অতিৰিক্ত সংযোজন


গাভৰু বিহুত গাব পৰা কেতবোৰ বিহুনামৰ নমুনাঃ বিহুতলীৰ প্ৰৱেশদ্বাৰৰ অলপ আগৰ পৰাই গাভৰুসকলে গাই — “ৰিণিকি ৰিণিকি/দেখো গাঁওখনি/ব’ল সখি তালৈকে যাওঁ। হাততে টকাটি/মুখতে হাঁহিটি/বিহু মাৰিবলৈ যাওঁ।” —এনেদৰে গাই গাই বিহুতলীত প্ৰৱেশ কৰে। গাভৰু বিহুৰ নামবোৰ এনেধৰণৰ— “এৰেং জেৰেং ঐ/চৰাই হালধীয়া/ বিহু বিনন্দীয়া/বিহু মাৰিবলৈ যাওঁ/হেৰা লগৰীয়া/কপৌ ফুলৰ মালা/পিন্ধি লোৱা পচতুলা/বিহু মাৰিবলৈ যাওঁ/হেৰা লগৰীয়া।” “স্বৰ্গদেউ গৈছিলে/পহু মাৰিবলৈ/চুঙাতে গধূলি হ’ল/কুৱৰীয়ে সুধিলে/কমে কিয়ে বুলি/জালফালি হৰিণা গ’ল।” “মানদেশত আছিলে/মানতৰা এযুৰি/আছিলে নৰীয়াত পৰি/যেতিয়া শুনিলে/বিহুৰে বাতৰি/আহিলে লাখুটি ধৰি।” “আহোঁ বড়ৰ তলে/ যাওঁ বড়ৰ তলে/ বড়ৰে ঢপলা পাত/বড়ৰৰে তলতে/জোকাই মোক নলবি/ওলাব কেটেৰা মাত।” “ঔৰে গছতে/মৌৱে বাহে ল’লে/ককাই পাৰি দিয়া খাওঁ/ছতোলা সোণৰে/বিড়ি গঢ়াই দিয়া/বিহুনো মাৰিবলৈ যাওঁ।” “পৰ্বতৰ ঢেকীয়া/লিহিৰিপতীয়া/খাইনো চাবৰে মন/আমাৰে নাচনী/কঁকাল খামুচীয়া/নচুৱাই চাবৰে মন।” (সংগৃহীত)


উপসংহাৰ


গাভৰু বিহু সৰ্ম্পকে ইতিমধ্যে আমি বিভিন্ন গ্ৰন্থৰ লগতে বিজ্ঞজনৰ পৰা লাভ কৰা তথ্যৰ আধাৰত এক বাখ্যা আগবঢ়োৱাৰ প্ৰয়াস কৰিলোঁ। আলোচনাৰ অন্ততঃ এইটো স্পষ্ট হয় গাভৰু বিহু ঠকা বিহু, জুম বিহু এই সকলো বিলাক অভিধাই গাভৰুসকলৰ বিহুকেই প্ৰতিফলিত কৰে। গতিকে বৰ্তমানৰ প্ৰতিযোগিতাৰ মঞ্চত গাভৰু বিহু বা জেং বিহুৰ প্ৰতিযোগিতা নামাকৰণ কৰি গাভৰু আৰু বোৱাৰী একেলগ হৈ জেং বিহু মৰাৰ দিহা কৰিব লাগে। এনে কৰিলে “গাভৰু বিহু” ৰ প্ৰকৃত ধাৰণাতো বিভ্ৰান্তিকৰ হৈ পৰাৰ অৱকাশ থাকিব। প্ৰয়োজন সাপেক্ষে বোৱাৰী বা বিবাহিত মহিলাসকলৰ বাবে “মহিলাৰ জেং বিহু” নাম দি সুকীয়াকৈ এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰাৰ নিশ্চয় স্থল আছে। অৱশ্যে গাভৰু বোৱাৰী সকলে একেলগ হৈ বিহু কৰাৰ পৰম্পৰা যদিহে কোনো অঞ্চলত বিদ্যমান তেন্তে তেনে পৰম্পৰাত হস্তক্ষেপ কৰাতো অনুচিত। কিয়নো আমাৰ এই লোককৃষ্টি সদায় লোক পৰম্পৰাৰ আধাৰত প্ৰতিষ্ঠিত।

সূত্ৰ সংকেতঃ
(১) বুঢ়াগোহাঞি, হেমঃ বিহু আকৌ আহিল; নেশনেল প্ৰিণ্টিং ৱাৰ্কাছ প্ৰেছ, অসম, ১৯৯২, পপৃঃ ৫৭।
(২) ৰয়, শান্তিছায়াঃ মজাংকৰী; ত্ৰিবেণী মহিলা চৰা, গুৱাহাটী, ২০০১ ; তৰা গগৈ কাকতিৰ ‘চৰাইদেউৰ জেং বিহুৰ কথা’ প্ৰবন্ধৰ পৰা উদ্ধৃত;পৃঃ ১৭।
(৩) শৰ্মা, দেৱজিৎ (সম্পা)ঃ হুচৰি; গীতানগৰ বিহু সন্মিলন, গুৱাহাটী, ২০১৫ৰ মুকুল চন্দ্ৰ গোস্বামীৰ ‘জেং বিহু’ প্ৰবন্ধৰ পৰা উদ্ধৃত; পৃঃ ৭০।
পদটীকাঃ
(৪) শৰ্মা, দেৱজিৎ (সম্পা)ঃ ওপৰৰ গ্ৰন্থ; পৃঃ৭০। কাৰণ তেওঁ প্ৰখ্যাত সংস্কৃতিবান ব্যক্তি ক্ষেত্ৰধৰ বুঢ়গোহাঞিৰ পৰা জনামতে তেপৰ বৰচহকী গাঁৱত বুঢ়ীভকতনীহঁতে বিহু নামাৰে, গাভৰুহঁতেহে বিহু মাৰে। গন্ধীয়া দেৱৰ মতে— প্ৰতিযোগিতাৰ যুগত মঞ্চত গছৰ ডাল এটা বা জেং এডাল পুতি তাতে গামোচা এখন আঁৰি দিয়া বাবেহে সৰ্বসাধাৰণৰ মাজত ভুলতে জেং বিহু শব্দটি অধিক জনপ্ৰিয় হ’ল।
সূত্ৰ সংকেতঃ
(৫) শৰ্মা, দেৱজিৎ (সম্পা)ঃ উক্ত গ্ৰন্থ; পৃঃ৭০।
(৬) দাস, নাৰায়ণ, ৰাজবংশী পৰমানন্দ (সম্পা)ঃ অসমৰ সংস্কৃতি কোষ; জ্যোতি প্ৰকাশন, গুৱাহাটী, পৃঃ ২৪৪।
(৭) ৰয়, শান্তিছায়া (সম্পা)ঃ প্ৰাগুক্ত গ্ৰন্থ; পৃঃ ৭-৮
(৮) ৰয়, শান্তিছায়া (সম্পা)ঃ পূৰ্বোক্ত গ্ৰন্থ, তীৰ্থ ফুকনৰ ‘জেং বিহু’ নিৱন্ধৰ পৰা উদ্ধৃত; পৃঃ ১১।
পদটীকাঃ
(৯) পিংকু, শইকীয়া (সম্পা)ঃ অভিযাত্ৰী দৈয়াং; আদৰণি সমিতি, বিহু সুৰক্ষা সমিতি, অসম, ২০১৭ৰ অমিয়া গন্ধীয়াৰ ‘বিহুতলী শুৱনি গাভৰু ছোৱালী’ নিবন্ধৰ পৰা উদ্ধৃত; পৃঃ ২১৮। গাভৰু বিহুৰ অন্য এক ৰূপ হ’ল জুম বিহু। জামুগুৰিহাটৰ ফালে মুকলি পথাৰ বোৰত গাভৰুসকলে জুম পাতি বিহু মাৰিছিল। সেই বিহুতলীবোৰ আছিল গাভৰুৰ নিজা অনুষ্ঠান দুৰ-দুৰণিৰ ডেকাসকল সেইবোৰ বিহুতলীলৈ গৈছিল দূৰৰ পৰাই গাভৰুহঁতৰ বিহু উপভোগ কৰিবৰ বাবে। বহুতৰ মতে এই জুম বিহুৱেই মুকলি বিহুৰ ৰূপ।
(১০) পিংকু, শইকীয়া (সম্পা)ঃ অভিযাত্ৰী দৈয়াং; আদৰণি সমিতি, বিহু সুৰক্ষা সমিতি, অসম, ২০১৭ৰ অমিয়া গন্ধীয়াৰ ‘বিহুতলী শুৱনি গাভৰু ছোৱালী’ নিবন্ধৰ পৰা উদ্ধৃত; পৃঃ ২১৮। তেওঁৰ মতে, “তিতাবৰ আৰু শিৱসাগৰৰ লাইচেং গাঁৱত গাভৰু বিহুৰ আন এটি ৰূপ ‘ঘৰ বিহু’ দেখিবলৈ পোৱা যায়। তেওঁলোকে পুৰুষৰ অনুপস্থিতিৰ সুযোগ লৈ আন এখন গাঁৱৰ গাভৰু আহি ঘৰৰ ভিতৰত বিহু মাৰিছিল। শিৱসাগৰ লাইচেং গাঁৱত বয়সীয়া বিহুৱতীয়ে গাঁৱলৈ ন-বোৱাৰী আনিলে তাইক নচুৱাই চাবলৈ, কিবা এটা অৰিহণা ল’বলৈ সেই ঘৰৰ ভিতৰত বিহু মাৰে।”
সূত্ৰ সংকেতঃ
(১১) কলিতা, মুনিন (সম্পা)ঃ বহনা; নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন, ২০১১, লাকী মেধিৰ ‘মহিলাৰ জেং বিহু’ প্ৰবন্ধৰ পৰা উদ্ধৃত; পৃঃ ১১।
(১২) বুঢ়াগোহাঞি, হেমঃ পূৰ্বোক্ত গ্ৰন্থ; পৃঃ ৫৮।
(১৩) ৰয়, শান্তিছায়াঃ পূৰ্বোক্ত গ্ৰন্থ; পৃঃ ১৩।
(১৪) বুঢ়াগোহাঞি, হেমঃ পূৰ্বোক্ত গ্ৰন্থ; পৃঃ ৫৯।
(১৫) বুঢ়াগোহাঞি, হেমঃ পূৰ্বোক্ত গ্ৰন্থ; পৃঃ ৬৯।
(১৬) গগৈ, দীনেশঃ ম্যু কঙৰ পৰা ম্যুং বৈশালীলৈ; ব্ৰজেন কুমাৰ সন্দিকৈ, গোলাঘাট, ২০১৩; পৃঃ ৪৩।