা-গাভৰুৰ মিলনৰ প্ৰসংগ। পুৰণিকলীয়া কৃষি অৰ্থনীতিত মানুহৰ চাহিদা অধিক। সেইবাবে কৃষক ৰাইজ পথাৰত নমাৰ পূৰ্বে বসন্তকালীন আনন্দোৎসৱৰ মাজতেই লগৰীৰ সন্ধানতো ব্যস্ত হয়। বিহুতলীতে ডেকা-গাভৰুৰ মনৰ বিনিময় ঘটে আৰু মনৰ লগৰী বাচি লোৱাৰ ক্ষেত্ৰত অবাধ স্বাধীনতা লাভ কৰে। বিহুতলীতেই বিহুবলিয়া ডেকা-গাভৰুৱে মনে মিলা লগৰী চাই নিজাকৈ এখনি সংসাৰ তৰাৰ আশাৰে পলাই যায়। এনেদৰে বিহুতলীৰ পৰা ছোৱালী পলুৱাই নিয়া ডেকাক দণ্ড ভৰোৱাৰ নিয়মো হয়তো ঠায়ে ঠায়ে প্ৰচলন আছিল।

বিহু মাৰি থাকিবৰ মনে ঐ লাহৰী
বিহু মাৰি থাকিবৰ মন;
বিহু মাৰি থাকোঁতে পলুৱাই নিনিবি
ভৰিব লাগিব ধন।

কেৱল ডেকাই নে? বিহুৰ সময়তে ঘৰৰ জীয়ৰীসকলেও বিহু মাৰিবলৈ যোৱাৰ স্বাধীনতা পায়। বিহুত মহিলাৰ মুক্তাৱস্থাৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে অসমৰ সামাজিক পটভূমিতো চকু ফুৰাব লাগিব। অসমৰ জনজাতীয় বা অনাৰ্য সমাজ-ব্যৱস্থাত মহিলাসকল আৰ্য সমাজতকৈ তুলনামূলকভাৱে মুক্ত। আহোম শাসনত অসমত পৰ্দা প্ৰথাৰ প্ৰচলন নাছিল। উচ্চ বৰ্ণ বিশেষকৈ ব্ৰাহ্মণসকলৰ বাদে আন সকলৰ মাজত বাল্য বিবাহৰো প্ৰচলন নাছিল। জনজাতীয় সমাজত বিধৱাৰ পুনৰ বিবাহৰ ক্ষেত্ৰতো কোনো বাধা-নিষেধ নাছিল (ৰাজকুমাৰ, ২০০০; ফুকন, ২০১৪, পৃষ্ঠা- ৬৩) । গতিকে মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে বিহু মাৰিবলৈ ওলাই আহিব পাৰিছিল। উজনি অসমৰ প্ৰায়বোৰ অঞ্চলতে গাভৰু বিহু বা জেং বিহু বা মাইকী বিহুৰ প্ৰচলন আছিল। বাঁহৰ টকাক মূল বাদ্য হিচাপে লৈ এই বিহু গোৱা হয় বাবে ইয়াক টকা বিহুও বোলে। বড়, আঁহত আদি গছৰ তলত পতা বিহুতলীত কেৱল মহিলাই নাইবা পুৰুষ আৰু মহিলাই ওচৰা-ওচৰিকৈ অথচ পৃথকে পৃথকে বিহুৰ খলা পাতে। ই মহিলাৰ তুলনামূলকভাৱে স্বাধীন অৱস্থাৰ পৰিচায়ক। মহিলাসকলে সমূহীয়াকৈ মনৰ আনন্দ, দুখ-বেথা আদি বিহুনামেৰে প্ৰকাশ কৰে। বিহু মাৰি থাকোঁতেই ওচৰৰ বিহুতলীত বিহুৱা ডেকাই গোৱা বিহুনামক গাভৰু বিহুৱতীয়ে নিজ বিহুনামেৰে কাটে। অথবা কেতিয়াবা নৈ-ঘাটত বা পথাৰে-সমাৰে অকলে পাই কোনোবা ডেকাই বিহুনামেৰে কোৱা মনৰ কথাষাৰৰ যুক্তিযুক্ত উত্তৰ দিয়ে।
বিহুনামতে আছে বোলে, “চ’ত গ’ল জীয়ৰী মুকলি হ’ল” (গগৈ, ২০০৮, পৃষ্ঠা- ৯২)। চ’তৰ শেষত অহা ব’হাগৰ বিহুটোতে ঘৰৰ জীয়ৰীয়ে বিহুতলীলৈ যোৱাৰ স্বাধীনতা পায়। বিহুতলীতে বহু গাভৰুৱে মনে মিলা ডেকাক জীৱনসংগীৰূপে বৰণ কৰে। বহুতে পলাই যায় বা লগ ধৰিও দৰাঘৰ ওলায়গৈ। চ’ত-ব’হাগৰ এই সময়ছোৱা অতিকৈ মুকলিমূৰীয়া আৰু আনন্দৰ সময়। কথাতে কয় বোলে “বিহুত মৰা গৰুৰ ছালেও বেবায়, শালৰ হাতীও মুকলি হয়; মানুহৰযে কথাই নাই।” (গগৈ, ২০০৮, পৃষ্ঠা-১০)। অৱশ্যে মহিলাৰ এই মুক্তাৱস্থাক সম্পূৰ্ণ মুক্তাৱস্থা বুলিব পৰা নাযায়। পুৰুষতান্ত্ৰিক সমাজৰ আঁচোৰৰ পৰা ই মুক্ত নহয়। তলৰ বিহুনামষাৰেই ইয়াৰ প্ৰমাণ-

কলীয়া কচুৰে শিয়া ঐ দেউতা
কলীয়া কচুৰে শিয়া;
জীয়াই থাকোঁ মানে তোমাৰে তিৰোতা
বিহুলৈ পঠিয়াই দিয়া।

সমাজে বিভিন্ন বাধা আৰোপ কৰিলেও প্ৰতিজন ব্যক্তিৰে নিজৰ জীৱনসংগী নিৰ্বাচন কৰাৰ অধিকাৰ আছে। সেই অৰ্থত বিহুৱে ব্যক্তিস্বাধীনতাৰ প্ৰসাৰত সহায় কৰিছিল। কিন্তু তাৰ মাজতে বিহুতলীৰ পৰা বিহুৱতী গাভৰুক বলেৰে ধৰি নিয়াৰ প্ৰথাও প্ৰচলন আছিল। ড০ লীলা গগৈয়ে ৰচনা কৰা ‘নৈ বৈ যায়’ উপন্যাসতো ছোৱালীয়ে ডেকাৰ লগত পলাই যাবলৈ অমান্তি হ’লে ডেকাই বিহুতলীৰ পৰা বা নৈ-ঘাটৰ পৰা জোৰেৰে ধৰি নিয়াৰ উমান পোৱা যায়। লোক-সংস্কৃতিৰ উপাদানেৰে ঠাহ খাই থকা উপন্যাসখনিত মূল পুৰুষ চৰিত্ৰ ভগী বা ভগীৰথ ফুকনে প্ৰেয়সী সুৱাগীক বিহুতলীৰ পৰাই পলুৱাই নি ঘৰ পাতিছিল। তাই পলাই যাবলৈ অমান্তি হ’লে বলেৰে ধৰি নিয়াৰ কথাও চিন্তা কৰিছিল। পূৰ্বৰ সমাজত সেয়া আছিল প্ৰচলিত ৰীতি। বিহুনামতো আছে-

ইডালি ভলুকা কোনে কাটি নিলে
সিডালি মুকলি হ’ল;
আমাৰে নাচনীক কোনে ধৰি নিলে
বিহুতলী মুকলি হ’ল।

কিন্তু এনেধৰণৰ বলপূৰ্বক স্ত্ৰী-হৰণ কাৰ্য সকলোৰে সম-অধিকাৰ থকা আধুনিক ভাৰতবৰ্ষত গ্ৰহণযোগ্য হ’ব নোৱাৰে। পুৰণি সমাজতো একমাত্ৰ প্ৰচলিত পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বাবেহে ই সম্ভৱ হৈছিল। গতিকে বিহুৱে এফালে যিদৰে মনে মিলা মানুহজনৰ লগত সংসাৰ কৰাৰ বাট মুকলি কৰি দিছিল অন্যহাতে বিহুতলীৰ পৰা ধৰি নিয়াৰ প্ৰথাই ব্যক্তি-স্বাধীনতা খৰ্ব কৰিছিল। অৱশ্যে সেই যুগত মানুহে কপাল ধিয়াই এনে ব্যৱস্থাক গ্ৰহণ কৰি লৈছিল।
ভাৰতৰ লগতে অসমৰ সমাজ জীৱনতো জাত-পাতৰ বিচাৰ বিৰাজমান। বৰ্ণহিন্দুসকলে তথাকথিত নিম্ন জাতিৰ সৈতে বিবাহ বা খোৱা-লোৱা নকৰে। জনজাতীয় সমাজত জাত-পাতৰ প্ৰচলন শিথিল হ’লেও বহু জনজাতিয়ে স্ব-জাতি বিবাহ (endogamy)-ক সমৰ্থন জনায়। তেনে পৰিপ্ৰেক্ষিতত ব’হাগৰ বিহুটিয়েই আনি দিয়ে জাত-পাত নিৰ্বিশেষে ডেকা-গাভৰুৰ মনৰ মিলনৰ সুযোগ। ৰাতি-বিহুৰ খলাত জাত-পাতৰ বিচাৰ স্বাভাৱিকতেই অনুপস্থিত। তেনে প্ৰেক্ষাপটতে ডেকা-গাভৰুৱে জাত-পাতৰ বিচাৰক নেওচা দি গায়-

তোমালৈ চাওঁতে জপনা ডেওঁতে
বিন্ধিলে অঘয়া হুলে;
তোমাৰ মনে খালে মোৰো মনে খালে
কি কৰিব অজাতিৰ কুলে।

এনেদৰেই জাতিৰ নামত ভাগ ভাগ কৰা সমাজত বিহুৱে সমন্বয়ৰ ন-দৌল সাজে। জাত-পাতৰ বাধা নামানি বহু ডেকা-গাভৰুৱে বিহুতলীৰ পৰাই পলাই গৈ সংসাৰ কৰে। অৱশ্যে তাৰ মাজতো হয়তো কোনোবা নিয়ম-ভীৰু ডেকাৰ পছন্দৰ গাভৰুজনী গুণসম্পন্না হৈও একে জাতৰ নোহোৱাৰ বাবে আক্ষেপো থাকি যায়-

তিতাকৈ কেৰেলা লহঙে পহঙে
মিঠানো নহ’লি কিয়;
তই যে লাহৰী লহঙে পহঙে
কলিতানী নহ’লি কিয়?

বিহুৱে ধনী-দুখীয়া, উচ্চ-নীচ, মতা-মাইকী, জাতি-ধৰ্ম নাবাচে। ইতিহাসে কয় অসমত অতীজৰ পৰা বসবাস কৰা জনজাতীয় মূলৰ, হিন্দু ধৰ্মাৱলম্বী, ইছলাম ধৰ্মাৱলম্বী সকলোৱেই বিহু পাতিছিল। চাহ জনগোষ্ঠীয় লোক, চৰ-চাপৰিৰ মুছলমান, শিখ ধৰ্মাৱলম্বী লোক আদিয়েও বিহুক আদৰি লৈছে। তেওঁলোক ধৰ্মৰ ফালৰ পৰা খ্ৰীষ্টান বা ইছলাম হ’লেও, জাতিগতভাৱে ভাৰতৰ থলুৱা কৃষ্টিৰ সৈতে সম্পৰ্কিত। চাহ জনগোষ্ঠীয় লোকে হুঁচৰি গোৱা আৰু ইছলাম বা খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকে বিহুতলীত বিচাৰকৰ দায়িত্ব পালন কৰাৰ দৃশ্য অসমত সুলভ (নেওগ, ২০০৯, পৃষ্ঠা- ৪৬-৪৭)। এক অৰ্থত বিহু আটাইৰে প্ৰাণৰ উৎসৱ। বিহুত হাত মেলি মেলি নাচিবলৈ নাপালে অসমীয়াৰ হাত-ভৰি ঠৰঙা হয়, নতুন বছৰ বুলি গাঁৱৰ হুঁচৰিযোৰাই গৃহস্থৰ পদূলিৰ দূবৰি বন নগচকে মানে গঞা ৰাইজৰ মনত আহৰি নাই, অতি চেনেহৰ ৰঙালী বিহুটি হাততে মলঙি যায় বুলি অসমীয়াই দুখ পায়। এই সময় দুখীয়াৰো আনন্দ কৰাৰ সময়। খাটি খোৱা গঞা ৰাইজে বছৰটোলৈ খাবলৈ জোৰা মাৰিব নোৱাৰে, এডোখৰ ভালকৈ পিন্ধাৰ যোগাৰ নহয়, বাৰিষা চাল উৰুখি পানী পৰে। তথাপি ব’হাগৰ বিহুত তেওঁলোকৰো আনন্দৰ সীমা নোহোৱা হয়। মনৰ ৰং-আনন্দ, দুখ-বেজাৰ সকলো বিহুনামৰ আকাৰে নিজৰি ওলায়।

বিহুৱতী চৰায়ে কৰে বিহু বিহু
আমাৰ বিহু কাপোৰ নাই;
সমনীয়াই সুধিলে কমে কি এ বুলি
সৰুতে মৰিলে আই।
শিলে বালিচৰাই গিলে সমনীয়া
শিলে বালিচৰাই গিলে;
যোৱাবেলি বিহুটি খাবলৈ নাপালোঁ
মতা ম’হ ৰখীয়া দিলে।
ঢোলে বাই ঢুলীয়া গাত নাই চুৰিয়া
গেলা মাছ পাতত দি খায়;
বুকু ফিন্দাই ঢুলীয়া ঢোলত চাপৰ মাৰে
তাৰ মান ঢুলীয়া নাই।

অসমীয়া মানুহৰ উদাৰতাও প্ৰাণৰ উৎসৱ ৰঙালী বিহুটিত প্ৰকাশ পায়। এই বিহুত গাঁৱৰ হুঁচৰিযোৰাই ধনী-দুখীয়া নিৰ্বিশেষে পদধূলা পেলায়। উল্লেখনীয় যে প্ৰথম অৱস্থাত হুঁচৰি কেৱল ৰজাঘৰ বা ডা-ডাঙৰীয়াৰ চোতালতহে গোৱা হৈছিল। লাহে লাহে ফুকন-বৰুৱা, হাজৰিকা-শইকীয়া, বৰা ইত্যাদিৰ চোতালেদি সদৌ ৰাইজৰ মাজতে হুঁচৰি বিয়পি পৰিল। হুঁচৰিত গৃহস্থই সাধ্যানুসাৰে ন-বস্ত্ৰ, টকা-সিকি, গুৱা-পাণেৰে সৈতে ৰাইজক সেৱা ধৰে। পুৰণি কালত আনকি ৰজাইও ৰাইজকে ৰজা মানি এই দিনটোত ৰাইজৰ ওচৰত আঁঠু লৈছিল। হুঁচৰি গাবলৈ অহা গঞাইও মন খুলি গৃহস্থক কুশলে থাকিবলৈ আশীৰ্বাদ কৰে। ঘৰখনৰ অপায়-অমংগল, দুখ-দুৰ্গতি সকলো খণ্ডন কৰি, নিলগৰ ঢৌ নিলগতে মাৰ যাবলৈ; বাটৰ বিঘিনি আঁতৰাই, দৈৱ দোষ, গ্ৰহ দোষ, কাল দোষ সকলোৰে পৰা গৃহস্থক উদ্ধাৰ কৰিবলৈ ভগৱন্তক খাটনি ধৰে। হুঁচৰি বা ব’হাগ বিহুৰ ই আটাইতকৈ কল্যাণকৰ দিশ। আধুনিক প্ৰতিযোগিতামূলক পৃথিৱীত এনে দৃশ্য দুৰ্লভ।

এটা বাতিত নহৰু এটা বাতিত পনৰু
এটা বাতিত খুতুৰা শাক;
মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ
গৃহস্থ কুশলে থাক।

বিশ্বায়নৰ ধামখুমীয়াত বিহু:


বিশ্বায়ন মানেনো কি? বিশ্বায়ন বা গোলকীকৰণ হৈছে ইংৰাজী globalization শব্দটোৰ অসমীয়া ভাঙনি। Oxford Advanced Learner’s Dictionary-ৰ সংজ্ঞানুসৰি বিশ্বায়ন হৈছে বিভিন্ন বহুজাতিক কোম্পানী আৰু উন্নত যোগাযোগৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ নানান সংস্কৃতি আৰু অৰ্থনৈতিক ব্যৱস্থা ইটো সিটোৰ সৈতে সম্পৰ্কিত আৰু সদৃশ হৈ পৰা অৱস্থা (অনুবাদ লেখকৰ)। বিশ্বায়নে অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক তথা সাংস্কৃতিক সকলো দিশতে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে। আহোম ৰাজত্বত বহিঃবিশ্বৰ পৰা একপ্ৰকাৰ বাহিৰত থকা অসমো ইয়াৰ বাদ পৰা নাই। অসমৰ সাংস্কৃতিক দিশসমূহ যেনে ভাষা, উৎসৱ-পাৰ্বণ, গীত-নৃত্য সকলোতে বিশ্বায়নৰ প্ৰভাৱ দৃশ্যমান। উদাহৰণস্বৰূপে অসমৰ পৰা বিভিন্ন বিহুদল গৈ বিদেশতো বিহু, সত্ৰীয়া বা অন্যান্য থলুৱা নৃত্য প্ৰদৰ্শন কৰিছে; বিভিন্ন শ্বপিং মল, ৰেষ্টুৰেণ্ট, গাড়ীৰ শ্ব’-ৰূম ইত্যাদিত বিহু, দুৰ্গাপূজা ইত্যাদিৰ সময়ত বিভিন্ন ‘অফাৰ’ বা ‘ডিচকাউণ্ট’ দিয়া, উৎসৱটোৰ সৈতে সংগতি ৰাখি মল বা শ্ব’-ৰূমটো সজোৱা; গীত-নৃত্য আদিত নতুন ধাৰা, শৈলী বা ভাষা ইত্যাদিৰ সংযোগ আদি ক্ষেত্ৰত এই পৰিৱৰ্তন লক্ষ্য কৰিব পাৰি। এনে প্ৰেক্ষাপটত বিহু কিদৰে প্ৰভাৱিত হৈছে সেইয়া লক্ষণীয়।
ঔপনিৱেশিক শাসনৰ আৰম্ভণিতে বহুতো উচ্চ-শিক্ষিত আৰু উচ্চ-বংশজাত লোকে বিহুক অশ্লীল জ্ঞান কৰি ইয়াক নিষিদ্ধ কৰিবলৈ ব্ৰিটিছ চৰকাৰক অনুৰোধ জনাইছিল। তাৰ ভিতৰত অন্যতম আছিল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, বুদ্ধিন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্য ইত্যাদি। কিন্তু সময়ৰ বিৱৰ্তনৰ লগে লগে ই বৰ্তমান সৰ্বগ্ৰহণযোগ্য উৎসৱত পৰিণত হ’ল। ২০২৩ বৰ্ষৰ ১৩ এপ্ৰিলৰ দিনা আনকি চৰকাৰী পৃষ্ঠপোষকতাত ১১,৩০৪ গৰাকী শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত একেলগে বিহু প্ৰদৰ্শন কৰি গীনিজ বুক অৱ্‌ ৱৰ্ল্ড ৰেকৰ্ডচত নাম সন্নিৱিস্ত কৰিলে। ই এফালে সমাজত বিহুৰ গ্ৰহণযোগ্যতাক আৰু আনফালে গোলকীয় বিশ্বত বিহুৰ প্ৰচাৰক প্ৰতিনিধিত্ব কৰে। ই একপ্ৰকাৰে বিশ্বৰ সমুখত অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ বিজ্ঞাপন তুলি ধৰিলে। অসমৰ পাট-মুগা আৰু কপাহী ভমকাফুলীয়া কাপোৰ; বিহুগীত, বিহুনাচ আৰু লোকবাদ্যসমূহে বিশ্বৰ বজাৰত ভুমুকি মৰাৰ ই এক সুৱৰ্ণ সুযোগ।


বিশ্বায়নৰ পূৰ্বৰে পৰা আমাৰ সংস্কৃতিলৈ কিছুমান পৰিৱৰ্তন আহিবলৈ লয়। বিংশ শতিকাত বিশেষকৈ গুৱাহাটী মহানগৰীৰ লতাশিলত বিহু সন্মিলন পতাৰ পিছৰ পৰা বিহু মঞ্চবোৰত ‘বিহু-কোঁৱৰ’, ‘বিহু-কুঁৱৰী’, বিহু-ৰাণী, বিহু সম্ৰাজ্ঞী আদি খিতাপেৰে শ্ৰেষ্ঠ বিহুৱা বা বিহুৱতীক বিভূষিত কৰাৰ পৰম্পৰা এটাৰ সৃষ্টি হ’ল। নাৰায়ণ বৰপূজাৰীৰ অনুমান মতে ই পশ্চিমৰ ‘মিচ্‌-ওৱাৰ্ল্ড’, মিচ্‌-ইউনিভাৰ্ছ’ আদিৰ পৰা অনুসৃত (বৰপূজাৰী, ১৯৮৮, পৃষ্ঠা-৫৯)। সম্প্ৰতি এই প্ৰতিযোগিতাবোৰৰ সৈতে যোগ হৈছে খুব নামী-দামী পুৰস্কাৰ যি বিলাসী গাড়ী, মটৰ চাইকেল, টেলিভিশ্বন আদিকো সামৰি লয়। ৰাতিৰ সাংস্কৃতিক সন্ধিয়াৰ শিল্পীৰ ‘মাননি’ কেইবা লাখ টকালৈও উঠে। ই হৈছে সংস্কৃতিৰ ওপৰত পুঁজিবাদী ব্যৱস্থাৰ প্ৰভাৱ। গাঁৱৰ সমূহীয়া আনন্দ প্ৰকাশৰ উৎসৱ এটা এনেকৈয়ে প্ৰতিযোগিতাধৰ্মী, ব্যৱসায়ধৰ্মী আৰু অৰ্থসৰ্বস্ব হৈ পৰিল।


বিশ্বায়নৰ আলি দোমোজাত ক্ৰমে ভেটি থৰক বৰক হ’বলৈ আৰম্ভ কৰা লোক-সংস্কৃতিয়ে গীত-নৃত্যৰ প্ৰণালীবদ্ধ ব্যাকৰণ, বিদ্যালয়-মহাবিদ্যালয়ত বিষয় হিচাপে অন্তৰ্ভুক্ত কৰি ডিগ্ৰী প্ৰদান, পৰম্পৰাগত আৰু আধুনিকৰ মাজত সীমাৰখা নিৰ্ধাৰণ আদিৰ জৰিয়তে নিজক সুৰক্ষিত কৰাৰ উপায় চিন্তিলে। মাইকেল টি বেলুনেক-এ (২০১৯) তেওঁৰ এখন গৱেষণাপত্ৰত বিশ্বায়নৰ সংগীত আৰু লোক-সংস্কৃতিৰ ওপৰত পৰা প্ৰভাৱৰ কথা আলোচনা কৰিছে। তাত তেওঁ ভাৰতৰ গুৰু পৰম্পৰাৰ সংগীত শিক্ষণ আৰু নতুন আনুষ্ঠানিক সংগীত শিক্ষণ ব্যৱস্থাৰ (য’ত স্কুলৰ দৰে ৪-৬-৮ বছৰীয়া পাঠ্যক্ৰমৰ ভিত্তিত সংগীত শিক্ষা দিয়া হয়) পাৰ্থক্য নিৰূপণ কৰিছে। পুৰণি ব্যৱস্থাত সংগীতৰ গুণগত মানদণ্ডই মুখ্য আছিল। নতুন ব্যৱস্থাটোত এক প্ৰণালীবদ্ধ ব্যৱস্থাৰে পূৰ্ব-নিৰ্ধাৰিত মাপকাঠীৰে ছাত্ৰ-ছাত্ৰীৰ শিক্ষণৰ মান নিৰূপণ কৰাত সহায় হৈছে যদিও আনফালে পৰীক্ষাত ‘পাছ’ কৰাৰ উদ্দেশ্যই স্বয়ং সংগীতৰ পৰাই শিক্ষাৰ্থীৰ মনোযোগ আঁতৰাই নিছে (বেলুনেক, ২০১৯)। অসমতো শেহতীয়াকৈ বিহু পাঠ্যক্ৰমৰ ভিতৰুৱা হৈছে। ঢোল বাদন, বিহু নাচৰ প্ৰতিযোগিতা ইত্যাদিৰ জৰিয়তেও মান নিৰূপণ কৰাত কিছু সুবিধা হৈছে। ই সংস্কৃতিক জীয়াই ৰখাত সহায় কৰিব। কিন্তু এই প্ৰণালীবদ্ধ ব্যৱস্থাই যাতে বিহুৰ সামাজিক একতা, সৰ্বকল্যাণকামিতা, উদাৰতা, ব্যক্তিস্বাধীনতা তথা স্বতঃস্ফূৰ্ত আনন্দত কোনো হানি-বিঘিনি নঘটাই তাৰ প্ৰতি অসমীয়া ৰাইজ সষ্টম হৈ থকা দৰকাৰ।


সম্প্ৰতি ওৱাদানি হৈ পৰা বিভিন্ন বিহু সন্মিলনে বাৰেৰহণীয়াকৈ বিহু উদযাপন কৰে। বিভিন্ন বিহু-সম্ৰাজ্ঞী, বিহুৱতী, ঢোল বাদন, হুঁচৰি, মুকলি বিহু আদি প্ৰতিযোগিতা; গায়কৰ সাংস্কৃতিক অনুষ্ঠান আদিত লক্ষাধিক টকা ব্যয় কৰা এই বিহু সন্মিলনীবোৰৰ পুঁজি আহৰণ আৰু খৰচৰ দিশটো চাবলগীয়া। শেহতীয়াকৈ চৰকাৰী পৃষ্ঠপোষকতাত ৰাজকোষৰ ১০০ কোটি টকা ব্যয় কৰি বিহুৰ বিশ্ব ৰেকৰ্ড গঢ়া হ’ল। কেৱল উৎসৱ উদ্‌যাপনৰ নামত ইমান পুঁজিৰ ব্যয় গ্ৰহণযোগ্য নে? মাহ যোৰা ৰঙালী বিহুৰ উদ্‌যাপনে দেশ বা জাতিৰ অৰ্থনীতি টনকিয়াল কৰাত কিবা বৰঙনি যোগাইছে নে? বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা বিহু সন্মিলনীবোৰে গ্ৰাম্য অৰ্থনীতিৰ দিশটোলৈ চকু নিদিয়ে কিয়? চৰকাৰী হিতাধিকাৰী হৈ কৰ্ম-সংস্কৃতিলৈ পিঠি দি কেৱল উৎসৱ উদ্‌যাপন কৰাটো এটা আত্মসন্মানবোধ আৰু বিবেচনাবোধ থকা জাতিৰ বৈশিষ্ট্য নহয়। ৰাজনৈতিক ভাৱে চাবলৈ গ’লেও চৰকাৰী পৃষ্ঠপোষকতাত বৃহদাকাৰৰ সাংস্কৃতিক উদ্‌যাপনে জনসাধাৰণৰ মনোজগতত এক সাংস্কৃতিক আধিপত্য (cultural hegemony) বিস্তাৰ কৰাত সহায় কৰে। বৃহৎ পুঁজিপতি গোষ্ঠীয়ে শ্ব’পিং মল, বিজ্ঞাপন আদিত বিহুকে ধৰি থলুৱা উৎসৱসমূহ অন্তৰ্ভুক্ত কৰাৰ ইও অন্যতম উদ্দেশ্য। এই আধিপত্যৰ জৰিয়তেই প্ৰভাৱশালী গোষ্ঠীয়ে জনসাধাৰণক শোষণ আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা লাভ কৰে। ই মানুহৰ মনত এনেকৈ প্ৰভাৱ বিস্তাৰ কৰে যে শোষিত মানুহে প্ৰভাৱশালী গোষ্ঠীয়ে কৰা শোষণৰ মাজতো নিজৰ সমৃদ্ধি বিচাৰি পায়। ইটালিয়ান চিন্তাবিদ এণ্টনিঅ’ গ্ৰামচিয়ে এই সম্পৰ্কে বিষদভাৱে আলোচনা কৰিছে (অধিক বুজিবলৈ গ্ৰামচিৰ Cultural Hegemony-ৰ বিষয়ে পঢ়ক)। বৃহৎ পুঁজিপতি গোষ্ঠীয়ে আমাৰ সাংস্কৃতিক সম্পদবোৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ বৰ বিশেষ লাভ নহয় (অথচ আমি এই বিজ্ঞাপন বা অফাৰবোৰকেই ‘গ্লৰিফাই’ কৰি থাকোঁ!) বৰঞ্চ অসমৰ পুঁজি আৰু সম্পদসমূহ এই পুঁজিপতি গোষ্ঠীবোৰৰ হাতলৈ যায়। ই এটা আত্মসন্মানবোধসম্পন্ন জাতিৰ বাবে অশনি সংকেত।

ভৱিষ্যৎ কৰ্মপন্থা:


উপৰোক্ত আলোচনাৰ পৰা এটা প্ৰশ্নৰ উদয় হয়- আজিৰ গোলকীয় বিশ্বত বিহুৱে কোন বাটেৰে বাট বুলিব? বিশ্বায়নৰ এটা লাভদায়ক গুণ হ’ল যে ই আঞ্চলিক আৰু সংকীৰ্ণ চিন্তাৰ পৰা মানৱ সমাজক ওপৰলৈ উঠিবলৈ অনুপ্ৰেৰণা যোগায়। বৈশ্বিক প্ৰেক্ষাপটত জাত-পাত, আঞ্চলিক সংকীৰ্ণতা আদিৰ কোনো স্থান নাই। আনহাতে আকৌ উদাৰীকৰণ, বিশ্বায়ন আদি প্ৰক্ৰিয়াই সমাজত প্ৰতিযোগিতাৰ গুৰুত্ব বৃদ্ধি কৰে। ইয়াত বৃহৎ প্ৰতিযোগীসকল অধিক পৰিমাণে লাভান্বিত হয় আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰতিযোগীৰ হাতৰ পৰা বজাৰখন ক্ৰমাৎ অন্তৰ্ধান হয়। আনহাতে আমাৰ বিহুৱে সমন্বয়, স্বাধীনতা আৰু উদাৰতাৰ এখন মঞ্চ প্ৰদান কৰে। পৰম্পৰাগত বিহুত বিমল আনন্দ আছে কিন্তু জিৰ’-চাম-গেমৰ (অৰ্থাৎ কাৰোবাৰ লাভ মানে কাৰোবাৰ লোকচান হোৱা প্ৰক্ৰিয়া) দৰে প্ৰতিযোগিতা নাই। বিহুৰ উদাৰতাই সকলোৰে কল্যাণ কৰে। এতেকে বিহুৰ সমন্বয়, স্বাধীনতা, উদাৰতা, সকলোৰে সুখ-শান্তিৰ কামনা আদি আদৰ্শক আমি কৰ্ষণ কৰিব লাগে। বিশ্বায়নে যাতে সাধাৰণ খাটি খোৱা মানুহৰ হাতৰ পৰা প্ৰভাৱশালী গোষ্ঠী বা বৃহৎ পুঁজিপতি গোষ্ঠীৰ হাতলৈ বিহুক লৈ যাব নোৱাৰে তাৰ প্ৰতি আমি চকু ৰখা দৰকাৰ।


অৰ্থনৈতিক দিশৰ পৰা ক’বলৈ গ’লে অসমীয়া ৰাইজে পৰিৱৰ্তনৰ সৈতে তাল মিলাই আগবাঢ়ি যোৱাৰ এক পথ পৰিকল্পনা ৰচনা কৰাটো অতিকৈ জৰুৰী। বিশেষকৈ আজিৰ এই প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থাত এক সুস্থ আৰু পৰিকল্পিত অৰ্থনীতি নহ’লে এটা জাতি বাচি নাথাকে। অসমীয়াৰ অৰ্থনৈতিক সম্ভাৱনীয়তা আছে। কিন্তু তাক কৰ্ষণ কৰা দৰকাৰ। এইক্ষেত্ৰত কেইটামান পৰামৰ্শ আগবঢ়াব পাৰি—


প্ৰথমতে, অসম চৰকাৰে অসমৰ লোক-সংস্কৃতিৰ সৈতে জড়িত উপাদানবোৰক লৈ এক পৰিকল্পনা প্ৰস্তুত কৰক। অসমৰ বয়ন শিল্প, কাঁহ-পিতলৰ সামগ্ৰী, বাঁহ-বেতৰ সামগ্ৰী, বিভিন্ন লোক-বাদ্য, পিঠা-পনা, জা-জলপানকে ধৰি বিভিন্ন থলুৱা খাদ্যই যাতে আন্তৰ্জাতিক বজাৰ দখল কৰে তাৰ বাবে ব্যৱস্থা কৰক। কিন্তু ইয়াৰ পৰা যাতে বৃহৎ পুঁজিপতি গোষ্ঠীৰ পৰিৱৰ্তে অসমৰ থলুৱা ৰাইজৰহে লাভ হয় সেইয়া নিশ্চিত কৰক।


দ্বিতীয়তে, অসমৰ পৰ্যটন উদ্যোগৰ সৈতে অসমৰ লোক-সংস্কৃতিৰ প্ৰণালীবদ্ধ সমন্বয় সাধন কৰক। পৰ্যটন ক্ষেত্ৰবোৰত অসমৰ গীত-নৃত্যৰ প্ৰদৰ্শন, থলুৱা খাদ্য, বয়ন শিল্প আদিৰ বিপণিৰ ব্যৱস্থা কৰক। কাজিৰঙাৰ অৰ্কিড উদ্যানত ইতিমধ্যে এনে এটা প্ৰচেষ্টা লোৱা হৈছে। সম্প্ৰতি যিসকল বিহুৱা-বিহুৱতীক সৰুসজাইত বিহু নাচৰ প্ৰশিক্ষণ দিলে তাৰে নিৰ্বাচিত একাংশক পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত কৰক। ই শিল্পীসকলৰ আয় তথা জাতীয় ৰাজহ বৃদ্ধি উভয়তে অৰিহণা যোগাব। চৰকাৰে বিশেষভাৱে বিহু, ৰাস, দৌল উৎসৱ আদিৰ সময়ত বিদেশী দৰ্শকক অসমলৈ আমন্ত্ৰণ জনাওক। তাৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰ ব্যৱস্থা কৰক।


তৃতীয়তে, প্ৰতিখন আঞ্চলিক বিহু সন্মিলনীয়ে আঞ্চলিক অৰ্থনীতি টনকিয়াল কৰাতো হাত উজান দিয়ক। বিহুৰ সময়ৰ বিভিন্ন থলুৱা সামগ্ৰীৰ বিপণি এইক্ষেত্ৰত আশাপ্ৰদ পদক্ষেপ। ইয়াৰ উপৰি অঞ্চলটোৰ উন্নতি হ’ব পৰা বিভিন্ন অৰ্থনৈতিক পদক্ষেপ যেনে নতুন পদ্ধতিৰ লাভদায়ক খেতি-বাতি, শিল্প কলা যেনে জাপি নিৰ্মাণ, কাঠ-বাঁহৰ সামগ্ৰী নিৰ্মাণ আদিৰ প্ৰশিক্ষণ আদি প্ৰদান কৰি চৰকাৰকো উপযুক্ত বজাৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনাওক। আপাততঃ বিহু সন্মিলনীৰ দায়িত্ব নহ’লেও এইবোৰ কামে অঞ্চলিক অৰ্থনীতি টনকিয়াল কৰিব।


বিশ্বায়নৰ প্ৰভাৱ সাংস্কৃতিক ক্ষেত্ৰত অতি পোনপটীয়া আৰু সহজতে দেখিবলৈ পোৱা ধৰণৰ। সম্প্ৰতি আঞ্চলিক সংস্কৃতিতো ‘এমেৰিকান আইডল এফেক্ট’ বা ‘ইণ্ডিয়ান আইডল এফেক্ট’ জাতীয় কিছুমান প্ৰভাৱ দেখিবলৈ পোৱা যায় যি সংস্কৃতিৰ সাধনাৰ পৰিৱৰ্তে ৰাতিটোৰ ভিতৰতে ‘চুপাৰষ্টাৰ’ হোৱাৰ প্ৰৱণতাত বিশ্বাস কৰে (বেলুনেক, ২০১৯)। সংস্কৃতিৰ দীৰ্ঘস্থায়িত্বৰ বাবে ই ক্ষতিকাৰক। বিহুতো এই প্ৰভাৱ স্পষ্ট। বিহুৰাণী, বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাবোৰেই ইয়াৰ প্ৰমাণ। ইয়াৰ বিপৰীতে কিন্তু লোক-সংস্কৃতিৰ স্বাৰ্থহীন, নীৰৱ অথচ প্ৰকৃত সাধকসকল উপেক্ষিত হৈ ৰয়। এনে সাধকক চিনাক্ত কৰি উপযুক্ত সম্বৰ্ধনা আৰু মাননি দিয়াৰ দায়িত্ব বিহু সন্মিলনীবোৰে লোৱা উচিত। ‘গ্লেমাৰ আৰ্টিষ্ট’ক লাখ-লাখ টকা দিয়াতকৈ এনে ব্যৱস্থা ল’লেহে সংস্কৃতি দীৰ্ঘজীৱী হ’ব। একেদৰে শিল্পীসকলে সংস্কৃতিক এক আৰ্থিক উপাৰ্জনৰ উৎস হিচাপে লোৱা কথাটোকো বেয়া বুলিব নোৱাৰি। তেওঁলোকেও সময় আৰু সাধনাৰ মূল্য পোৱা উচিত। মাথোঁ তাকেই কৰিবলৈ যাওঁতে অৰ্থসৰ্বস্বতাই যাতে বিহুৰ পৰম্পৰাগত ধনাত্মক মূল্যবোধসমূহৰ কঁকাল ভাঙি নেপেলায় তাৰ প্ৰতি চকু দিব লাগে।

(লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ
ঠিকনাঃ ৰাইদঙ্গীয়া গাওঁ, ঘিলামৰা)

টোকা-
লেখাটোত ব্যৱহৃত বিহুনাম কেইফাঁকি ড° লীলা গগৈ সংকলিত ‘বিহুগীত আৰু বনঘোষা’ গ্ৰন্থখনিৰ পৰা লোৱা হৈছে।

তথ্যউৎস-
গগৈ, লীলা (২০০৮) বিহুগীত আৰু বনঘোষা (বনলতা সংস্কৰণ); ডিব্ৰুগড়: বনলতা
নেওগ, প্ৰদীপ (২০০৯) বিহু বিনন্দীয়া (২য় সংস্কৰণ); গুৱাহাটী: জ্যোতি প্ৰকাশন
ফুকন, ডলী (২০১৪) Women, Democracy and Media: An Analysis of Current Trends in Assam; গুৱাহাটী: ডি ভি এচ পাব্লিচাৰ্চ
বৰপূজাৰী, নাৰায়ণ (১৯৮৮) বিবৰ্ত্তনৰ বাটত বিহু; জয়কান্ত গন্ধীয়া (সম্পাঃ) বিহু সংস্কৃতিৰ ৰূপৰেখা-ত সংকলিত; ডিব্ৰুগড়: ষ্টুডেণ্ট্‌চ এম্প’ৰিয়াম
বেলুনেক, মাইকেল টি (২০১৯) Globalization and Its Effects on Musicians and Folk Culture; The Oriental Anthropologist 1—8; DOI: 10.1177/0972558X19862402
ৰাজকুমাৰ, সৰ্বানন্দ (২০০০) ইতিহাসে সোঁৱৰা ছশটা বছৰ (১ম বনলতা সংস্কৰণ); ডিব্ৰুগড়: বনলতা
হেইউড, এণ্ড্ৰিউ (২০১৫) Political Theory: An Introduction (চতুৰ্থ সংস্কৰণ); পেলগ্ৰেভ

Categorized in: