প্ৰতিযোগিতাত গাভৰু বিহুৰ ব্যৱহাৰিক দিশ
প্ৰতিযোগিতাৰ মঞ্চত গাভৰু বিহুৰ কেতবোৰ ব্যৱহাৰিক দিশৰ ওপৰত তলত আলোকপাত কৰা হ’ল—
(ক) গাভৰু বিহুবোৰ মূলতঃ মুকলি ঠাইত প্ৰদৰ্শন কৰা হয়। অৱশ্যে বৰ্তমানৰ মঞ্চ বিহুৰ যুগত মঞ্চতো গাভৰু বিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু এনে পৰিস্থিতিত বিহুখোলা হিচাপে মঞ্চখনকে বিবেচনা কৰা হয়। উল্লেখযোগ্য যে নাহৰকটীয়া নগৰৰ পৰা ৪ মাইল পশ্চিমে চাচনী মৌজাৰ তৰাণী পথাৰ নামেৰে গাঁৱৰ নামঘৰৰ বাকৰিত ১৯৫৩ চনত পতা বিহুমেলা (বহাগী বিদায় মেলা) তেই প্ৰথম বাৰৰ বাবে ‘জেং বিহু’ৱে বিহুৰ বৰগাধৈত (মঞ্চত) উঠিল।
(খ) গাভৰু বিহুৰ প্ৰতিযোগিতাত গাভৰু আৰু বোৱাৰীসকলে একেলগ হৈ জেং বিহু কৰিলে তেনে বিহুক প্ৰকৃতাৰ্থত জেং বিহু হিচাপে অভিহিত কৰিব নোৱাৰি। বোৱাৰী সকলৰ বাবে সুকীয়াকৈ ‘বোৱাৰী বিহু’ অনুষ্ঠান পাতিব লাগে।
(গ) গাভৰুৰ জেং বিহুৰ নামবিলাক মূলতঃ প্ৰকৃতিমূলক আৰু প্ৰেম প্ৰীতি তথা সমন্বয়মূলক হ’ব লাগে। জাতনামৰ ব্যৱহাৰ গাভৰু বিহুৰ আন এক আকৰ্ষণীয় বৈশিষ্ট্য। (এই বিষয়ে পিছলৈ আলোচনা কৰা হৈছে।)
(ঘ) বাদ্যযন্ত্ৰ ব্যৱহাৰৰ বেলিকা জেং বিহুত ঢোল তাল পেঁপা আদি বজাব নেলাগে। টকা আৰু গগনা গাভৰু বিহুৰ মূল বাদ্য। লগত মাটিৰে সজা সুতুলি আৰু হাত চাপৰি। জেং বিহুত বাদ্যযন্ত্ৰৰ ব্যৱহাৰৰ সন্দৰ্ভত কেশৱ মহন্তই অতি তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য আগবঢ়াইছে— ‘গছ এডালত গামোচা বান্ধি গাভৰু বা আয়তীসকলে জেং বিহু পাতে। গছডালক কোনো কোনোৱে পুৰুষৰ প্ৰতীক বুলিও কয়। জেং বিহুত পুৰুষৰ প্ৰৱেশ নিষেধ। এই বিহুত টকা বজায়, ঢোল তাল নবজায়।’
(ঙ) গছতলৰ গাভৰু বিহু (প্ৰদৰ্শনীমূলক)ত গাভৰু বিহুৱতীৰ সংখ্যা ধৰাবন্ধা নেথাকে। কিন্তু যদিহে এই বিহু প্ৰতিযোগিতামূলক হয় তেন্তে আয়োজক সমিতিয়ে গাভৰু বিহু দলৰ প্ৰতিযোগীৰ সৰ্বোচ্চ বা সৰ্বনিম্ন সংখ্যা নিৰ্দ্ধাৰণ কৰি দিব পাৰে। গাভৰু বিহুত গাভৰু বিহুৱতীৰ সংখ্যা সৰ্ন্দভত হেম বুঢ়াগোহাঞিৰ মত হ’ল এনেধৰণৰ— ‘ৰাতি বিহুতেই হওঁক বা দিনৰ বড়ৰ তলত মৰা বিহুতেই হওঁক, গাভৰুসকলে সাতগৰাকীৰ কমে বিহু নামাৰে। ইয়াৰ তাৎপৰ্য— ‘বিহুৱতী কলিমতীৰ ন-গৰাকী বাই-ভনী আছিল। সেই কলিমতীৰ বাই-ভনীৰ আৰ্হিৰে সাতগৰাকী বা নগৰাকী গাভৰুৰ কমে বিহুৰ থূল নহয়।’১২
(চ) সাজপাৰৰ বেলিকা দেখা যায় তাহানিৰ দিনত গাঁৱৰ গাভৰু সকলৰ বিহু কৰিবৰ কাৰণে কোনো নিৰ্দিষ্ট সাজ পোছাক নাছিল। ‘আহ ঐ ৰঙিলি আহ ঐ পমিলী’ বুলি মাতিলেই যিয়ে যেনেকৈ পাৰে বিহুৰ তলিলৈ ঢাপলি মেলিছিল। বিহুৰ মতলীয়া মন ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ নাৰাখি দৌৰি গৈছিল জেং বিহুৰ তলিলৈ। কিন্তু গহনা গঠৰিবোৰ বিহু আহিলেই গাভৰুসকলে ডিঙিত ডুগডুগী, জোনবিৰি কাণত জাংফাই কেৰু, কাণফুলি, হাতত গামখাৰু, খোপাত কপৌফুল, হাতত জেতুকা, ওঁঠত বৰহমথুৰি বুলায় সাজি কাছি থাকে। যি কি নহওঁক, প্ৰতিযোগিতাৰ মঞ্চত গাভৰুসকলে গাভৰু বিহু পৰিবেশন কৰিবলৈ যাওঁতে সাজপাৰৰ ক্ষেত্ৰত বিশেষ সৰ্তকতা অৱলম্বন কৰিব লাগে। সাজপাৰৰ ক্ষেত্ৰত গাভৰুসকলে মুগাৰ ৰিহা আৰু মেখেলা পিন্ধাতো বাঞ্চনীয়, অৱশ্যে মুগাৰ ৰিহাৰ ব্যৱস্থা নাথাকিলে মুগাৰ চাদৰ বা পাটৰ চাদৰো গ্ৰহণযোগ্য হ’ব পাৰে। ড° পুষ্প গগৈৰ মতে, আহোমসকলেও পূৰ্বতে মেখেলা চাদৰ ৰিহা অধিক পচন্দ কৰিছিল। অসমীয়া বিহুৱতী গাভৰুৱে মুগাৰ জকমকীয়া মেখেলা চাদৰ যে পিন্ধিবই লাগিব তাৰ কোনো ধৰাবন্ধা নিয়ম নাই। ফুলাম কপাহী কাপোৰ এসাজেও বিহুৱতীৰ দেহত আদৰ্শনীয় স্বৰূপ হৈ পৰিব পাৰে। ১৩ কিন্তু সেই বুলি বজাৰৰ পৰা কিনা খমখমীয়া মেখেলা চাদৰৰ ছেট পিন্ধি গাভৰুসকলে বিহু পৰিবেশন কৰিবলৈ অহাটো অনুচিত। খমখমীয়া মেখেলা চাদৰৰ পৰিধানে বিহুৱতীসকলৰ প্ৰকৃত সৌন্দৰ্য ফুটাই তোলাত ব্যাঘাতহে জন্মায়। গাভৰুসকলে পৰিধান কৰা মেখেলা বা চাদৰ কম ফুলৰ বিশেষকৈ গুটি ফুলৰ হ’লে সোণত সুৱগা চৰাৰ দৰে অধিক মোহনীয় হয়। পৰিবৰ্দ্ধানত ৰঙা ফুলৰ আচুৰ ফুলাম মেখেলাখন এনেদৰে পিন্ধিব লাগে যাতে ভৰিৰ সৰু গাঠিলৈকে ঢাক খাই থাকে। মুঠতে প্ৰতিযোগিতাত গাভৰু নাচনীৰ পোছাক একে হ’ব লাগে। অৰ্থাৎ মুগাৰ হ’লে সকলো মুগাৰ, কপাহীৰ হ’লে সকলো কপাহী কাপোৰৰ। কিন্তু ৰিহাখন পাৰি থকা দীঘল আৰু কেছ বচা হ’ব লাগে। এই ক্ষেত্ৰত কোনোবাই গাড়িয়লী ৰিহাও পিন্ধিব পাৰে। বিহুৱতীসকলৰ ব্লাউজটো দীঘল হাতৰ লগতে মুগা ৰঙাৰ হ’ব লাগে। বিহুৱতীসকলে কঁকালত খোচনি মাৰি ৰঙা ৰঙৰ এখন হাচতি (যাক পখৰুতং বুলি কোৱা হয়)ৰ সৈতে সৰু কটাৰি (ডবুৱা কটাৰি) বান্ধিলোৱাটো বাঞ্চনীয়। গাভৰু বিহুত গাভৰুসকলে গামোচা ব্যৱহাৰ কৰিব নালাগে। এই সম্পৰ্কত হেম বুঢ়াগোহাঞিয়ে কৈছে— ‘গাভৰু সকলৰ বিহুত আৰু এটি জাতীয় আচাৰ-নীতিৰ পৰিপন্থীৰূপে আধুনিক কালত সততে চকুত পৰে; ডিঙিত গামোচা মেৰিয়াই বিহু মৰা। বাস্তৱিকতে নাৰীয়ে কোনো সামাজিক অনুষ্ঠান, বিশেষকৈ বিহুত গামোচা ব্যৱহাৰ কৰা ৰীতিৰ প্ৰচলন অতীতত নাছিল। চেনেহৰ সূতাৰে বৈ কাটি উলিওৱা গামোচাখন গাভৰুৱে চেনাইক বিহুৱান দিয়ে। নিজে ডিঙিত মেৰিয়াই নলয়। কিন্তু আধুনিক কালত নাৰী বা গাভৰুৱে বিহুত নিজে গামোচাখন কিয় বা কি উদ্দেশ্যে লৈছে সেয়া এক প্ৰকাৰে চিন্তনীয় বিষয়।’ ১৪ বিহুৱতীয়ে নেঘেৰী, কলডিলিয়া, ঘিলাচকলীয়া, উধনীয়া যিকোনো এক প্ৰকাৰৰ খোপা বান্ধি কপৌফুল নাপালে বসন্ত কালৰ যিকোনো এবিধ ফুল ব্যৱহাৰ কৰিব পাৰে। কিন্তু সেইবুলি কৃত্ৰিম ফুল এপাহ খোপাত গুজি লোৱাতো বৰ্জনীয়। প্ৰসাধন সামগ্ৰীৰ বেলিকা ওঁঠত বৰহমথুৰি আৰু জেতুকাৰ বোলেৰে দুহাতৰ তলুৱা বোলাব লাগে। বিহুৱতীয়ে গামখাৰু, জোনবিৰি, গেজেৰা, গলপতা আদি পিন্ধিহে বিহু বাকৰিলৈ প্ৰৱেশ কৰিব লাগে। গতিকে সামগ্ৰীক ভাব ক’ব পাৰি যে— গাভৰু বিহু পৰিবেশনৰ বেলিকা গাভৰুসকলে ৰাঙলী হাঁচতি, ডাব-কটাৰী, খোপাত বতৰৰ ফুল, গামখাৰু, গেজেৰা, মুখত সেলেঙী, মুগা ৰিহা-মেখেলা অসমীয়া গহনা পিন্ধি লৈ বিহু মাৰিবলৈ যোৱা উচিত (বিহু সুৰক্ষা নিয়মাৱলী, বিহু সুৰক্ষা সমিতি, অসমৰ পৰা উদ্ধৃত পৃঃ১২)।
বিহু নামত বিহুৱতীৰ সাজপাৰৰ সুন্দৰ বৰ্ণনা পোৱা যায়—
‘দলনিৰ ওপৰে/কি চৰাই উৰিলে/আটাইৰে ৰঙা ৰঙা ফোট/অকল বগীতৰা/সোণৰ গিলিপ মৰা/কপালত সেন্দুৰৰ ফোট।’ ‘মুগাৰ ৰিহা মেখেলাই/দেহাটি সজালা/কপালত সেন্দুৰৰ ফোট/নেঘেৰী খোপাটিত/কপৌফুল গুজিছা/বৰহমথুৰী বোলোৱা ওঠ।’ ‘হাতৰে শুৱনি/হাতৰ গামে খাৰু/ডিঙিৰে শুৱনি মণি/দীঘল সেওঁতাৰে/খোপাটি বান্ধিলা/যেন খনিকৰৰ ফণি।’ ‘এতোলা সোণেৰে/বিৰি গঢ়াই দিম/গা চাই আনি দিম চোলা/এটিপা ককাল চাই/মেখেলা আনি দিম/গাৰু দিম শিমলুৰ তুলা।’ ‘জাংফাই কেৰুযোৰ/পনিয়লি বাখৰযোৰ/কাণত জিলেমিলে কৰে/শুৱাই কি নুশুৱাই/পাটে মেজাংকৰি/চকু চাতে মাৰি ধৰে।’ (সংগৃহীত)
(ছ) গাভৰু বিহুৰ পৰিবেশন শৈলীৰ বেলিকা প্ৰতিযোগিতাৰ মঞ্চত যৌৱনাপ্ৰাপ্ত সমবয়সীয়া গাভৰুসকলে আৰম্ভণিতে চাকি বা বন্তি, বিহুৱান আৰু গুৱাপাণ ইত্যাদিৰে প্ৰকৃতি দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্য যথাবিহিত পৰম্পৰাৰ বৈশিষ্ট্য ৰাখি ভক্তিভাৱ প্ৰকাশ কৰি তেওঁলোকৰ বিহু আৰম্ভ কৰিব লাগে। আনকথাত ক’বলৈ হ’লে এজোপা গছৰ তলত বিহু আৰম্ভ কৰাৰ আগতে সেই গছ জোপাত গামোছা এখন মেৰিয়াই সেৱা কৰি জেং বিহু আদৰে। প্ৰথমে যোজনাৰে বিহু আৰম্ভ কৰে তাক জোৰণি বুলি কোৱা হয়— “প্ৰথমে ঈশ্বৰে/সৃষ্টি সৰজিলে/তাৰ পাছত স্ৰজিলে নাম/বিহুৰে ঐ দেৱতা/দায়ে নধৰিবা/বতৰৰ নাম এষাৰি গাম।” “কি দি আদৰিম/তোকে ঐ বহাগী/কি দি আদৰিম তোকে/মৰমৰ দীঘে দি/গামোছা বৈছিলো/তাকে দি আদৰিম তোক।” (গাভৰু বিহুৰ যোজনা) গাভৰু সকলে পুনৰ গায় এনেদৰে— “গছৰ তলতে/টকাটি বাজিলে/গগনাই বুলিলে বাও/লগৰ সমনীয়াই/বিহুলৈ মাতিছে/জেং বিহু গাবলৈ যাওঁ।” (সংগৃহীত)
এনেদৰে গাভৰুসকলে মিলি গছজোপাৰ তলত বৃত্তাকাৰ হৈ প্ৰথমে তিনিজনী মানে নাচে আৰু বাকীখিনিয়ে টকা গগণা সুতুলি লৈ হাত চাপৰি বজাই বজাই মনৰ উলাহত জাত নাম গায়। এগৰাকীয়ে নাম লগাই দিয়ে আৰু বাকীসকলে সহযোগ কৰে। বৃত্তৰ মাজত তিনি-চাৰিগৰাকীয়ে নাম, টকা, গগণা আৰু হাত চাপৰিৰ তালে তালে নাচে। দুই তিনিটা নামৰ মূৰে মূৰে একোটা যোজনা (জোৰণি বুলিও কোৱা হয়) গায়। মাজে মাজে নামতি আৰু নাচনী সলনি হয়। জেং বিহু সামৰোতে গায়— “হুৰাই ল/ধান খেৰৰ ছাই/অতি চেনেহৰ/ৰঙালী বিহুটি/হাততে মলঙি যায়/আগেয়ে বহাগী/আছিলি য’ত/যাগৈ বহাগী থাকগৈ তত …।” উল্লেখযোগ্য যে গাভৰু বিহুৰ বিহুনাম বিলাকত প্ৰকৃতি বিষয়ক আ-অলংকাৰ, সাজপাৰ, খাদ্য-সম্ভাৰ, তাতশাল আদি প্ৰকাশ পায়। সেয়ে গাভৰু বিহুত গোৱা হয়— “জাকৈ চাবে চাবে/পানী চলু চলু/সৰু মাছ উঠিলে/খৰিছাৰে ৰান্ধো/টুপটুপ-টুপলি/খুতৰা শাক বুটলি/গৰৈ মাছ ভাজি লৈ/টেঙা দি ৰান্ধো।” (সংগৃহীত)। অৱশ্যে উঠন গাভৰুৰ মনৰ চেপা ভাব প্ৰকাশৰ সুবিধা গ্ৰহণ কৰি মনৰ মাজত সোমাই থকা প্ৰেমৰ চেপা আৱেগ-অনুভূতিবোৰকো গাভৰুসকলে এই বিহুৰ মাধ্যমেৰে প্ৰকাশ কৰে এনেদৰে— “আমাৰ বিহু চাব চাবলৈ/নাহিবি ঐ ডেকা ডেকাটি/গঞা ৰাইজে পাতি পাতিব/মেলে হেৰা ডেকা ডেকাটি/গঞা ৰাইজে পাতি পাতিব মেল (সংগৃহীত)।” গাভৰুসকলৰ এই বিহু নাচ লুকাই চুৰকৈ চাই থাকি ডেকাসকলে জীৱন সংগিনী বাচি লোৱাৰ উদাহৰণ আছে গাভৰু বিহুৰ নাম বিলাকত— “কঠিয়া আছে/পানী চলু চলু/জাকৈনোৱে চেৰেক বাও/পাও নে নাপাও ঐ/মোৰে চেনাই ধনক/চিৰি পাতি মঙলখন চাওঁ।” (সংগৃহীত) সেয়ে একে আষাৰতে জেং বিহুক বোৱাৰী বিহু বোলাতো টান।
গাভৰু বিহুত থেলা নামৰো প্ৰয়োগ মন কৰিবলগীয়া। কিয়নো পূৰ্বে গাভৰুসকলৰ বিহু খোলাত কোনোবা ডেকাই ইকৰা বিৰিণা ফালি জেং বিহু চোৱা গাভৰুৰ চকুত ধৰা পৰিলে ঠেলা নামেৰে গাভৰুৱে ডেকাক থকা-সৰকা কৰিছিল। এটা উদাহৰণ লোৱা যাওঁক— “ককাইদেউ আহিছে/আমাৰ বিহু চাবলৈ/আমালৈ আনিছে কি?/আমালৈ আনিছে/লঙে ডালে চেনি/বৌ দেউক বন্ধকত দি।” গাভৰু বিহুত গাভৰুসকলে নিলগৰ পৰা তেওঁলোকৰ বিহু উপভোগ কৰি থকা ডেকাসকলক উদ্দেশ্যি গোৱা কেইটামান নমুনা তলত উল্লেখ কৰা হ’ল—
“নৈৰে লেতেৰা/খোলোপা খোলোপি/তাতো সোমাই থাকে পানী/ডেকাবোৰ লেতেৰা/বিজুলী চকুৱা/মুখত মিচিকিয়া হাঁহি।” “ৰিহা জুৰি জুৰি/দহি ঐ চেনাইটি/চেলেং জুৰি জুৰি দহি/তোমাক জুৰি জুৰি/গাবলৈ নেপালো/আজি বিহুতলীত আমি।” (সংগৃহীত)।
গাভৰু বিহুত জাতনামৰ ব্যৱহাৰো মন কৰিবলগীয়া। এটি উদাহৰণ লোৱা হওঁক—
“জেউতি এ চোমনি কলিয়া/জেউতি এ গা হ’ল ককিলা মাছ/জেউতি এ পৰত ধানে বানি/জেউতি এ নেখাওঁ ভাতে পানী/জেউতি এ গা হ’ল ককিলা মাছ।”
গাভৰু বিহুত গাব পৰা চাৰিশাৰীৰ জাতৰ নমুনা—
(ক) ৰিজু ৰিজু ৰিজু বন/ফুলে তগৰ বৃন্দাবন/পিন্ধো পিন্ধো লাগিছে/পিন্ধো পিন্ধো লাগিছে মন।
(খ) অ’ ডালিম ডিমৰু/আমাৰ জীৱন কি কৰো/ভাবোতে ঐ তৰণি/চিন্তোতে ঐ তৰণি নাই।
(গ) নয়া নদীৰ নয়াঁ কুল/ফুলি আছে পদুম ফুল/খোপাত মাৰোঁ বকুল ফুল/হাততে ঐ জেতুকাৰ বোল। ইত্যাদি।
গাভৰু বিহুৰ দীঘলীয়া জাতৰ নমুনা—
জাতঃ অ’ কি অ’ চেনাই
নতুন বছৰ সোমায়
কুলি-কেতেকীয়ে
কান্দে ইনাই বিনাই
কেতেকীৰ বিননিত
তোলৈ মনত পৰে
দুগালে দুধাৰি
চকুলো বাগৰে।
ৰিহাতে বাছিলো অ’ কি অ’ চেনাই
ফুটুকী ডবুৱা অ’ কি অ’ চেনাই
হাঁচতিত বাছিলো কেঁছে কি অ’ চেনাই
নতুন বছৰ সোমায়
… … …
… … …
চকুলো বাগৰে
ধনক বাছি ল’লো অ’ কি অ’ চেনাই
সৰু ভাই ঘূৰিয়া অ’ কি অ’ চেনাই
ভাঙিব নোৱাৰো পেচে কি অ’ চেনাই
নতুন বছৰ সোমায় কুলি-কেতেকীয়ে কান্দে ইনাই-বিনাই
… … …
… … …
চকুলো বাগৰে (সংগৃহীত)
(ঘ) “অ’ তোৰা বটিয়া/বিহু আহে যেতিয়া/নাহৰ ফুলে তেতিয়া/তগৰ ফুলে তেতিয়া/পখিলা হৈ উৰিবৰ/পখিলা হৈ উৰিবৰ/পখিলা হৈ উৰিবৰ মন।” এনেধৰণৰ জাতি নামবিলাক মুকলি বিহু আৰু গাভৰু বিহু উভয়তে পৰিবেশন কৰিব পাৰি।
(জ) গাভৰু বিহুৰ আন এক উল্লেখনীয় দিশ হ’ল—গাভৰু বিহুত কুৰুলিৰ ব্যৱহাৰ নহয়। এই কুৰুলি হুচৰি আৰু মুকলি বিহুত বিহুনাম গাওঁতে ডেকা সকলেহে প্ৰয়োগ কৰে। গাভৰু বিহুত কুৰুলিৰ পৰিবৰ্তে গাভৰুসকলে কিৰিলিৰহে ব্যৱহাৰ কৰিব লাগে। জাত লগাই গোৱা বিহুনামসমূহত গাভৰুসকলে চুটি চুটিকৈ কিৰিলিৰ প্ৰয়োগ কৰিলে গাভৰু বিহুৰ নান্দনিক সৌন্দৰ্য অধিক মনোমোহা হৈ পৰে।
(ঝ) হুচৰি আৰু ডেকা-গাভৰুৰ মুকলি বিহুত ঢোলৰ চেও-চাপৰত, পেপাৰ লহৰত ডেকা আৰু গাভৰুসকলে নচাৰ বিপৰীতে গাভৰু বিহুত কেৱল গাভৰু সকলে হাতচাপৰি , বাঁহৰ টকা বজাই, বিহুনাম গাই গিৰিপ গিৰিপকৈ এটা বিশেষ লয়ত নাচি থাকে। যিহেতু শাস্ত্ৰীয় নৃত্যৰ দৰে বিহু নাচ মুদ্ৰাযুক্ত আৰু অভিনয়যুক্ত নহয়, বৰং লোকনাচহে সেয়েহে বিহুনাচত মুদ্ৰা আৰু অভিনয়ৰ পৰিবৰ্তে ভংগিমাৰহে পয়োভৰ দেখা যায়। প্ৰকৃতিৰ অনুকৰণত ডেকা-গাভৰুৰ প্ৰাণত সৃষ্টি হোৱা উৎসাহ উদ্দীপনাৰ প্ৰকাশেই এই বিহুনাচৰ মুখ্য প্ৰতিপাদ্য বিষয়।
গাভৰু বিহুৰ বিহুৱতীৰ নাচোন ভংগি সম্পৰ্কে বিভিন্ন গৱেষক সকলে আগবঢ়োৱা মতামত সমূহ চালি জাৰি চালে গাভৰু বিহুৰ বিহুনাচৰ ক্ষেত্ৰত নিম্নোক্ত ভংগিমা কেইটা প্ৰতিফলিত হয়। উল্লেখ্য যে মুকলি বিহুত প্ৰয়োগ কৰা যৌন আবেদনময়ী ভংগীমাসমূহ গাভৰু বিহুত প্ৰয়োগ নহয়। গাভৰু বিহুত গাভৰুসকলে ব্যৱহাৰ কৰা ভংগিমাসমূহৰ জৰিয়তে প্ৰাকৃতিক চিত্ৰৰাজি প্ৰতিফলিত কৰা চেষ্টা চলোৱা হয়।
গাভৰু বিহুৰ প্ৰতিযোগিতাত বিহুৱতীসকলৰ বিহুনাচৰ ভংগিমাঃ
(১) দুয়োখন হাত শৰীৰৰ আগফালে আনি ম’হৰ শিঙৰ দৰে হাতৰ ঠাৰি ঘোৰ খুৱাই কপালৰ আগলৈ হাত মেলি কপাল ভাঙি আৰু সৰু গাঁঠিত হাতৰ তলুৱা ভাঙি নচা নাচ।
(২) হাতৰ তলুৱা পিঠিৰ পিছফালে কঁকালত থৈ সমুুখলৈ কঁকাল ভাঙি নচা নাচ।
(৩) দুয়োখন হাত কঁকালত দি হালি-জালি নচা নাচ।
(৪) দুয়োখন হাত খোপাৰ ওচৰত দি বা এখন হাত খোপাত দি আনখন ককালত দি কঁকাল ভাঙি নঁচা নাঁচ।
বিহু নাচোঁতে বিহুৱতীসকলৰ হাতৰ আঙুলিবোৰ মেলি ৰাখিব নালাগে, তাৰোপৰি হাতৰ আঙুলি বিলাক ফাক নথকাকৈ চপাই ৰাখিব লাগে। গাভৰু বিহুত বিহুৱতীয়ে কাঁহী বা জাপি ঘূৰাই নচাতো নীতিসিদ্ধ নহয়। যুৱতীৰ হাতত জাপি দি জ্যোতিপ্ৰসাদ আগৰৱালাই বিহুনাচ আৰু ভাওঁনাৰ প্ৰৱেশৰ সংমিশ্ৰনত সৃষ্টি কৰা ‘পদুমকলি নাচ’ প্ৰকৃততে বিহুনাচ নহয়। ১৬ কিন্তু বৰ্তমানৰ বিহু মঞ্চত প্ৰতিযোগিতাৰ ক্ষেত্ৰতেই হওঁক কিম্বা প্ৰদৰ্শনীমূলকেই হওক জেং বিহুত আৰু ডেকা গাভৰুৰ একেলগে কৰা বিহুত গাভৰুসকলে হাতত একোটাকৈ জাপি লৈ কঁকাল ভাঙি ভাঙি এক বিশেষ নাচ প্ৰদৰ্শন কৰা দেখা যায় যিটো বিহুনাচৰ পৰম্পৰাগত ৰূপৰ পৰা সম্পূৰ্ণ বিপৰীতধৰ্মী। অনুৰূপধৰণে বহু সময়ত গাভৰুসকলে কাঁহী ঘূৰাই এক বিশেষ নাচ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়, যিটো পৰম্পৰাৰ পৰিপন্থীহে। বিহুত কাঁহীখনক তিৰোতাৰ যৌনাংগৰ প্ৰতীক স্বৰূপে ব্যৱহাৰ কৰা হয়। কাঁহী ঘূৰাই ঘূৰাই নাচি ডেকাইহে গাভৰুক ভোগৰ ইংগিত দিয়ে বুলি জয়কান্ত গন্ধীয়াদেৱে তেখেতৰ ‘হুচৰি মুকলি বিহু আৰু বিহুনাচ’ (পৃষ্ঠা, ১৭) শীৰ্ষক গ্ৰন্থখনত উল্লেখ কৰিছে।
গাভৰু বিহুৰ বিহুৱতীসকলৰ নাচোনভংগিৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল বুলনি বা পদ চালনা বিহুনাচত ভৰিৰ তলুৱা অংশ বা পানীগাঁঠিৰ তলৰ অংশ ভিন্নজনে নিজৰ ৰুচি অনুযায়ী অগা পিছা কৰিছিল। তাৰ পৰাই কালক্ৰমত বিহুনাচত তিনিবিধ পদচালনা বা বুলনিৰ সংযোজন হোৱা বুলি কোনো কোনো বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।
‘গিৰিপনি’— গাভৰুৰ বিহুনাচৰ তাৎপৰ্যপূৰ্ণ ভংগিমা। বিহু নামত আছে— “মিছিক মাছাক কৰি হাহা হেৰা নাচনী/লাগিব ভাল।” এই গিৰিপনি ঠাই সলনি বা পদ চালনাৰ ভিতৰতো হ’ব পাৰে। দুইভৰি সামান্য মেলি, শালিকী চৰাইৰ দৰে মধ্যলয়ত জাপ দি খিচিক খাচাক কৰি ককাল ভাঙি লগতে দুই হাত মেলি আগলৈ সামান্য হাউলি নাচিব লাগে যাক কোনো কোনো গৱেষকে শালিকী বুলনি বুলি ক’ব খোজে। ইয়াৰ উপৰিও খুপি খুপি পৰুৱা যোৱাৰ দৰে পদচালনা দিয়া (যাক পৰুৱা বুলনি) বুলি একাংশ গৱেষকে অভিহিত কৰিব) আৰু মকৰাৰ দৰে মিহি মিহিকৈ পদ (ভৰি) মহালনি কৰি পিচলাই নচা নাচ (মকৰা বুলনি) ৰ ভঙ্গিমাই নাচৰ সৌন্দৰ্য বৃদ্ধি কৰে। অতীজৰ ডেকাসকলক আকৰ্ষিত কৰিবলৈকে গাভৰুসকলে হ’লে ভঙ্গিমাসমূহৰ দ্বাৰা শৰীৰৰ অংগসমূহ দেখুৱাইছিল। এই পদচালনাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে বুলিও জনবিশ্বাস আছে। বিহুতলীৰ নাচনীৰ এনে ভংগিমাসমূহ দিওতে নাচৰ শুদ্ধতা থকাতো নিতান্তই প্ৰয়োজনীয়। প্ৰসংগক্ৰমে উল্লেখ কৰাতো সমুচিত হ’ব যে বিহু নাচৰ ভংগিমাসমূহৰ যদিওবা কোনো কোনো বিশেষজ্ঞই নামাকৰণ কৰাৰ চেষ্টা কৰিছে। এই নামাকৰণ নিচেই নতুন কিয়নো বিহুনাচৰ ভংগিমাসমূহৰ নামাকৰণ বিহুৰ ইতিহাসত তেনেদৰে পোৱা নাযায়। এইবিলাক নতুন সংযোজনহে। আচল অৰ্থত চাবলৈ গ’লে বিহু নাচৰ কোনো নামাকৰণ থাকিব নালাগে। ভংগিমাসমূহত প্ৰাকৃতিক দৃশ্যৰাজিহে চিত্ৰায়িত কৰা হয়। উদাহৰণস্বৰূপে বিহুৱতীৰ টাকুৰী নাচ বুলি কোনো নাচ নাই। আচলতে ঢোলৰ লঠা ৰগৰত গাভৰুসকলে টাকুৰী ঘুৰাদি ঘূৰি নচা নাচহে হ’ব লাগে। এনেদৰে বহু উদাহৰণ আছে। যি কি নহওক, এই সকলোবিলাক বিহুনাচৰ অৰ্ন্তভুক্ত বিষয়। গতিকে এই সকলোবিলাক দিশৰ প্ৰতি বিজ্ঞজনে দৃষ্টি ৰখাতো নিতান্তই প্ৰয়োজনীয়। এয়া সময়ৰ আহবান।