লক্ষেশ্বৰ হাজৰিকা

‘বিহু’ অসমৰ জাতীয় উৎসৱ। বিহু যেনেকৈ এফালে সামাজিক অনুষ্ঠান, আনফালে ধৰ্মীয় উৎসৱ বুলিও ক’ব পাৰি। ‘বিহু’ শব্দৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত আগবঢ়োৱা দেখা যায়। কোনো কোনো পণ্ডিতে সংস্কৃত “বিষুৱৎ” শব্দৰ পৰা উদ্ধৃত বুলি ক’ব খোজে। সেয়া যি কি নহওক মানুহে সভ্যতাৰ পথাৰত খোজ পেলাই যিদিনাৰ পৰাই কৃষিকৰ্মত হাত দিলে, সেই তেতিয়াৰ পৰাই বিহুৰ উৎপত্তি বুলি ক’ব পাৰি। বিহু মূলতঃ ঋতুকালীন কৃষিভিত্তিক উৎসৱ। বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই তিনিটা বিহু পালন কৰে। এই তিনিটা হ’ল— ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। কৃষিৰ আৰম্ভণিতে অৰ্থাৎ চ’ত-ব’হাগ মাহত ৰঙালী বিহু, ৰোৱা ধানে ঠন ধৰি (সঁজাল ধৰা) উঠাৰ সময়ত অৰ্থাৎ আহিন-কাতি মাহৰ সংক্ৰান্তিত কাতি বিহু আৰু খেতি চপাই সোণগুটিৰে ভঁৰাল উপচি পৰা সময়ত অৰ্থাৎ পুহ-মাঘৰ সংক্ৰান্তিত মাঘ বিহু পালন কৰা হয়।
ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্ৰধান। বসন্ত ঋতুত উদযাপিত এই বিহুত প্ৰকৃতিয়ে বৰণ সলায়। বসন্তৰ প্ৰথমজাক বৰষুণ পৰাৰ লগে লগে প্ৰকৃতিয়ে সদ্যস্নাতা গাভৰুৰ ৰূপত আত্মপ্ৰকাশ কৰে; গছ-লতিকাৰ কুঁহিপাত ওলায়, প্ৰকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে। প্ৰকৃতিৰ বিনন্দীয়া ৰূপত ডেকা-গাভৰুৰ মন থৌকি-বাথৌ হয়, মন কমোৱা তুলাৰ দৰে দূৰ-দিগন্তলৈ উৰা মাৰে। দেহত প্ৰেম-পীৰিতিৰ ভাব জাগি উঠে। তেওঁলোকৰ মন উদ্বাউল হৈ মুকলি পথাৰলৈ ঢাপলি মেলে আৰু একেলগে নাচ-গান কৰে। জনবিশ্বাস মতে ডেকা-গাভৰুৱে মুকলি পথাৰত গৈ প্ৰেম-যৌৱনৰ গীতেৰে পুৰুষ স্বৰূপ মেঘক আৰু নাচৰ গিৰিপনীৰে নাৰীস্বৰূপা প্ৰকৃতি (পৃথিৱী)ক উত্তেজিত কৰি বৰষুণৰ দ্বাৰা মিলন ঘটাই বসুমতীক শস্যসম্ভৱা কৰি তোলাৰ যি প্ৰক্ৰিয়া তাতেই ৰঙালী বিহুৰ উৎস আৰু তাৎপৰ্য নিহিত হৈ আছে। অতীত কালৰে পৰা এই ৰঙালী বিহু বা ব’হাগ বিহুৰ লগত ৰং-তামাচা, নাচ-গানৰ লগতে বহুতো ৰীতি-নীতি, ধৰ্মীয় পৰম্পৰা, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে।

ব’হাগ বিহু বা ৰঙালী বিহু, চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈকে মুঠ সাতদিন পালন কৰা হয়। সাতদিনৰ বিহুত প্ৰত্যেকৰে সুকীয়া নাম আছে। সেয়া হৈছে — গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই সাতটা বিহুকে ‘সাতবিহু’ নামেৰে জনা যায়। আজিকালি অৱশ্যে বিহু সাতদিনহে পালন কৰে এনে নহয়, গাঁৱে-নগৰে-চহৰে বিহু গোটেই ব’হাগ মাহ ধৰি চলি থাকে। কেতিয়াবা জেঠমাহ পৰ্যন্ত পায়গৈ। বিহু এসপ্তাহেই চলক বা এমাহেই চলক, প্ৰথম কেইদিনৰ বাবে বাকী দিনবোৰত বিশেষ নিয়ম-নীতি পালন কৰা নহয়।
ব’হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। সেইদিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা-অৰ্চনা কৰা হয়। ঋগ্‌বেদৰ দিনৰ পৰাই গৰু বিহুৰ প্ৰচলন হোৱা বুলি ভাবিবৰ থল আছে। বেদৰ শে¡াকত গো-দেৱতাৰ উদ্দেশ্যে ৰচিত ভালেমান সূক্ত পোৱা যায়। হিন্দুৰ প্ৰধান উপাস্য দেৱতা শ্ৰীকৃষ্ণয়ো এসময়ত নিজে বৃন্দাবনত গৰু চৰোৱা কথা জনা যায়। গৰু বিহুৰ দিনা গৰু-ম’হক পটাত পিহি লোৱা মাহ-হালধিৰে নোৱাই, শিঙত তেল সানি, কপালত ফোঁট দি দীঘলতি আৰু মাখিয়তীৰ ঠাৰিৰে কোবাই ওচৰৰে নৈ, বিল বা পুখুৰীলৈ নি একেলগে হৰিধ্বনি দি সমূহীয়াভাৱে গা ধুৱায় আৰু লগত ‘চাট’ (ত্ৰিশূলাকৃতিৰ বাঁহৰ মিহি শলা)ত সী নিয়া লাউ, বেঙেনা, কেৰেলা, থেকেৰা, তিয়ঁহ, হালধি (কেতুৰি) আদি খুৱাই আৰু গালৈ দলিয়াই এইদৰে গোৱা হয় —
“দীঘলতি দীঘল পাত, গৰু কোবাওঁ জাত জাত। লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু তই হ’বি বৰ গৰু।
এইদৰে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পিছত গৰুবোৰক পথাৰত মুকলিকৈ চৰিবলৈ এৰি দি চাটত থাকি যোৱা অৱশিষ্ট লাউ-বেঙেনাৰ সৈতে চাটবিলাক আনৰ লগত সলনা-সলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুঁজি থোৱা হয় আৰু ৰৈ যোৱা বস্তু দুই-এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমংগল দূৰ হয় আৰু চাটৰ বস্তু খালে বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। সাধাৰণতে চাটবোৰ দুই, তিনি, চাৰি সিৰীয়াকৈ ত্ৰিশূলাকৃতিত বনোৱা হয়। জনবিশ্বাস মতে দেৱাদিদেৱ মহাদেৱৰ সন্তুষ্টিৰ বাবে চাটৰ আকৃতি ত্ৰিশূলাকাৰ কৰা হয়। চাটবিলাক এখন চালনীত এখন আগলি কলপাত পাৰি ঢাকি নিয়া হয় আৰু এডাল পুৰণা পঘা লৈ যোৱা হয়। এই পঘাডাল গৰুৰ গা ধুওৱাৰ আগতে গৰুৰ তলেৰে সৰকাই আনিব লাগে। তেনে কৰিলে গৰুৰ কিবা দোষ থাকিলে দোষমুক্ত হয় বুলি কৃষক সমাজে বিশ্বাস কৰে। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু মৰলীয়া আদি আন আন বন-শাক জ্বলাই ‘যাগ’ দিয়া হয়। যাগৰ ধোঁৱাই গৰু-ম’হক মহ-ডাঁহৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰে। ঠাই বিশেষে সাপ আদিৰ পৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানী ছটিওৱা হয়। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি মাহ-হালধি বটাৰে বা সেন্দূৰেৰে কপালত ফোঁট দি নিমখীয়া পিঠা খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। পঘাডাল সাধাৰণতে মৰাপাটৰ সলনি তৰাৰে তৈয়াৰ কৰা হয়। তৰা বেছি যোগাৰ কৰিব নোৱাৰিলে মৰাপাটৰ লগত অকণমান হ’লেও দিব লাগে। তৰাৰ পঘাত তুলসী-দূৱৰি গুজি দিয়া হয়। এনে কৰিলে গৰুৰ বংশবৃদ্ধি হয় আৰু তৰা থাকিলে গৰু সবল হয় বুলি বিশ্বাস কৰা হয়। তাৰপিছত মাখিয়তীৰ পাতেৰে গৰু-ম’হক বিচি দি এইদৰে গোৱা হয় ‘মাখিয়তীৰ মাখিপাত, মাখি মাৰোঁ জাত জাত।’ এনে কৰিলে বছৰটোলৈ মহ-ডাঁহৰ পৰা হাত সাৰি থাকিব পাৰি। আমাৰ সমাজত সেইদিনাৰ পৰাহে নতুন বছৰত বিচনীৰ বা লোৱা নিয়ম। আগতে ল’লে মূৰঘূৰণি হয় বুলি বিশ্বাস আছে। গৰু নোৱাবলৈ তৈয়াৰ কৰা মাহ-হালধিৰে অৱশিষ্ট পানী মিহলাই ঘৰৰ ভেঁটিৰ চাৰিওফালে ছটিয়াই দিলে বছৰটোলৈ সাপ আদি নাহে বুলি জনবিশ্বাস আছে।
গৰু বিহুৰ দিনাই গধূলি কাম-বন সামৰি জীয়ৰী-বোৱাৰী সকলে হাতত জেতুকা লয়। জেতুকাৰ ৰঙে মানুহৰ চৰ্মৰোগ প্ৰতিৰোধ কৰে। নাচনীয়ে বিহুত আজিকালি জেতুকা লোৱাটো অপৰিহাৰ্য। গৰু বিহুৰ দিনা ৰাতি নেওৰা তলত বহি মচুৰ মাহ, আমৰ মল, কঁঠালৰ মুচি, নিমপাত, নিমখ আদি একেলগে পিহি তৈয়াৰ কৰা ‘মহৌষধ’ খালে বছৰটোলৈ বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়।

গৰু বিহুৰ পিছদিনা অৰ্থাৎ ব’হাগৰ পহিলা তাৰিখে মানুহ বিহু। নামনি অসমত মানুহ বিহু দিনাক ‘বৰ দোমাহী’ বোলে। মানুহ বিহুৰ দিনা ৰাতিপুৱা সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয়; সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সেইদৰে সৰুক আশীৰ্বাদ দিয়ে। বোৱাৰীয়ে শহুৰ-শাহুক বটাত গামোচা, চেলেং চাদৰ আৰু তামোল-পাণ দি মান ধৰি সেৱা কৰে আৰু বিহুৰ জলপান আগবঢ়ায়। তেওঁলোকে আশীৰ্বাদ দিয়াৰ উপৰি যথাসাধ্য উপহাৰ আগবঢ়ায়। বিহুত আত্মীয়-কুটুম্ব, বন্ধু-বান্ধৱৰ মাজত আদান-প্ৰদান কৰা প্ৰতিটো উপহাৰকে ‘বিহুৱান’ বোলা হয় যদিও বিহুৱান বুলিলে ঘাইকৈ গামোচাখনকে বুজায়। আমাৰ অসমীয়া সমাজত গামোচাখনৰ আদৰ আটাইতকৈ বেছি আৰু ইয়াৰ এক সুকীয়া মান-মৰ্যাদা আছে। ‘তাতকৈ চেনেহৰ ব’হাগৰ বিহুটি’ অহাৰ আগতেই অৰ্থাৎ সোমাল চ’তৰ পৰাই অসমীয়া জীয়ৰী-বোৱাৰীৰ ‘মৰমৰ দীঘেদি চেনেহৰ বাণিৰে’ বিহুৱানখনি বৈ-কাটি উলিয়াবলৈ গাত তৎ নাইকিয়া হয়। কিয়নো বিহুৰ পিছত ব’বলৈ থকা কাপোৰ বা বিহুৱান ‘বিহুচেৰা’ বুলি আখ্যা দিয়া হয় আৰু এই বস্ত্ৰ কোনো পুৰুষক দিব নাপায় বুলি বিশ্বাস কৰা হয়। বছৰৰ প্ৰথম দিনটোতে ব্ৰাহ্মণ-দৈৱজ্ঞৰ ওচৰত কৰ্মফল গৰ্ণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়। পহিলা ব’হাগৰ পৰাই অসমীয়া নতুন বছৰ আৰম্ভ হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ, বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰি সুখ-শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি (শ্লোকটি) লিখাই দুৱাৰ মুখত, ঘৰৰ পানীপচাত বা মূধচত গুঁজি থোৱাৰ নিয়ম—


‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ।
বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।’
গৰু বিহু আৰু মানুহ বিহু দুয়োদিনাই গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰা আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়া এটা সুন্দৰ পৰম্পৰা। বিহুগীতত কৈছে —


‘চ’ততে চকৰি ব’হাগত বগৰী
জেঠতে আমনা ধান;
গৰু বিহুৰ দিনা আশীৰ্বাদ ল’লেহে
বৈকুণ্ঠত পাবাগৈ স্থান।


বিহুৰ কেইদিনত ইজনে সিজনক সেৱা-সৎকাৰ কৰা, মৰম-চেনেহৰ আদান-প্ৰদান কৰা, বন্ধু-বান্ধৱ, আলহী-অতিথি আহিলে সোধা-পোছা কৰা, চিৰা-পিঠা দৈ আদিৰে আপ্যায়ন কৰা আমাৰ সমাজত পৰম্পৰাগত ভাৱে চলি আহিছে। সাধাৰণতে গৰু বিহু বা মানুহ বিহু দুয়োদিনতে দুপৰীয়া গৰম ভাত বনোৱা নহয়। জলপানেৰে চলাই দিয়া হয় নাইবা আগদিনাৰ পঁইতা ভাতহে খোৱা হয়। এইদৰে পঁইতা ভাত খাওঁতে বিচনীৰ বা ল’লে বছৰটোলৈ দেহা জুৰ পৰি থাকে বুলি জনবিশ্বাস আছে। গৰু বিহুৰ দিনাই ৰাতিলৈ এশ এবিধ বন-শাক যোগাৰ কৰি আঞ্জা খোৱাৰ নিয়ম। এইদৰে তৈয়াৰ কৰা ব্যঞ্জন সকলো ৰোগৰ মহৌষধ। এশ এবিধ শাক যোগাৰ কৰিব নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়; ইয়াকে ‘সাতশাকী’ বোলে।


ৰঙালী বিহুৰ এইবিলাক ৰীতি-নীতি, পৰম্পৰাৰ উপৰি এটি উল্লেখযোগ্য অনুষ্ঠান হ’ল হুঁচৰি। হুঁচৰি হ’ল আনন্দৰ গীত আৰু নৃত্যৰ অনুষ্ঠান। ইয়াত গাভৰু বা মহিলাৰ স্থান নাই। সাধাৰণতে ল’ৰা, ডেকা-বুঢ়া সকলো মিলি হুঁচৰি দল গঠন কৰি ঘৰে ঘৰে গৈ, ঢোল, তাল, পেঁপা, গগনা, টকা আদি বজাই প্ৰথমে ঘোষা-পদ, পিছত বিহুনাম গাই বিহু নাচ নাচে। এয়ে হুঁচৰি। হুঁচৰিযোৰাত এজন মুখিয়াল মানুহ থাকে। তেওঁক ‘বাৰিক’ বোলে। সাধাৰণতে গৰু বিহুৰ দিনা ৰাতিৰ পৰাই হুঁচৰি গোৱা আৰম্ভ হয়। প্ৰথমে গাঁৱৰ ৰাইজ নামঘৰত গোট খাই তামোল-পাণ আগবঢ়াই হৰিধ্বনি দি ঘোষা পদ জোৰে। তাৰ পিছত প্ৰথমে গাঁৱৰ গাঁওবুঢ়া বা মুখিয়াল মানুহৰ ঘৰতে হুঁচৰি আৰম্ভ কৰে। ইয়াকে ‘হুঁচৰিৰ ঘেতা’ মৰা বোলে। বছৰেকৰ মূৰত হুঁচৰিযোৰা আহিলে গৃহস্থই তামোল-পাণৰ শৰাই দি পদূলিৰ পৰাই আগবঢ়াই নিয়াৰ নিয়ম। ৰাইজৰ পদধূলা চোতালত পৰিলে গৃহস্থই ধন্য মানে। হুঁচৰি গোৱা ৰাইজে গৃহস্থৰ চোতালত প্ৰৱেশ কৰি এইদৰে গৃহস্থৰ কুশল কামনা কৰি গায়—


‘গোহালিত গৰু ………….. হৈছে
পুখুৰীত মাছ ……………. হৈছে
বাৰীত তামোল-পাণ …………..হৈছে
গৃহস্থৰ কুশলৰ অৰ্থে …………. হৰিবোল।’

এইদৰে জয়ধ্বনি দি চোতালত ঘূৰি ঘূৰি নিৰ্দিষ্ট (বিলম্বিত, মধ্য আৰু দ্ৰুত) লয়ত ঢোল-তাল বজাই ঘোষা-পদ গায়। তাৰ পাছতে ‘লহৰী’ (হাতত ধৰাধৰিকৈ ঘূৰাঘূৰি কৰি খেলা এটা আনন্দৰ অনুষ্ঠান) খেলে। ইয়াৰ পিছত গৃহস্থৰ অনুমতি সাপেক্ষে প্ৰথমে যোজনা, তাৰ পিছত ঢোল-তাল, গণনা, পেঁপা আদি বজাই আৰু বিহুনাম গাই নাচি-বাগি ৰং-তামাচা কৰে আৰু গৃহস্থয়ো তামোল- পাণ, গামোচা, চেলেং আৰু যথাসাধ্য অৰিহণা আগবঢ়াই ৰাইজৰ আগত আঁঠু লৈ আশীৰ্বাদ গ্ৰহণ কৰে। ৰাইজেও হিয়া উজাৰি আশীৰ্বাদ দিয়ে। গৃহস্থৰ বাবে ৰাইজৰ আশীৰ্বাদ অব্যৰ্থ বাণ বুলি বিশ্বাস কৰা হয়। হুঁচৰিৰ বিভিন্ন ধৰণৰ আশীৰ্বাদৰ উপৰি ৰাইজে গায় —


‘এটা বাটিত নহৰু¸
এটা বাটিত পনৰু
এটা বাটিত খুতুৰা শাক
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ
গৃহস্থ কুশলে থাক।
এইদৰে ৰাইজে গৃহস্থৰ ঘৰৰ পৰা বিদায় লয় আৰু আন এঘৰলৈ যায়।


হুঁচৰিৰ উপৰি ৰঙালী বিহুৰ আন এটি বিশেষ অনুষ্ঠান হ’ল ‘মুকলি বিহু’ বা ‘বিহুনাচ’। ইয়াত সাধাৰণতে ডেকা-গাভৰুৱে ভাগ লয়। ইয়াত ঢোল-পেঁপা, গগনা, সুতুলি, বাঁহী আদি বিভিন্ন বাদ্যযন্ত্ৰৰ উপৰি বিহুনামৰ পয়োভৰ মন কৰিবলগীয়া। ডেকা-গাভৰুৰ মাজত নামৰ কটা-কটি চলে। বিহুনাচৰ বিহুগীতবোৰত শৃংগাৰ ৰসৰ প্ৰাধান্য দেখা যায়। এইবোৰ যৌৱনৰ গীত, পীৰিতিৰ গীত। এই বিহুগীত বা বিহুনামবিলাক অনাখৰী চহা কবিৰ ৰচিত আৰু এইবোৰ মৌখিকভাৱে যুগে যুগে চলি আহিছে; আৰু কিছুমান এনে সুৰ আৰু ঠাচতে নতুনকৈ ৰচিত হ’ব ধৰিছে। অৱশ্যে পৰিৱৰ্তনৰ ঢৌত আগৰ নাম আৰু এতিয়াৰ নামৰ মাজত যথেষ্ট পাৰ্থক্য দেখা যায়।

ব’হাগ বিহু ৰং-ধেমালীৰ উৎসৱ। হুঁচৰি, বিহুনাচৰ উপৰি ব’হাগ বিহুত নানা খেল-ধেমালি কৰা দেখা যায়। তাৰ ভিতৰত কণীযুঁজ আৰু কড়িখেল উল্লেখযোগ্য। এই দুয়োবিধ খেলেই প্ৰজননৰ প্ৰতীক। বছৰৰ আৰম্ভণিতে খেলা কড়ি ফুটা মানে ধৰণী সোণালী শইেচৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি, অতিবৃষ্টি, বন্যা আদিৰে আগুৰি ধৰা। কড়িখেলত যি পুৰুষৰ কড়ি ফুটে, সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিত জনৰ বিবাহৰ যোগ মিলে বুলি বিশ্বাস কৰা হয়। আহোম স্বৰ্গদেউ সকলৰ দিনতে এই দুবিধ খেলৰ উপৰি শেনখেল, ম’হযুঁজ, মল্লযুঁজ, হাতীযুঁজ, কুকুৰাযুঁজ আদি খেলবোৰে জনপ্ৰিয়তা লাভ কৰি ৰজাঘৰীয়া সন্মান আৰু পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হৈছিল। শিৱসাগৰৰ ৰংঘৰ বাকৰিত এই খেলবোৰ অনুষ্ঠিত হৈছিল আৰু এইবিলাকৰ প্ৰতিযোগিতাও হৈছিল; লগতে ঢুলীয়া নাচনীৰো প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত সমূহীয়া নাম-প্ৰসংগ হয়। ৰাইজৰ মাজত পুৰণি বাদ-বিবাদ থাকিলে তামোল-পাণৰ শৰাই দি একৰা-একৰি দণ্ড খৰচা লৈ ৰাইজে মিটমাট কৰি দিয়ে। অসমীয়া জনজীৱনৰ এবিধ সম্পদ হ’ল ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’। ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে, সেয়ে সেইদিনা ‘জীয়ৰী বিহু’ বা ‘চেনেহী বিহু’। শেষৰ দিনা ‘চেৰা বিহু’। এয়ে ব’হাগৰ ‘সাত বিহু’।
চেৰা বিহুৰ পিছত সাধাৰণতে সাত দিনত বা এঘাৰ দিনত বিহু সামৰণি মৰা হয়। অৱশ্যে কিছুমান ডাঙৰ গাঁৱত বেছিঘৰ মানুহ থাকিলে হুঁচৰি সামৰোঁতে দিন লাগে। যি কি নহওক বিহু সামৰা দিনা ৰাইজে প্ৰথমে গাঁৱৰ নামঘৰত তামোল-পাণ দি সেৱা জনাই ঘোষা-পদ জুৰি গাঁৱৰ পৰা কিছু নিলগত থকা বৰগছ বা জৰি গছৰ তললৈ গৈ গছজোপাত এখন গামোচা বান্ধি সেৱা জনাই গছজোপাৰ চাৰিওফালে ঘূৰি ঘূৰি ঘোষা-পদ আৰু একেবাৰে শেষত গায় এনেকৈ —

‘হুৰাই ল ধান-খেৰৰ ছাই
অতি চেনেহৰে ৰঙালী বিহুটি
হাততে মলঙি যায়।
আৰু কেতিয়াবা এনেকৈও গায়
বিহুটি নামৰে তিনিটি আখৰে
কোনে কাটি গ’লে শিলত
ঘুণেও নধৰে মামৰেও নধৰে
থাকিব আমাৰে প্ৰাণ।


এইদৰে গাই গছৰ গুৰিতে ঢোলৰ মাৰি বা টকা এটা এৰি থৈ বা ভাঙি থৈ ঘৰলৈ উভতি আহে। এইদৰে বিহু সামৰা বা উৰুওৱাৰ নিয়ম। বিহু সামৰি ঘৰমুৱা হওঁতে পিছলৈ উভতি চাব নাপায় বুলি বিশ্বাস কৰা হয়। বিহু অসমীয়া জাতিৰ বাপতিসাহোন। এই বিহু সমন্বয়ৰ প্ৰতীক। বিহুৰ লগত জড়িত ‘বিহুনাম’ বা ‘বিহুগীত’বোৰ অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ। এই বিহুগীতবোৰৰ জৰিয়তে সুজলা-সুফলা আই অসমীৰ অপৰূপ প্ৰকৃতিৰ মনোৰম ছবি, অসমীয়া জন-জীৱনৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, প্ৰেম-প্ৰীতি, হদয়ৰ বতৰা, কৃষ্টি-সংস্কৃতি, ৰূপ-ৰস-গোন্ধ সকলো সুন্দৰভাৱে ফুটি উঠিছে আৰু পৰম্পৰাগতভাৱে যুগ যুগ ধৰি চলি আহিছে। কিন্তু বৰ্তমান পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি বিহুৰ বহুতো ৰীতি-নীতি, লোকাচাৰ বা জনবিশ্বাস লুপ্তপ্ৰায় হৈ আহিছে। আগৰ নৈৰ পাৰৰ, গছতলৰ আৰু চোতালৰ বিহু আহি মঞ্চ পালেহি। নগৰমুখী বিহুৱে আনকি প্ৰকৃত ৰূপ হেৰুৱাই পেলাইছে। লগে লগে বিহুত জ্যেষ্ঠজন বা মান্যজনক সেৱা-সৎকাৰ কৰা, শিপিনীয়ে নিজহাতে বোৱা বিহুৱান দিয়া, ঘৰৰ ঢেঁকীত চিৰা-সান্দহ খুন্দা নিয়মবোৰ লাহে লাহে নাইকিয়া হৈ আহিছে। আজিকালি ল’ৰাই নাঙল-যুঁৱলি আদি খেতিৰ সঁজুলি চিনি নাপায়। গাভৰুৱেও তাঁতৰশাল বা আনুসংগিক বস্তুবোৰ চিনি নাপায়। কিন্তু এটা কথা ঠিক, সময়ৰ পৰিৱৰ্তনত বিহুত পৰিৱৰ্তনৰ আঁচোৰ পৰিলেও বসন্তৰ পৰশত প্ৰকৃতিয়ে ন-ৰূপ গ্ৰহণ কৰিবই, কুলি-কেতেকীৰ সুমধুৰ সুৰত, তগৰফুল, কপৌফুল ফুলিলে বিহুৰ বতৰা পাই আজিও ডেকা-গাভৰুৰ দেহা সাতখন-আঠখন কৰে, মন পুলকিত হয়। বিহুৰ পৰম্পৰা, ৰীতি-নীতি, লোকাচাৰ, জনবিশ্বাস আদিৰ হীন-দেৰি হ’লেও অসমীয়া জাতি থাকে মানে বিহু থাকিব; বিহু ঘৰতেই হওক বা মঞ্চতেই হওক আমাৰ হিয়াৰ আমঠু। এই জাতীয় উৎসৱটি আমি জীয়াই নাৰাখিলে আমাৰ অস্তিত্ব থাকিব জানো? সেয়ে বিহুগীতৰ সুৰতে ক’ব পাৰি—
“বিহু আনন্দীয়া বিহু বিনন্দীয়া
বিহুটি অসমৰ প্ৰাণ,
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।”