ড° গোবিন্দ প্ৰসাদ ভূঞা

“এই বতৰ ৰং আৰু সুৰভিৰ। এই বতৰ হাঁহি আৰু আজৰিৰ। এই বতৰ গুণ্‌গুণ্‌ গুণনিৰ। ৰং আছে, বহু ৰং। উৰণীয়া শিমলুৰ, ৰঙা ৰঙা পলাশৰ, তেজৰঙা মদাৰৰ। ৰং আছে, কত ৰং, বনৰ হেজাৰ এজাৰৰ, বেঙুনীয়া কাঞ্চনৰ। কপৌফুলৰ থোপে থোপে বগা আৰু বেঙুনীয়া, কেতেকীৰ কোঁহে কোঁহে চঁপাফুল বৰণীয়া, চম্পাৰ পাহে পাহে কুহুম ৰং আলসুৱা, নাহৰৰ আগবোৰ কুঁহিৰঙে ৰঙচুৱা। কেঁচা সোণ বৰণৰ আকাশীলতাই নামি আহি মাটিৰ সাৱটে। এলাগী ভেবেলী লতাই ফুলে পাতে সুৱগীটি সাজে। হালধীয়া পখিলাৰ সেউজীয়া পাখি কঁপে। কণ কণ টেঙেচিৰ কণ কণ ৰঙে নাচে। মুকলি পথাৰ জিনা ৰংহীন ৰঙে মাতে। ৰং ৰং আৰু ৰং।” — ডঃ নিৰ্মলপ্ৰভা বৰদলৈ ঃ অসমৰ লোক-সংস্কৃতি
এই ৰঙৰ বতৰ ব’হাগৰ বতৰ। সুৰভিৰ বতৰ। ব’হাগ আহিল- আশা আহিল। ব’হাগ আহিল— জীয়াই থকাৰ হেঁপাহ জাগিল। ব’হাগ আহে অসমীয়াৰ মন-প্ৰাণত ৰং সানিবলৈ। ব’হাগ আহে সংঘাত আৰু সংগ্ৰাম অতিক্ৰম কৰি জীৱনক মধুৰ ৰূপত গ্ৰহণ কৰিবলৈ শিকায়। ব’হাগে মচি দিয়ে নিৰাশাবোৰ, হতাশাবোৰ, নোপোৱাবোৰৰ হা-হতাশ। প্ৰবল আশা জগায় ব’হাগে— অসমীয়া মানুহৰ মনত। ব’হাগ আহিলেই অসমীয়া মানুহৰ ভোক বাঢ়ে— এই ভোক জীৱনৰ, ভালপোৱাৰ। পুনৰ অনুভৱ কৰে— ‘জীৱন,জীৱন, বৰ অনুপম।’ অসমীয়াৰ এই ভোক, এই ভালপোৱা, এই জীৱন-প্ৰেম প্ৰকাশিত হয় বিহুগীতবোৰত। ব’হাগে অসমীয়া মানুহৰ মন-প্ৰাণত জীৱন সুৰভি সানি দি জীৱনৰ ভোক আৰু ভালপোৱাৰ বুনিয়াদ কেনেকৈ ৰচনা কৰে তাৰ প্ৰমাণ বিহুগীতবোৰ। ‘ভেবেলী লতা ফুলোৱা ব’হাগী ঘূৰি ঘূৰি আহে, জপাৰ বৰকপোৰে ‘জপা গৰকা’ৰ দৰে চ’তৰ উদঙীয়া বতাহে চনকা মন গৰকি যায়। মদাৰ, পলাশৰ ৰঙা বোলে বুকুৰ মাজৰ কোনোবাখিনি সেন্দুৰিয়া কৰে। কেতেকী-তগৰৰ আমোল-মোলত গা-মন ৰাঁই-জাঁই হয়। উদং পথাৰত, লুইতৰ চাপৰিত উজনি-ভাটি কৰা মনে ‘কমোৱা তুলা’ উৰাদি উে্‌ৰ। প্ৰাণৰ হেজাৰ ভাষাই আকাশ-বতাহ বিয়পি যায়। সুৰীয়া সুৰত বননি কঁপে। অসমীয়াৰ মনৰ দুৱাৰ মুকলি হয়। ভাষাৰ ছবিত পৰাণৰ অন্তেষপুৰ জিলিকি উঠে’ (প্ৰাগুক্ত)।
এই নিবন্ধত, বিহুগীতৰ জৰিয়তে ব’হাগত অসমীয়া মানুহৰ ভোক আৰু ভালপোৱাৰ ছবি কেনেদৰে প্ৰকাশিত হৈছে সেই বিষয়ে কিঞ্চিৎ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।
বিহুগীতত অসমীয়া জাতীয় জীৱনৰ আশা-আকাংক্ষা প্ৰকাশ হৈ আহিছে। বিহুগীত যদিও প্ৰেম-প্ৰণয়ৰ গীত, তথাপি তাৰ লগতে এক জীৱনমুখী জাতিৰ জীৱন উদ্‌যাপনৰ চিত্ৰ বিহুগীতত অংকিত হৈছে। অতীজৰে পৰা অসম কৃষিপ্ৰধান ৰাজ্য। বেপাৰ-বাণিজ্যতকৈ অসমীয়া মানুহে ভাল পায় কৃষিকহে। সেয়ে ডাকৰ বচনতো কৃষিৰ প্ৰতি উৎসাহিত কৰা হৈছে—
‘যি নৰে সদা কৃষিক কৰে।
বেহাৰ ফল পাইব ঘৰে।।
সোণা ৰূপা কিবা কৰি।
ভাত নাপালে ভোকতে মৰি।।
হীৰা-মণিক থাকে অপাৰ।
খুদ নহ’লে মৰণে সাৰ।।”
খেতি-বাতিৰ লগত জৰিত হৈ থকা মানে প্ৰকৃতিৰ লগত জৰিত হৈ থকা। প্ৰকৃতিৰ সৈতে নিবিড় সম্পৰ্ক থকাৰ কাৰণে অসমীয়া মানুহ শান্ত, সৰল প্ৰকৃতিৰ। ৱাৰ্ডছৱৰ্থে কৈছিল, ‘মানুহে যদি শান্ত পাব খোজে, তেনেহ’লে প্ৰকৃতিলৈ ঘূৰি যাওক।’ ৱাৰ্ডছৱৰ্থৰ মতে, প্ৰকৃতি নৈতিক আৰু আধ্যাত্মিক শাক্তৰে মহীয়ান। “The Tables Turned” শীৰ্ষক কবিতাত ৱৰ্ডছৱৰ্থে কৈছে—
“One inpulse from a vernal wood
May teach you more of man,
Of moral evil and of good
Than all the sages can.”
The Solitary Reaper, Resolution and Independence, Michael আদি কবিতাত তেওঁ প্ৰকৃতিজগতক পঢ়ভূমি হিচাপে গ্ৰহণ কৰি মানৱ জীৱনৰ চিত্ৰ অংকন কৰিছে। প্ৰকৃতি জগতৰ পৰা আঁতৰি আহিলেই মানুহে কষ্ট পায়। মানুহক শান্তি দিয়াই হৈছে প্ৰকৃতিৰ উদ্দেশ্য। প্ৰকৃতিয়ে মানুহক কেতিয়াও বিশ্বসঘাটকতা নকৰে। বিহুগীত প্ৰকৃতিৰ অংগস্বৰূপ নৈ, গছ-গছনি, ফুল, চৰাই, খেতি-বাতি আদিৰ মনোমোহা চিত্ৰণে মানুহক আহ্বান কৰে প্ৰকৃতিৰ বিনন্দীয়া জগতখনলৈ। যথা—
চৰাই মনোমতী মনকে মুহিলি
কোটাহি-বেঙেনাৰ তলত,
কিনো মোহিনীয়ে আমাৰ মন মুহিলি
থাকিব নোৱাৰোঁ ঘৰত।
……………….
ইকৰা কটীয়া খাগৰি কটীয়া
দুটোটি চৰণত ধৰোঁ,
ইকৰা মুঢ়াতে নবহোঁ মইনা
গাৰে কাপোৰে পাতোঁ।
………………
দ-কৈ পথাৰত ধান দাই আছিলোঁ
ঘিলা চকলীয়া মুঠি,
আটাইকে দেখোঁ মোৰ চেনাইক নেদেখোঁ
চাওঁ চতিয়নাত উঠি।
……………………..
অসমীয়া মানুহৰ লোকবিশ্বাস, লোকাচাৰ, আচাৰ-আচৰণ সকলোতে গভীৰ আশাধাৰী জাতি এটাৰ পৰিচয় পোৱা যায়। লোক অনুষ্ঠানবোৰত উৰ্বৰা বিশ্বাসৰ পয়োভৰ মন কৰিবলগীয়া দিশ। উৰ্বৰা বিশ্বাস মানেই আশাৰ পৰিচয়। ্যপথাৰৰ উৰ্বৰতা তথা শইচৰ প্ৰাচুৰ্যৰ কাৰণে অশৰিৰী এক শক্তিক সন্তুষ্ট কৰিবলৈ অদৃষ্টবাদী আদিম কৃষিজীৱী সমাজে বৰষুণ-বতাহৰ অনুকৰণ কৰি পথাৰত নাচিছিল আৰু মানহৰ জীৱনৰ যি ক্ৰিয়াই নাৰীক সন্তান-সম্ভৱা কৰি তোলে সেই আদিম জৈৱিক অভিজ্ঞতা নৃত্যত ৰূপায়িত কৰিছিল। পথাৰ বা মাটিক যে তেওঁবেলাকে নাৰী বা মাতৃজ্ঞান কৰিচিল, এই কথাই স্পষ্ট কৰি তোলে’ (অসমৰ লোক সংস্কৃতিঃ ডঃ নিৰ্মল প্ৰভা বৰদলৈ)। নোৱাই-তোলনি বিয়াৰ আচাৰ সমূহৰত উৰ্বৰা বিশ্বাস ওপচখাই আছে। মুঠতে অসমীয়া জাতিটোৰ আছে জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী, গভীৰ আশাবাদ আৰু এই আশাবাদ উৰ্বৰা বিশ্বাস, লোকগীত আদিৰ জৰিয়তে প্ৰকাশিত হৈছে।
বিহুগীতত অসমীয়া ডেকা-গাভৰুৰ এই আশাবাদ সুন্দৰকৈ প্ৰকাশিত হৈছে।
এইবেলি আহুধান পানীয়ে মাৰিলে
অহাবেলি আহুধান পাম,
ম’হৰ শিঙৰ পেঁপাটি বনকিয়াকৈ আনাগৈ
তোমাৰ শপত বিহুলৈ যাম।
অসমৰ বানপানী কৃষকৰ কাৰণে অতীজৰে পৰাই অভিশাপ। মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা বানপানীয়ে মাৰিলে বুলিয়েই অসমীয়া খেতিয়কে পিছৰবাৰ খেতি নকৰাকৈ নাথাকে। বিহুগীত ফাঁকিত ‘আহুধান’ প্ৰতীক হৈ দেখা দিছে। অনন্ত, বিশাল বিশ্ব ব্ৰহ্মণ্ডৰ তুলনাত মানুহৰ জীৱন কিমান ক্ষুদ্ৰাতিক্ষুদ্ৰ। এই ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱনত বিপদ-বিঘিনিৰো সীমা-সংখ্যা নাই। জীৱন পথৰ ‘বহু বশ্চ বিঘ্না’। নানা আলৈ-আহুকাল, অসূয়া-অশান্তি। তথাপি, আশা হেৰুৱালে জানো হ’ব? সেই বুঢ়া মাছমৰীয়াজনৰ দৰে জানো ক’ব নালাগিব— Man can be destroyed, but not defeated বুলি! মানুহ ধ্বংস হ’ব পাৰে, কিন্তু পৰাজয়ৰ কাৰণে মানুহে জন্ম লোৱা নাই। অসমীয়া জনমনো হতাশ নহয়। ভাল দিন আহিবই এনে ওপচা আশাই অসমীয়া মানুহৰ জীৱন-প্ৰেৰণা। এই জীৱন-প্ৰেৰণা যেন দেশ-কাল-নিৰ্বিশেষে সাধাৰণ জনতাৰ চিৰায়ত জীৱনপ্ৰেণাৰ প্ৰতিনিধিত্বমূলক হৰ্ষধ্বনি!
বছৰটোৰ সকলো সময়তে মানুহৰ স্বাস্থ্য একেধৰণেৰে নাযায়। আনকি বিহুৰ বতৰতো ডেকা-গাভৰু নৰিয়াপাটিত থাকিবলগীয়া হ’ব পাৰে। ডেকাহঁতে পথাৰত বিহু মাৰি আছে, নাচনীৰ দেখা-দেখিয়েই নাই। নাচনী অসুস্থ বুলি জানিব পাৰি নাচনীৰ অপেক্ষাত থকা ডেকাই গায় ঃ
নাচনী নৰিয়া পৰিল সমনীয়া
নাচনী নৰিয়াত পৰিল।
কালি এতেবেলি ভাতে নাইকিয়া
কাছুটি সুলকি পৰিল।।
নাচনী নাহিল বুলিয়েই ডেকাই বিহু মাৰিবলৈ এৰিব জানো? ঢোল, টকা, পেঁপাৰ মাত শুনি চতিয়না বুলি লহপহকৈ বাঢ়ি অহা দেখি বিহুৱা ডেকাৰ মনলৈ দুগুণ উৎসাহ আহি পৰে ঃ
ইপালে টকাৰ মাত সিফালে টকাৰ মাত
মাজতে সোলেং গুৰি সুঁতি,
টকাৰ মাতে শুনি বাঢ়িল চতিয়না
পুলিয়ে ধৰিলে গুটি।
প্ৰকৃতিৰ আন এক অংগ নদী। অসমৰ সভ্যতাত গঢ়ি উঠিছে নদীক কেন্দ্ৰ কৰি। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ুপনৈবোৰৰ জীয়াঢলে খেতিৰ মাটি সাৰুৱা কৰে, নৈৰ বালি-চাপৰিত কঁহুৱা বিৰিণায়ো মনলৈ আশা আনে। বাৰিষাৰ ভৰুন নদী যেনেকৈ ভয়ংকৰ, তেনেকৈ কৃষিকৰ আশাৰো থলী। বিহুগীতত এনে ভৰা নৈৰ চিত্ৰণ ঃ
জীৱন পয়োভৰি যেনে নৈৰে বালি
যেন বাৰিষাৰে নৈ,
নিশাৰে নিশাটো থাকোঁ উজাগৰে
শোৱা গাৰু সাৱতি লৈ।
জীৱন জাঁজী নৈ, জীৱন পয়োভৰি যেনে নৈৰে বালি, আদি উল্লেখেৰে চহা কবিয়ে, জীৱন আৰু প্ৰকৃতিক একে কৰি পেলাইছে। ৰমন্যাসিক কবি ৱৰ্ডছৱৰ্থৰ প্ৰকৃতি দৰ্শ অনুসৰিও প্ৰকৃতি জগত জীৱন্ত আৰু আনন্ত মুখৰ, প্ৰকৃতি জগতত এক আত্মাই বিৰাজ কৰিছে, মানুহ, প্ৰকৃতি আৰু ঈশ্বৰ একেডাল প্ৰেমৰ ডোলত বান্ধ খাই আছে।
জীৱন যেন সঁচাকৈ বোৱতী নৈ। নদীৰ চৰিত্ৰ। নৈ গতিশীল, জীৱনো গতিশীল। নৈৰ দৰেই জীৱনৰো গতি। বুকুৰ আপোনজনৰ সৈতে কেৱল পিৰীতি কৰি থাকিলেই হ’ব জানো? প্ৰণয়িনীৰ সৈতে ঘৰবান্ধি, সুখৰ সংসাৰ কৰাৰ হেঁপাহে জীৱন যুঁজত আগুৱাবলৈ অফুৰন্ত প্ৰেৰণা দিয়ে। নানা প্ৰতিকূলতাক নেওচি জীৱন পথেয় আহৰণ কৰিবলৈ উৎসাহিত কৰে, বুকুত আশাই পঁজাঘৰ সাজে, জীৱন জীয়াবলৈ প্ৰেৰণা যোগায়—
চৰকাৰী চাকৰি কৰিছোঁ লাহৰী
তোমালৈ ঘটিছোঁ ধন,
ঘনাই অহা-যোৱা কৰিব নোৱাৰোঁ
পৰলৈ নিদিবা মন।
এইফাকি বিহুগীতৰ পৰা আৰু এটাী মনস্তাত্বিক বিষয় পৰিস্ফূট হয়। ভৱিষ্যতৰ ৰঙীন কল্পনা, আনন্দ লাভৰ আশাই মানুহক কঠোৰ শ্ৰমশীল কৰি তোলে, আশাবাদী কৰি তোলে। ডেকাই যাক ভাল পায়, সেই প্ৰণয়িনীৰ পাৰ পোৱা আনন্দ সদায় নিজৰ হৈয়ো থকাতো বিচাৰে, সেই আনন্দৰ ভাগ আনে পালে আৰম্ভ হয় পোৰণি-দেৰনি। প্ৰেয়সীৰ পৰা আঁতৰি থাকি প্ৰেয়সীৰ কাৰণেই ধন ঘটাৰ সময়তে সেই আনন্দপ্ৰাপ্তি হেৰাই যোৱাৰ আশংকা এটায়ো ডেকাৰ মনত ডোলা দি নোযোৱাকৈ নাথাকে। কিন্তু অসমীয়া গাভৰুৱে ভাল পাবও জানে। আত্মনিৰ্ভৰশীল, সাহসী আৰু নিপুন ডেকাকহে গাভৰুৱে প্ৰণয়ৰ ভোগজৰা ঢালি দিব বিচাৰে। ‘কোনোবা পিলিঙা, ডেকাই পোনছাটেই নিবৰ মন কৰিলে ‘মোকে নিব খোজ তয়ে হেৰ পিলিঙা কিমান ধন ভাঙিব পাৰ?’ বুলি পুৰুষত্বক সকিয়াই দিয়া আৰু ‘পৰ্বতত লুডুমা গাহৰি আৰু ভৈয়ামতক গড় বান্ধি আহিহে বিয়া কৰাবলৈ মন কৰ’ বোলা কথাই ইয়াকে প্ৰমাণ নকৰে জানো?
‘মনৰ বৰে ঘৰ বতাহে ভাঙিলে
যৌৱনত লাগিলে জাৰ
চাপি আহি চাহি আহ মোৰ ধন চেনাইটি
গুচি যক জীৱনৰ জাৰ।’
জীৱন যুঁজত বিদ্ধস্ত হোৱা, বাৰে বাৰে আশাহত হোৱা, বাৰে বাৰে সপোন ভাগি যোৱাৰ পিছতো মানুহে পুনৰ সপোন দেখে জীয়াই থকাৰ। জীৱন সঞ্জীৱনী আহৰণ কৰে আশাৰপৰাই। বেদনাহত হৈও এধানমান মৰম, এপলক প্ৰেমৰ উমাল সান্নিধ্যৰে জীৱন জীপাল কৰি খোজে, জীৱন ধন্য কৰিব খোজে, এইখিনিতে মনত পৰে, ইংৰাজ কৰি ৰবাৰ্ট ব্ৰাউনিঙৰ ‘দ্য লাষ্ট ৰাইড টুগেডাৰ’ শীৰ্ষক কৰিতাটোলৈ। কবিতাটোত প্ৰত্যাখিত প্ৰেমিকে অকণমান সময়ৰ বাবে প্ৰেয়সীৰ সৈতে ঘোঁৰাত উঠি দুয়ো ফুৰিব বিচাৰিছে— কতাৰ জৰিয়তেই প্ৰেমিকে সমস্ত পোৱাৰ আশাও কৰিছে। এৰা, ক্ষন্তেক সময়ৰ বাবেও সান্নিধ্য দিলে ক্ষতি কি? মানুহৰ তুৰীয় অনুভূতিবোৰ দেশ-কাল-নিৰ্বিশেষ!
মানুহৰ জীৱনত উপৰ্যুপৰি সংঘাত। আঘাত পোৱা যায় বেছিকৈ মানুহৰ পৰাই। ভালৰো ভাল বুলি আজি যাক সাবতি লোৱা হয়, কাইলৈ তেঁৱেই বিপৰ্যস্ত কৰি আঁতৰি যায়। প্ৰণয়ৰ ক্ষেত্ৰতো মিল-বিচ্ছেদ, সংঘাট অনিবাৰ্য। আজি মৰম-চেনেহ ওপচাই দি কাইলৈ আংতৰি গুচি যায়, বুকুত দি যায় বিহ ঃ
মানুহৰ পেটতে জনম ঐ নল’বি
মানুহৰ সঁজাত ঐ নাই,
আজি চেনাই বুলি তোমাক ঐ মাতিব
কালিলৈ পাহৰি যায়।
তথাপি জানো ডেকা-গাভৰু প্ৰেমত নপৰিব? মানুহ জানো সেই বুলিয়ে অকলশৰীয়া হৈ ৰ’ব? বাৰে বাৰে প্ৰতাৰিত পিছতো মানুহ প্ৰেমত পৰে মানুহৰ। মানুহৰ প্ৰেমত পৰাৰ অৰ্থই হ’ল জীৱনৰ প্ৰেমত পৰা। সাধাৰণ জনমেও মানি লয়— সংঘাত কাম্য নহয় যদিও ই অনিবাৰ্য। বিফলতাও জীৱনৰে সত্য। প্ৰেম যেনেদৰে সত্য, বিচ্ছেদো তেনেদৰেই সত্য। মিলনৰ মাধুৰ্য আৰু বিচ্ছেদৰ বেদনা- দুয়োটাই দিয়ে জীৱন মাধুৰ্য। সেয়ে গাভৰুৰ হাঁহিয়েই হৈ পৰে অসমীয়া ডেকাৰ ীৱন জীওৱাৰ সম্বল, জীৱন উদ্‌যাপনৰ উৎসঃ
কাটো সুমথিৰা গোন্ধাই বীৰাজৰা
জেনেৰু চকলা জিম,
তোমাৰে মুখৰ হাঁহি মিচিকিয়া
কাকনো বাতৰি দিম?
গাভৰুৱেও চেনইৰ সপোন দেখি চেনাইক পোৱাৰ আশাতে জীয়াই থাকে—
কলাফুল ধুনীয়া কঁকাল খামুচীয়া
এমুঠন বহল বুকু,
তোমাক ঐ চেনাইটি কেনেকৈ পাহৰিম
সপোন সমাজিকত দেখোঁ।
প্ৰত্যেকগৰাকী গাভৰুৰ মন-গহনত সপোনৰ চেনাই একোটিয়ে মনৰ পদূলি উদূলি-মুদূলি কৰি থাকে। সপোন দেখি থাকে মনৰ, হেঁপাহৰ মানুহৰ। মনৰ আকাংক্ষিক, পৰম বাঞ্চিত সেই চেনাইলৈকে যৌৱনৰ সকলো মণি-মুকুতা সাঁচি থৈ দিয়ে— মনৰ মানুহক এদিন লগ পাবই। এই আশাই গাভৰুৰ যৌৱন থৌকি-বাথৌ ৰি থাকে, সুণীয়া সঁফুৰাত সযতনে সাঁচি থয় দেহ-যৌৱন ঃ
কাঁহিতো নেখাওঁ মই বাটিতো নেখাওঁ মই
সঁফুৰাত নেখাওঁ ঐ গুৱা,
মোৰে মনে খোৱা চেনাইটি নেপালে
দেহাটো নকৰোঁ চুৱা।
দুখৰ ৰাতিবোৰ দীঘলীয়া— নেযায় নুপুৱায়। সহিবলৈ টান। নিবিচাৰিলেও মানুহৰ জীৱনলৈ বেয়াদিন আহে, দুৰ্ভাগ্য আহে, যতনা আহে। এনেবোৰ দিন কাৰো কাম্য নহয়। এনেবোৰ সময়ত ভাল দিন অহালৈ বাট চোৱাৰ বাহিৰে আৰু অইন উপাই নাথাকে। ভাল দিন আহিব, বিৰহ অন্ত পৰিব, যাতনা দূৰ হ’ব— এনে আশা লৈয়ে বাচি থাকে মানুহ ঃ
আকাশৰ চন্দ্ৰক নেপাঁও হাতেমেলি
ভৰি মেলি নেপাঁলো পাটি,
চন্দ্ৰ-সূৰ্যক মাতো তুতি কৰি
পুৱাক ধীৰে ধীৰে ৰাতি।
এনে বিৰহৰ দিন, যাতনাৰ দিন অন্ত পৰাৰ পিছত কি কৰিব তাৰ কল্পনাও ডেকাই কৰি থৈছে ঃ
ব’হাগৰ বিহুতে পূৰ্ণিমাৰ ৰাতিতে
পাতিম তোৰে মোৰে বিয়া,
দুয়ো একেলগে ঘৰে পাতি যাম
মিলাম ঐ দুখনি হিয়া।
বিহু যেনিবা মূৰ্তিমান দেৱতা এজনহে। সেই কাৰণেই যেনিবা বছৰৰ মূৰত অহা বিহু উৎসৱ পাতিবই লাগিব, জীৱনৰ প্ৰতি আগ্ৰহ থকা দিনকেইটাত বিহুৰ মাদকতা যেনিবা আওকাণ কৰিবই নোৱাৰি—
ৰৈ নো ধেমালি কৰিম
জীয়াই থাকোঁ মানে ধেমালি কৰিম ঐ
মৰিলে কাহানি কৰিম।
(অসমীয়া জনসাহিত্য ঃ ড০ প্ৰফুল্ল দত্ত গোস্বামী)
মধ্যপ্ৰদেশৰ ডাৰিয়াসকলেও বসন্তৰ মাদকতাত এনেদৰে আত্মসমৰ্পণ কৰে—
ললাৰে জিয়েচে খেলে ফাগো
মৰেচে দুলামি হো।
এয়া জনমনৰ জীৱন্মাদী দৃষ্টিভংগী। মানুহে জীৱন ভাল পায়, মৰন নহয়। অসমৰ সেউজী প্ৰকৃতিয়েই অসমীয়া মানুহৰ মনৰ আশাবাদী কৰি তুলিছে। ‘ব’হাগত জাতিয়ে ম্লান কৰে’, ‘ব’হাগ গণজীৱনৰ মাহ’— সুধাকণ্ঠৰ এই কথা একেবাৰে সঁচা। ব’হাগ আহে অসমীয়াৰ মনলৈ আশা আহে। আশা আহে জীৱন উদ্‌যাপনৰ। অপায়-অমংগল থাকক, দুৰ্ভাগ্য আহে আহক, মৰি-মৰক থাকক, থাকক অভাৱ-অনাটনস ব’হাগ আহিবই, জাতিয়ে ম্লান কৰিই। প্ৰতি ব’হাগে অসমীয়াক দি যাব জীৱন জীওৱাৰ মন্ত্ৰ। অসমীয়া জন চৰিত্ৰ ৰঙীয়াল। দুখ-দুৰ্দশাক লৈয়ে ইনাই-বিনাই কান্দি-কাটি বাউলি হোৱা জাতি অসমীয়া নহয়। অসমীয়া জাতিয়ে ব’হাগত ধেমালি কৰি যাব চিৰদিন, চিৰকালে— বুকুত সাগৰ সমান মাহ’, সীমাহীন আশা বান্ধি বিহুগীত গাই যাব, কৰি যাব জীৱন উদ্‌যাপন।