লীলাকান্ত চেতিয়া, নৃপেন গোহাঁই
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ।
অসমীয়া কৃষ্টি-সংস্কৃতি, শান্তি-সম্প্ৰীতি, সমন্বয়ৰ এনাজৰীৰ ধাৰক আৰু বাহক ‘বিহু’ আমাৰ অতি আদৰৰ, বুকুৰ কলিজা, হিয়াৰ আমঠু। সৃষ্টিৰ উৎস বিহুৱে আমাক নতুন উদ্যম, উৎসাহ-উদ্দীপনা ও কৰ্মপ্ৰেৰণা যোগায়।
শেহতীয়াকৈ হ’লেও সকলোকে অসমীয়া নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। অসমীয়া কৃষ্টি-সংস্কৃতি হ’ল নৈ-পৰীয়া সংস্কৃতি। অসমৰ মাজেদি বৈ যোৱা নদী-উপনদীসমূহৰ দুয়োপাৰে ইয়াৰ কৃষ্টি-সংস্কৃতি ও সভ্যতাৰ ভেটি গঢ় লৈ উঠিছিল। সেই ধাৰা অব্যাহত ৰাখি কঢ়া নৈৰ পাৰত আজিৰ পৰা বিশ বছৰৰ আগতে গঢ় লৈ উঠা ‘কঢ়াপৰীয়া বিহু সন্মিলন’খনিয়ে নান ঘাত-প্ৰতিঘাত, হৰ্ষ-বিষাদ অতিক্ৰমি কঢ়া নৈৰ কাষৰীয়া গাঁওকেইখনৰ লগতে ঘিলামৰা ও ঘিলামৰাৰ পৰা কৰ্মসূত্ৰে বিভিন্ন ঠাইত প্ৰব্ৰজিত ৰাইজৰ অকুণ্ঠ মৰম-স্নেহ, আশীৰ্বাদ, উৎসাহ-প্ৰেৰণা শিৰত লৈ আজিৰ অৱস্থাত উপনীত হৈছে। এই দীঘলীয়া যাত্ৰাত প্ৰতিষ্ঠা কালৰে পৰা অশেষ অনুপ্ৰেৰণা, উৎসাহ-সাহস, গঠনমূলক দিহা-পৰামৰ্শ দি অহা ভালেকেইজন ব্যক্তিক আমি হেৰুৱালোঁ। আজিৰ এই ক্ষণত সেইসকল শ্ৰদ্ধাৰ ব্যক্তিলৈ তেখেতসকলৰ আত্মাৰ সদ্গতিৰ বাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
সন্মিলনখনিৰ লগতে বহুতো ন-পুৰণি, অখ্যাত-বিখ্যাত, পৈণত-অপৈণত লেখাৰে সন্নিৱিষ্ট স্মৰণিকা ‘কঢ়াপৰীয়া কেতেকী’খনেও আজি বিংশতিতম বৰ্ষত ভৰি দিলে। এই কেতেকীৰ পৃষ্ঠাত আমাৰ সন্মিলনখনিৰ ভৌগোলিক অৱস্থিতিৰ লগতে এই স্থানৰ পূৰ্ব ঐতিহ্যৰ আভাষ (আংশিক ) পঢ়ুৱৈ সমাজক দি আহিছে। পূৰ্বৰে পৰা স্মৃতিগ্ৰন্থখনি প্ৰকাশৰ গুৰুদায়িত্ব বহন কৰা সম্পাদনা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলৰ লগতে কেতেকীৰ পৃষ্ঠাক অলংকৃত কৰা ন-পুৰণি লেখক-লেখিকাক আমি কৃতজ্ঞতা জনাইছোঁ। এইবাৰো এই কেতেকী প্ৰকাশৰ দায়িত্বত থকা সম্পাদনা সমিতিৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। তেখেতেসকলে নতুন নতুন সৃষ্টিমূলক চিন্তাধাৰা ও মনোভাৱেৰে কেতেকীক পঢ়ুৱৈসমাজৰ মাজত ক্ষন্তেকীয়া আমোদ, অনুভূতি দিয়াৰ পৰিৱৰ্তে এক ব্যতিক্ৰমী চিন্তা দিবলৈ চেষ্টা কৰিছে যাতে ই ভৱিষ্যতে পঢ়ুৱৈসমাজৰ বাবে সুস্থ ধাৰাৰ বাৰ্তাবাহক হ’ব পাৰে।
প্ৰতিষ্ঠাকালৰে পৰা বিভিন্ন সময়ত বিভিন্ন দায়িত্বত থাকি আজি আমি অনুভৱ কৰিছোঁ- আমাৰ এই অনুষ্ঠানটিৰ বাবে বহুজনে আৰ্থিক, কায়িক শ্ৰম, অনুদান তথা গঠনমূলক দিহা-পৰামৰ্শ দি আহিছে। সেইসকল আজীৱন দাতা, স্থায়ী দাতা, বাৰ্ষিক দাতাৰ ওচৰত আমি চিৰকৃতজ্ঞ। জন্মৰে পৰা বৰ্তমান অৱস্থাত উপনীত কৰা স্থায়ী সমিতি, উদ্যাপন সমিতি, উপ-সমিতিৰ অভিজ্ঞ সন্মানীয় বিষয়ববীয়াসকলৰ লগতে সন্মিলনখনিয়ে ঠন ধৰি উঠাত শ্ৰমদান কৰা মহান দাতাসকল, সামগ্ৰী(বাঁহ, বেত, চাউল, তেল আদি) প্ৰদান কৰা দাতাসকলৰ লগতে চৰকাৰীভাৱে অনুদান আগবঢ়োৱা মহান প্ৰতিনিধিবৃন্দৰ ওচৰত আমি চিৰ-কৃতজ্ঞ।
শেষত অপাৰগতাৰ বাবে আমাৰ লিখনিত অজ্ঞাতে ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ।
জয়তু বৃহত্তৰ কঢ়াপৰীয়া ৰঙালী বিহু সন্মিলন
লীলাকান্ত চেতিয়া
নৃপেন গোহাঁই
যুটীয়া সম্পাদক
উদ্যাপন সমিতি